অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ইলোৰা বিজ্ঞান মঞ্চ

ইলোৰা বিজ্ঞান মঞ্চ (Ellora Vigyan Mancha) অসমত বৈজ্ঞানিক দৃষ্টিভংগী বিয়পাই অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্বাস্থ্য সজাগতা, জলবায়ু পৰিৱৰ্তনৰ বাবে অভিযান আৰু আন্দোলন আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠা কৰা এক অলাভজনক, বেচৰকাৰী সংস্থা। ২০০৪ চনৰ ১৫ মে' তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল।

হালনাগাদ: ৩০ জুলাই ২০২৫ ৪৮৫ শব্দ · ৩ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ইলোৰা বিজ্ঞান মঞ্চ (Ellora Vigyan Mancha) অসমত বৈজ্ঞানিক দৃষ্টিভংগী বিয়পাই অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজিবলৈ আৰু স্বাস্থ্য সজাগতা, জলবায়ু পৰিৱৰ্তনৰ বাবে অভিযান আৰু আন্দোলন আৰম্ভ কৰিবলৈ প্ৰতিষ্ঠা কৰা এক অলাভজনক, বেচৰকাৰী সংস্থা।১২ ২০০৪ চনৰ ১৫ মে' তাৰিখে ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল। ৰক্তদান, নেত্ৰদান, অন্যান্য মানৱ অংগদান, ট্ৰান্সফিউজন, প্ৰতিষ্ঠাপন বা চিকিৎসা গৱেষণাৰ বাবে মৃত্যুৰ পিছত দেহদানক উৎসাহিত কৰা আৰু নিস্বাৰ্থ মানৱীয় সেৱাৰ জৰিয়তে মানুহৰ মাজত ভ্ৰাতৃত্ববোধৰ ভাৱ জগাই তোলা ইলোৰা বিজ্ঞান মঞ্চৰ মূল উদ্দেশ্য।৩

ইতিহাস

]]

মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা ইলোৰা ৰায়চৌধুৰীৰ স্মৃতিত ইলোৰা বিজ্ঞান মঞ্চ প্ৰতিষ্ঠা কৰা হৈছিল।৪৫৬৭৮৯ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বিনা ৰায়চৌধুৰীৰ জীয়ৰী ইলোৰা ৰায়চৌধুৰীয়ে ২০০৩ চনৰ ১৫ মে' তাৰিখে দুৰাৰোগ্য কৰ্কটৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।১০ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৪ বছৰ। ইলোৰা ৰায়চৌধুৰীৰ মৃত্যুয়ে অসমত এক নতুন আন্দোলনৰ সূচনা কৰে। তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকীত অৰ্থাৎ ২০০৪ চনৰ ১৫ মে' তাৰিখে গুৱাহাটীৰ অসম বস্ত্ৰ প্ৰতিষ্ঠানত বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰা এখন ৰাজহুৱা সভাত ইলোৰা বিজ্ঞান মঞ্চয়ে আনুষ্ঠানিকভাৱে অস্তিত্ব লাভ কৰে। ইয়াৰ জৰিয়তে অসমতো মৰণোত্তৰ অংগদান, নেত্ৰদান আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে দেহদান আৰম্ভ হয়। পৰৱৰ্তী কালত ইলোৰা বিজ্ঞান মঞ্চ অসমত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বৈজ্ঞানিক মানসিকতা প্ৰসাৰৰ এক অগ্ৰণী অনুষ্ঠানত পৰিণত হয়।১১১২১৩

সংগঠন

সমগ্ৰ অসমত ইলোৰা বিজ্ঞান মঞ্চৰ ৪৪টা শাখা আছে।১৪ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, নগাঁও, কামৰূপ, কামৰূপ মহানগৰ, নলবাৰী, গোৱালপাৰা, বৰপেটা, দৰং, বঙাইগাঁও, কোকৰাঝাৰ আদি জিলাৰ শাখাসমূহ বিশেষভাৱে সক্ৰিয়।

মৰুণোত্তৰভাবে দেহদান কৰা বিশিষ্ট ব্যক্তিসকল

ইলোৰা বিজ্ঞান মঞ্চয়ে দেহদান, অংগদান, স্বাস্থ্য সজাগতা আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে সজাগতাৰ বাবে কৰি আহিছে।১৫১০১৬১৭১৮১৯ তেওঁলোকৰ প্ৰচেষ্টাত ২০২২ চনৰ আগষ্ট মাহলৈকে মুঠ ১৫৮টা মৃতদেহ ইতিমধ্যে অসমৰ বিভিন্ন চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ দান কৰা হৈছে।

বিশিষ্ট ইতিহাসবিদ অমলেন্দু গুহ,২০২১ সাহিত্য অকাডেমি বঁটা বিজয়ী পূৰবী বৰমুদৈ,২২ অভিনেত্ৰী মীৰা বিশ্বাস,২৩ প্ৰাক্তন বিধায়ক বিপিন হাজৰিকা,২৪ নিজামুদ্দিন খান, বিশিষ্ট সাহিত্যিক অনিমা গুহ,২৫ বিশিষ্ট অসমীয়া কবি আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী শুচিব্ৰতা ৰায় চৌধুৰী, সাহিত্যিক তোষপ্ৰভা কলিতা আদিয়ে গৱেষণাৰ বাবে মৰুণোত্তৰভাবে নিজৰ দেহদান কৰিছে।২৬

ইলোৰা বিজ্ঞান মঞ্চই অংগ আৰু শৰীৰ দাতালৈ (মৃত্যুৰ পিছত) সহায় আগবঢ়ায় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়, অসম চিকিৎসা মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, বৰপেটা চিকিৎসা মহাবিদ্যালয়, যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু অন্যান্য চিকিৎসা মহাবিদ্যালয়ৰ লগত সমন্বয়ক হিচাপে কাম কৰে।২৭ এই মহাবিদ্যালয়সমূহত বৈজ্ঞানিক গৱেষণাৰ বাবে দান কৰা শৰীৰ ইলোৰা বিজ্ঞান মঞ্চয়ে পঠিওৱাৰ ব্যৱস্থা কৰে।

বঁটা আৰু সন্মান

২০১৮ চনৰ ১ মে' তাৰিখে হেমচন্দ্ৰ বৰুৱা সোঁৱৰণী দিৱস উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চক সাদিন-প্ৰতিদিন গোষ্ঠীয়ে হেমকোষ প্ৰাণ দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটাৰে সন্মানিত কৰে।২৮২৯ ২০২২ চনৰ মে’ মাহত ভৱপ্ৰসাদ চলিহা ন্যাসে সংস্থাটোক সন্মানীয় মানৱতা বঁটা প্ৰদান কৰে। এইবোৰৰ বাহিৰেও সমগ্ৰ অসমতে ৰক্তদান অভিযানৰ আয়োজন কৰাৰ বাবে সংস্থাটোৱে অসম এইডছ নিয়ন্ত্ৰণ সমিতিৰ পৰা প্ৰশংসা বঁটা আদি বিভিন্ন স্বীকৃতি লাভ কৰিছে।৩০

প্ৰকাশন

ইলোৰা বিজ্ঞান মঞ্চই ২০০৬ চনৰ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা অধিৱেশনৰ পৰা নিয়মীয়াকৈ ত্ৰিমাসিক আলোচনী ‘সমীক্ষণ' প্ৰকাশ কৰি আহিছে। তদুপৰি স্বাস্থ্য আৰু অন্ধবিশ্বাস, জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞান আদি বিষয়ৰ পুস্তিকা ই সময়ে সময়ে প্ৰকাশ কৰি আহিছে। হেমচন্দ্ৰ বৰুৱাৰ দুখন গ্ৰন্থ আৰু প্ৰাচীন ভাৰতীয় বিজ্ঞান অনূদিত গ্ৰন্থ ইলোৰা বিজ্ঞান মঞ্চয়ে প্ৰকাশ কৰিছে।৩১

দিৱস

  • ১৫ মে' - প্ৰতিষ্ঠা দিৱস
  • ২০ আগষ্ট- ৰাষ্ট্ৰীয় বৈজ্ঞানিক ভাৱধাৰা দিৱস (ড° নৰেন্দ্ৰ দভোলকৰ শ্বহীদ দিৱস)
  • ১০ ডিচেম্বৰ- অন্ধবিশ্বাস বিৰোধী দিৱস (হেমচন্দ্ৰ বৰুৱাৰ জন্ম বাৰ্ষিকী)

তথ্যসূত্ৰ

  1. ↑ Karmakar, Rahul. (2 November 2008). Guwahati lines up to donate blood. Hindustan Times
  2. ↑ (12 June 2018). Social Activists Allege: Superstition Was Behind the Dokmoka Lynching. NewsClick
  3. ↑ How to Donate Body For Medical Research,The Sentinel, 31 December 2018
  4. ↑ "A life less ordinary ends with noble gesture", The Telegraph,15 May,2003,Guwahati
  5. ↑ Body donor's family carries out last wish, Telegraph, 17 February 2005
  6. ↑ GMCH leads by Ellora example, The telegraph, 18 October, 2003
  7. ↑ সাক্ষাৎকাৰ: ড° অনিমা গুহৰ দৃষ্টিৰে ড° অমলেন্দু গুহ
  8. ↑ মৰোণোত্তৰ দেহদান
  9. ↑ First Muslim body donor in Assam, The Hindu, 18 May, 2011
  10. ↑ Talukdar, Sushanta. (17 May 2011). First Muslim body donor in Assam. The Hindu
  11. ↑ Desk, Sentinel Digital. (17 May 2020). 17th foundation day of Ellora Vigyan Mancha (EVM) observed at Doomdooma - Sentinelassam. The Sentinel (Guwahati)
  12. ↑ (17 February 2005). Body donor's family carries out last wish. The Telegraph (India)]]
  13. ↑ (15 May 2003). A life less ordinary ends with noble gesture. The Telegraph (India)
  14. ↑ Ellora Vigyan Mancha foundation day tomorrow
  15. ↑ News, TNN. (29 August 2013). NGO calls for strong act against superstition in state · Guwahati News - Times of India. The Times of India
  16. ↑ Desk, Sentinel Digital. (31 December 2018). How to Donate Body For Medical Research - Sentinelassam. The Sentinel (Guwahati)
  17. ↑ Staff REPORTER. (15 September 2010). Ellora Vigyan Mancha reiterates aim to create scientific awareness
  18. ↑ Bairwa, Kiran. (9 November 2021). तंत्र-मंत्र ज्योतिष और विज्ञान पर संगोष्ठी का आयोजन. Rajasthan Patrika
  19. ↑ Kapoor, Divya. (13 July 2019). Impotency Myth, Witch-hunting: Encephalitis is Just One of Many Battles Assam is Fighting. News18
  20. ↑ Kashyap, Samudra Gupta. (8 May 2015). Amalendu Guha one of the first to join campaign to pledge bodies for medical research. The Indian Express
  21. ↑ Hussain, Bonojit; Chetia, Mayur. (2015). Remembering a People's Historian: Amalendu Guha (1924–2015). Social Scientist. পৃ. 117–123
  22. ↑ (15 July 2019). Assam novelist Purabi Bormudoi dies at 69. The Telegraph (India)
  23. ↑ Devi, Mousumi. (7 January 2021). Renowned Assamese actor Meera Biswas's body donated to GMCH. EastMojo
  24. ↑ News, Ne Now. (4 December 2017). Veteran communist and former MLA Bipin Hazarika passes away. NORTHEAST NOW
  25. ↑ (2015-05-08). Historian Amalendu Guha dies, body donated to medical college. The Indian Express
  26. ↑ Copeman, Jacob; Reddy, Deepa S. (1 September 2012). The didactic death: Publicity, instruction, and body donation. HAU: Journal of Ethnographic Theory. পৃ. 59–83
  27. ↑ Donor. Ellora Vigyan Mancha
  28. ↑ NEWS, NE NOW. (2018-05-01). Bronze statue of Hemchandra Barua unveiled in Gauhati University campus. NORTHEAST NOW
  29. ↑ Bureau, Pratidin. Bronze statue of Assamese literature legend Hemchandra Baruah unveiled at Gauhati University. Pratidin Time
  30. ↑ Ellora Vigyan Mancha NGO in Guwahati ASSAM Address Contact details. www.indiangoslist.com
  31. ↑ about. www.elloravigyan.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলোৰা বিজ্ঞান মঞ্চ” প্ৰবন্ধৰ সংশোধন ৫২৮৮৬২ (৩০ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।