অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

লৰা চাৰ্লট মুংক

লৰা চাৰ্লট মুংক (ইংৰাজী: Laura Charlotte Munck; ১৮৭৬–১৯৩২) এগৰাকী অগ্ৰণী ডেনিছ নাৰ্ছ আছিল। তেওঁক 'ডেনিছ নাৰ্ছ অৰ্গেনাইজেচন' নামৰ ট্ৰেড ইউনিয়নটোত তেওঁৰ প্ৰভাৱশালী ভূমিকা আৰু ডেনমাৰ্কত নাৰ্ছৰ প্ৰশিক্ষণত আগবঢ়োৱা অৱদানৰ বাবে স্মৰণ কৰা হয়।

হালনাগাদ: ১৪ মাৰ্চ ২০২৬ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লৰা চাৰ্লট মুংক (ইংৰাজী ভাষা: Laura Charlotte Munck; ১৮৭৬–১৯৩২) এগৰাকী অগ্ৰণী ডেনিছ নাৰ্ছ আছিল। তেওঁক 'ডেনিছ নাৰ্ছ অৰ্গেনাইজেচন' নামৰ ট্ৰেড ইউনিয়নটোত তেওঁৰ প্ৰভাৱশালী ভূমিকা আৰু ডেনমাৰ্কত নাৰ্ছৰ প্ৰশিক্ষণত আগবঢ়োৱা অৱদানৰ বাবে স্মৰণ কৰা হয়। বিশেষকৈ ১৯১৩ চনত বিছপেবিয়েৰ্গ হাস্পতালত তেওঁ স্থাপন কৰা প্ৰশিক্ষণ কাৰ্যসূচী উল্লেখযোগ্য।১২

প্ৰাৰম্ভিক জীৱন

১৮৭৬ চনৰ ৬ জুলাইত নেষ্টভেডৰ পশ্চিমৰ লিলে নেষ্টভেডত চাৰ্লট মুংকৰ জন্ম হৈছিল। তেওঁ ধৰ্মযাজক ফ্ৰেডৰিক উইলহেম মুংক আৰু মেৰী লুডোমিলি চাৰ্লট ফ্ৰেব্ৰিচিয়াছৰ কনিষ্ঠ কন্যা আছিল। তেওঁৰ দেউতাক হাৰলুফছহম স্কুলৰ যাজক হোৱাৰ লগতে বিশেষকৈ স্বাস্থ্য বীমাৰ ক্ষেত্ৰত সামাজিকভাবে সক্ৰিয় আছিল। মুংকক ছয়গৰাকী ভাই-ভনীৰ সৈতে এক আৰামদায়ক খ্ৰীষ্টান পৰিৱেশত ডাঙৰ-দীঘল কৰা হৈছিল।৩ ১৮৯৪ চনত তেওঁ চুইজাৰলেণ্ডৰ লজেনলৈ যায় আৰু তাত 'ইকোল ডি জিউন ফাইলছ'ত ভাষা অধ্যয়ন কৰে।১

নাৰ্ছিং ক্ষেত্ৰত ভূমিকা

১৯০২ চনত মুংকে ক’পেনহেগেনৰ ডায়কোনিচেষ্টিফটেলচেনত প্ৰশিক্ষাৰ্থী হিচাপে এটা চুটি সময় অতিবাহিত কৰে আৰু তাৰ পিছত পৰিয়ালক সহায় কৰিবলৈ ঘৰলৈ ঘূৰি আহে। ১৯০৬ চনত তেওঁ নিউয়ৰ্কলৈ যায় আৰু আমেৰিকান নাৰ্ছিং জগতৰ অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি এনা মেক্সৱেলৰ তত্ত্বাৱধানত প্ৰেচবিটেৰিয়ান হাস্পতালত নাৰ্ছ হিচাপে প্ৰশিক্ষণ লয়। এই পাঠ্যক্ৰমৰ সমাপ্তিত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডিপ্লমা লাভ কৰে। কিছু সময় জৰুৰীকালীন বিভাগত নাৰ্ছ হিচাপে কাম কৰাৰ পিছত তেওঁ ডেনমাৰ্কলৈ ঘূৰি আহে আৰু ডেনমাৰ্কৰ প্ৰধান চিকিৎসালয় ৰিগচ হাস্পতালৰ নাক, কাণ আৰু ডিঙি বিভাগত এটা পদ লাভ কৰে। তেওঁৰ ব্যৱহাৰিক দক্ষতা আৰু নাৰ্ছ অৰ্গেনাইজেচনৰ বদিল হেলফাচৰ দৰে সহকৰ্মীৰ সহায়ত ১৯১১ চনত তেওঁ চৰ্মৰোগ বিভাগৰ হেড নাৰ্ছলৈ পদোন্নতি লাভ কৰে। ইয়াৰ সমান্তৰালভাৱে তেওঁ হাস্পতালখনৰ নাৰ্ছিং স্কুলত পঢ়ুৱাবলৈ আৰম্ভ কৰে। ১৯১৩ চনত যেতিয়া বিছবেবিয়েৰ্গ হাস্পতাল মুকলি কৰা হয়, তেতিয়া মুংকক নাৰ্ছ প্ৰশিক্ষণৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। এইটো নাৰ্ছ অৰ্গেনাইজেচনে প্ৰস্তাৱ কৰা এক নতুন ধৰণৰ দায়িত্বপূৰ্ণ পদ আছিল, যিটো আংশিকভাৱে আমেৰিকান পদ্ধতিৰ তত্ত্ব আৰু ব্যৱহাৰিক অভিজ্ঞতাৰ সংমিশ্ৰণৰ ওপৰত আধাৰিত আছিল।১

মুংকে এগৰাকী নেতা, প্ৰশিক্ষক আৰু লেখিকা হিচাপে বিভিন্ন সমিতি আৰু সংস্থাৰ নেতৃত্ব দি নাৰ্ছিং সেৱাত নিজক উচৰ্গা কৰিছিল। চাৰ্জন ফ্ৰোড ৰাইডগাৰ্ডৰ সৈতে লগ লাগি তেওঁ ১৯২৭ চনত 'লেৰেবগ অগ হাণ্ডবগ ই চ্যগেপ্লেজে' (নাৰ্ছিং পাঠ্যপুথি আৰু হাতপুথি) সম্পাদনা কৰে, যিখন পৰৱৰ্তী চাৰি বছৰত ব্যাপকভাৱে আদৰি লোৱা হয়। ব্যৱহাৰিক নাৰ্ছিঙৰ ওপৰত তেওঁৰ নিজৰ অৱদান নাৰ্ছ প্ৰশিক্ষণৰ বাবে এক আদৰ্শ পাঠ্যস্বৰূপ হৈ পৰিছিল। বিশেষকৈ, তেওঁৰ দৃষ্টিভংগীয়ে নাৰ্ছ এগৰাকীৰ বুদ্ধি, স্মৃতিশক্তি আৰু শৃংখলাবদ্ধতা নিশ্চিত কৰাৰ লগতে ত্যাগ, নিষ্ঠা আৰু মানৱ সেৱাৰ মনোভাৱৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল। নাৰ্ছিঙৰ অগ্ৰাধিকাৰৰ বিষয়ে কওঁতে তেওঁ প্ৰায়েই দয়া আৰু মমতাৰ দৰে খ্ৰীষ্টান নীতিসমূহ গ্ৰহণ কৰাকে ধৰি 'নীতিশাস্ত্ৰ'ৰ ওপৰত আলোকপাত কৰিছিল।১

সংস্থা আৰু সমিতি

মুংক কেইবাটাও সংস্থা আৰু সমিতিৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। ১৯১০ চনৰ পৰা ১৯৩২ চনলৈকে তেওঁ 'খ্ৰীষ্টিয়ান এছ’চিয়েশ্যন ফৰ নাৰ্ছেছ'ৰ নেতৃত্ব দিছিল আৰু ১৯২২ চনত 'নাৰ্ছেছ মিছনেৰী ইউনিয়ন'ৰ সহ-প্ৰতিষ্ঠাপক আছিল। ট্ৰেড ইউনিয়নৰ ক্ষেত্ৰত তেওঁ 'নাৰ্ছেছ ক’পাৰেচন ইন দ্য নৰ্থ'ৰ অধ্যক্ষতা কৰিছিল আৰু ইয়াৰ কংগ্ৰেছসমূহতো ভাষণ প্ৰদান কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিজ্ঞতাৰ ভিত্তিতেই তেওঁ নাৰ্ছসকলৰ বাবে প্ৰশাসন, নিৰ্দেশনা আৰু সমাজসেৱাক সামৰি দুমহীয়া এক প্ৰশিক্ষণ কাৰ্যসূচী প্ৰস্তুত কৰিছিল। ১৯২৬ চনত ডেনিছ নাৰ্ছ অৰ্গেনাইজেচনে ইয়াক গ্ৰহণ কৰে, য’ত তেওঁ ১৯২৪ চনৰ পৰাই উপ-সভানেত্ৰী হিচাপে আছিল। ১৯২৭ চনৰ পৰা ১৯৩২ চনত মৃত্যুৰ সময়লৈকে তেওঁ এই সংস্থাটোৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি প্ৰশিক্ষণৰ মান উন্নত কৰা, কামৰ সময় হ্ৰাস কৰা আৰু দৰমহা তথা পেঞ্চনৰ সুবিধা উন্নত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাইছিল। এক নিৰ্দিষ্ট সময়ৰ বাবে (১৯২৪–২৭) তেওঁ পেৰিছস্থিত আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ লীগৰ নাৰ্ছিং সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা সমিতিৰ সদস্য আছিল।১

১৯৩২ চনৰ ২৮ জুলাইত ক’পেনহেগেনত চাৰ্লট মুংকৰ মৃত্যু হয়। তেওঁক হেলেৰাপ কবৰস্থানত সমাধিস্থ কৰা হয়।৪

স্বীকৃতি

১৯৩২ চনত ডেনমাৰ্কৰ ৰজা খ্ৰীষ্টিয়ান দশমৰ দ্বাৰা চাৰ্লট মুংকক সোণৰ 'মেডেল অৱ মেৰিট' (ডেনমাৰ্ক) প্ৰদান কৰা হয়।৫

২০১৪ চনৰ মে' মাহত কলম্বিয়া বিশ্ববিদ্যালয়ৰ স্কুল অৱ নাৰ্ছিঙত (য’ত মুংকে ১৯০৯ চনত অধ্যয়ন কৰিছিল) আয়োজিত এক অনুষ্ঠানত নিউয়ৰ্কৰ ডেনিছ কনচুল জেনেৰেল জাৰ্ল ফ্ৰিজ-মাডচেনে তেওঁক 'ডিষ্টিংগুইচড এলুমনি এৱাৰ্ড ফৰ লাইফটাইম এচিভমেন্ট' সন্মানেৰে বিভূষিত কৰে। তেওঁ কয়: "চাৰ্লট মুংকে কলম্বিয়াত অধ্যয়ন কৰা এশ বছৰতকৈও অধিক সময় পাৰ হৈ গ’ল যদিও তেওঁৰ মৌলিক দৰ্শন আজিও ডেনিছ স্বাস্থ্যসেৱা ব্যৱস্থাত জীয়াই আছে। আমি বিশ্বাস কৰোঁ যে শ্ৰেষ্ঠ স্বাস্থ্যসেৱা ৰোগীৰ পৰাই আৰম্ভ হয় আৰু মুংকৰ দৃষ্টিভংগীয়েই নাৰ্ছসকলক ৰোগীকেন্দ্ৰিক ৰাষ্ট্ৰীয় স্বাস্থ্যসেৱা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত আগশাৰীত ৰাখিছিল।"৬৫

প্ৰকাশিত গ্ৰন্থ

তথ্যসূত্ৰ

  1. ↑ Olesen, Anne Mette. (2003). Charlotte Munck (1876 - 1932). Kvinfo
  2. ↑ (23 April 2014). Nursing Pioneer Charlotte Munck. Columbia University Medical Center
  3. ↑ Vilhelm Munck. Dansk Bibliografisk Leksikon
  4. ↑ Laura Charlotte Munck. Gravested.dk
  5. ↑ Sygeplejersken. Historisk: Charlotte Munck hædret med 80 års mellemrum. Dansk Sygeplejeråd, retrieved 16 April 2025
  6. ↑ (May 2014). Columbia Nursing Recognizes Distinguished Alumni at Start of National Nurses Week. Columbia University School of Nursing

সম্পৰ্কিত শ্ৰেণী

ডেনিছ নাৰ্ছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৰা চাৰ্লট মুংক” প্ৰবন্ধৰ সংশোধন ৫৮৮০৩২ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।