অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শ্বিল্ড-মেইডেন

শ্বিল্ড-মেইডেন (Shield-maiden) হৈছে স্কেণ্ডিনেভিয়াৰ লোককথা আৰু পৌৰাণিক আখ্যানত বৰ্ণিত একোগৰাকী মহিলা যোদ্ধা। প্ৰায়ে হাৰভাৰাৰ চাগা হেইড্ৰেকছ (Heiðreks) আৰু গেষ্টা ডেনোৰামৰ দৰে গাথাত প্ৰায়েই শ্বিল্ড-মেইডেনসকলৰ উল্লেখ পোৱা যায়।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৩ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শ্বিল্ড-মেইডেন (Shield-maiden) হৈছে স্কেণ্ডিনেভিয়াৰ লোককথা আৰু পৌৰাণিক আখ্যানত বৰ্ণিত একোগৰাকী মহিলা যোদ্ধা। প্ৰায়ে হাৰভাৰাৰ চাগা হেইড্ৰেকছ (Heiðreks) আৰু গেষ্টা ডেনোৰামৰ দৰে গাথাত প্ৰায়েই শ্বিল্ড-মেইডেনসকলৰ উল্লেখ পোৱা যায়। অন্যান্য জাৰ্মান লোককথা, যেনেঃ গথচ, চিম্ব্ৰি আৰু মাৰ্কোমান্নি আদিতো তেওঁলোকৰ বিষয়ে উল্লেখ পোৱা যায়।১ পৌৰাণিক ভেলকিৰিসকলো এনে ধৰণৰ শ্বিল্ড-মেইডেনৰ ধাৰণাৰ ওপৰতে আধাৰিত আছিল।১

ঐতিহাসিক অস্তিত্ব

ভাল্কিৰি
ভাল্কিৰিছবি: CC BY-SA 4.0

শ্বিল্ড-মেইডেনসকলৰ ঐতিহাসিক অস্তিত্ব এক বিতৰ্কৰ বিষয়। পুৰাতত্ত্ববিদ নীল প্ৰাইচে এই শ্বিল্ড-মেইডেনসকল থকা বুলি যুক্তি দিছে।২৩ অন্যান্য কোনো কোনো পণ্ডিত, যেনে অধ্যাপক জুডিথ জেছে প্ৰশিক্ষিত বা নিয়মীয়া মহিলা যোদ্ধাসকলৰ অস্তিত্বৰ সপক্ষে প্ৰমাণৰ অভাৱ বুলি উল্লেখ কৰিছে।৪

পুৰাতত্ত্ব

অস্ত্ৰ-শস্ত্ৰ থকা মহিলা বসতিস্থাপনকাৰীসকলৰ কবৰ উদ্ধাৰ কৰা হৈছে, কিন্তু পণ্ডিতসকলৰ মাজত এই প্ৰমাণ সমূহৰ সঠিক ব্যাখ্যাৰ ক্ষেত্ৰত একমত নহয়।৫ ইংলেণ্ডত নৰ্ছ অভিবাসীক কবৰ আৰু অৱশিষ্টবোৰৰ ৰাসায়নিক বিশ্লেষণে পুৰুষ আৰু মহিলাৰ ৰাসায়নিক বিতৰণৰ ক্ষেত্ৰত সমতা থকা বুলি উল্লেখ কৰিছিল।৬৭ টিভি শৃংখলা ভাইকিংছৰ এক বিশেষ টাই-ইনত নীল প্ৰাইচে দেখুৱাইছিল যে ১৯৭০ ৰ দশকত বহুতো অস্ত্ৰ-শস্ত্ৰ আৰু দুটা ঘোঁৰাৰ হাড় থকা দশম শতিকাৰ বিৰ্কা-সমাধি খননৰ পিছত কৰা হাড় বিশ্লেষণে সেয়া এগৰাকী মহিলাৰ কবৰ হিচাপে প্ৰমাণ আগবঢ়াইছিল। ২ পৰৱৰ্তী সময়ত ২০১৭ চনত ডিএনএ বিশ্লেষণে এই কবৰটো এগৰাকী মহিলাৰে বুলি নিশ্চিত কৰিছিল[8] আৰু তেওঁ তথাকথিত বিৰ্কা মহিলা ভাইকিং যোদ্ধা বুলি অনুমান কৰা হৈছিল, কিন্তু ভাইকিংছ জুডিথ জেছৰ পণ্ডিতকে ধৰি আন আন পণ্ডিতৰ মতে এই সিদ্ধান্তটো সঠিক নাছিল। ৮

ঐতিহাসিক বিৱৰণ

ভাইকিং যুগৰ মহিলাসকলে যুদ্ধত অংশগ্ৰহণ কৰা ঐতিহাসিক প্ৰমাণ আছে। বাইজেণ্টাইন বুৰঞ্জীবিদজন স্কাইলিটজেছে লিপিবদ্ধ কৰিছে যে ৯৭১ চনত কিয়েভৰ চভিয়াটোস্লাভ ১ য়ে বুলগেৰিয়াত বাইজেণ্টাইনসকলক আক্ৰমণ কৰাৰ সময়ত মহিলাসকলে এই যুদ্ধত যুঁজিছিল।৯ যেতিয়া ভাৰাঞ্জিয়ানসকলে ডৰোষ্টলনৰ অৱৰোধত এক বিধ্বংসী পৰাজয়ৰ সন্মুখীন হৈছিল, তেতিয়া বিজয়ীসকলে পতিত যোদ্ধাসকলৰ মাজত সশস্ত্ৰ মহিলা আৱিষ্কাৰ কৰি স্তম্ভিত হৈ পৰিছিল। ৯

জনপ্ৰিয় সংস্কৃতিত

নৰ্ছ গাথাৰ দ্বাৰা অনুপ্ৰাণিত মহিলা যোদ্ধাসকলক ঐতিহাসিক আৰু কল্পনামূলক কল্পকাহিনীৰ অসংখ্য ৰচনাত চিত্ৰিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে ২০১৩ চনৰ টিভি শৃংখলা ভাইকিংছ। অনুষ্ঠানটোত লেগাৰথাক (কাথেৰিন ৱিনিকৰ দ্বাৰা অভিনয় কৰা) বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শ্বিল্ড মেডেন হিচাপে দেখুওৱা হৈছে।

ভিডিঅ' গেম এচেছিনছ ক্ৰীড ভালহাল্লাত এগৰাকী মহিলা ভাইকিং যোদ্ধা নায়কৰ অন্তৰ্ভুক্তিৰ বিষয়ে ব্যাখ্যা কৰি গেমটোৰ ঐতিহাসিক উপদেষ্টা থিয়েৰীয়ে এই মহিলাসকলৰ অস্তিত্বৰ ঐতিহাসিক স্থিতি সম্পৰ্কে বিতৰ্ক থকা বুলি কয়।১০

তথ্যসূত্ৰ

  1. ↑ The article Sköldmö in Nordisk familjebok (1917)
  2. ↑ Secrets of the Vikings: Shield Maidens. www.history.com
  3. ↑ Anderson, Christina. (14 September 2017). A Female Viking Warrior? Tomb Study Yields Clues. The New York Times
  4. ↑ Jesch, Judith. (19 April 2014). Viking women, warriors, and valkyries. blog.britishmuseum.org
  5. ↑ Foss, Arild S. (2 January 2013). Don't underestimate Viking women. sciencenordic.com
  6. ↑ McLeod, Shane. (2011). Warriors and women: the sex ratio of Norse migrants to eastern England up to 900 AD. Early Medieval Europe. পৃ. 332–353
  7. ↑ Vergano, Dan. (July 19, 2011). Invasion of the Viking women unearthed. USA Today
  8. ↑ Hedenstierna-Jonson, Charlotte; Kjellström, Anna; Zachrisson, Torun. (2017). A female Viking warrior confirmed by genomics. American Journal of Physical Anthropology. পৃ. 853–860
  9. ↑ Harrison, D. & Svensson, K. (2007). Vikingaliv. Fälth & Hässler, Värnamo. . p. 71
  10. ↑ Assassin's Creed Valhalla – The History Behind the Viking Legend. www.ubisoft.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিল্ড-মেইডেন” প্ৰবন্ধৰ সংশোধন ৩৯৩০০০ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।