খৰিচা হৈছে বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য। এছিয়াৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়।১২৩ অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য।৪ ইয়াৰ বহুতো ঔষধিয় গুণ আছে।৫
তৈয়াৰ কৰা সামগ্ৰী

খৰিচা তৈয়াৰ কৰাৰ মুখ্য সামগ্ৰী হ’ল বাঁহ গাজ। সাধাৰণতে শাওণ বা ভাদ মাহত বাহিৰ হোৱা বাঁহগাজৰ (এই বাঁহগাজ সমূহৰ পৰা গছ হোৱাৰ সম্ভাৱনীয়তা কম থাকে) পৰা খৰিচা প্ৰস্তুত কৰা হয়। কাক, ভলুকা, কেঁকোৰা আদি বাঁহৰ খৰিচা প্ৰস্তুত কৰা হয়।৫ কাক বাঁহৰ খৰিচা আটাইতকৈ উত্তম হয়। কোনো কোনো লোকে জাতি বাঁহৰ গাজ তিতা বুলি কয়।৫
প্ৰস্তুত কৰাৰ প্ৰণালী
কুমলীয়া বাঁহ গাজৰ ওপৰৰ বাকলিবোৰ ভালদৰে গুচাই সৰু সৰুকৈ কাটি ঢেঁকী বা উৰালত খুন্দি খৰিচা কৰা হয়। আজিকালি, মিক্সিত খুন্দি বা পিহনাত পিহি খৰিচা তৈয়াৰ কৰা হয়। বাঁহ গাজৰ ওপৰৰ বাকলি ভালদৰে নুগুচালে খৰিচা তিতা হ’ব পাৰে। মিহিকৈ খুন্দা বাঁহৰ গাজ মাটিৰ কলহত ভৰাই কলপাতেৰে বান্ধি জুইশালৰ উচৰত তিনি-চাৰিদিন ৰাখিলে খৰিচা খাব পৰা হয়। কলহৰ বাদে আইনাৰ বৈয়ামত বাঁহ গাজ ভৰাই ৰ’দত দিলেও খৰিচা হয়। কোনো কোনো লোকে বাঁহ গাজত টেঙা হ’বলৈ কেইফুলামান কুঁজী থেকেৰা আৰু পানী দি ৰাখে। খৰিচাৰ গোন্ধ ওলালে তাক পকা খৰিচা বোলে।৫ কোনো কোনোৱে কুটা বাঁহ-গাজ কলহত নথৈ হালধি সানি ৰ'দত শুকুৱাই থয়। শুকুৱাৰ পিছত গুড়ি কৰে। ইয়াক শুকান খৰিচা হা জিম খৰিচা বোলে। অৱ্শ্যে পকা-খৰিচা ৰ'দত শুকুৱালে ইয়াকো শুকান-খৰিচাই বোলে। ইয়াক শুকুৱাই ৰাখি বছৰটোলৈ ৰাখিব পাৰি। অসমীয়া সমাজত বসন্ত ওলোৱাৰ পিছত নাড়ী শীতল কৰিবলৈ শুকান খৰিচা ব্যৱহাক কৰাৰ পৰম্পৰা আছিল।
খৰিচাৰ ব্যৱহাৰ
ৰ বজাৰত খৰিচাৰ টেমা]]
দাইল, শাক, মাছ, মাংস, কণী ইত্যাদিৰ লগত খৰিচা দি জুতিদায়ক খাদ্য প্ৰস্তুত কৰা হয়।
ঔষধি গুণ
- বসন্ত ওলালে শুকনি হিচাপে মাগুৰ মাছৰ লগত শুকান খৰিচা দি ভাজি মান সহকাৰে বসন্ত ৰোগীজনক (আই মাননি) শুকনি দিয়াৰ পৰম্পৰা অসমীয়া সমাজত আছে।৫
- কদো, বৰলে কামুৰিলে খৰিচা পানী সানি দিলে উখহি নাযায় আৰু বিষো কম হয়।
লোক সাহিত্যত খৰিচা

অসমীয়া সমাজত খৰিচাক লৈ প্ৰবচনো আছে:
তোমাৰ বাৰীৰ বাঁহ গাজ আনি তাৰে কৰোঁ খৰিচা, তোমাকে বেচি ধানদোন লওঁ কথাটো মন কৰিছা।৫
তথ্যসূত্ৰ
- ↑ 香筍入菜. 行政院農業委員會
- ↑ Jesse D. Dagoon. (1989). Applied nutrition and food technology. Rex Bookstore, Inc. ISBN 978-971-23-0505-4
- ↑ Paklay (Sauteed Bamboo Shoots). Iloilo Food Trip
- ↑ bamboo shoot pickle. xobdo.org
- ↑ দীপালী বেজবৰুৱা. (২০১০). খৰিচাৰ বিভিন্ন জুতি. বসুন্ধৰা. পৃ. পৃষ্ঠা ১৭, ১৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খৰিচা” প্ৰবন্ধৰ সংশোধন ৫২৮২৭৩ (২৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।