পাতত দিয়া (cooked in banana leaf) হৈছে ভাৰতকে ধৰি ইণ্ডোনেছিয়া, মালয়েছিয়া, লাউচ আদি এছিয়াৰ বিভিন্ন দেশৰ লগতে মেক্সিকো, হাৱাই আদি দেশৰ বিভিন্ন জনগোষ্ঠীৰ এক ৰন্ধনশৈলী।১ এই পদ্ধতিত সাধাৰণতে কলপাতেৰে খাদ্য বস্তু মেৰিয়াই ৰন্ধা হয়। পৃথিৱীত কল উৎপন্ন হোৱা ঠাইসমূহৰ লোকসকলে ইয়াৰ বৃহৎ পাতবোৰ ব্যৱহাৰ কৰাৰ উপায় উদ্ভাৱন কৰিছে আৰু সেইমতে নিমখীয়া আৰু মিঠা দুয়োধৰণৰ খাদ্যৰ চাৰিওফালে মেৰিয়াই ৰন্ধাৰ পদ্ধতি অনুসৰণ কৰিছে। কলপাতেৰে তৈয়াৰ কৰা টোপোলা এটাই আৰ্দ্ৰতা ধৰি ৰাখে আৰু ব্যঞ্জনত ভিন্ন সোৱাদ প্ৰদান কৰে।২ কলপাতে খাদ্যবস্তুত সুগন্ধিৰে ভৰাই কৰি তোলে। অসম আৰু পশ্চিমবংগত পাতত দিয়া মাছৰ ব্যঞ্জন বিশেষভাৱে জনপ্ৰিয়।১ মিচিং লোকসকলে কলপাতৰ সলনি তৰাগছৰ পাতেৰে মেৰিয়াইয়ো পাতত দিয়া খাদ্য প্ৰস্তুত কৰে। পাতত দিয়া খাদ্য আমিষ বা নিৰামিষ দুয়োপ্ৰকাৰৰ হ'ব পাৰে। ভাৰতৰ অন্যান্য প্ৰান্ত বা এছিয়া আৰু অন্য মহাদেশৰ বিভিন্ন অঞ্চলত কলপাতেৰে মাছ বা মাংস মেৰিয়াই ভাপত দি সিজোৱা হয়। ইয়াৰ পৰিৱৰ্তে অসমত সাধাৰণতে ভাপত দিয়াৰ সলনি কলপাতৰ টোপোলা বান্ধি জুইত পুৰি পাতত দিয়া খাদ্য প্ৰস্তুত কৰা হয়। গুজৰাটী ৰন্ধনশৈলীতো পাতত দিয়া পদ্ধতিৰ প্ৰয়োগ দেখা যায়।
পদ্ধতি
ভাৰত

অসম অসমত পৰম্পৰাগতভাৱে কলপাত কাটি জুইত লেৰেলাই লৈ মাছ বা শাক-পাচলি আদি মেৰিয়াই তপত ফুটছাই আৰু আঙঠাৰ তলত দি পাতত দিয়া খাদ্য প্ৰস্তুত কৰা হয়। আধুনিক কালত তাৱা বা কেৰাহীত খোলাত দিও পাতত দিয়া খাদ্য ৰন্ধা হয়। ইয়াৰ লগতে কলপাতেৰে বান্ধি কল আৰু চাউলৰ পাতপিঠাও প্ৰস্তুত কৰা হয়। গুজৰাট গুজৰাটত কলপাতেৰে বান্ধি কেৰাহীত দি পিঠাগুড়িৰ খাদ্যবিশেষ, পাটৰা নি মাক্কি, ডামনি ঢোকলা আদি ৰন্ধা হয়।৩ পশ্চিমবংগ পশ্চিমবংগত মাছেৰ পাটুৰী বা ভাপা মাছ আদিৰ দৰে খাদ্য কলপাত ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। দক্ষিণ ভাৰত দক্ষিণ ভাৰতত পোট্টালাম চিকেন বিৰিয়ানী বা খিজি বিৰিয়ানীৰ দৰে খাদ্য মাংস আৰু কণীৰ সৈতে প্ৰস্তুত কৰা হয় আৰু কলপাতৰ পৰা সোৱাদ আৰু পুষ্টি শোষণ কৰিবলৈ লাহে লাহে বা দীৰ্ঘসময় ধৰি ৰন্ধা হয়।৪ উৰিষ্যা উৰিষ্যাত মাচ্ছা পাত্ৰপোড়া নামৰ মাছৰ ব্যঞ্জন যথেষ্ট পৰিমাণৰ মচলাৰে মেৰিনেট কৰি কলপাতত মেৰিয়াই কোমল নোহোৱালৈকে ৰন্ধা হয়।৩
ইণ্ডোনেছিয়া আৰু মালয়েছিয়া
ওটাক-ওটাক হৈছে মচলা মিহলাই কলপাতৰ টোপোলাত মেৰিয়াই প্ৰস্তুত কৰা মাছৰ কেক। ওটাক-ওটাক পৰম্পৰাগতভাৱে ভাপত দিয়া বা জুইত পোৰা হয়। ইয়াক অকলশৰীয়াকৈ লঘূ আহাৰ হিচাপে বা ভাতৰ লগত পৰিৱেশন কৰা হয়। মালয়েছিয়াত ওটাক-ওটাকত হালধি আৰু লেমনগ্ৰাছ ব্যৱহাৰ কৰা হয়।৫
তথ্যসূত্ৰ
- ↑ The magic of steaming food in a banana leaf. Lifestyle.ivemint.com
- ↑ The use of banana leaf for food and cooking around the world. Foodandroad.com
- ↑ The Best Of Banana Leaf-Steamed Cooking From India - 6 Delicious Recipes. Homegrown.co.in
- ↑ (2 July 2021). Traditional Cooking With Banana Leaves: Benefits And Easy Recipes. Times of India
- ↑ Otak-otak.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাতত দিয়া” প্ৰবন্ধৰ সংশোধন ৫৮৪২৪৩ (৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।