লিংগভিত্তিক অধ্যয়ন (Gender studies) লিংগ পৰিচয় তথা লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ। ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে মহিলাসকলৰ অধ্যয়ন (নাৰী, নাৰীবাদ, লিংগ তথা ৰাজনীতি সম্পৰ্কিত), পুৰুষ অধ্যয়ন আৰু কুইয়াৰ অধ্যয়ন।১ কেতিয়াবা লিংগ অধ্যয়ন যৌনতা অধ্যয়নেৰ সৈতে একত্ৰ কৰা হয়।
এই শাখাসমূহ সাহিত্য, ভাষা, ভূগোল, ইতিহাস, ৰাজনীতি বিজ্ঞান, সমাজবিজ্ঞান, নৃতত্ত্ব, বোলছবি, মিডিয়া, মানৱ উন্নয়ন, আইন, জনস্বাস্থ্য তথা চিকিৎসা ক্ষেত্ৰত লিংগ আৰু যৌনতাক অধ্যয়ন কৰে।২৩ ই জাতি, অৱস্থান, শ্ৰেণি, জাতীয়তা আৰু অক্ষমতা ইত্যাদি বোৰে লিংগ তথা যৌনতাৰ বিভাগ সমূহৰ সৈতে কিদৰে সংযোগ স্থাপন কৰে সেইবিষয়ে বিশ্লেষণ কৰে।৪৫ লিংগ অধ্যয়ন লিংগ পৰিচয় তথা লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ। ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে মহিলাসকলৰ অধ্যয়ন (নাৰী, নাৰীবাদ, লিংগ তথা ৰাজনীতি সম্পৰ্কিত), পুৰুষ অধ্যয়ন আৰু কুৱেৰ অধ্যয়ন১। কেতিয়াবা লিংগ অধ্যয়ন যৌনতা অধ্যয়নেৰ সৈতে একত্ৰ কৰা হয়।
এই শাখাসমূহ সাহিত্য, ভাষা, ভূগোল, ইতিহাস, ৰাজনীতি বিজ্ঞান, সমাজবিজ্ঞান, নৃতত্ত্ব, বোলছবি, মিডিয়া, মানৱ উন্নয়ন, আইন, জনস্বাস্থ্য তথা চিকিৎসা ক্ষেত্ৰত লিংগ আৰু যৌনতাক অধ্যয়ন কৰে।৬৩ ই জাতি, অৱস্থান, শ্ৰেণি, জাতীয়তা আৰু অক্ষমতা ইত্যাদি বোৰে লিংগ তথা যৌনতাৰ বিভাগ সমূহৰ সৈতে কিদৰে সংযোগ স্থাপন কৰে সেইবিষয়ে বিশ্লেষণ কৰে।৪৫
নাৰী অধ্যয়ন
নাৰী অধ্যয়ন হ'ল মহিলা, নাৰীবাদ, লিঙ্গ তথা ৰাজনীতি সম্পৰ্কিত বিষয়সমূহত নিবেদিত এটি আন্তঃবিষয়িক একাডেমিক ক্ষেত্ৰ। ইয়াত নাৰীবাদী তত্ত্ব, মহিলাসকলৰ ইতিহাস (উদাঃ মহিলাসকলৰ ভোটাধিকাৰৰ ইতিহাস) তথা সামাজিক ইতিহাস, মহিলা কল্পকাহিনী, মহিলাসকলৰ স্বাস্থ্য, নাৰীবাদী মনোবিশ্লেষণ আৰু বেছিভাগ মানৱতা আৰু সামাজিক বিজ্ঞানৰ নাৰীবাদী আৰু লিংগ অধ্যয়ন ইত্যাদিৰ অনুশীলন অন্তৰ্ভুক্ত কৰা হৈছে।
পুৰুষ অধ্যয়ন
পুৰুষ, পুৰুষতন্ত্ৰ, লিঙ্গ তথা ৰাজনীতি সম্পৰ্কীয় বিষয়সমূহত নিবেদিত এটি আন্তঃবিষয়ক শৈক্ষিক ক্ষেত্ৰ। ই প্ৰায়ে নাৰীবাদী তত্ত্ব, পুৰুষ সকলৰ ইতিহাস আৰু সামাজিক ইতিহাস, পুৰুষসকলৰ কথাসাহিত্য, পুৰুষৰ স্বাস্থ্য, নাৰীবাদী মনোবিজ্ঞান আৰু নাৰীবাদী তথা লিঙ্গ অধ্যয়ন-প্ৰভাৱিত বেছিভাগ মানৱতা আৰু সামাজিক বিজ্ঞানৰ অনুশীলন অন্তৰ্ভুক্ত কৰে। টিমোথি লৰি আৰু আন্না হিকি-মুডিয়ে পৰামৰ্শ দিছে যে "অৰ্ধ-সমজাতীয় সম্প্ৰদায় হিসাবে" পুৰুষতত্ত্ব অধ্যয়নৰ প্ৰতিষ্ঠানিকৰণৰ ক্ষেত্ৰত সৰ্বদা বিপদ পৰিলক্ষিত কৰা হয়। তথা লক্ষ কৰা যায় যে নাৰীবাদী দৰ্শনে বহু পুৰুষতন্ত্ৰৰ গৱেষকক ঘৃণা কৰে।৭
নাৰীসুলভ আৰু পুৰুষসুলভ ব্যক্তিত্ব হিচাপে লিংগ
কিছুমান তত্ত্ববাদীৰ মতে লিঙ্গ হৈছে নাৰীসুলভ আৰু পুৰুষসুলভ ব্যক্তিত্বৰ বহিৰ্প্ৰকাশ। নেনচী চোদোৰোৰ তত্ত্ব মতে- ব্যক্তি এজনৰ জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত পৰিয়াল বা পিতৃ-মাতৃৰ আচৰণ আৰু তেওঁলোকৰ লালন-পালনৰ প্ৰতি কৰা প্ৰতিক্ৰিয়াৰ ফলস্বৰূপে আহৰণ কৰা নাৰীসুলভ আৰু পুৰুষসুলভ ব্যক্তিত্বই হৈছে লিংগ।
নাৰী আৰু পুৰুষসুলভ যৌনতা হিচাপে লিংগ
কিছুমান তত্ত্ববিদৰ মতে লিঙ্গৰ ধাৰণাটো নাৰী সুলভ আৰু পৰুষ যৌনতাৰ লগত জড়িত। কেথেইন মেক্ কিনোনৰ যৌনতা হিচাপে লিংগৰ তত্ত্ব মতে কামনাবাসনাৰ আত্মসমৰ্পণ আৰু প্ৰভাৱৰ দ্বাৰাই লিঙ্গৰ ধাৰণাৰ সৃষ্টি হয়। নাৰী-পুৰুষৰ পাৰ্থক্য আৰু কামনাবাসনাৰ আত্মসমৰ্পণ আৰু প্ৰভাৱে ইটোৱে আনটোক সূচিত কৰে। এই তত্ত্ব বা ধাৰণা অনুসৰি, লিঙ্গৰ ক্ষেত্ৰত, যৌনতা শোষণ আৰু আত্মসমৰ্পণৰ ক্ষেত্ৰত ব্যক্তিয়ে গ্ৰহণ কৰা ভূমিকাক প্ৰাধান্য দিয়া উচিত। সাধাৰণতে, পুৰুষসকলে যৌনতা শোষকৰ আৰু মহিলাসকলেআত্মসমৰ্পণকাৰীৰ ভূমিকা পালন কৰে সেয়েহে, এই দৃষ্টিভঙ্গী অনুসৰি, লিঙ্গ বৈষম্যতা ব্যৱহাৰ বা আচৰণৰ ক্ষেত্ৰত থকা অথবা মনোবৈজ্ঞানিক সংলক্ষণৰ বৈষম্যতা নহয়, এই বৈষম্যতাৰ প্ৰধান কাৰক হৈছে পিতৃতান্ত্ৰিক সমাজত প্ৰচলিত যৌনতাৰ কাৰ্য। পুৰুষ আৰু মহিলাৰ যৌনতা সামাজিকভাৱে চৰ্তবিশিষ্ট। নাৰী পুৰুষৰ সংলক্ষণ, আচৰণ আৰু ভূমিকাসমূহৰ ক্ষেত্ৰত থকা সামাজিক বৈষম্যসমূহ শক্তি বৈষম্যৰ বাবে জগৰীয়া নহয়। নাৰী আৰু পুৰুষসকল পৃথকভাৱে সামাজিকীকৰণ প্ৰক্ৰিয়াত অন্তৰ্গত। অসমতাৰ ক্ষেত্ৰত কিছুমান শক্তি নিয়োজিত হৈ থাকে।
নাৰী সবলীকৰণ
মূল প্ৰবন্ধ: নাৰী সবলীকৰণ
নাৰী সবলীকৰণ মানে মহিলাৰ আত্মিক, ৰাজনৈতিক, সামাজিক বা অৰ্থনৈতিক শক্তি বৃদ্ধি কৰা।৮৯১০ নাৰী সবলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি সেয়ে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস, প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখে পালিত হয়।১১ব্যক্তিগত অথবা দলীয় কাৰ্যাৱলীৰ জৰিয়তে লিঙ্গ শক্তিসম্পৰ্কযুক্ত সম্বন্ধসমূহৰ ৰূপান্তৰৰ এক পৰিণাম হৈছে মহিলা সবলীকৰণ। এই প্ৰক্ৰিয়াৰ জৰিয়তে মহিলাসকলক তেওঁলোকৰ অধিকাৰ, সুবিধাসমূহৰ প্ৰতি সজাগ কৰি, তেওঁলোকৰ নিজৰ সক্ষমতাসমূহৰ প্ৰয়োগ কৰাত উৎসাহ প্ৰদান কৰা হয়। মহিলাসকলক তেওঁলোকৰ মৰ্যাদা সম্পৰ্ক সজাগ কৰি তুলি তেওঁলোকক কু-সংস্কাৰ, শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সৱল কৰি তোলাৰ এক প্ৰক্ৰিয়া।
যৌনতা
যৌনতাই পুৰুষ-নাৰীৰ জৈৱিক পাৰ্থক্যক সূচনা কৰে। ই জৈৱিকভাৱে পূৰ্বনিৰ্ধাৰিত আৰু স্থায়ী। যৌনতাই কোনো এজন ব্যক্তিৰ জৈৱিক শ্ৰেণীবিভাজনক সূচনা কৰে। ইয়াৰ দ্বাৰা ব্যক্তিৰ প্ৰাথমিক যৌন বৈশিষ্ট্য যেনে— প্ৰজনন প্ৰক্ৰিয়াসমূহৰ লগতে ব্যক্তিৰ গৌণ যৌন বৈশিষ্ট্য যেনে- উচ্চতা, পুৰুত্ব আদিকো সাঙুৰি লোৱা হয়। যৌনতাই ব্যক্তিৰ জৈৱিক স্থিতিক সূচনা কৰে। ব্যক্তিৰ জৈৱিক যৌনতাৰ প্ৰধান সূচকসমূহ হৈছে যৌন ক্ৰম'জম, জননগ্ৰন্থি, অভ্যন্তৰীণ প্ৰজনন অংগ আৰু বাহ্যিক জননেন্দ্ৰিয়। যৌনতা হৈছে এক সূচক বা সংকেত কেন্দ্ৰ যিয়ে ব্যক্তিক মহিলা বা পুৰুষ হিচাপে শ্ৰেণীভুক্ত কৰে। যৌনতাই ব্যক্তিৰ পুৰুষসুলভ বা মহিলাসুলভ শাৰীৰিক বৈশিষ্টসমূহক প্ৰতিনিধিত্ব কৰে। ই প্ৰাকৃতিক আৰু জন্মসূত্ৰে লাভ কৰা এক বৈশিষ্ট। যৌন পাৰিপাৰ্শ্বিকতা অনুসৰি ব্যক্তিক চাৰিটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়: বিষমলিঙ্গকামিতা, সমকামিতা, উভকামিতা আৰু নপুংসকতা।
পিতৃতন্ত্ৰ
পিতৃতন্ত্ৰই পুৰুষৰ পৰাক্ৰম, দমন, পুৰুষ শক্তি, সামাজিক বা সাংস্কৃতিকভাৱে আৰ্জিত আচৰণক বুজাই। পিতৃতন্ত্ৰ হৈছে সামাজিক গোটত পুৰুষ প্ৰধানৰ শাসন। ইয়াৰ দ্বাৰা পুৰুষসকলক সহজাতভাৱে উৰ্ধস্থিত বা শ্ৰেয় আৰু মহিলা সকলক দুৰ্বল বুলি দেখুৱা হয়। ইয়াৰ দ্বাৰা সামাজিক প্ৰেক্ষাপটত মহিলা সকলক বিভিন্ন সা-সুবিধা লাভ কৰাৰ পৰা বঞ্চিত কৰোৱা হয়।
নাৰীবাদ
মূল প্ৰবন্ধ: নাৰীবাদ
নাৰীবাদ লিংগ অধ্যয়নৰ এক গুৰুত্বপূৰ্ণ বিষয়। নাৰীবাদ হৈছে পুৰুষৰ সমানে ৰাজনৈতিক, আইন, অৰ্থনৈতিক আৰু অন্যান্য অধিকাৰসমূহৰ ক্ষেত্ৰত সফলতা অৰ্জনৰ জৰিয়তে মহিলাৰ স্থান/মৰ্যাদা অগ্ৰগামী কৰাৰ এক তত্ত্ব বা আন্দোলন।১২ বেলহুক'চ ৰ মতে নাৰীবাদ হৈছে যৌন শোষণ আৰু যৌন পীড়ন অৱস্থান ঘটোৱাৰ এক আন্দোলন।
নাৰীত্ব আৰু পুৰুষত্ব
নাৰী আৰু পুৰুষৰ মাজৰ পাৰ্থক্যৰ সূচক হৈছে নাৰীত্ব আৰু পুৰুষত্ব। লিঙ্গ আৰু যৌনতাৰ মাজত থকা মৌলিক পাৰ্থক্যই মহিলা আৰু পুৰুষৰ অস্তিত্বৰ বাবে নাৰীত্ব আৰু পুৰুষত্ব বুলি দুটা পৃথক ধাৰণাৰ সৃষ্টি কৰে। লিঙ্গ পৰিচয়ৰ পৰিপ্ৰেক্ষিতত মহিলাসকল নাৰীত্ব আৰু পুৰুষসকল পুৰুষত্ব অস্তিত্ব ধাৰণাৰ লগত জড়িত। এই নাৰীত্ব আৰু পুৰুষত্বই এক বিশেষ মাত্ৰাক সূচনা কৰে যাৰ প্ৰতি ব্যক্তিয়ে পুৰুষ আৰু মহিলা হিচাপে নিজকে চিনাক্তকৰণ কৰে। সামাজিক দৃষ্টিভঙ্গীৰ পৰা নাৰীত্ব আৰু পুৰুষত্বই সমাজত ব্যক্তিক মহিলা আৰু পুৰুষ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশটোক বুজাই। ব্যক্তি এজনৰ লিঙ্গ, সামাজিকীকৰণৰ ওপৰত ভিত্তি কৰি ব্যক্তিজনৰ সত্তাৰ প্ৰতি প্ৰদান কৰা সামাজিক অৰ্থক লিঙ্গ চিনাক্তকৰণে অন্তৰ্ভুক্ত কৰে। 'নাৰীত্ব' বা ‘পুৰুষত্ব' জন্মগত বা অন্তনিহিত নহয়। ব্যক্তিৰ এই প্ৰকাৰৰ অস্তিত্ব সামাজিক আৰু সাংস্কৃতিক চৰ্তৰ ওপৰত নিৰ্ভৰশীল। সাধাৰণতে 'নাৰীত্ব' বা ‘পুৰুষত্ব' হিচাপে ব্যক্তি এজনৰ লিঙ্গ পৰিচয় নিৰ্ভৰ কৰে, সমাজত নাৰী বা পুৰুষৰ ভূমিকাৰ অন্তঃস্থকৰণৰ অৰ্থৰ ওপৰত। লিঙ্গ পৰিচয় হৈছে নাৰী বা পুৰুষৰ ভূমিকাৰ লগত সম্পৰ্ক ৰাখি ব্যক্তিয়ে নাৰী বা পুৰুষ হিচাপে আহৰণ কৰা আত্ম ধাৰণা। 'নাৰীত্ব' আৰু 'পুৰুষত্ব' ধাৰণাৰ লগত লিঙ্গ ভূমিকাৰ ধাৰণাটো সম্পৰ্কযুক্ত।
লিংগ দৃঢ়বদ্ধতা
'দৃঢ়তা' বা ‘নিৰ্দিষ্ট' ধাৰণাটো ব্যক্তিক কোনো এক দল বা উপদলত শ্ৰেণীভুক্ত কৰাক সূচায়। কোনো নিৰ্দিষ্ট বিশ্বাসৰ অন্তৰ্গত ব্যক্তিসকলক বিশেষত ঋণাত্মক শ্ৰেণীৰ অন্তৰ্ভুক্ত ব্যক্তিক সূচাবলৈ এই ‘দৃঢ়বদ্ধতা' শব্দৰ ব্যৱহাৰ কৰা হয়। ব্যক্তিৰ ‘প্ৰকৃতি' সম্পৰ্কে স্পষ্ট ধাৰণা আহৰণ কৰিবলৈ বা সেই ব্যক্তিৰ পৰিচয়ৰ বাবে, সমাজে ব্যক্তিক কিছুমান বিশেষ শ্ৰেণীকৰণৰ অন্তৰ্ভুক্ত কৰে। এই বিশেষ শ্ৰেণীৰ অন্তৰ্গত ব্যক্তি বা সদস্যসকল কিছুমান বিশেষ সংলক্ষণ বিশিষ্ট। সেই অনুপাতে লিঙ্গ দৃঢ়বদ্ধতাই নাৰী আৰু পুৰুষক মহিলাসুলভ আৰু পুৰুষসুলভ ব্যক্তিৰ শ্ৰেণীত শ্ৰেণীভক্ত কৰিবলৈ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াক সূচায়। লিঙ্গ দৃঢ়তা হৈছে মহিলা আৰু পুৰুষৰদ্বাৰা পালন কৰিবলগীয়া ভূমিকা আচৰণ আৰু সংলক্ষণসমূহৰ সৰ্বজনীন ধাৰণা। সমাজত মহিলা আৰু পুৰুষৰ সদস্যপদৰ বাবে তেওঁলোকক বিশেষ কিছুমান ভূমিকা, দায়িত্ব অৰ্পণ কৰাৰ এক প্ৰথাই হৈছে লিঙ্গ দৃঢ়তা। দৰাচলতে লিঙ্গ দৃঢ়তা হৈছে এক বিশ্বাস আৰু এই বিশ্বাসে বিষয়দল বা পুৰুষ-মহিলাৰ বিষয়ে ধাৰণা কৰি লোৱাত সহায় কৰে।
তথ্যসূত্ৰ
- ↑ Gender Studies. Whitman College
- ↑ Krijnen, Tonny; van Bauwel, Sofie. (2015). Gender And Media: Representing, Producing, Consuming. Routledge. ISBN 978-0-415-69540-4
- ↑ About – Center for the Study of Gender and Sexuality (CSGS). The University of Chicago
- ↑ Healey, J. F. (2003). Race, Ethnicity, Gender and Class: the Sociology of Group Conflict and Change
- ↑ Department of Gender Studies. Indiana University (IU Bloomington)
- ↑ Krijnen, Tonny; van Bauwel, Sofie. (2015). Gender And Media: Representing, Producing, Consuming. Routledge. ISBN 978-0-415-69540-4
- ↑ Laurie, Timothy; Hickey-Moody, Anna. (2015). Geophilosophies of Masculinity: Remapping Gender, Aesthetics and Knowledge. Angelaki: Journal of the Theoretical Humanities. পৃ. 1–10
- ↑ Kabeer, Naila. "Gender equality and women's empowerment: A critical analysis o the third millennium development goal 1." Gender & Development 13.1 (2005): 13-24
- ↑ Mosedale, Sarah. (2005-03-01). Assessing women's empowerment: towards a conceptual framework. Journal of International Development. পৃ. 243–257
- ↑ Rahman, Aminur. (2013). Women's Empowerment: Concept and Beyond. Global Journal of Human Social Science Sociology & Culture. পৃ. 9
- ↑ Origins and Evolution: Perspectives of Two International Days
- ↑ Harding, James Martin; Rosenthal, Cindy. (2006). Restaging the Sixties: Radical Theaters and Their Legacies. University of Michigan Press. পৃ. 386–. ISBN 0-472-06954-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিংগভিত্তিক অধ্যয়ন” প্ৰবন্ধৰ সংশোধন ৬৩১২১১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।