অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মিছ ৱৰ্ল্ড

মিছ ৱৰ্ল্ড (Miss World) বা বিশ্ব সুন্দৰী হৈছে এক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা। এই আটাইতকৈ পুৰণি আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাখন ১৯৫১ চনত এৰিক মৰ্লিয়ে যুক্তৰাজ্যত সৃষ্টি কৰিছিল। ২০০০ চনত তেওঁৰ মৃত্যুৰ পিছৰে পৰা মৰ্লিৰ বিধৱা পত্নী জুলিয়া মৰ্লিয়ে এই প্ৰতিযোগিতাৰ সহ-সভাপতিত্ব কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৫৬৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মিছ ৱৰ্ল্ড (Miss World) বা বিশ্ব সুন্দৰী হৈছে এক আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতা। এই আটাইতকৈ পুৰণি আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাখন ১৯৫১ চনত এৰিক মৰ্লিয়ে যুক্তৰাজ্যত সৃষ্টি কৰিছিল। ১২ ২০০০ চনত তেওঁৰ মৃত্যুৰ পিছৰে পৰা মৰ্লিৰ বিধৱা পত্নী জুলিয়া মৰ্লিয়ে এই প্ৰতিযোগিতাৰ সহ-সভাপতিত্ব কৰে।৩৪ মিছ ইউনিভাৰ্ছ, মিছ ইণ্টাৰনেচনেল আৰু মিছ আৰ্থৰ সৈতে এই প্ৰতিযোগিতাখন বিগ ফোৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ ভিতৰত অন্যতম।৫ বৰ্তমানৰ মিছ ৱৰ্ল্ড হৈছে পোলেণ্ডৰ কাৰোলিনা বিলোস্কা যাক ১৬ মাৰ্চ, ২০২২ তাৰিখে পৰ্টো ৰিকোৰ চান ৱানত জামাইকাৰ টনি-এন সিঙে মুকুট পিন্ধাইছিল।৬ মিছ ৱৰ্ল্ডত জয়ি হোৱা তেওঁ পোলেণ্ডৰ দ্বিতীয় প্ৰতিযোগী। ৭

বিশ্ব সুন্দৰীৰ খিতাপ বিজয়ীসকল

•২০২১: কাৰ'লিণা ৱেলাৱ্স্কা(প'লেণ্ড)

•২০১৯: ট'নি এন্ সিং ( জামাইকা )

•২০১৮: ভেনেসা পন্সে দে লিয়ন ( মেক্সিকো)

•২০১৭: মানুসী সিল্লাৰ ( ভাৰত )

•২০১৬: ষ্টেফেনি দেল ভাল ( পুৱেৰ্ট ৰিক')

•২০১৫:মিৰেইয়া লালাগুনা ( স্পেইন)

•২০১৪: ৰ'লিন ষ্ট্ৰাউচ (দক্ষিণ আফ্ৰিকা)

•২০১৩: মেগান য়ং ( ফিলিপাইনস)

•২০১২: য়ু ৱেংশিয়া ( চীন)

•২০১১: ইভিয়ান চাৰকচ ( ভেনিজুয়েলা)

•২০১০: আলেকজেণ্ড্ৰিয়া মিলস্ ( আমেৰিকা যুক্তৰাষ্ট্ৰ)

•২০০০: প্ৰিয়ংকা চোপ্ৰা ( ভাৰত)

•১৯৯৯: যুক্তা মুখী ( ভাৰত)

•১৯৯৭: ডাইনা হেইডেন ( ভাৰত)

•১৯৯৪: ঐশ্বৰ্যা ৰায় ( ভাৰত)

ইতিহাস

বিংশ শতিকা

১৯৫১ চনত, এৰিক মৰ্লিয়ে ফেষ্টিভেল অফ ব্ৰিটেইন উদযাপনৰ অংশ হিচাপে এক বিকিনি (সাঁতোৰৰ পোছাক) প্ৰতিযোগিতাৰ আয়োজন কৰিছিল যাক তেওঁ ফেষ্টিভেল বিকিনি প্ৰতিযোগিতা বুলি অভিহিত কৰিছিল।৮ অনুষ্ঠানটো সংবাদ মাধ্যমৰ মাজত জনপ্ৰিয় হৈছিল, আৰু সংবাদ মাধ্যমৰ দ্বাৰা ইয়াক "মিছ ৱৰ্ল্ড" বুলি অভিহিত কৰা হৈছিল। চুইমচুট প্ৰতিযোগিতাখন সাঁতোৰৰ পোছাক প্ৰচাৰ কৰিবলৈ কৰা হৈছিল।৯ যি প্ৰচাৰ পিছলৈ বজাৰত প্ৰৱৰ্তন কৰা হৈছিল, আৰু যাক এতিয়াও ব্যাপকভাৱে অশালীন বুলি গণ্য কৰা হয়। যেতিয়া ১৯৫১ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বিজয়ী, চুইডেনৰ কেৰ্ষ্টিন "কিকি" হাকানচনক সাঁতোৰৰ পোছাক পিন্ধা অৱস্থাত মুকুট পিন্ধোৱা হৈছিল, তেতিয়া এই বিতৰ্কটোৰ প্ৰথমে সৃষ্টি হৈছিল।

প্ৰতিযোগিতাখন যদিও মূলতঃ ব্ৰিটেইন উৎসৱৰ বাবে এক প্ৰতিযোগিতা হিচাপে পৰিকল্পনা কৰা হৈছিল, কিন্তু এৰিক মৰ্লিয়ে মিছ ৱৰ্ল্ড প্ৰতিযোগিতাক বাৰ্ষিক অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছিল। ১০১১ মৰ্লিয়ে "মিছ ৱৰ্ল্ড" নামটো ট্ৰেডমাৰ্ক হিচাপে পঞ্জীয়ন কৰিছিল,১২ আৰু পিছলৈ সকলো প্ৰতিযোগিতা সেই নামেৰে অনুষ্ঠিত হৈছিল। অৱশ্যে, সাঁতোৰৰ পোছাক পিন্ধি Håkansson মুকুট পিন্ধাৰ ফলত উদ্ভৱ হোৱা বিতৰ্কৰ বাবে, ধৰ্মীয় পৰম্পৰা থকা দেশবোৰে ভৱিষ্যতৰ অনুষ্ঠানলৈ প্ৰতিনিধি প্ৰেৰণ নকৰাৰ ভাবুকি আহিছিল, আৰু পোপে সাঁতোৰৰ পোছাকৰ গৰিহণা দিছিল।১৩ সাঁতোৰৰ পোছাকৰ প্ৰতি আপত্তিৰ ফলত ভৱিষ্যতৰ সকলো প্ৰতিযোগিতাত ইয়াৰ সলনি১৪১৫ অধিক বিনয়ী পোছাক পৰিধানৰ ওপৰত গুৰুত্ত দিয়া হৈছিল, আৰু ১৯৭৬ চনৰ পৰা সাঁতোৰৰ পোছাকৰ সলনি মুকুট পিন্ধাৰ বাবে ইভিনিং গাউন ৰখা হৈছিল। ১৬ হাকানচনেই সাঁতোৰৰ পোছাক পিন্ধি মুকুট পিন্ধা একমাত্ৰ মিছ ৱৰ্ল্ড হৈ ৰʼল। ১২ মিছ ৱৰ্ল্ড ২০১৩ত সকলো অংশগ্ৰহণকাৰীয়ে স্থানীয় সংস্কৃতিৰ প্ৰতি আপোচ হিচাপে আকৌ সাঁতোৰৰ পোছাক পিন্ধি দৰ্শকৰ আগত ওলাইছিল কিন্তু লগতে কঁকালত এটা পৰম্পৰাগত চাৰোং মেৰিয়াই লৈছিল।১৭

একবিংশ শতিকা

প্ৰথম কৃষ্ণাঙ্গ আফ্ৰিকাৰ মিছ ৱৰ্ল্ড বিজয়ী নাইজেৰিয়াৰ আগবানি ডাৰেগোক ২০০১ চনত মুকুট পিন্ধোৱা হৈছিল। ব্যৱসায়িক লাভালাভৰ বাবে সেই সংস্কৰণৰ সময়ত "ভোট ফৰ মি" টেলিভিছন অনুষ্ঠান এটা বনোৱা হৈছিল, য'ত প্ৰতিনিধিসকলক সাগৰৰ পাৰত দেখুওৱা হৈছিল, আৰু দৰ্শকসকলক তেওঁলোকৰ প্ৰিয় অংশগ্ৰহণকাৰীসকলৰ বাবে ফোন কৰিবলৈ বা অনলাইন ভোট দিবলৈ অনুমতি দিছিল। এই অনুষ্ঠানটো বীচ বিউটি আৰু ক্ৰীড়া অনুষ্ঠানবোৰৰ সম্প্ৰচাৰক সকলক টেলিভিছনৰ বিশেষ অনুষ্ঠান হিচাপে বিক্ৰী কৰা হৈছিল। ১৮ আই টিভিয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ডিজিটেল চেনেল আইটিভি ২ত ২০০১ চনৰ প্ৰতিযোগিতাখন সম্প্ৰচাৰ কৰে, যাৰ বিশেষ সম্প্ৰচাৰ এসপ্তাহ আগতে মুখ্য আইটিভি চেনেলত হৈছিল। ১৯

২০০২ চনত এই প্ৰতিযোগিতাখন নাইজেৰিয়াৰ ৰাজধানী চহৰ আবুজাত ফাইনে (সমাপ্তি খণ্ড) আয়োজনৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। এই সিদ্ধান্তই বিতৰ্কৰ সৃষ্টি কৰিছিল, কিয়নো সেই সময়ত উত্তৰ নাইজেৰিয়াত শ্বৰিয়া আইন চলিছিল আৰু এগৰাকী মহিলা আমিনা লাৱালে তাত শ্বৰিয়া আইনৰ অধীনত ব্যভিচাৰৰ বাবে শিলগুটি মাৰ খাই মৃতপ্ৰাই অৱস্থাত আছিল। কিন্তু মিছ ৱৰ্ল্ডে প্ৰতিযোগিতাখন চাৰিওফালে প্ৰচাৰ কৰি লাৱালৰ দুৰ্দশাৰ প্ৰতি অধিক বিশ্বব্যাপী সজাগতা আৰু পদক্ষেপ আনিবলৈ সিদ্ধান্ত লৈছিল। ২০২১

মিছ ৱৰ্ল্ড ২০১৪ অনুষ্ঠানত, মিছ ৱৰ্ল্ডৰ সফল মুকুট পিন্ধা মিছ ৱৰ্ল্ড ঐশ্বৰ্যা ৰায় তেওঁৰ স্বামী অভিষেক বচ্চন, কন্যা আৰাধ্যা আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে উদযাপনত অংশগ্ৰহণ কৰিছিল। ২২ ইয়াক ২০১৪ চনৰ পিছৰ পৰা স্থানীয় টিভি চেনেল লণ্ডন লাইভত এই অনুষ্ঠান সম্প্ৰচাৰ কৰা হৈ আহিছে।

তথ্যসূত্ৰ

  1. ↑ Michael Smith. (6 June 2013). Miss World Competition Says No to Bikini Yes to Sarong. Guardian Liberty Voice
  2. ↑ Miss Universe on August 23. Timesofmalta.com
  3. ↑ Paul Lewis. (11 November 2000). Eric Morley, 82, Miss World Promoter, Dies. The New York Times
  4. ↑ Pageant News Bureau – Miss World: A long, glittering history. Pageant.com
  5. ↑ Beauty Pageants: Are The Crowns On the Right Heads? – Nigerian News from Leadership News. Nigerian News from Leadership News
  6. ↑ Miss World 2018 – Pageant Planet. www.pageantplanet.com
  7. ↑ Vanessa Ponce de Leon – Pageant Planet. www.pageantplanet.com
  8. ↑ Stein, Elissa; Meriwether, Lee. (2006). Beauty Queen. Chronicle Books. পৃ. 45. ISBN 978-0-8118-4864-0
  9. ↑ Dewey, Susan. (2008). Making Miss India Miss World. Syracuse University Press. পৃ. 46. ISBN 978-0-8156-3176-7
  10. ↑ Frontline World: A Pageant is Born. Pbs.org
  11. ↑ Bet on Miss World Pageant. Covers.com
  12. ↑ Lovegrove, Keith. (2002). Pageant: The Beauty Contest. teNeues. পৃ. 1967. ISBN 978-3-8238-5569-9
  13. ↑ (2005). Selvedge: The Fabric of Your Life. Selvedge Ltd. পৃ. 39
  14. ↑ Marcus, Ben; Divine, Jeff. (2005). Surfing USA!: An Illustrated History of the Coolest Sport of All Time. MVP Books. পৃ. 60. ISBN 978-0-89658-690-1
  15. ↑ Magnanti, Brooke. (7 June 2013). Miss World bikini ban: why it's no victory for feminists. Telegraph
  16. ↑ Shin, Han. (2004). Beauty with a Purpose. iUniverse. পৃ. 193. ISBN 978-0-595-30926-9
  17. ↑ Bikini ban at Miss World pageant
  18. ↑ Miss World facts. Worldcountrylink.com
  19. ↑ (25 October 2001). ITV to host Miss World. C21Media
  20. ↑ Miss World Riots in Nigeria. Democracynow.org
  21. ↑ (8 July 2002). Nigerian woman fights stoning. BBC News
  22. ↑ (18 December 2014). Aishwarya Rai: most successful Miss World ever. MSN

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছ ৱৰ্ল্ড” প্ৰবন্ধৰ সংশোধন ৬৩১৪৭৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।