দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বা ডিচিবি গাৰ্লছ কলেজ যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৫৫ চনত স্থাপিত এই মহাবিদ্যালয়খন উজনি অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়। ২০১১ চনত ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যায়ন পৰিষদ চমুকৈ নাকে (NAAC) মহাবিদ্যালয়খনক A গ্ৰেডেৰে মূল্যাংকন কৰে আৰু ইয়াৰ লগে লগে মহাবিদ্যালয়খন নাকে A গ্ৰেড প্ৰদান কৰা ৰাজ্যৰ প্ৰথমখন মহিলা মহাবিদ্যালয়ৰ মৰ্যদা লাভ কৰে।১
ইতিহাস
১৯৫৫ চনত ৰায়বাহাদুৰ দেৱীচৰণ বৰুৱাৰ চাৰি পুত্ৰ ক্ৰমে হেৰম্ব প্ৰসাদ বৰুৱা, উমাচৰণ বৰুৱা, দেৱপ্ৰসাদ বৰুৱা আৰু বিষ্ণুপ্ৰসাদ বৰুৱাৰ অনুদানেৰে যোৰহাটত দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় স্থাপন কৰা হয়। প্ৰথমাৱস্থাত ৫৬ গৰাকী ছাত্ৰী আৰু ১২ গৰাকী অধ্যাপকেৰে মহাবিদ্যালয়খনত কলা শাখাৰ পাঠদান আৰম্ভ হয়। ১৯৮১ চনত কলেজখনত বিজ্ঞান শাখাৰো শুভাৰম্ভ কৰা হয়।১
বিভাগসমূহ
কলা শাখা
- অসমীয়া
- অৰ্থনীতি
- ইংৰাজী
- ইতিহাস
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- শিক্ষা
- ভূগোল
- বাংলা
বিজ্ঞান শাখা
- পদাৰ্থ বিজ্ঞান
- ৰসায়ন বিজ্ঞান
- প্ৰাণীবিজ্ঞান
- উদ্ভিদবিজ্ঞান
- গণিত
পাঠ্যক্ৰমসমূহ
সাধাৰণ পাঠ্যক্ৰম
- কলা আৰু বিজ্ঞানৰ দুবছৰীয়া উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম
- কলা আৰু বিজ্ঞানৰ তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰম
স্নাতক শিক্ষান্ত বৰ্ষৰ ছাত্ৰীৰ বাবে কাৰিকৰী পাঠ্যক্ৰম
- পৰ্যটন ব্যৱস্থাপনা
- ছাল আৰু চুলিৰ যতন
- পাৰ্ফৰ্মিং আৰ্ট
- তথ্য প্ৰযুক্তি
- ফেশ্বন ডিজাইনিঙ
- প্ৰাক-প্ৰাথমিক শিক্ষা
সাহিত্য-সংস্কৃতি
আলোচনী
- ডিচিবিয়ান মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী।
- ইনটিউয়িট হৈছে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মানদণ্ড নিশ্চিতকৰণ কোষৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক আন্তৰ্জাতিক গৱেষণা পত্ৰিকা। এই পত্ৰিকাৰ অনলাইন সংস্কৰণো উপলব্ধ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৪৩৪১১৩ (২৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।