লেহংগা (হিন্দী: लेहंगा), লেহেংগা বা লাংগা (ঘগ্ৰা, চানিয়ো, পাৰো, পাৱড়া, বা লাচা বুলিও জনা যায়) হৈছে ভাৰতীয় উপমহাদেশৰ মহিলা সকলে পৰিধান কৰা গোৰোহালৈকে দীঘল স্কাৰ্টৰ এটা প্ৰকাৰ।১ লেহেংগা সজ্জিত কৰিবলৈ পৰম্পৰাগত এম্ব্ৰয়ডাৰীৰ বিভিন্ন আৰ্হি আৰু শৈলী ব্যৱহাৰ কৰা হয়। উৎসৱ আৰু বিয়াত প্ৰায়ে গোটা পট্টি এম্ব্ৰয়ডাৰী ব্যৱহাৰ কৰা হয়। ঘগ্ৰা বুলিও জনাজাত লেহেংগা হৈছে ষোড়শ শতিকাত জনপ্ৰিয় হৈ পৰা এবিধ পৰম্পৰাগত ভাৰতীয় সাজপাৰ২; মূলতঃ উত্তৰ ভাৰতত মোগলে ইয়াক ভাৰতীয় ফেশ্বনলৈ বিকশিত কৰিছিল। লেহেংগা ৰাজকীয় আকৰ্ষণ আৰু সুবিধাৰ বাবে সকলো বয়সৰ আৰু সকলো শ্ৰেণীৰ মোগল মহিলাৰ প্ৰিয় সাজ-পোছাক হৈ পৰিছিল। লেহেংগাক কেতিয়াবা ঘাগ্ৰা চোলি বা ‘লাংগা ৱনি’ৰ তলৰ অংশ হিচাপে পিন্ধা হয়। ঘাগ্ৰা চোলি হৈছে ভাৰতীয় উপমহাদেশৰ মহিলাসকলৰ এক প্ৰকাৰৰ জাতিগত পোছাক। এইবিধ পোছাকক লেহেঙ্গা চোলি আৰু স্থানীয়ভাৱে চানিয়া চোলি বুলিও জনা যায়। এই পোছাক বিশেষকৈ ভাৰতৰ ৰাজ্য ৰাজস্থান,৩৪ গুজৰাট,৫ মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু আৰু কাশ্মীৰৰ লগতে পাকিস্তানৰ পঞ্জাৱ আৰু সিন্ধু প্ৰদেশত পিন্ধা দেখা যায়। শাৰীৰ তলত পিন্ধা হাফ স্লিপ বা পেটিকোট নামৰ অন্তৰ্বাসক বুজাবলৈও হিন্দীত ঘগ্ৰা (কংকন্নীতো ঘগ্ৰো) শব্দ ব্যৱহাৰ কৰা হৈছিল।
প্ৰকাৰভেদ
ঘাগ্ৰী
ঘাগ্ৰী (ghagri) হৈছে মূল অন্তৰিয়াৰ (antariya) সমান দৈৰ্ঘ্যৰ এবিধ ছফুট দীঘল সংকীৰ্ণ স্কাৰ্ট। এই শৈলীৰ লেহেংগা আজিও ব্যৱহাৰ কৰা হয়, আৰু ভাৰতত জৈন সন্ন্যাসীসকলে ঘাগ্ৰী পিন্ধে।
এ-লাইন
]]
এ-লাইন (A-line) ডাঙৰ "A" আখৰটোৰ সৈতে মিল থকা ইয়াৰ আকৃতিৰ বাবেই এই প্ৰকাৰৰ লেহেংগাক এ-লাইন নামকৰণ কৰা হৈছে। এই প্ৰকাৰৰ লেহেংগাৰ কঁকালটো টান আৰু তলত অংশ মেলখোৱা।
ফ্লেয়াৰড
ফ্লেয়াৰড (flared) লেহেংগা দেখিবলৈ ঘূৰণীয়া স্কাৰ্টৰ দৰে। কেইবাটাও তৰপ দি এই লেহেংগাৰ আকাৰ বৃদ্ধি কৰা হয়।
ডাবল-ফ্লেয়াৰড লেহেংগা
ডাবল-ফ্লেয়াৰড (double-flared) লেহেংগা হৈছে এক প্ৰকাৰৰ বহুস্তৰীয় স্কাৰ্ট। ইয়াত ব্যৱহাৰ কৰা কেইবাটাও তৰপে ইয়াক অতিৰিক্ত আয়তন প্ৰদান কৰে।
মাৰমেইড (জলপৰী)
মাৰমেইড (mermaid) লেহেংগাক ‘ফিছ টেইল’ (fishtail; মাছৰ ফিছা) বা ‘ট্ৰুম্পেট’ (trumpet) বুলিও জনা যায়। মাৰমেইড লেহেংগাৰ গঠন মাছৰ ফিছাৰ সৈতে মিল খায়। এই সাজোনটো কঁকালৰ পৰা আঁঠুলৈকে টান কৰা হয়, তাৰ পিছত ভাঁজ কৰি বহলকৈ মেলি দিয়া হয়।৬
পেনেলড
পেনেলড (paneled) লেহেংগাত কাপোৰৰ কেইবাটাও অনুভূমিক পেনেল চিলাই কৰি পাখি-সদৃশ আকৃতি সৃষ্টি কৰি স্কাৰ্টটো সম্পূৰ্ণ হয়। অনুভূমিক পেনেলবোৰ একে বা ভিন্ন আকাৰ আৰু আকৃতিৰ হ’ব পাৰে।
শাৰাৰা
শাৰাৰা (sharara) লেহেংগাক পাৱড়ৈ (pavadai), লাংগা দাৱনী (langa davani), লংগা ৱনী (langa voni) বা আধা শাৰী বুলিও কোৱা হয়। এই প্ৰকাৰৰ লেহেংগাত পালাজ’ (palazzos) নামৰ ডাঙৰ ডাঙৰ বহল পেণ্ট থাকে। অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত ই লাংগা ৱনিৰ অংশ হিচাপে পৰিধান কৰা হয়। সাধাৰণতে দক্ষিণ ভাৰতত ইয়াৰ সৈতে কঁকালত মেৰিয়াই কান্ধৰ ওপৰেৰে শাৰীৰ দৰে পাৰ কৰি দুপাট্টা পিন্ধা হয়।
পোন লেহেংগা
পোন (straight) লেহেংগাৰ কোনো ধৰণৰ প্লিট বা স্তৰ নোহোৱাকৈ পোনকৈ তৈয়াৰ কৰা হয়। এই প্ৰকাৰৰ লেহেংগা কেতিয়াবা খোজকঢ়াৰ সুবিধাৰ বাবে বাবে কাষটো ফালি দিয়া হয়। এই শৈলীৰ লেহেংগা বিশেষ অনুষ্ঠানত পৰিধান কৰা হয়।
ট্ৰেইল
ট্ৰেইল (trail) লেহেংগাত স্কাৰ্টৰ পিছফালে কাপোৰৰ অতিৰিক্ত অংশ সংলগ্ন কৰি ট্ৰেইল সৃষ্টি কৰা হয়।
তথ্যসূত্ৰ
- ↑ lehnga. OxfordDictionaries.com
- ↑ Raniwala, Praachi. (20 January 2022). Saris, Lehengas and Why Carrie Bradshaw Should Know the Difference. The New York Times
- ↑ Rajasthan (district Gazetteers) – Rajsamand
- ↑ People of India: Rajasthan, Part 1 – K. S.
- ↑ Gujarat, Volume 1 – Rash Bihari Lal, Anthropological Survey of India
- ↑ Party Fish Cut Lehenga. medium.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেহেংগা” প্ৰবন্ধৰ সংশোধন ৪০৮৫২২ (২৮ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।