অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান - নতুন দিল্লী (এইমছ্ নতুন দিল্লী) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন ৰাজহুৱা চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান। ই ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ এখন স্বায়ত্বশাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন এইমছ্ আইন, ১৯৫৬ অনুসৰি পৰিচালিত হয়।

হালনাগাদ: ২৭ ডিচেম্বৰ ২০২৪ ৭০০ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান - নতুন দিল্লী (এইমছ্ নতুন দিল্লী) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এখন ৰাজহুৱা চিকিৎসালয় আৰু চিকিৎসা গৱেষণা প্ৰতিষ্ঠান। ই ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ এখন স্বায়ত্বশাসিত প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখন এইমছ্ আইন, ১৯৫৬ অনুসৰি পৰিচালিত হয়।১

ইতিহাস

ভাৰত চৰকাৰৰ স্বাস্থ্য জৰীপ বিভাগে দিয়া পৰামৰ্শৰ পিছত ১৯৪৬ চনত প্ৰথমবাৰলৈ এইমছৰ ধাৰণাটোৰ উন্মেষ হৈছিল। তেতিয়াৰ পৰা পৰৱৰ্তী বছৰকেইটাত এইমছ্, নতুন দিল্লীৰ প্ৰতিষ্ঠা আৰু বিকাশ হোৱালৈ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ধাৰণাটোৰ সাকাৰ ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰতিষ্ঠানখন প্ৰথমে কলকাতাত প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ দিছিল। কিন্তু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী বিধান চন্দ্ৰ ৰায়ে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাত প্ৰতিষ্ঠানখন নতুন দিল্লীত স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হয়।২ ১৯৫২ চনত দিল্লী এইমছৰ আধাৰশিলা স্থাপন কৰা হৈছিল।৩ ১৯৫৬ চনৰ ১৮ ফেব্ৰুৱাৰীত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ৰাজকুমাৰী অমৃত কৌৰে লোকসভাত এখন নতুন বিধেয়ক উত্থাপন কৰিছিল, যিখন পৰৱৰ্তী সময়ত এইমছ্ আইন হ'লগৈ। তেওঁ কৈছিল- "স্নাতকোত্তৰ শিক্ষা আৰু দেশত চিকিৎসা শিক্ষাৰ উচ্চ মানদণ্ড বৰ্তাই ৰাখিবৰ বাবে আমাক এনেধৰণৰ এখন প্ৰতিষ্ঠানৰ প্ৰয়োজন, যিয়ে আমাৰ ডেকা যুৱক-যুৱতীসকলক নিজ দেশতে স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰিব পাৰে। মই দীৰ্ঘদিন ধৰি মনতে পুহি ৰখা সপোনবোৰৰ মাজত ইও অন্যতম আছিল।"৪ এইমছ, নতুন দিল্লীৰ পুৰণি আৰু নতুন মুখ্য বহিঃৰোগী বিভাগ (OPD) অৱস্থিত খণ্ডটো তেওঁৰ নামেৰে ৰখা হৈছে। ১৯৫৬ চনৰ মে' মাহত বিধেয়কখন গৃহীত হোৱাৰ পিছত ই "সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান আইন, ১৯৫৬"ত পৰিণত হ'ল। ৩

ৰেংকিং

পূব চৌহদৰ অন্তৰ্গত আপাতকালীন বিভাগৰ অট্টালিকা
পূব চৌহদৰ অন্তৰ্গত আপাতকালীন বিভাগৰ অট্টালিকাছবি: Vishnoi M · CC BY-SA 4.0

আন্তঃৰাষ্ট্ৰীয় ৰেংকিং

  • "কিউ এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং"য়ে প্ৰস্তুত কৰা ৰেংকিং তালিকাত এইমছ্ নতুন দিল্লীয়ে ২০২০ বৰ্ষৰ জীৱন বিজ্ঞান আৰু চিকিৎসা শাখাত বিশ্বৰ ভিতৰত ২৩১তম স্থান আৰু চিকিৎসা শাখাত ১৫০-২০০ শ্ৰেণীত অন্তৰ্ভুক্তি লাভ কৰিছিল।৫
  • ২০২০ বৰ্ষৰ "কিউ এছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং"অত জীৱন বিজ্ঞান আৰু চিকিৎসা শাখাত এইমছ্ নতুন দিল্লীয়ে দক্ষিণ এছিয়াৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল।৫
  • ২০২০ বৰ্ষত 'নিউজৱিক'য়ে প্ৰস্তুত কৰা বিশ্বৰ শ্ৰেষ্ঠ ১০০ খন চিকিৎসালয়ৰ তালিকাত এইমছ্ নতুন দিল্লীৰ নামো অন্তৰ্ভুক্ত হৈছিল।৬

ৰাষ্ট্ৰীয় ৰেংকিং

  • ২০২০ বৰ্ষত "ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং আৰ্হি"ৰ (চমুকৈ এন আই আৰ এফ) ৰেংকিং তালিকাত ভাৰতৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ ভিতৰত এইমছ্ নতুন দিল্লীয়ে প্ৰথম স্থান লাভ কৰিছিল।
  • ২০২০ বৰ্ষত 'ইণ্ডিয়া টুডে' আৰু 'আউটলুক ইণ্ডিয়া'ৰ ৰেংকিং তালিকা আৰু ২০১৯ বৰ্ষত 'দ্য ৱিক'ৰ তালিকাতো এইমছ্ নতুন দিল্লীয়ে প্ৰথম স্থান লাভ কৰিছিল।

কৃতিত্ব

  • এইমছ্ নতুন দিল্লী ভাৰতৰ প্ৰথমটো কেন্দ্ৰ য'ত সফলতাৰে হৃদযন্ত্ৰ সংৰোপণ কৰা হৈছিল। ১৯৯৪ চনত এইমছৰ প্ৰাক্তন সঞ্চালক পি বেণুগোপালে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল।৭
  • ষ্টে'ম্ চে'ল থেৰাপি ব্যৱস্থা, বিশেষকৈ হৃদযন্ত্ৰ আৰু স্নায়ৱিক চিকিৎসাৰ ক্ষেত্ৰত এইমছ্ ভাৰতৰ এটা অগ্ৰণী কেন্দ্ৰ। ষ্টে'ম্ চে'ল ইনজেকচনৰ ক্ষেত্ৰত আগৰণুৱা প্ৰতিষ্ঠান বুলি ইয়াৰ যথেষ্ট সুনাম আছে।৮৯১০
  • এইমছত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ ন্যূনতম যন্ত্ৰাংশ ব্যৱহৃত অস্ত্ৰোপচাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে, যিটো জাৰ্মানীৰ সহযোগত প্ৰতিষ্ঠা কৰা হৈছে।
  • ২০০৮ চনৰ ফেব্ৰুৱাৰী মাহত এইমছত (নতুন দিল্লী) প্ৰথমটো ৰাজহুৱা খণ্ডৰ "কাচ-আৱদ্ধ নিষেচন" (IVF) ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।১১

বঁটা-বাহন

  • ২০১৭, ২০১৮ আৰু ২০১৯ বৰ্ষত ক্ৰমাগতভাৱে তিনিবাৰকৈ কায়কল্প বঁটা (সবাতোকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন চিকিৎসা ব্যৱস্থা) লাভ কৰে। প্ৰতিষ্ঠানখনৰ চৌহদৰ চাফ-চিকুণতা অক্ষুণ্ণ ৰখা বাবে এইমছে এই বঁটা লাভ কৰে।১২১৩

চৌহদ

মূল চৌহদ

এইমছ্, নতুন দিল্লীৰ মূল চৌহদ দিল্লীৰ আনছাৰী নগৰত অৱস্থিত। ই চাউথ এক্সটেঞ্চন-২ মাৰ্কেটৰ সমীপত আৰু ছাৰ অৰবিন্দ মাৰ্গৰ দুয়োকাষে অৱস্থিত। ই এইমছ্ চক্ৰীয় উৰণীয়া ক্ৰছিঙৰ দক্ষিণফালে অৱস্থিত।

এইমছৰ মূল চৌহদটো প্ৰধানকৈ ৫টা অঞ্চলত অৱস্থিত:

  1. পূব চৌহদ - ইয়াত বহিৰ্বিভাগ ৰোগী খণ্ড, মূল চিকিৎসালয় চৌহদ, ৱাৰ্ড, গৱেষণা খণ্ড, চিকিৎসা মহাবিদ্যালয়, বি বি দীক্ষিত পুথিভঁৰাল, প্ৰশাসনীয় বিভাগ, নিম্নস্নাতক হোষ্টেল, কেন্দ্ৰীয় লন, জৱাহৰলাল প্ৰেক্ষাগৃহ আৰু কৰ্মচাৰীসকলৰ আৱাসগৃহ অৱস্থিত। হৃদযন্ত্ৰ + স্নায়ুবিজ্ঞান, কৰ্কটৰোগ, চকুবিজ্ঞান আৰু দন্ত-বিজ্ঞান আৰু গৱেষণাৰ বাবে উৎসৰ্গিত চাৰিটা কেন্দ্ৰ এই পূব চৌহদৰ ভিতৰতে অৱস্থিত।
  2. পশ্চিম চৌহদ - ইয়াত মূলতঃ কৰ্মচাৰীসকলৰ আৱাসগৃহ অৱস্থিত।
  3. জে পি এন এ আঘাত চিকিৎসা কেন্দ্ৰ - জৰুৰীকালীন সেৱাৰ বাবে ই সুকীয়াকৈ উৎসৰ্গিত। ২০১৮ চনৰ জুন মাহত পূব চৌহদ আৰু জে পি এন এ আঘাত চিকিৎসা কেন্দ্ৰ সংযোগী এক সুৰংগ আৰু এঢলীয়া পথ মুকলি কৰা হৈছিল। সংকটজনক অৱস্থাত থকা ৰোগীসকলক দ্ৰুততাৰে দুয়োদিশৰ পৰা অনা-নিয়া কৰিবৰ বাবে ই এক অত্যন্ত সুবিধাজনক সংযোগপথ। জে পি এন এ আঘাত কেন্দ্ৰৰ কাষতে ১০০ বিছনাযুক্ত এখন প্লাষ্টিক আৰু দগ্ধ অস্ত্ৰোপচাৰ চিকিৎসালয়ো নিৰ্মাণ কৰি থকা হৈছে। ইয়াত অগ্নিদগ্ধ লোকসকলৰ চিকিৎসাৰ বাবে এটা চৰ্ম ভাণ্ডাৰো থাকিব।
  4. মছজিদ মঠ চৌহদ - ইয়াত নতুন স্নাতকোত্তৰ আৰু চিকিৎসকৰ আৱাসগৃহ অৱস্থিত। ইয়াত ভূনিম্ন পাৰ্কিং ব্যৱস্থাও আছে। আগন্তুক নতুন বহিৰ্বিভাগ ৰোগী খণ্ড, মাতৃ আৰু শিশু সেৱা কেন্দ্ৰ, অস্ত্ৰোপচাৰ খণ্ড আৰু বাৰ্ধক্য চিকিৎসা খণ্ড ইয়াত নিৰ্মাণ কৰি থকা হৈছে। এই নতুন খণ্ডকেইটা পূব চৌহদত অৱস্থিত পুৰণি বহিৰ্বিভাগ ৰোগী খণ্ডত দেখা দিয়া অত্যধিক ভিৰ কমোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে, য'ত বৰ্তমান দিনে প্ৰায় ১০,০০০ বহিৰ্বিভাগৰ ৰোগীয়ে ভিৰ কৰে।
  5. আয়ুৰ্বিজ্ঞান নগৰ চৌহদ - ইয়াতো চিকিৎসক-কৰ্মচাৰীৰ আৱাসিক ভৱনসমূহ অৱস্থিত।
জে পি এন এ আঘাত চিকিৎসা কেন্দ্ৰ
জে পি এন এ আঘাত চিকিৎসা কেন্দ্ৰছবি: Vishnoi M · CC BY-SA 4.0
পশ্চাদভূমিত শিক্ষাদান খণ্ডৰে সৈতে কেন্দ্ৰীয় লন
পশ্চাদভূমিত শিক্ষাদান খণ্ডৰে সৈতে কেন্দ্ৰীয় লনছবি: Dr.saptarshi · Public domain

এইমছৰ কাষতে চফদৰজাং চিকিৎসালয় আৰু ইয়াৰ সহযোগী বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় (গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ বিশ্ববিদ্যালয়ৰ অধীনস্থ) অৱস্থিত। তদুপৰি ইয়াৰ কাষতে আছে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মুখ্য কাৰ্য্যালয়, যিয়ে ভাৰতত বিজ্ঞান গৱেষণা পৰিচালনা কৰে আৰু পুঁজিৰ যোগান ধৰে। এইমছৰ সমীপৱৰ্তী অঞ্চলতে ৰাষ্ট্ৰীয় চিকিৎসা পুথিভঁৰাল অৱস্থিত, যিটো ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰ সাধাৰণ সঞ্চালকৰ দ্বাৰা পৰিচালিত। ইয়াত গৱেষকসকলে ব্যৱহাৰ কৰিব পৰাকৈ বৃহৎপৰিমাণৰ বৈজ্ঞানিক আৰু চিকিৎসাবিষয়ক গৱেষণা-আলোচনী উপলব্ধ আছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2 June 1956). The All India Institute of Medical Sciences Act, 1956
  2. ↑ Twin-IIT offer leaves Bengal cold. www.telegraphindia.com
  3. ↑ Sirur, Simrin. (2020-07-26). AIIMS Delhi — India’s best medical college that's home to many leaders of Covid battle. ThePrint
  4. ↑ (2020-08-27). Rajkumari Amrit Kaur: The princess who built AIIMS. The Indian Express
  5. ↑ (2014-10-25). All India Institute of Medical Sciences, New Delhi. Top Universities
  6. ↑ Cooper, Nancy. The World's Best Hospitals 2020. Newsweek. NEWSWEEK
  7. ↑ Venugopal, P. (1 September 1994). The first successful heart transplant in India. The National Medical Journal of India. পৃ. 213–215
  8. ↑ (23 March 2005). AIIMS claims cutting edge stem cell study. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ Gupta, Devendrak; Sharma, Shilpa. (2005). Stem cell therapy - Hope and scope in pediatric surgery. Journal of Indian Association of Pediatric Surgeons. পৃ. 138
  10. ↑ Kaul, Vividha. (24 February 2005). AIIMS pioneers stem cell injection. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  11. ↑ (2008-02-08). Archive News. দ্য হিন্দু
  12. ↑ 11 Oct, PTI · Updated; 2019; Ist, 21:50. AIIMS Delhi wins top cleanliness award, bags Rs 3 crore · Delhi News - Times of India. The Times of India
  13. ↑ दिल्ली एम्स की हैट्रिक, लगातार तीसरी बार जीता कायाकल्प अवार्ड. Amar Ujala

সম্পৰ্কিত শ্ৰেণী

চিকিৎসালয়শৈক্ষিক প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী” প্ৰবন্ধৰ সংশোধন ৪৫৮৮৮৪ (২৭ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।