মাকৈ (Maize, হিন্দী: মক্কা, বাংলা: ভুট্টা) হৈছে একপ্ৰকাৰ গ্ৰীষ্মকালীন খাদ্যশস্য, যাক বৈজ্ঞানিকভাৱে Zea mays নামেৰে জনা যায়। ই ঘাঁহ পৰিয়ালৰ অন্তৰ্গত আৰু মানুহৰ খাদ্য, পশুখাদ্য, আৰু উদ্যোগিক কেঁচামাল হিচাপে বিশ্বজুৰি বহুলভাৱে ব্যৱহৃত। মাকৈৰ গৰাকী বুলি মায়াক কোৱা হয়। প্ৰাচীন কালত আমেৰিকা যুক্তৰাষ্ট্ৰত এই শস্যৰ খেতি কৰিছিল।১
বৰ্গীকৰণ
- ৰাজ্য: Plantae
- পৰ্ব: Tracheophyta
- শ্ৰেণী: Liliopsida
- পৰিয়াল: Poaceae
- গণ: Zea
- প্ৰজাতি: Zea mays
উৎপত্তি আৰু ইতিহাস
মাকৈৰ উৎপত্তি প্ৰায় ৯,০০০ বছৰৰ পূৰ্বে মেক্সিকোৰ দক্ষিণাংশত হৈছিল। ইয়াৰ প্ৰাকৃতিক পূৰ্বসূৰি আছিল teosinte নামৰ এক বন্য ঘাঁহ। ১৫শ শতিকাত স্পেনীয় অভিযাত্ৰীৰ দ্বাৰা ইউৰোপলৈ আৰু তাৰপাছত পৃথিৱীৰ আন অংশলৈ বিস্তাৰ পায়।২
উৎপাদন
২০২১ চনত বিশ্বত মাকৈৰ উৎপাদন প্ৰায় ১,২০০ মিলিয়ন টন আছিল, য'ত আমেৰিকা যুক্তৰাষ্ট্ৰ আছিল সৰ্ববৃহৎ উৎপাদক। তাৰ পিছতে আছিল চীন আৰু ব্ৰাজিল।৩
খাদ্য আৰু ব্যৱহাৰ
মাকৈ মানুহ আৰু পশুৰ খাদ্য হিচাপে বহুল ব্যৱহৃত। ইয়াৰ পৰা পিঠা, তেল, প'পক'ৰ্ণ, ক'ৰ্ণ চিৰাপ, ইথানল ইত্যাদি প্ৰস্তুত কৰা হয়। উন্নয়নশীল দেশসমূহত মাকৈৰ শস্য মানৱ খাদ্য হিচাপে ব্যাপকভাৱে খোৱা হয়।
পুষ্টিমান
মাকৈত শৰ্কৰা, আঁহ, ভিটামিন বি, আৰু সামান্য পৰিমাণে মাংসসাৰ থাকে। ই শক্তিৰ উৎস হিচাপে ব্যৱহৃত হয়, যদিও প্ৰটিনৰ গুণমান চাউল বা গমতকৈ কম।৪
ভাৰতত উৎপাদন
ভাৰতত মাকৈ খৰিফ আৰু ৰবি দুয়ো ধৰণৰ শস্য হিচাপে খেতি কৰা হয়। ভাৰতৰ কৰ্ণাটক, মধ্য প্ৰদেশ, বিহাৰ, আৰু অন্ধ্ৰপ্ৰদেশ মাকৈ উৎপাদনত আগশাৰীৰ ৰাজ্য।
অসমত মাকৈ
অসমত মূলতঃ ওদালগুৰি, বঙাইগাঁও, কাৰ্বি আংলং জিলা, আৰু ধেমাজি জিলাত মাকৈ খেতি কৰা হয়। সাম্প্ৰতিক বছৰসমূহত অসমত খাদ্য আৰু পশুখাদ্য উৎপাদনৰ বাবে মাকৈৰ চাহিদা বাঢ়িছে।
তথ্যসূত্ৰ
- ↑ Maize. Encyclopaedia Britannica
- ↑ Doebley, John. (2004). The genetics of maize evolution. Annual Review of Genetics. পৃ. 37–59
- ↑ FAOSTAT – Crops and livestock products. UN Food and Agriculture Organization
- ↑ Ranum, Peter. (2014). Global maize production, utilization, and consumption. Annals of the New York Academy of Sciences. পৃ. 105–112
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাকৈ” প্ৰবন্ধৰ সংশোধন ৫৭২৬৫৪ (৩০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।