বিবিধ
অন্যান্য বিষয়, তালিকা আৰু দিন-পঞ্জী · ২,০৪৪ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
হাথৰসৰ দলবদ্ধ বলাৎকাৰ, ২০২০
হাথৰসৰ দলবদ্ধ বলাৎকাৰৰ ঘটনা ২০২০ ৰ ১৪ ছেপ্তেম্বৰৰ দিনা সংঘটিত হয়। সেইদিনা উত্তৰ প্ৰদেশৰ হাথৰস জিলাত চাৰিজন উচ্চবৰ্ণৰ যুৱকে এজনী দলিত সম্প্ৰদায়ৰ ছোৱালীক বলাত্কাৰ কৰে। দুসপ্তাহ জুৰি জীৱন-মৃত্যুৰে যুঁজি অৱশেষত পীড়িতা ছোৱালীজনীয়ে দিল্লীৰ হাস্পাতালত মৃত্যুবৰণ কৰে।
-
হাদিদ ১১০
হাদিদ-১১০ (ইংৰাজী: Hadid-110) হৈছে এটা জেট-চালিত একমুখী আক্ৰমণকাৰী ড্ৰোন আৰু ইয়াক ইৰানৰ আটাইতকেই দ্ৰুতবেগী ষ্টেলথ ড্ৰোন হিচাপে জনা যায়। প্ৰায় ৩০ কিলোগ্ৰাম ওজনৰ বিস্ফোৰক কঢ়িয়াই নিব পৰা এই ড্ৰোনটোৰ গতিবেগ ঘণ্টাত ৫১০ কিলোমিটাৰতকৈও অধিক।শত্ৰুপক্ষৰ আকাশী প্ৰতিৰক্ষা ব্যৱস্থাক ফাকি দি আকাশী সীমাত…
-
হিজাব আৰু শালীনতা বিধেয়ক
হিজাব আৰু শালীনতা বিধেয়ক (ফাৰ্চী: لایحه عفاف و حجاب) আনুষ্ঠানিকভাৱে শালীনতা আৰু হিজাব সংস্কৃতিৰ প্ৰসাৰৰ জৰিয়তে পৰিয়ালক সহায় কৰাৰ বিধেয়ক (ফাৰ্চী: لایحه حمایت از خانواده از طریق ترویه فرهنگ عفاف و حجاب) আছিল ইৰানত হিজাবৰ বাবে এক পৰিকল্পিত বিধেয়ক।
-
হিনা দিলপাজীৰ খান
হিনা দিলপাজীৰ খান (: Hina Dilpazeer Khan,উৰ্দু: حنا دلپذیر) এগৰাকী পাকিস্তানী অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপক। এগৰাকী কমিক চৰিত্ৰৰ বাবে পৰিচিত পাকিস্তানৰ অন্যতম জনপ্ৰিয় কমেডিয়ান আৰু অভিনেত্ৰী হিচাপে বিশেষ ভাৱে গণ্য কৰা হয়।
-
হিন্দু পদ্ধতিত সময়ৰ একক
হিন্দু গ্ৰন্থসমূহত হিন্দু সময়ৰ এককসমূহ মাইক্ৰ’ছেকেণ্ডৰ পৰা ত্ৰিলিয়ন বছৰলৈকে বৰ্ণনা কৰা হৈছে, যাৰ ভিতৰত আছে হিন্দু ব্ৰহ্মাণ্ডবিজ্ঞান সাধাৰণ ঘটনাসমূহৰ পুনৰাবৃত্তি কৰা মহাজাগতিক সময়ৰ চক্ৰ। সময় (কাল) ক চিৰন্তন বুলি বৰ্ণনা কৰা হয়।
-
হিলবিলি
হিলবিলি (ইংৰাজী Hillbilly) আমেৰিকাৰ গ্ৰাম্য (rural), পাহাৰীয়া অঞ্চলত, মূলতঃ পাহাৰীয়া (এপ্লাচিয়ান) অঞ্চল আৰু অজাৰ্কছত বাস কৰা লোকসকলৰ বাবে ব্যৱহাৰ কৰা শব্দ। মহামন্দাৰ সময়ত মানুহে অঞ্চলটোৰ বাহিৰলৈ প্ৰব্ৰজন কৰাৰ লগে লগে এই শব্দটো তেওঁলোকৰ সৈতে উত্তৰ আৰু পশ্চিম দিশলৈ বিয়পি পৰিল।
-
হুজুৰী (উপাধি)
হুজুৰী এটি উপাধি। হুজুৰীসকল সংখ্যাত কম, সিচৰিত বসতিৰ আৰু অৰ্থনৈতিক,সামাজিক ভাৱে পিছপৰা শ্ৰেনীৰ লোক আছিল বাবে বেছিভাগে উপাধিটোৰ বিষয়ে নাজানে। প্ৰধানত 'হুজুৰী', 'হাজৰীকা', 'পাঠক' আৰু 'দাস' উপাধীৰ লোক সকল একে শ্ৰেণীৰ।
-
হেতা
হেতা (Ladle) হৈছে ভাত,আঞ্জা কঢ়া নাল লগোৱা পিয়লাৰ নিচিনা এবিধ সঁজুলি। হেতা শব্দৰ মূল সংস্কৃত হস্ত অৰ্থাৎ হাত। হাতৰ নিচিনা দেখি বাবেই ইয়াক বঙালীত (গোৱালপৰীয়া উপভাষাত) হাতা বোলা হয় আৰু মান্য অসমীয়াত পৰৱৰ্তী আ স্বৰৰ প্ৰভাৱত পূৰ্বৱৰ্তী আ'ৰ অ বা এলৈ ৰূপান্তৰিত হোৱা নিয়ম অনুযায়ী ‘হেতা' শব্দৰ…
-
হেনী চেৰ্নিং
হেনৰিয়েট "হেনী" চেৰ্নিং (পূৰ্বৰ উপাধি: শুল্টজ; ৫ মাৰ্চ ১৮৫৩ – ৬ আগষ্ট ১৯৩২) এগৰাকী অগ্ৰণী ডেনিছ নাৰ্ছ আৰু ট্ৰেড ইউনিয়ন কৰ্মী আছিল। তেওঁ ২৮ বছৰ ধৰি (১৮৯৯–১৯২৭) 'ডেনিছ নাৰ্ছ অৰ্গেনাইজেচন'ৰ নেতৃত্ব দিছিল।
-
হেমপ্ৰভা দাস
হেমপ্ৰভা দাস অসমৰ বিশেষকৈ ডিব্ৰুগড় অঞ্চলৰ নাৰী আন্দোলনৰ অগ্ৰণী ব্যক্তি আছিল। নাৰী সংঘ সংগঠিত কৰাৰ লগতে অসমীয়া সমাজৰ ভিতৰত সামাজিক, অৰ্থনৈতিক, আৰু শৈক্ষিক উত্থানৰ পোষকতা কৰাত তেওঁ উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।
-
হেলা (চৰিত্ৰ)
হেলা (Hela) হৈছে মাৰ্ভেল কমিক্সৰ দ্বাৰা প্ৰকাশিত আমেৰিকান কমিক বুকসমূহৰ এক কাল্পনিক চৰিত্ৰ। এছগাৰ্ডৰ মৃত্যুৰ দেৱীৰ ৰূপত মৃত্যুৰ নৰ্ছ দেৱী হেলৰ ওপৰত এই চৰিত্ৰটো আধাৰিত। তেওঁ হেল আৰু নিফলহেইমৰ শাসক তথা সততে বিজুলী-গাজনিৰ দেৱতা থৰৰ শত্ৰু।
-
হেলেণ্ড হাউচ
হেলেণ্ড হাউচ (Helland House) নৰৱেৰ বাৰ্গেনত অৱস্থিত এটা ঐতিহাসিক ঘৰ। এই স্থাপত্যটি বাৰ্গেনৰ দক্ষিণ মূল প্ৰৱেশদ্বাৰৰ কাষেৰে জোচেংগাৰ্বুক্টেন (Fjøsangerbukten)ৰ ওচৰৰ নেহোলিয়া (Nyhauglia)ত অৱস্থিত। ই বাৰ্গেনৰ ৰজাৰ চৰকাৰী বাসগৃহ গামলেহাউগেনৰ ওচৰত অৱস্থিত।
-
হেল্লো
হেল্লো ইংৰাজী ভাষাৰ এটা চেলুট বা শুভেচ্ছা। ১৮২৬ চনৰপৰা এই শব্দৰ প্ৰথম লিখিতভাৱে প্ৰমাণ লাভ কৰা হৈছে।
-
হোৱাইট বাফেলো কাফ উইমেন
হোৱাইট বাফেলো কাফ উইমেন (ইংৰাজী: White Buffalo Calf Woman; লাকোটা ভাষা: Ptesáŋwiŋ) বা হোৱাইট বাফেলো মেইডেন হ'ল অলৌকিক উৎপত্তিৰ এগৰাকী পবিত্ৰ মহিলা, যি লাকোটা ধৰ্মৰ এজন প্ৰাথমিক সাংস্কৃতিক পয়গম্বৰ হিচাপে কেন্দ্ৰীয় ভূমিকা পালন কৰে।
-
হৰিণী মহিলা
হৰিণী মহিলা (Eng: Deer Lady) উত্তৰ আমেৰিকাৰ আদিবাসী সংস্কৃতিত এক গুপ্তশক্তিসম্পন্ন প্ৰেতাত্মা, যাৰ স্বভাৱ আৰু গুণবোৰ পৰিস্থিতি অনুসৰি সলনি হয়। বিশেষকৈ মহিলা আৰু শিশুসকলক কষ্ট দিয়া পুৰুষসকলৰ বাবে,এই প্ৰেতাত্মাই প্ৰতিশোধপৰায়ণ আৰু ভয়ংকৰ ৰূপত দেখা দিয়ে।
-
০.৯৯৯...
০.৯৯৯... বা ০.(৯) বা ০.৯... বা ⟨0.\dot{9}⟩ বা 0.৯ এটি বাস্তৱ সংখ্যা। এই সংখ্যাৰ মূল্য ১ৰ সমান বুলি দেখুৱাব পৰা যায়।
-
১৯৪৭ চন
১৯৪৭ (MCMXLVII) গ্ৰেগ'ৰিয়ান কেলেণ্ডাৰৰ বুধবাৰৰ পৰা আৰম্ভ হোৱা এটা সাধাৰণ বছৰ আছিল। ই আছিল দ্বিতীয় সহস্ৰাব্দৰ ৯৪৭ বছৰ, বিংশ শতিকাৰ ৪৭তম বছৰ আৰু ১৯৪০ দশকৰ ৮ম বছৰ।
-
১৯৭১ বাংলাদেশী বুদ্ধিজীৱী হত্যাকাণ্ড
বাংলাদেশী বুদ্ধিজীৱী হত্যাকাণ্ড (1971 killing of Bengali intellectuals) বুলিলে পাকিস্তান সেনাবাহিনী আৰু তেওঁলোকৰ স্থানীয় সহযোগীসকল, বিশেষকৈ উগ্ৰ সোঁপন্থী মিলিচীয়া গোট অল-বদৰে ১৯৭১ চনৰ বাংলাদেশ মুক্তিযুদ্ধৰ সময়ত বঙালী বুদ্ধিজীৱীসকলক ব্যৱস্থিতভাবে হত্যা কৰাৰ ঘটনাপ্ৰবাহক বুজোৱা হয়।
-
১৯৭৪ চনৰ ভাৰতৰ বৰ আই মহামাৰী
১৯৭৪ চনৰ ভাৰতৰ বৰআই মহামাৰী (1974 smallpox epidemic of India) বিংশ শতিকাৰ ভয়ংকৰ মহামাৰীবোৰৰ ভিতৰত উল্লেখযোগ্য। ১৯৭৪ চনৰ জানুৱাৰী আৰু মে'ৰ ভিতৰত পোন্ধৰহাজাৰতকৈও অধিক ভাৰতীয় লোক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছিল। মৃতকৰ হাৰ সৰ্বাধিক আছিল বিহাৰ, উৰিষ্যা আৰু পশ্চিমবংগত।
-
২০১২ গুৱাহাটীৰ যুৱতী উৎপীড়ণ ঘটনা
৯ জুলাই ২০১২ তাৰিখে অসমৰ ৰাজধানী চহৰ গুৱাহাটীত, এগৰাকী যুৱতীৰ ওপৰত এখন বাৰৰ বাহিৰত প্ৰায় ৩০জন পুৰুষৰ এটা দলৰ দ্বাৰা উৎপীড়ন চলোৱা হৈছিল, যাৰ বহুতক পৰৱৰ্তী সময়ত ঘটনাটোৰ ভিডিঅ' ফুটেজৰ ওপৰত ভিত্তি কৰি গ্ৰেপ্তাৰ কৰা হৈছিল।
-
২০২৩ জি-২০ নতুন দিল্লী সন্মিলন
২০২৩ জি-২০ নতুন দিল্লী সন্মিলন (2023 G20 New Delhi summit) বিশ্বৰ ১৯খন প্ৰভাৱশালী অৰ্থনীতিসমৃদ্ধ দেশ আৰু ইউৰোপীয় সংঘৰ গোট জি-২০ (গ্ৰুপ অৱ টুৱেণ্টি)ৰ অষ্টাদশ সন্মিলন।
-
২০২৪ বাংলাদেশৰ হিন্দু বিৰোধী হিংসা
২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰাৰ পিছত বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ কিছুমান ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু উপাসনাস্থলীত আক্ৰমণ আৰম্ভ হয়।
-
২০২৫ ৰ দক্ষিণ কেলিফৰ্ণিয়াৰ বনজুই
দক্ষিণ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ মহানগৰ অঞ্চল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত ২০২৫ চনৰ ৭ জানুৱাৰীৰ পৰা ৩১টা বন্য অগ্নিকাণ্ডই আগুৰি পেলাইছে। এই বছৰৰে ২১ জানুৱাৰীলৈকে পেলিছাডছৰ আৰু ইটনৰ জুই সক্ৰিয় হৈ আছে, দুয়োটা ৩১টা বন্য অগ্নিকাণ্ডৰ ভিতৰত আটাইতকৈ ডাঙৰ অগ্নিকাণ্ড।
-
২৫ (সংখ্যা)
২৫ (পঁচিশ) হ'ল এটা সংখ্যা, যি ২৪-ৰ পিছৰ আৰু ২৬-ৰ আগৰ প্ৰাকৃতিক সংখ্যা। ই এটা পূৰ্ণ সংখ্যা তথা বৰ্গ সংখ্যা।
-
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ ৩১) হৈছে ভাৰতৰ এক প্ৰাথমিক ৰাষ্ট্ৰীয় ঘাইপথ। ই উত্তৰ প্ৰদেশৰ উনাওৰ পৰা আৰম্ভ হয় আৰু বিহাৰৰ মাজেৰে পাৰ হৈ যায় আৰু পশ্চিম বংগৰ মালদা জিলাত ১০ ৰাষ্ট্ৰীয় ঘাইপথ (পশ্চিম বংগ)ৰ সৈতে ইয়াৰ ক্ৰছিংত সমাপ্ত হয়। এছএইচ ১০ (ৱেব)-এ ছামচিক এনএইচ ১২-ৰ সৈতে সংযোগ কৰে।
-
ৰ'জি দ্য ৰিভিটাৰ
ৰ'জি দ্য ৰিভিটাৰ (Rosie the Riveter) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ এক সাংস্কৃতিক প্ৰতীক, যি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কাৰখানা আৰু বন্দৰসমূহত কাম কৰা মহিলাসকলক প্ৰতিনিধিত্ব কৰিছিল, যিসকলৰ বহুতে যুদ্ধৰ সামগ্ৰী প্ৰস্তুত কৰিছিল।
-
ৰঙাই আলধৰা
মহাপুৰুষ মাধৱদেৱে পৰম ঈশ্বৰৰ মৰ্ম উপলব্ধিৰে পৰম দাস্যভাব গ্ৰহণ কৰি যি বিমল আনন্দ লাভ কৰিছিল, শংকৰদেৱৰ প্ৰতিও সেই একেই ভাৱ প্ৰদৰ্শন কৰি তাতোকৈ বেছি আনন্দ লভাৰ অনেক উদাহৰণ চৰিত পুথিত পোৱা যায়। গুৰু শিষ্যৰ এনে আধ্যাত্মিক মিলন আৰু প্ৰেমৰ নিদৰ্শন জগতত বিৰল।
-
ৰঙিলী আইদেউ
ৰঙিলী আইদেউ ( Rongili Aidew) ৰঙাচিলা দুৱৰা বংশৰ বৰম বৰুৱাৰ পেহীয়েক আছিল৷ তেওঁ কোনো ৰাজবংশৰ ৰাজকুঁৱৰী নাছিল৷ ৰঙিলী বৰ ৰূপৱতী আৰু বুদ্ধিমতী আছিল৷ এইগৰাকী গাভৰুৱে তেওঁৰ জন্মগত ৰূপৰ বলত ব্ৰহ্মদেশৰ ৰজা বডোফায়াৰো মন জয় কৰিছিল আৰু অসমলৈ মান সেনা অহাত এক বিশেষ ভূমিকা লৈছিল৷
-
ৰজা ইগুয়ানা
ৰজা ইগুয়ানা;গালেলা ভাষাত: মা কোলানো ও কৰিয়াংগা) হৈছে এইচ. ভান ডাইকেন আৰু এম. জে. ভান বাৰ্ডাই সংগ্ৰহ কৰা আৰু হালমাহেৰা দ্বীপৰ পৰা সংগ্ৰহ কৰা গালেলা ভাষাৰ ইণ্ডোনেছিয়ান লোককথা।
-
ৰন্ধনশৈলী
ৰন্ধনশৈলী হৈছে সুকীয়া উপাদান, কৌশল আৰু খাদ্যৰ দ্বাৰা বৈশিষ্ট্যযুক্ত খাদ্য প্ৰস্তুত শৈলী, আৰু সাধাৰণতে কোনো নিৰ্দিষ্ট সংস্কৃতি বা ভৌগোলিক অঞ্চলৰ সৈতে জড়িত। আঞ্চলিক খাদ্য প্ৰস্তুত কৰাৰ কৌশল, ৰীতি-নীতি আৰু উপাদানসমূহ একত্ৰিত হৈ এটা অঞ্চলৰ বাবে অনন্য খাদ্যসমূহ সক্ষম কৰে।