অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শতপত্ৰ

শতপত্ৰ পণ্ডিত যজ্ঞেশ্বৰ শৰ্মাৰ দ্বাৰা সম্পাদিত"শতপত্ৰ" গ্ৰন্থখন এখন আধুনিক কবিতাৰ সংগ্ৰহ। গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৩৭ চনত। ইংৰাজী 'গল্ডেন ট্ৰেজাৰী'ৰ আৰ্হিত ৰচিত এই গ্ৰন্থৰ প্ৰথম সংস্কৰণৰ প্ৰকাশ আছিল নগাঁৱৰ এণ্ড ছনছ।

হালনাগাদ: ৩ জুন ২০২২ ৫৯৮ শব্দ · ৩ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

শতপত্ৰ

পণ্ডিত যজ্ঞেশ্বৰ শৰ্মাৰ দ্বাৰা সম্পাদিত"শতপত্ৰ" গ্ৰন্থখন এখন আধুনিক কবিতাৰ সংগ্ৰহ। গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৩৭ চনত। ইংৰাজী 'গল্ডেন ট্ৰেজাৰী'ৰ আৰ্হিত ৰচিত এই গ্ৰন্থৰ প্ৰথম সংস্কৰণৰ প্ৰকাশ আছিল নগাঁৱৰ এণ্ড ছনছ। কলিকতাৰ ১০ কৈলাস বোস ষ্ট্ৰীটৰ পূৰ্বোদয় প্ৰেছত মুদ্ৰিত এই গ্ৰন্থখন বাণী প্ৰকাশ, পাঠশালা কামৰূপৰ পৰা শ্ৰী অম্বিকাপদ চৌধুৰীয়ে তৃতীয় সংস্কৰণটো প্ৰকাশ কৰিছিল। গ্ৰন্থখনৰ তৃতীয় সংস্কৰণটো প্ৰকাশ কৰিছিল। গ্ৰন্থখনৰ তৃতীয় সংস্কৰণটোৰ মূল্য আছিল তিনি টকা পইসত্তৰ পইচা।

"শতপত্ৰ" সম্পাদনাৰ উদ্দেশ্য-

এই সংগ্ৰহটোত আধুনিক অসমীয়া কবিতাৰ পৰিচিত লেখক সকলৰ বছা বছা এশ খণ্ড কবিতা অন্তৰ্ভুক্ত কৰা হৈছে। খণ্ড কবিতা বোলোতে ইয়াত ইংৰাজীত যাক 'লিৰিক' বোলে তাকে বুজোৱা হৈছে। কবিতা বিলাক নিৰ্বাচন কৰোঁতে আবেগ আৰু ছন্দৰ ওপৰত বিশেষ ভাৱে লক্ষ্য ৰাখিছে। সম্পাদকে বৰ্ণনাত্মক কবিতা প্ৰায়েই বাদ দিছে। 'শতপত্ৰ' ত সন্নিৱিষ্ট যিসমূহ দীঘলীয়া বা নাটক ধৰ্মী কবিতা আছে সেইসমূহত যাতে এটাহে মাথো ভাব বা বৰ্ণনা থাকে সেই বিষয়ে সম্পাদক সচেতন হৈ পৰিছে। কম কথাৰে তীব্ৰ অনুভূতি প্ৰকাশ কৰিব পৰা কবিতা অসমীয়া ভাষাত তেনেই কম যদিও যিমান পাৰি তেনে কবিতা সন্নিৱিষ্ট কৰিবলৈ সম্পাদকে প্ৰয়াস কৰিছে।

'শতপত্ৰ' প্ৰকাশ পূৰ্বতে দুই তিনিখন আধুনিক অসমীয়া কবিতাৰ সংগ্ৰহ প্ৰকাশ পাইছিল যদিও সেই সংগ্ৰাহক সকলৰ উদ্দেশ্য আৰু বিন্যাসৰ প্ৰণালী শতপত্ৰৰ পৰা পৃথক আছিল। এই সংগ্ৰহত কবিতা সমূহ বিষয় অনুসৰি সজোৱাৰ লগতে সকলো জনাজাত লিখকৰ শ্ৰেষ্ঠ কবিতা যাতে অন্তৰ্ভুক্ত হয় তাৰ বাবে যত্ন সম্পাদকে লৈছে। সমসাময়িক আৰু আধুনিক কবিতাৰ পৰা উৎকৃষ্ট কবিতা নিৰ্বাচন কৰাটো কষ্টকৰ যদিও সম্পাদকে আধুনিক যুগৰ অসমীয়া ভাল কবিতা পাঠক সমাজলৈ বুলি আগবঢ়াবলৈ শৰ্মাদেৱে প্ৰয়াস কৰিছে।

বৃটিছ সকলে অসম অধিকাৰ কৰাৰ পাছত ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত সূচনা হোৱা পৰিৱৰ্তনৰ প্ৰতিফলন অসমীয়া সাহিত্যতো পৰিছিল। ইংৰাজী তথা পাশ্চাত্য সাহিত্যৰ প্ৰভাৱত অসমীয়া সাহিত্যত ন ন দিশৰ উন্মোচন হৈছিল। এইক্ষেত্ৰত যজ্ঞেশ্বৰ শৰ্মাই কৈছে - " সাধুকথাৰ ফুলকোঁৱৰৰ দৰে পাশ্চাত্য প্ৰভাৱৰ স্পৰ্শয়ো শুকান খৰিত পাত মেলাব পাৰিছে।" বঙ্গদেশৰ ৰবীন্দ্ৰনাথৰ কাব্যত ' সকল কালেৰ সকল কবিৰ গীতি 'তেওঁৰ নিজা সুৰত বাজি উঠাৰ দৰে বিবিধ প্ৰভাৱৰ স্পৰ্শতো অসমীয়া ভাষাত কাব্যৰ স্বাধীন প্ৰৱাহ দেখা নাযায়।

"শতপত্ৰ"ত অন্তৰ্ভুক্ত কবিতাসমূহ-

'শতপত্ৰ' ত সন্নিৱিষ্ট হোৱা বিভিন্ন জন কবিৰ বিভিন্ন কবিতা হ'ল -- ১/ পদ্মনাথ গোহাঞিবৰুৱাৰ ' বাগদেবী বন্দনা ' ২/ দূৰ্গেশ্বৰ শৰ্মাৰ 'পেঁপা' ৩/ লক্ষ্মীনাথ বেজবৰুৱাৰ ' কবিতা ' ৪/ দুৰ্গেশ্বৰ শৰ্মাৰ ' গীত আৰু ছবি ' ৫ / হিতেশ্বৰ ' কবি ' ৬/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ' কবি ' ৭/ ৰত্নকান্ত বৰকাকতীৰ ' মোৰ পূজা ' ৮/ ভোলানাথ দাস ' বাসৱ - সভা ' ৯/ পদ্মনাথ গোহাঞিবৰুৱাৰ ' চন্দনগিৰি ' ১০/ ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ ' লক্ষ্মীৰ প্ৰতি শনি ' ১১/ সিংহ দত্ত দেৱ অধিকাৰী ' মেঘদূত ' ১২/ চন্দ্ৰকুমাৰ আগৰৱালাৰ ' মাধুৰী ' ১৩/ হিতেশ্বৰ বৰবৰুৱা ' কাণৰ থুৰীয়া ' ১৪/ পদ্মনাথ গোহাঞিবৰুৱাৰ ' প্ৰথম মিলন ' ১৫/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ' তুমি ' ১৬/ হেমচন্দ্ৰ গোস্বামীৰ ' প্ৰিয়তমাৰ চিঠি ' ১৭/ দুৰ্গেশ্বৰ শৰ্মাৰ ' সীতা-স্বয়ম্বৰ ' ১৮/ লক্ষ্মীনাথ বেজবৰুৱাৰ ' প্ৰিয়তমা ' ' মালতী ' ১৯/ ৰত্নকান্ত বৰকাকতী ' তুমি ' ' বিশ্বহৰণ ' ২০/ যতীন্দ্ৰ নাথ দুৱৰাৰ ' তোমালৈ ' ২১/ দেৱকান্ত বৰুৱা ' তুমি নুবুজিবা সখী ' ২২/ আনন্দ চন্দ্ৰ বৰুৱাৰ ' ভাবী প্ৰিয়া ' ২৩/ যমুনেশ্বৰী খাটনিয়াৰৰ ' বিদায় ' ২৪/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ' তন্দ্ৰাভঙ্গ ' ২৫/ চন্দ্ৰ ধৰ‌ বৰুৱা ' স্মৃতি ' ২৬/ গনেশ গগৈ ' প্ৰলাপ ' ২৭/ দূৰ্গেশ্বৰ শৰ্মাৰ ' কিবা যেন নাই নাই ' ২৮/ লক্ষেশ্বৰ শৰ্মা বৰুৱাৰ ' আবেগ ' ২৯ / ভৱনাথ হাজৰিকাৰ ' কবি আজি গোৱা বজ্ৰগান ' ৩০/ কমলাকান্ত ভট্টাচাৰ্য্যৰ ' পূৰ্ণিমাৰ ৰাতিলৈ চাই ' ৩১/ লক্ষ্মীনাথ বেজবৰুৱাৰ ' ব'ৰাগী আৰু বীন ' ৩২/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ' আগত ' ৩৩/ অম্বিকাগিৰি ৰায়চৌধুৰীৰ ' এইটো নহয় ' ৩৪/ চন্দ্ৰকুমাৰ আগৰৱালাৰ ' বীণ ব'ৰাগী ৩৫/পদ্মধৰ চলিহা ' স্বদেশী প্ৰেম '৩৬/পদ্মধৰ চলিহাৰ ' বৰদোৱা ' ৩৭ /ৰঘুনাথ চৌধাৰীৰ 'গোলাপ ' ৩৮/ ভৈৰৱচন্দ্ৰ খাটনিয়াৰৰ ' মানিমুনি শাক ' ৩৯/ দেৱানন্দ ভঁৰালী ' এপাহ গোলাপ ' ৪০/ ৰঘুনাথ চৌধাৰীৰ ' গিৰি-মল্লিকা ' ৪১/ ৰত্নকান্ত বৰকাকতীৰ ' গোলাপৰ কথা ' আদি।

১

তথ্যসূত্ৰ

  1. ↑ তথ্যসূত্ৰ-শতপত্ৰ সম্পাদনা- শৰ্মা,যজ্ঞেশ্বৰ প্ৰকাশক- বাণী প্ৰকাশ,পাঠশালা,কামৰূপ প্ৰথম সংস্কৰণ - ১৯৩৭ তৃতীয় সংস্কৰণ- ১৯৭২

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শতপত্ৰ” প্ৰবন্ধৰ সংশোধন ৩২৩১৭৬ (৩ জুন ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।