শ্বিন ডায়েৱে(:Shin Daewe, বাৰ্মিজ: မြန်းမြန်း; জন্ম নাম চো চো হ্নিন (বাৰ্মিজ: မြန်းမြန်း) ১৯৭৩ চনত ) এগৰাকী বাৰ্মিজ তথ্যচিত্ৰ নিৰ্মাতা। ম্যানমাৰৰ অন্যতম অগ্ৰণী মহিলা তথ্যচিত্ৰ নিৰ্মাতা।১২৩৪ দ্য ইৰাৱাডীৰ "বাৰ্মাৰ প্ৰেৰণাদায়ক মহিলা" তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত কৰা হৈছিল।৫
কৰ্ম জীৱন
শ্বিন ডায়েৱে আছিল এগৰাকী সক্ৰিয় কৰ্মী, ৮৮৮৮ চনৰ বিদ্ৰোহৰ বহু প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে তেওঁ জড়িত।এই আন্দোলন ১৯৮৮ চনৰ ৮ আগষ্ট (৮-৮-৮৮) তাৰিখে ব্যাপক ৰূপ লৈছিল, সেইবাবে ইয়াক “8888 Uprising” বুলি কোৱা হয়। বিক্ষোভত জড়িত হোৱাৰ বাবে ১৯৯০ চনত এমাহ আৰু ১৯৯১ চনত এবছৰ কাৰাদণ্ড বিহা হৈছিল। ৰেংগুন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে কবিতা আৰু কল্পকাহিনী ৰচনা কৰিছিল যিবোৰ নব্বৈৰ দশকৰ আলোচনীত প্ৰকাশ পাইছিল। পিচলৈ চলচ্চিত্ৰৰ প্ৰতিও তেওঁ আকৰ্শিত হৈ পৰিছিল। ১৯৯৭ চনৰ পৰা ২০০০ চনৰ ভিতৰত শ্বিন ডায়েৱে অডিঅ' ভিজুৱেল (এভি) মিডিয়াত সহকাৰী প্ৰযোজক হিচাপে কাম কৰিছিল, যিটো বাৰ্মাৰ প্ৰথম ব্যক্তিগত তথ্যচিত্ৰ চলচ্চিত্ৰ কোম্পানী আছিল।৬৭ ২০০৬ চনত তেওঁ ষ্ট্ৰীট ফটোগ্ৰাফাৰ কো উৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু পিছলৈ তেওঁ চিনেমাটোগ্ৰাফাৰ হিচাপে তেওঁৰ ঘনিষ্ঠ সহযোগী হৈ পৰে।৮
২০০৭ চনত বাৰ্লিনস্থিত ৰেঙ্গুন ফিল্ম স্কুল নামৰ অ-লাভজনক সংস্থাৰ কৰ্মশালাত অংশগ্ৰহণ কৰি তেওঁ চলচ্চিত্ৰ জীৱন আৰম্ভ কৰে। ২০০৫ চনৰ পৰা ২০১০ চনৰ ভিতৰত ডেম’ক্ৰেটিক ভইচ অৱ বাৰ্মা (ডিভিবি)ৰ সৈতে ভিডিঅ' সাংবাদিক হিচাপে কাম কৰা শ্বিন ডায়েৱে ২০০৭ চনৰ চেফ্ৰন বিপ্লৱৰ সময়ত উপস্থিত আছিল আৰু এণ্ডাৰছ অষ্টাৰগাৰ্ডৰ ডেনিছ তথ্যচিত্ৰ বাৰ্মা ভিজেৰ পৰা অনুপ্ৰাণিত হৈছিল, যিয়ে এখন তথ্যচিত্ৰৰ বাবে বাৰ্মা জনসাধাৰণৰ মাজত অভূতপূৰ্ব প্ৰচাৰ লাভ কৰিছিল।৯৬ শ্বিন ডায়েৱেৰ অন্যতম বিখ্যাত ৰচনা হৈছে ২০০৮ চনত তেওঁৰ তথ্যচিত্ৰ এন আনটাইটেল্ড লাইফ, যিখনে ৰাহুলা নামৰ মাণ্ডালে বাস কৰা এজন ভাস্কৰ্য্যশিল্পীৰ কাহিনীৰ আধাৰত লিখা।১০ তেওঁৰ আনখন সফল ছবি ব্ৰাইটাৰ ফিউচাৰত মাণ্ডেলেৰ ফাউংডাউ মনাষ্টিক এডুকেচন হাইস্কুলৰ কাহিনী চিত্ৰিত কৰা হৈছে আৰু ২০০৯ চনত আৰ্ট অৱ ফ্ৰিডম চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰা হৈছে।উত্তৰ বাৰ্মাৰ সংঘাতৰ ফলত স্থানচ্যুত হোৱা জনগোষ্ঠীয় কাচিন গাঁৱৰ লোকসকলৰ কাহিনীৰে নিৰ্মিত তেওঁৰ ছবি টেক মি হোম ২০১৪ চনত ৱাথান চলচ্চিত্ৰ মহোৎসৱত জয়ী হৈছিল।৬১১
২০১৩ চনত শ্বিন ডায়েৱে পৰিচালনা কৰিছিল নাও আই এম ১৩ শীৰ্ষক ১৫ মিনিটৰ এখন তথ্যচিত্ৰ, য’ত মধ্য বাৰ্মাৰ এগৰাকী কিশোৰী দৰিদ্ৰতাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হোৱা সংগ্ৰামৰ দৃশ্য চিত্ৰিত কৰা হৈছে। এই তথ্যচিত্ৰখনে তেওঁক কোটা কিনাবালু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰূপালী বঁটা আৰু ২০১৪ চনত ৱাথান চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰে।২০১৫ চনত বাৰ্মাৰ ৰাষ্ট্ৰীয় শিক্ষা বিধেয়কৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ নথিভুক্ত কৰে।১২
ম্যানমাৰত মানুহৰ দ্বাৰা সৃষ্টি হোৱা জলবায়ু পৰিৱৰ্তনৰ পৰিণতি দেখুওৱা তেওঁৰ ভিডিঅ'ৰিপৰ্ট “আয়েয়াৰৱাডি ৰিভাৰবেংক ইৰ'জন"ই ২০২৪ চনৰ গ্ৰেচ বঁটা লাভ কৰে।১৩
২০২৩ চনত গ্ৰেপ্তাৰ
২০২৩ চনৰ ১৫ অক্টোবৰত ইয়াংগনৰ আউং মিংগালাৰ বাছ টাৰ্মিনেলত ম্যানমাৰৰ সেনা জোৱানে শ্বিন ডায়েৱেৰ লাগেজত ড্ৰোন পোৱাৰ পিছত গ্ৰেপ্তাৰ কৰে। ২০২৪ চনৰ ১০ জানুৱাৰীত সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি ইয়াংগনৰ ইনচেইন কাৰাগাৰত তেওঁক আজীৱন কাৰাদণ্ড দিয়া হয়।১৪ আইডিএফএ ইনষ্টিটিউটে তেওঁক মুকলি কৰি দিবলৈ আহ্বান জনায়।১৫
বঁটা
২০২৪ চনৰ ডিচেম্বৰ মাহত শ্বিন ডায়েৱেক বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।১৬
তথ্যসূত্ৰ
- ↑ Han, Thi Ri. (30 August 2016). Nargis documentary spurs new generation of filmmakers. Frontier Myanmar
- ↑ Vitali, Valentina. (15 September 2020). Contemporary Women Filmmakers in Myanmar: Reflections on a Visit in February 2019. BioScope: South Asian Screen Studies. পৃ. 78–91
- ↑ Shin Daewe|The Yebisu International Festival for Art & Alternative Visions 2018 Mapping the Invisible. The Yebisu International Festival for Art & Alternative Visions 2018 Mapping the Invisible
- ↑ Sylla, Fanta; Rogers, Andrew. (15 August 2016). Locarno: Thu Thu Shein Discusses Myanmar's Budding Independent Film Industry, the Value of Collaboration. Variety. Variety Media, LLC
- ↑ Linn, Hsu Wai. (7 April 2016). လေးစားအားကျဖွယ် ထက်မြက်သော အမျိုးသမီးများ (၇) (Seven Women who are Respectful and Intelligent). ဧရာဝတီ
- ↑ Myay, Chan. (25 December 2013). 'I've Always Looked for Ways to Expose the Country's Real Situation'. The Irrawaddy
- ↑ အမျိုးသမီးသတင်းထောက် တစ်ဦး မျက်မြင်ကြုံတွေ့ခဲ့ရတဲ့ သွေးစွန်းတဲ့ ရွှေဝါရောင်. BBC News မြန်မာ
- ↑ Yangon, the City Where we Live. Visual Documentary Project. Center for Southeast Asian Studies, Kyoto University
- ↑ Mike. (19 September 2017). Remembering Revolution: The Dilemmas of a Journalist. The Irrawaddy
- ↑ (6 September 2016). Featured Filmmaker: Ko Thaid Dhi. EngageMedia
- ↑ Popular Journal. (23 July 2018). ခေတ်ကိုထင်ဟပ်နေတဲ့ ဇာတ်လမ်းမျိုးတွေကိုရုပ်ရှင်အဖြစ် ရိုက်ကူးချင်သူ ဒါရိုက်တာရှင်ဒေဝီ. Popular
- ↑ Mike. (18 March 2016). Inspiring Women of Burma. The Irrawaddy
- ↑ (2024). ALLIANCE FOR WOMEN IN MEDIA FOUNDATION UNVEILS WINNERS OF THE 49TH ANNUAL GRACIE AWARDS. The Gracies
- ↑ Wei, Brian. (10 January 2024). Myanmar Junta Jails Award-Winning Filmmaker for Life. The Irrawaddy. Irrawaddy Publishing Group
- ↑ (26 January 2024). Over 100 workers from Burma arrested in Malaysia; Martin Smith says scale of crisis is unprecedented. DVB
- ↑ (3 December 2024). BBC 100 Women 2024: Who is on the list this year?. BBC
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বিন ডায়েৱে” প্ৰবন্ধৰ সংশোধন ৬৩২৯৭৯ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।