অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

যোৰহাট চিকিৎসা মহাবিদ্যালয়

যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College) হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। ই সমগ্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

হালনাগাদ: ১ এপ্ৰিল ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College) হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। ই সমগ্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈয়ে ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে এই চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰিছিল।১

ইতিহাস

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগৰ সন্মুখ ভাগৰ দৃশ্য
যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বহিঃ বিভাগৰ সন্মুখ ভাগৰ দৃশ্যছবি: Tatia Topo · CC BY 4.0

অসমত চতুৰ্থখন চিকিৎসা মহাবিদ্যালয় হিচাপে তেতিয়াৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে ২০০৮ চনৰ ২৫ আগষ্টত আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰে।

অৱস্থান আৰু পৰিবহণ

যোৰহাট চিকিৎসা মহাবিদ্যালয় অসমৰ যোৰহাট জিলাৰ সদৰ যোৰহাট মহানগৰৰ প্ৰায় তিনি কি:মি: দূৰত অৱস্থিত। অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ দিবা নৈশ বাছৰ ব্যৱস্থা আছে, পথ প্ৰায় ৬ ঘণ্টাৰ। যোৰহাটৰ ৰৰৈয়া বিমানকোঠলৈ গুৱাহাটী, কলিকতা আৰু নতুন দিল্লীৰপৰা বিমানৰ সংযোগ আছে। ৰেলপথেৰে গুৱাহাটীৰ পৰা যোৰহাট টাউন ৰেলৱে ষ্টেচন আৰু ওচৰৰ মৰিয়নি জংচন ৰেল ষ্টেচন লৈকে প্ৰত্যক্ষ ৰেল সংযোগ পোৱা যায়। যোৰহাটৰপৰা ইয়ালৈ মহাবিদ্যালয়ৰ বাছ আৰু ব্যক্তিগত অট'ৰিক্সা পোৱা যায়।

পুথিভঁৰাল

কেন্দ্ৰীয় পুথিভঁৰাল

মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালত প্ৰায় ৪২০০ কিতাপ আছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় পুথিভঁৰালৰ ৫০টা কম্পিউটাৰত ইণ্টাৰনেট সংযোজিত কৰা আছে। ইয়াত ৩৯খন ৰাষ্ট্ৰীয় আলোচনী আৰু ৪৫খন আন্তঃৰাষ্ট্ৰীয় আলোচনী উপলভ্য আছে। ইয়াৰ উপৰিও ইয়াত ৰাষ্ট্ৰীয় আৰু স্থানীয় বাতৰি কাকত উপলভ্য আছে। ইয়াত প্ৰায় ১০০জন লোকে একেলগে বহি পঢ়াৰ সুবিধা আছে২।

বিভাগীয় পুথিভঁৰাল

শিক্ষকসকলৰ প্ৰচেষ্টাত মহাবিদ্যালয়খনত ২২টা বিভাগীয় পুথিভঁৰাল প্ৰতিষ্ঠা কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে এই পুথিভঁৰালৰ সুবিধা লাভ কৰে২।

বুক বেংক

ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে মহাবিদ্যালয়খনত বুক বেংক প্ৰতিষ্ঠা কৰা হয়। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসমূহক বুক বেংকৰ কিতাপ সমূহ এবছৰৰ বাবে ধাৰলৈ দিয়া হয়। ইয়াৰ উপৰিও দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলে এই কিতাপসমূহ ধাৰলৈ লাভ কৰে২।

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2020-01-04). Overview: Brief history of Jorhat Medical College. Jorhat Medical College (Official Website)
  2. ↑ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পুথিভঁৰাল

সম্পৰ্কিত শ্ৰেণী

যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানযোৰহাটঅসমৰ চিকিৎসালয়অসমৰ চিকিৎসা মহাবিদ্যালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোৰহাট চিকিৎসা মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৯৯৫৩৯ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।