অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শ্ৰীলংকাৰ পতাকা

শ্ৰীলংকাৰ পতাকা:The flag of Sri Lanka (সিংহল: ශ් රී ලංකාවේ ජාතික කොඩිය, ৰোমানীকৃত: শ্ৰীলংকাভে জাতিকা কোডিয়া; তামিল: இலங்கையின் தேசியக்கொடி, ৰোমানীকৃত: Ilankaiyin teciyakkoṭi),এই পতাকাখনক "সিংহ পতাকা" বা "সিংহৰ পতাকা" বুলি কোৱা হয়।

হালনাগাদ: ১৭ জুন ২০২৫ ৫৬৯ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

শ্ৰীলংকাৰ পতাকা:The flag of Sri Lanka (সিংহল ভাষা: ශ් රී ලංකාවේ ජාතික කොඩිය, ৰোমানীকৃত: শ্ৰীলংকাভে জাতিকা কোডিয়া; তামিল ভাষা: இலங்கையின் தேசியக்கொடி, ৰোমানীকৃত: Ilankaiyin teciyakkoṭi),এই পতাকাখনক "সিংহ পতাকা" বা "সিংহৰ পতাকা" বুলি কোৱা হয়। সোঁফালৰ আগভৰিত কাষ্টনে তৰোৱাল ধৰি থকা সোণালী সিংহৰে গঠিত চাৰিটা সোণৰ বো গছৰ পাত থাকে মেৰুণ পটভূমিত, প্ৰতিটো চুকত এটাকৈ। পতাকাখনৰ চাৰিওফালে সোণালী ৰংৰ চাৰি সীমা আছে, আৰু ইয়াৰ বাওঁফালে টিল আৰু কমলা ৰঙৰ সমান আকাৰৰ দুটা উলম্ব ৰেখা আছে, কমলা ৰঙৰ ৰেখাডাল সিংহৰ আটাইতকৈ ওচৰত। সিংহ আৰু ভিতৰৰ মেৰুণ ৰংৰ পটভূমিয়ে সিংহল ভাষা জাতিক প্ৰতিনিধিত্ব কৰে, আনহাতে কেশৰ সীমা আৰু চাৰিটা বো পাতে ক্ৰমে মেথথা, কৰুণা, মুদিতা আৰু উপেক্ষা (চাৰিটা ব্ৰহ্মবিহাৰ)ধাৰণাক প্ৰতিনিধিত্ব কৰে। ৰেখাবোৰে দেশৰ দুটা বৃহত্তম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে, কমলা ৰঙে তামিল বাসিন্দাসকলক প্ৰতিনিধিত্ব কৰে,যেনে; শ্ৰীলংকাৰ তামিল আৰু শ্ৰীলংকাৰ ভাৰতীয় তামিলসকলক আৰু টিল ৰংৰ ৰেখাই শ্ৰীলংকাৰ মূৰ (শ্ৰীলংকাৰ মুছলমান)ক প্ৰতিনিধিত্ব কৰে। সোণালী হালধীয়া সীমান্তখন দেশৰ বিভিন্ন সংখ্যালঘু জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰে।

ইতিহাস

ডাম্বুল্লা বিহাৰায়া গুহা নং ২-ত থকা এটি চিত্ৰমালাত দেখুওৱামতে, ১৬২ খ্ৰীষ্টপূৰ্বত দক্ষিণ ভাৰতৰ আক্ৰমণকাৰী শাসক এলালনৰ বিৰুদ্ধে নিজৰ অভিযানৰ সময়ত ৰজা ডুটুগেমুনুৱে এখন পতাকা লৈ আছিল। পতাকাখন সোঁফালৰ আগপাখিত তৰোৱাল লৈ সিংহৰ মূৰ্তি থকা বেনাৰেৰে চিত্ৰিত কৰা হৈছে। সিংহৰ লগতে সূৰ্য আৰু চন্দ্ৰৰ প্ৰতীক চিহ্নও আছিল। ১ এই পতাকাখনক সিংহলীৰ সিংহ পতাকাৰ একমাত্ৰ প্ৰাচীন প্ৰতিনিধিত্ব পতাকা হিচাপে জনা গৈছিল যদিও ১৯৫৭ চনত, কোনো এক দুষ্কৃতিকাৰীয়ে এই পতাকাখনৰ সিংহৰ চিত্ৰটো ক্ষতি কৰে। ২

এই পতাকাখন ১৮১৫ চনলৈকে ব্যৱহাৰ হৈ থাকিল,তাৰ পিচত কাণ্ডিয়ান সন্মিলনে দেশৰ শেষৰজন থলুৱা ৰজা শ্ৰীবিক্ৰম ৰাজসিংহৰ ৰাজত্বকালৰ অন্ত পেলায়,আৰু তেওঁৰ ৰাজকীয় মানদণ্ড হিচাপে ব্যৱহাৰ কৰা (কাণ্ডী ৰাজ্যৰ পতাকা)ৰ ঠাইত শ্ৰীলংকাৰ সকলো জাতিৰ গ্ৰহণযোগ্য পতাকা কেন্দ্ৰীয় পতাকাক ব্যৱহাৰ কৰে।৩ পিছলৈ ব্ৰিটিছ চিলন চৰকাৰে নিজাকৈ পতাকা স্থাপন কৰে, আনহাতে শ্ৰী বিক্ৰম ৰাজসিংহৰ মানদণ্ড ‘কাণ্ডী ৰাজ্যৰ পতাকা’ ইংলেণ্ডলৈ লৈ যোৱা হয় আৰু ৰয়েল হস্পিতাল চেলচিয়াত ৰখা হয়।৩

২০ শতিকাৰ আৰম্ভণিতে শ্ৰীলংকাৰ স্বাধীনতা আন্দোলন শক্তিশালী হৈ উঠিল। সেই সময়তে ই.ডব্লিউ.পেৰেৰা আৰু ডি.আৰ.উইজেৱাৰ্ডেনাই চেলচিয়াত মূল সিংহ পতাকাখন আৱিষ্কাৰ কৰে।৩,শ্ৰীলংকাই স্বশাসন আৰু স্বাধীনতা হেৰুৱাৰ এশ বছৰ সম্পূৰ্ণ হোৱাৰ বিশেষ সংস্কৰণত ইয়াৰ এখন ফটো হিংসলী ভাষাৰ দৈনিক বাতৰি ডিনামিনাত প্ৰকাশ পাইছিল।৩ কাণ্ডিয়ান ৰাজ্যৰ পতনৰ পিছত প্ৰথমবাৰৰ বাবে এই পতকা খনৰ প্ৰকৃত ডিজাইন দেখি শ্ৰীলংকাৰ জনসাধাৰণৰ অভিভূত হৈ পৰিছিল॥ ৩

১৯৪৮ চনৰ ১৬ জানুৱাৰীত বাটিকালোয়াৰ সংসদৰ সদস্য মুডালিয়াৰ এ চিনালেবেই সংসদত পৰামৰ্শ দিছিল যে সিংহৰ পতাকাখন পুনৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে গ্ৰহণ কৰা উচিত।৪ ১৯৪৮ চনত এই পতাকাখনৰ ডমিনিয়ন অৱ চিলনৰ জাতীয় পতাকা হিচাপে গ্ৰহণ কৰা হয় আৰু দুবাৰ পৰিৱৰ্তন কৰা হয়: এবাৰ ১৯৫৩ চনত আৰু এবাৰ পুনৰ ১৯৭২ চনত নতুনকৈ ডিজাইন কৰা হয়।৩ ১৯৭২ চনত কাণ্ডিয়ান মানদণ্ডৰ অভিযোজনৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য আছিল পতাকাৰ চুকত থকা চাৰিটা বৰশীৰ মূৰৰ ঠাইত চাৰিটা বো পাত দিয়া, যিটো ৰাষ্ট্ৰীয় প্ৰতীক আৰু পতাকা ডিজাইন সমিতিৰ ডিজাইন বাছনি সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ স্থায়ী সচিব আৰু অধ্যক্ষ নিচাংকা উইজেৰত্নেৰ নিৰ্দেশনাত কৰা হৈছিল।৩৫

ৰাজতন্ত্ৰিক শ্ৰীলংকা

শ্ৰীলংকাৰ ঐতিহাসিক পতাকা

  • অনুৰাধাপুৰা যুগৰ দুটুগামুনুৰ পতাকা
  • ৰাজ্যৰ পতাকা গাম্পোলাৰ পতাকা, গ. ১৩৪১–১৪০৮ চন
  • ৰাজ্যৰ পতাকা কোট্টেৰ পতাকা, গ. ১৪১২–১৫৯৭ চন
  • সীতাৱাকা ৰাজ্যৰ পতাকা ৰ পতাকা, গ. ১৫২১-১৫৯৪ চন
  • কাণ্ডীৰ শ্ৰী বিক্ৰম ৰাজসিংহৰ মানদণ্ড, কাণ্ডীৰ পতাকা ৰাজ্য হিচাপে ব্যৱহাৰ কৰা, গ. ১৭৯৮–১৮১৫ চন

ব্ৰিটিছ চিলন যুগ

শ্ৰীলংকাৰ ঐতিহাসিক পতাকা

  • ব্ৰিটিছ চিলনৰ পতাকা, ১৮১৫–১৮৭৫
  • ব্ৰিটিছ চিলনৰ পতাকা, ১৮৭৫–১৯৪৮

শ্ৰীলংকা (১৯৪৮ চনৰ পৰা)

শ্ৰীলংকাৰ ঐতিহাসিক পতাকা

  • চিলনৰ ডমিনিয়নৰ পতাকা, ১৯৪৮–১৯৫১
  • চিলনৰ ডমিনিয়নৰ পতাকা (বৰ্তমানৰ দৰেই), ১৯৫১–১৯৭২

প্ৰতীকবাদ

বৌদ্ধ মহাবংশ বুৰঞ্জী অনুসৰি সিংহল বৌদ্ধসকল ৰাজকুমাৰ বিজয়াৰ বংশধৰ, যাৰ পিতৃ সিংহাবাহু সিংহ আৰু মানৱ ৰাজকুমাৰীৰ পুত্ৰ আছিল। এই পৌৰাণিক কাহিনীটো জাতীয় পতাকাত প্ৰতিফলিত হৈছে, ইয়াৰ সিংহ সিংহল জাতিৰ প্ৰতীক।৬ শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় পতাকাখনে দেশখন আৰু ইয়াৰ ঐতিহ্যক একত্ৰীকৰণৰ যন্ত্ৰ হিচাপে প্ৰতিনিধিত্ব কৰে। পতাকাখনৰ প্ৰতিটো চিহ্নই সুকীয়া অৰ্থ প্ৰকাশ কৰিছে।৭৮ সেই বোৰ যথাক্ৰমে-

  • সিংহ- সিংহল জাতি আৰু জাতিৰ শক্তি
  • বো পাত- প্ৰেম-দয়া, দয়া, সহানুভূতিশীল আনন্দ আৰু সমতা চাৰিটা বৌদ্ধ গুণ
  • সিংহৰ তৰোৱাল- জাতিৰ সাৰ্বভৌমত্ব
  • সিংহৰ মূৰৰ কোঁচা চুলি- ধৰ্মীয় পালন, প্ৰজ্ঞা আৰু ধ্যান
  • সিংহৰ ঠেংৰ আঠটা চুলি -নোবেল ইটফল্ড পাথ
  • সিংহৰ দাড়ি- শব্দৰ বিশুদ্ধতা
  • তৰোৱালৰ হেণ্ডেল- পানী, অগ্নি, বায়ু আৰু মাটিৰ ধ্ৰুপদী উপাদান
  • সিংহৰ নাক- বুদ্ধিমত্তা
  • সিংহৰ সন্মুখৰ পাখি দুটা- ধন-সম্পত্তি চম্ভালিবলৈ বিশুদ্ধতা
  • কমলা ৰঙৰ ৰেখা- তামিল জাতি (ভাৰতীয় বংশৰ পাহাৰীয়া দেশৰ তামিলসকলকে ধৰি)
  • টিল ষ্ট্ৰাইপ- মূৰ জাতি
  • কেশৰ- বৌদ্ধ ধৰ্ম আৰু জনসাধাৰণৰ মাজত ঐক্যৰ সীমাৰেখা
  • মেৰুণ পটভূমি- সিংহল জাতি
  • সোণালী হালধীয়া সীমা- শ্ৰীলংকাৰ অন্যান্য সংখ্যালঘু সম্প্ৰদায়, যেনে মালয়, বাৰ্গাৰ, খিলঞ্জীয়া বেদা, কাফিৰ আৰু, শ্ৰীলংকাৰ চীনা, যিসকলে ১৭–১৯ শতিকাৰ সময়ছোৱাত শ্ৰীলংকালৈ প্ৰব্ৰজন কৰিছিল।

ৰাষ্ট্ৰীয় পতাকাৰ ৰং

ৰাষ্ট্ৰীয় পতাকাৰ ৰং "এছ এল এছ ১: ২০২০: শ্ৰীলংকাৰ গণতান্ত্ৰিক সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰীয় পতাকাৰ বাবে নিৰ্দিষ্টকৰণ" নথিপত্ৰত নিৰ্দিষ্ট কৰা অনুযায়ী ৰং বোৰ যথাক্ৰমে হালধীয়া, মেৰুণ, কমলা, টিল।৯

লগতে চাওক

  • শ্ৰীলংকাৰ পতাকাৰ তালিকা
  • শ্ৰীলংকাৰ প্ৰতীক
  • ভেনেটোৰ পতাকা

তথ্যসূত্ৰ

  1. ↑ Seneviratna, Anuradha. (1983). Golden Rock Temple of Dambulla: Caves of infinite Buddhas. Central Cultural Fund. পৃ. 9
  2. ↑ Godakumbura, C.E. (1969). History of archaeology in Ceylon. Journal of the Ceylon Branch of the Royal Asiatic Society, New Series (Vol XIII). পৃ. 36
  3. ↑ (4 February 2018). The Sri Lankan National Flag. sundaytimes.lk
  4. ↑ (4 February 2004). The proposer of the lion flag: Mudlr. Sinnalebbe. Daily News
  5. ↑ Volker Preuß. Sri Lanka (Ceylon)
  6. ↑ Sriskanda Rajah, A. R. (2023). Tamil nationalism in Sri Lanka: counter-history as war after the Tamil Tigers. Routledge contemporary South Asia series. Routledge, Taylor & Francis Group. পৃ. 53-59. ISBN 978-1-003-30167-7
  7. ↑ National symbols of Sri Lanka. gov.lk. Government of Sri Lanka
  8. ↑ Karunarathne, Waruni. (27 April 2015). Controversy Over Flag At Demo. thesundayleader.lk
  9. ↑ SLS 1:2020. Sri Lanka Standards Institute

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীলংকাৰ পতাকা” প্ৰবন্ধৰ সংশোধন ৫১৮৭০৬ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।