শ্ৰিয়া শ্বাহ-ক্লৰফাইন (:Shriya Shah-Klorfine, ১১ জানুৱাৰী, ১৯৭৯ – ১৯ মে’, ২০১২) নেপালত জন্মগ্ৰহণ কৰা এগৰাকী কানাডিয়ান মহিলা আছিল। তেওঁ ২০১২ চনত মাউণ্ট এভাৰেষ্টৰ শিখৰৰ পৰা নামি আহি থকা অৱস্থাত মৃত্যুবৰণ কৰে।১২
প্ৰাৰম্ভিক জীৱন
চিটিনিউজৰ মতে, শ্বাহ-ক্লৰফাইনৰ জন্ম হৈছিল নেপালৰ কাঠমাণ্ডুত।১ ন বছৰ বয়সত শ্বাহ-ক্লৰফাইনে পিতৃৰ সৈতে হেলিকপ্টাৰত উঠি মাউণ্ট এভাৰেষ্ট ভ্ৰমণ কৰিছিল।৩তেওঁ নেপালৰ কাঠমাণ্ডুস্থিত ত্ৰিভুৱন বিশ্ববিদ্যালয়ত পঢ়িছিল।৪
শ্বাহ-ক্লৰফাইন ভাৰতৰ মুম্বাইত ডাঙৰ-দীঘল হৈছিল। তাৰ পৰা ক্ৰুজ জাহাজত যাত্ৰীসকলৰ সেৱা আৰু প্ৰশাসনিক কাম চোৱা এজন দায়িত্বশীল কৰ্মচাৰী বা পাৰ্চাৰ হিচাপে কাম কৰিছিল।১ ক্ৰুজ জাহাজত কাম কৰি থাকোঁতে তেওঁৰ ভৱিষ্যত স্বামী ব্ৰুচ ক্লৰফাইনক লগ পায়, যিজন জাজ আৰু ইভেণ্ট পিয়ানোবাদক আছিল। তেওঁলোকে বিয়া হৈ তেওঁৰ গৃহ চহৰ কানাডাৰ টৰন্টোত বসতি স্থাপন কৰে আৰু তাৰ পৰাই তেওঁ ফেয়াৰৱেদাৰ মহিলাৰ কাপোৰৰ শৃংখলৰ ফেশ্বন ক্ৰেতা হৈ পৰে।৫৪ এভাৰেষ্টত তেওঁৰ মৃত্যুৰ আগতে প্ৰায় এদশক ধৰি দুয়ো একেলগে আছিল।৩২৬
শ্বাহ-ক্লৰফাইন এগৰাকী ব্যৱসায়ীও আছিল যিয়ে "এছ অ’ এছ স্প্লেছ অৱ ষ্টাইল ইনক্" আৰম্ভ কৰিছিল।১ ২০১১ চনৰ অন্টাৰিঅ’ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ মিচিছাগা ইষ্ট—কুকছভিলৰ প্ৰাৰ্থী হিচাবেও অংশগ্ৰহণ কৰিছিল।৩৭
এভাৰেষ্টৰ অভিজ্ঞতা
শ্বাহ-ক্লৰফাইনে আটমষ্ট এডভেঞ্চাৰ ট্ৰেকিং নামৰ এটা নতুন গাইডিং কোম্পানীৰ সৈতে আৰোহণ কৰাৰ সম্পৰ্কত বুকিং কৰিছিল।২৬ এই আৰোহণৰ খৰচ প্ৰায় ৩৬,০০০ ৰ পৰা ৪০,০০০ ডলাৰ আছিল, যি আন গাইড কোম্পানীবোৰৰ তুলনাত অলপ কম আছিল। বিমান ভাড়া আৰু সামগ্ৰী যোগ কৰিলে মুঠ খৰচ প্ৰায় ১,০০,০০০ ডলাৰ হৈছিল। বিমান ভাড়া আৰু সঁজুলি যোগ কৰাৰ পিছত মুঠ খৰচ আছিল প্ৰায় এক লাখ ডলাৰ। এই অভিযানৰ বাবে টকা সংগ্ৰহ কৰিবলৈ তেওঁ myeverestexpedition.com নামৰ ৱেবছাইটৰ জৰিয়তে অনুদান বিচাৰিছিল আৰু কিছুমান তহবিল সংগ্ৰহ অনুষ্ঠানো আয়োজন কৰিছিল, কিন্তু তাত বেছি ধন সংগ্ৰহ নহ’ল। শেষত তেওঁ নিজৰ ঘৰৰ ওপৰত দ্বিতীয়বাৰ বন্ধক লৈ এই অভিযানৰ খৰচ যোগান ধৰিছিল।৮
শ্বাহ-ক্লৰফাইনে আৰোহণ কৰিবলৈ বুকিং কৰা গাইডিং কোম্পানীৰ কোনো এজন গাইডৰ পৰ্বত বগোৱা বিশেষ অভিজ্ঞতা নাছিল আনকি তেওঁৰ নিজৰু নাছিল।৯ গাইডিং কোম্পানীৰ নেতাজনে কয় যে তেওঁ শ্বাহ-ক্লৰফাইনক সেইদিনা শিখৰত উপনীত হ’বলৈ চেষ্টা নকৰিবলৈ কৈছিল আৰু ইয়াকো সকীয়াই দিছিল যে তেওঁ এগৰাকী অনভিজ্ঞ গড় হিচাপে তলৰ পৰ্বতাৰোহী।৬ কিন্তু আন এটা গাইড কোম্পানীয়ে কয় যে তেওঁক পৰ্যাপ্ত পৰিমাণৰ বটলত অক্সিজেন দিয়া হোৱা নাছিল।৬ সেইদিনা গাইড ফাৰ্ম আৰু অন্যান্য পৰ্বতাৰোহীসকলে লক্ষ্য কৰা আন এটা বিষয় আছিল পাহাৰ সংকীৰ্ণ পথত লাহে লাহে যোৱাৰ ফলত বহু সময় লাগিছিল।১০ ১৯৯৬ চনৰ এভাৰেষ্ট আৰোহণ পিছত ২০১২ চনটোক সৰ্বাধিক বিপজ্জনক ঋতু হিচাপে ধৰা হয়, য’ত প্ৰায় ১১ জন মানুহৰ মৃত্যু হৈছিল।১১
হিমালয়ান তথ্যকোষত লিপিবদ্ধ কৰা হৈছে যে ২০১২ চনৰ ১৯ মে’ত মাউণ্ট এভাৰেষ্টৰ দক্ষিণ দিশত ৮৪০০ মিটাৰ উচ্চতাত শ্বাহ-ক্লৰফাইনৰ মৃত্যু হয়।১২ সেই ঋতুত আৰু অধিক উত্তৰ দিশত দুজন আৰু দক্ষিণ দিশত সাতজন লোকৰ মৃত্যু হয়। শ্বাহ-ক্লৰফাইনৰ মৃত্যুৰ একেদিনাই আন চাৰিজনৰ মৃত্যু হয়।১২ চতুৰ্থ শিবিৰৰ পৰা ২৫০ মিটাৰ (৮২০ ফুট) দূৰত্বত (নেপালৰ ফালে) শ্বাহ-ক্লৰফাইনৰ মৃত্যু হোৱা বুলি কোৱা হয়।১৩ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৩৩ বছৰ।৬
মৃত্যুৰ পিছদিনা পৰ্বতাৰোহী লিয়ান শ্বাটলৱৰ্থ শ্বাহ-ক্লৰফাইনৰ মৃতদেহটো দেখা পায়।৭ শ্বাটলৱৰ্থ আৰু শ্বাহ-ক্লৰফাইনৰ দেউতাক, যাৰ লগত শ্বাহ-ক্লৰফাইন বগাই আছিল, তেওঁৰ মৃতদেহৰ চাৰিওফালে ঘূৰিবলগীয়া হৈছিল, কাৰণ এতিয়াও বগাই যোৱা লাইনত ক্লিপ হৈ তেওঁ লাগি আছিল।৭ তেওঁৰ মৃতদেহটো প্ৰায় দহ দিন পাহাৰত আছিল আৰু তাৰ পিছত পুনৰ তললৈ লৈ যোৱা হৈছিল।২ ৮০০০ মিটাৰতকৈ অধিক উচ্চতাৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি হেলিকপ্টাৰেৰে পাহাৰৰ পৰা নমাই অনা হয়।১৪ ২০১২ চনৰ ৮ জুলাইত কানাডাৰ টৰন্টোৰ এটা গীৰ্জাত তেওঁৰ বাবে স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়।১৫
তথ্যসূত্ৰ
- ↑ News Staff. (May 29, 2012). Body of Canadian Everest climber taken off mountain by helicopter. CityNews
- ↑ (September 13, 2012). EXCLUSIVE · Canadian Everest victim used inexperienced company, lacked oxygen. CBC News
- ↑ Tapper, Josh. (May 22, 2012). Toronto woman dies on Mount Everest descent. Toronto Star
- ↑ Amiel, Barbara. (June 1, 2012). The lure, and the cruelty, of Mount Everest. Maclean's
- ↑ (May 22, 2012). Shriya Shah-Klorfine. Notes to Women
- ↑ Koul, Scaachi. (September 14, 2012). More details, and blame, in the death of Canadian Everest victim. Maclean's
- ↑ Smith, Nicola. (May 29, 2012). Ego-driven climbers fall to Everest's lethal lure. The Australian
- ↑ Death on Everest
- ↑ Arnette, Alan. (October 16, 2016). What is Wrong with Everest. The Blog on alanarnette.com
- ↑ Tu, Thanh Ha; D'Aliesio, Renata. (May 22, 2012). 'Save me,' Canadian climber told sherpas after being urged to turn back. The Globe and Mail
- ↑ Eberle, Lukas. (October 5, 2012). The Story Behind another Deadly Year on Everest. Spiegel Online
- ↑ Deaths - Spring 2012. The Himalayan Database. The American Alpine Club
- ↑ Shah, Maryam. (May 22, 2012). Everest climber's last words: 'Save me'. Toronto Sun
- ↑ (May 29, 2012). Canadian climber Shriya Shah-Klorfine's body removed from Mount Everest by helicopter. National Post. CP
- ↑ (July 8, 2012). Friends of 33 year old Shriya Shah-Klorfine, hold a memorial Sunday July 8, 2012 at Malvern Methodist Church in Toronto, Ontario. Getty Images
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰিয়া শ্বাহ-ক্লৰফাইন” প্ৰবন্ধৰ সংশোধন ৬১২৩৭৩ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।