অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মাধৱদেৱ বিশ্ববিদ্যালয়

মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে প্ৰতিষ্ঠা হোৱা আৰু পাছলৈ মাধৱদেৱ মহাবিদ্যালয় নামৰে পুনঃনামকৰণ কৰা মহাবিদ্যালয়খন উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।

হালনাগাদ: ২৮ আগষ্ট ২০২৪ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে প্ৰতিষ্ঠা হোৱা আৰু পাছলৈ মাধৱদেৱ মহাবিদ্যালয় নামৰে পুনঃনামকৰণ কৰা মহাবিদ্যালয়খন উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।১ ইয়াক অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা মাধৱদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে।২

২০১৯ চনৰ ১৭ জুন তাৰিখে অধ্যাপক ড॰ দিবাকৰ চন্দ্ৰ ডেকাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্যৰ কাৰ্য্যভাৰ গ্ৰহণ কৰে।৩ বিশ্ববিদ্যালয়খন শ্ৰী শ্ৰী মাধৱদেৱৰ নামেৰে নামকৰণ কৰা হৈছে।

ইতিহাস

১৯৬৩ চনৰ ২৪ নৱেম্বৰত নাৰায়ণপুৰ নগৰৰ সমীপৰ মাধৱপুৰ উচ্চ বুনিয়াদী বিদ্যালয়ত মহাবিদ্যালয় প্ৰতিষ্ঠাৰ বাবে প্ৰথম সভা অনুষ্ঠিত হয় আৰু ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে এই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা হয়। প্ৰথম অধ্যক্ষ আছিল কমল গগৈ, আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল মুক্তিযোদ্ধা পূৰ্ণানন্দ দত্ত। সেই বছৰৰে পহিলা জুলাইত মহাবিদ্যালয়ৰ প্ৰথম তদৰ্থ পৰিচালনা সমিতি গঠন কৰা হয়। প্ৰথম বছৰত ইংৰাজী ভাষা, অসমীয়া, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী আৰু অৰ্থনীতি বিভাগসহ ৭৫জন ছাত্ৰ-ছাত্ৰী আৰু ৫জন শিক্ষক আছিল। ১৯৬৬ চনৰ ২ আগষ্ট তাৰিখে এই মহাবিদ্যালয়ক মাধৱদেৱ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হয়।৪

১৯৬৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ে আৰু ১৯৬৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰাক্‌ বিশ্ববিদ্যালয় শ্ৰেণীৰ স্বীকৃতি প্ৰদান কৰে। মহাবিদ্যালয়খনে ১৯৬৭ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা স্নাতক শ্ৰেণীৰ স্বীকৃতি লাভ কৰে। বিজ্ঞান শাখা আৰম্ভ হয় ১৯৭৮ চনত।৪

শৈক্ষিক

পাঠ্যক্ৰমসমূহ

মাধৱদেৱ মহাবিদ্যালয়ত নিম্নোক্ত পাঠ্যক্ৰমসমূহৰ শিক্ষা প্ৰদান কৰা হয়। মহাবিদ্যালয়খনৰ স্নাতক শাখা আৰু উচ্চতৰ মাধ্যমিক শাখা ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ।

  • উচ্চতৰ মাধ্যমিক (কলা আৰু বিজ্ঞান)
  • স্নাতক (কলা আৰু বিজ্ঞান)
  • ইউ জি চি কেৰিয়াৰমুখী পাঠ্যক্ৰম

শৈক্ষিক বিভাগসমূহ

কলা:

  • ইংৰাজী বিভাগ
  • অসমীয়া বিভাগ
  • শিক্ষা বিভাগ
  • অৰ্থনীতি বিভাগ
  • ইতিহাস বিভাগ
  • ৰাজনীতি বিজ্ঞান বিভাগ
  • দৰ্শন বিভাগ
  • সমাজতত্ত্ব বিভাগ

বিজ্ঞান:

  • উদ্ভিদ বিজ্ঞান বিভাগ
  • প্ৰাণী বিজ্ঞান বিভাগ
  • ৰসায়ন বিজ্ঞান বিভাগ
  • পদাৰ্থ বিজ্ঞান বিভাগ
  • অৰ্থনীতি বিভাগ
  • গণিত বিভাগ
  • ইলেক্ট্ৰনিকছ বিভাগ

মহাবিদ্যালয়ৰ সুবিধাসমূহ

  • গ্ৰন্থাগাৰ
  • কেৰিয়াৰ কাউন্সেলিং
  • ছাত্ৰাবাস
  • ছাত্ৰীনিবাস
  • খেলপথাৰ

তথ্যসূত্ৰ

  1. ↑ Assam house passes bills to set up universities. India Today
  2. ↑ Assam: Lakhimpur’s Madhabdev College elevated to University. Norteast Now
  3. ↑ Dr Dibakar Chandra Deka takes charge as Madhavdev University of Narayanpur Vice-Chancellor. The Sentinel
  4. ↑ (২০১৪). মাধৱদেৱ মহাবিদ্যালয় আলোচনী, ৩১তম সংখ্যা, ২০১৩-২০১৪ বৰ্ষ. মাধৱদেৱ মহাবিদ্যালয়. পৃ. ৪, ৭, ৩৭, ৪৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিশ্ববিদ্যালয়সমূহনাৰায়ণপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাধৱদেৱ বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪২৯৮৫৪ (২৮ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।