চুলি ( Hair) হৈছে ছালৰ নোমকূপৰ পৰা গজি উঠা এক প্ৰটিনযুক্ত আঁহ(প্ৰ’টিন ফিলামেণ্ট)। স্তন্যপায়ী জীৱৰ অন্যতম সংজ্ঞায়িত বৈশিষ্ট্য হৈছে চুলি। মানৱ শৰীৰৰ কিছুমান মিহি ছালৰ বাহিৰেও, ফোলিকলেৰে আবৃত ছাল থাকে, যি ফোঁপোলা আৰু মিহি চুলিৰে আবৃত থাকে। চুলি এক গুৰুত্বপূৰ্ণ জৈৱপদাৰ্থ, যি মূলতঃ প্ৰটিনেৰে গঠিত। চুলিৰ প্ৰতি অধিকাংশ আগ্ৰহ চুলিৰ বৃদ্ধি, চুলিৰ প্ৰকাৰ, আৰু চুলিৰ যত্নৰ ওপৰত কেন্দ্ৰিত। মানুহৰ শৰীৰৰ মূৰত গজা এই প্ৰটিন ফিলামেণ্টবোৰ চুলি বুলি জনা যায়, কিন্তু শৰীৰৰ বাকী অংশৰ আৰু জন্তুৰ শৰীৰৰ চুলিক নোম বুলি জনা যায়। চুলিৰে সৈতে যুগ যুগৰে পৰা নানা সংস্কৃতি জড়িত হৈ আছে, বিশেষকৈ ইয়াৰ প্ৰতিপালন, চুলি আঁতৰোৱা, চুলি বন্ধন আদিৰ সৈতে ধৰ্মীয় আৰু সামাজিক বিশ্বাসো সাঙোৰ খাই আছে।১“চুলি’’ শব্দটোৱে সাধাৰণতে দুটা সুকীয়া গঠনক বুজায়: ১) ছালৰ তলৰ অংশ, যাক চুলিৰ গুৰি বোলা হয় ই ছালৰ ভিতৰলৈকে (ডাৰ্মিছ) সোমাই থাকে আৰু ই ষ্টেম চেলসমূহ ৰক্ষা কৰাৰ লগতে চুলি সৰি পৰাৰ পিছত চুলি পুনৰ গজোৱাৰ উপৰি নোমকূপৰ ঘাঁ নিৰাময় কৰি পিছত পুনৰ চুলি গজোৱাত সহায় কৰে। .২ ২) চুলিৰ গুৰি, যি ছালৰ পৃষ্ঠৰ ওপৰলৈ ক্ৰমান্বয়ে বিস্তৃত, কঠিন ফিলামেণ্টেছ অংশ। চুলিৰ গুৰিৰ এটা ক্ৰছ ছেকচন মোটামুটিভাৱে তিনিটা জ’নত ভাগ কৰিব পাৰি।
গঠন
চুলিৰ আঁহৰ এটা গঠন বাহিৰৰ পৰা আৰম্ভ কৰি কেইবাটাও স্তৰেৰে গঠিত:
- Cuticle, বা ওলাই থকা অংশ যি কেইবাটাও সমতল আৰু পাতল কোষেৰে গঠিত, যিয়ে চুলিক ৰক্ষা কৰে।
- Cortex, য’ত কোষৰ গঠনত “কেৰাটিন’’ বাণ্ডিল থাকে যিবোৰ মোটামুটিভাৱে ৰ’ডৰ এডালৰ দৰে হৈ থাকে।
- Medulla, আঁহৰ কেন্দ্ৰত থকা এটা অসংগঠিত আৰু চুলিৰ গুৰিৰ মুকলি ঠাই৩
বৰ্ণনা

প্ৰতিডাল চুলি “মেডুলা’’, “কৰ্টেক্স’’, আৰু “কিউটিকল’’ৰ দ্বাৰা গঠিত।৪ আটাইতকৈ ভিতৰৰ অংশ “মেডুলা’’ এটা মুকলি আৰু অগাঁথনিহীন অঞ্চল যি সদায় উপস্থিত নাথাকে।৫ চুলিৰ তিনিটা স্তৰৰ ভিতৰত প্ৰথমটো “ক’ৰ্টেক্স’’ যি শক্তিশালী আৰু সুসংগঠিত আৰু দ্বিতীয়টো যান্ত্ৰিক শক্তি আৰু পানী গ্ৰহণৰ প্ৰধান উৎস। কৰ্টেক্সত “মেলানিন’’ থাকে, যিয়ে “মেলানিন’’ দানাসমূহৰ সংখ্যা, বিতৰণ আৰু প্ৰকাৰৰ ওপৰত ভিত্তি কৰি চুলিৰ আঁহসমূহৰ ৰং স্থিৰ কৰে। মেলানিন সমানে ব্যৱধানত থাকিব পাৰে বা চুলিৰ প্ৰান্তৰ চাৰিওফালে গোট খাব পাৰে।৬ ফ’লিকলৰ আকৃতিয়ে কৰ্টেক্সৰ আকৃতি নিৰ্ধাৰণ কৰে আৰু ফাইবাৰৰ আকৃতিয়ে চুলি কিমান পোন বা ডাঠ, সেইটো নিৰ্ধাৰণ কৰে। পোন চুলি থকা লোকৰ চুলিৰ আঁহ ঘূৰণীয়া হয়। গোলাকাৰ আৰু অন্যান্য আকৃতিৰ আঁহ সাধাৰণতে অধিক ঢৌ খেলোৱা বা কেকোৰা। কিউটিকল্ হৈছে বাহিৰৰ আৱৰণ। ইয়াৰ জটিল গঠন চুলি গজি উঠাৰ লগে লগে বিয়পি যায় আৰু “লিপিড’’ৰ একক আণৱিক স্তৰেৰে আবৃত হয় যিয়ে চুলিক পানীৰ পৰা নিবৃত কৰে।৪ মানুহৰ মূৰৰ চুলিৰ এই বৈশিষ্ট্যসমূহ কিছুমান জাতি অনুসৰি বেলেগ বেলেগ হয়: বেছিভাগে আফ্ৰিকান বংশৰ লোকৰ প্ৰৱণতা থাকে ৬০-৯০ μm ব্যাস আৰু সমতল ক্ৰছ-ছেকচনৰ চুলি থকা, আনহাতে বেছিভাগেই ইউৰোপীয় বা মধ্যপ্ৰাচ্যৰ বংশৰ লোকৰ ব্যাস ৭০-১০০ μm আৰু অণ্ডাকাৰ চুলিৰ প্ৰৱণতা থাকে। ক্ৰছ-ছেকচন, আৰু বেছিভাগেই এছিয়ান বা নেটিভ আমেৰিকান বংশৰ লোকৰ চুলি ৯০-১২০ μm ব্যাসৰ আৰু ঘূৰণীয়া ক্ৰছ-ছেকচনৰ প্ৰৱণতা থাকে।৬প্ৰায় ২০ লাখ সৰু, নলীকা গ্ৰন্থি আৰু “ঘৰ্মগ্ৰন্থি’’, যিয়ে পানীৰ দৰে তৰল পদাৰ্থ উৎপন্ন কৰে যিয়ে বাষ্পীভৱনৰ দ্বাৰা শৰীৰক ঠাণ্ডা কৰে। চুলিৰ খোলা ঠাইত থকা গ্ৰন্থিবোৰে চৰ্বিযুক্ত পদাৰ্থ নিঃসৰণ উৎপন্ন কৰে যিয়ে চুলিক তেল দিয়ে।৭চুলিৰ বৃদ্ধি চুলিৰ গুৰিৰ ভিতৰত আৰম্ভ হয়। চুলিৰ একমাত্ৰ “জীৱন্ত’’ অংশটো ফোলিকলত পোৱা যায়। দেখা পোৱা চুলি অংশ হৈছে চুলিৰ গুৰি, যিয়ে কোনো জৈৱ-ৰাসায়নিক কাৰ্যকলাপ প্ৰদৰ্শন নকৰে আৰু ইয়াক “মৃত’’ বুলি গণ্য কৰা হয়। চুলিৰ শিপা বা গুৰিত চুলি গুৰি উৎপন্ন কৰা কোষবোৰ থাকে।৮ চুলিৰ গুৰিৰ অন্যান্য গঠনসমূহৰ ভিতৰত আছে তেল উৎপন্ন কৰা “চেবাচিয়াছ গ্ৰন্থি’’ যিয়ে চুলি আৰু পেশীক তেল যোগান ধৰে, যাৰ সহায়ত চুলি থিয় হৈ গজি উঠিব পাৰে। শৰীৰৰ চুলি কম থকা মানুহৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱৰ ফলত নোমকূপত গুটি (goose bumps) হয়।
চুলিৰ গুৰি অংশ
চুলিৰ শিপা বা মূল বৃদ্ধিৰ এটা পৰ্যায়ত শেষ হয়। চুলিৰ গুৰিটো (bulb)ৰ ৰং বগা আৰু তাৰ বিন্যাস মূল ঠাৰিতকৈ কোমল আৰু ই ছালত থাকে যাক “চুলিৰ গুৰি’’ বুলি কোৱা হয়। চুলিৰ গুৰি আঁহযুক্ত সংযোগী কলা, কাঁচৰ দৰে পৰ্দা, বাহ্যিক শিপাৰ আৱৰণ, এপিথেলিয়াম স্তৰ আৰু দানাদাৰ স্তৰেৰে অভ্যন্তৰীণ শিপাৰ কুটিল আৱৰণ, কৰ্টেক্স আৰু মেডুলাৰে গঠিত।৯
চুলিৰ ৰং


চুলিৰ সকলো ৰং দুবিধ প্ৰাকৃতিক ৰঙৰ ফল। এই দুয়োবিধ ৰঞ্জক পদাৰ্থ মেলানিন প্ৰকাৰৰ, চুলিৰ গুৰিৰ ভিতৰত উৎপন্ন হয় আৰু চুলিৰ আঁহত পোৱা দানাত বান্ধ খাই থাকে। “ইউমেলানিন’’, বাদামী ৰঙৰ চুলি আৰু ক’লা চুলিৰ প্ৰধান ৰঞ্জক পদাৰ্থ, আনহাতে “ফিঅ'মেলেনিন’’, ৰঙা চুলিৰ প্ৰধান ৰঞ্জক পদাৰ্থ। সোণালী ৰঙৰ চুলি, চুলিৰ গুৰিত কম “ৰঞ্জন’’ পদাৰ্থ থকাৰ ফলত হয়। ধূসৰ ৰঙৰ চুলি, ছালত মেলানিন উৎপাদন হ্ৰাস বা বন্ধ হ’লে দেখা যায়, আনহাতে “পলিঅ’চিছ’’ হৈছে বগা চুলি (আৰু প্ৰায়ে চুলি সংলগ্ন হোৱা ছাল), সাধাৰণতে এনে ছালত যিবোৰত কেতিয়াও মেলানিন নাছিল, বা প্ৰাকৃতিকভাৱে বন্ধ হৈ গৈছিল, দেখা যায়। বগা চুলি বংশগতিৰ কাৰণেও হয় আৰু ই জীৱনৰ আৰম্ভণিৰ কালতে হোৱা দেখা যায়।
মানুহৰ চুলি
মানৱ শৰীৰৰ শ্লেষ্মাযুক্ত আৱৰণ যেনে, হাতৰ তলুৱা, ভৰিৰৰ তলুৱা আৰু ওঁঠৰ বাহিৰে আৰু নোমহীন ছালৰ বাহিৰে শৰীৰৰ সকলোতে চুলি গজে। চুলিৰ বৃদ্ধি তিনিটা সুকীয়া আৰু সমান্তৰাল পৰ্যায়ৰ সৈতে এটা নিৰ্দিষ্ট বৃদ্ধি চক্ৰ অনুসৰণ কৰে; “এনাজেন’’, “কেটাজেন’’, আৰু “টেল’জেন’’ পৰ্যায়; তিনিওটাৰে একেসময়তে মানুহৰ শৰীৰত বিকাশ ঘটে। প্ৰত্যেকৰে নিৰ্দিষ্ট বৈশিষ্ট্য থাকে যিয়ে চুলিৰ দৈৰ্ঘ্য নিৰ্ধাৰণ কৰে। শৰীৰত বিভিন্ন ধৰণৰ চুলি থাকে, য’ত “ভেলাছ চুলি’’ আৰু “এণ্ড্ৰজেনিক চুলি’’ আদিও থাকে, প্ৰত্যেকৰে নিজস্ব ধৰণৰ কোষীয় গঠন থাকে। বিভিন্ন গঠনে চুলিক অনন্য বৈশিষ্ট্য প্ৰদান কৰে, নিৰ্দিষ্ট উদ্দেশ্য পূৰণ কৰে, চুলিয়ে মূলতঃ, উষ্ণতা নিয়ন্ত্ৰণ আৰু ছালক সুৰক্ষা প্ৰদান কৰে।
চুলিৰ বিন্যাস
চুলিৰ বিভিন্ন ধৰণৰ বিন্যাসত থাকে। চুলিৰ বিন্যাসৰ তিনিটা মূল দিশ হ’ল গঠন, আয়তন আৰু স্থায়িত্ব। সকলো স্তন্যপায়ী প্ৰাণীৰ চুলি কেৰাটিনৰ দ্বাৰা গঠিত, গতিকে চুলিৰ গঠন চুলিৰ আৰ্হিৰ ভিন্নতাৰ উৎস চুলিৰ গুৰি নহয়। চুলিৰ কাৰ্ল পেটাৰ্ণৰ সৈতে জড়িত একাধিক তত্ত্ব জড়িত হৈ আছে। বিজ্ঞানীসকলে বিশ্বাস কৰিবলৈ লৈছে যে চুলিৰ গুৰিৰ আকৃতিৰ প্ৰভাৱ ব্যক্তিজনৰ চুলিৰ কোঁচাত পৰে। অতি ঘূৰণীয়া খাদ এটাই চুলিৰ ডালত কম ডাইছালফাইড বান্ধনিৰ উপস্থিতিৰ সম্ভেদ দিয়ে। অৰ্থাৎ উপস্থিত বান্ধনীবোৰ ইটোৱে সিটোৰ লগত পোনপটীয়াকৈ মিলি থাকে, যাৰ ফলত চুলি পোন হয়।১০ চুলিৰ খাদ যিমানেই সমতল হয়, চুলি সিমানেই কুটিল হৈ পৰে, কাৰণ আকৃতিটোৱে অধিক চিষ্টাইনক একেলগে সংকুচিত হ’বলৈ অনুমতি দিয়ে যাৰ ফলত এটা বেঁকা আকৃতিৰ সৃষ্টি হয় যি প্ৰতিটো অতিৰিক্ত ডাইছালফাইড বন্ধনৰ লগে লগে আকৃতিত কুটিল হৈ পৰে।১০ যিহেতু চুলিৰ গুৰিৰ আকৃতিয়ে চুলিৰ বক্ৰ আৰ্হি নিৰ্ধাৰণ কৰে, চুলিৰ গুৰিৰ আকাৰে ইয়াৰ ঘনত্বও নিৰ্ধাৰণ কৰে। চুলিৰ গুৰিৰ পৰিধি প্ৰসাৰিত হোৱাৰ বিপৰীতে চুলিৰ গুৰিৰ ঘনত্বও প্ৰসাৰিত হয়। ফলত এজন ব্যক্তিৰ চুলিৰ আয়তন পাতল, স্বাভাৱিক বা ডাঠ হ’ব পাৰে। চুলিৰ স্থায়িত্বক প্ৰায় সদায় তিনিটা ভাগত ভাগ কৰিব পাৰি: মিহি, মজলীয়া আৰু মোটা। এই বৈশিষ্ট্য চুলিৰ গুৰিৰ আয়তন আৰু সূতাৰ অৱস্থাৰ দ্বাৰা নিৰ্ধাৰিত হয়।১১ মিহি চুলিৰ পৰিধি আটাইতকৈ ঠেক, মোটা চুলিৰ পৰিধি আটাইতকৈ বহল, আৰু মধ্যমীয়া চুলি এই দুটাৰ মাজৰ যিকোনো এটা হয়।১১ শকত চুলিত পাতল বা মধ্যমীয়া চুলিতকৈ অধিক মুকলি ছাল থাকে যাৰ বাবে ই আটাইতকৈ বেছি ছিদ্ৰযুক্ত হয়।১১
তথ্যসূত্ৰ
- ↑ Sherrow, Victoria. (2006). Encyclopedia of Hair: A Cultural History. Greenwood Press. পৃ. iv. ISBN 978-0-313-33145-9
- ↑ Krause, K; Foitzik, K. (2006). Biology of the Hair Follicle: The Basics. Seminars in Cutaneous Medicine and Surgery. পৃ. 2–10
- ↑ Feughelman, Max. (1997). Mechanical Properties and Structure of Alpha-keratin Fibres: Wool, Human Hair and Related Fibres. UNSW Press. ISBN 978-0-86840-359-5
- ↑ Hair Structure and Hair Life Cycle. follicle.com
- ↑ Topic 2. Texascollaborative.org
- ↑ Bisbing, Richard E. Forensic Science Handbook. CRC Press. পৃ. 165-166 Archived (pp. 165, 166) on 18 April 2023
- ↑ Councilman, W. T. (1913). Disease and Its Causes. New York Henry Holt and Company London Williams and Norgate The University Press, Cambridge, USA
- ↑ (15 March 2001). The Biology of the Skin. CRC Press. পৃ. 80. ISBN 9781850700067
- ↑ Histology Guide | Skin Histology.leeds.ac.uk. Retrieved on 18 May 2016
- ↑ Curly Hair Gene. Bio.davidson.edu
- ↑ Hair type, texture and density | Hairdressing Training. Hairdressing.ac.uk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুলি” প্ৰবন্ধৰ সংশোধন ৬৩৩৪৯৬ (৩০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।