অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শ্বামাল (বতাহ)

শ্বামাল ইৰাক আৰু পাৰস্য উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ ওপৰেৰে (চৌদি আৰব আৰু কুৱেইটকে ধৰি) বৈ যোৱা উত্তৰ-পশ্চিম দিশৰ পৰা বলা বতাহ, দিনৰ ভাগত প্ৰায়ে প্ৰবল, কিন্তু ৰাতি তীব্ৰতা হ্ৰাস পায়। এই বতৰৰ প্ৰভাৱ বছৰত এবাৰ বা কেইবাবাৰো হয়, বেছিভাগেই গ্ৰীষ্মকালত হয়, কিন্তু কেতিয়াবা শীতকালতো হোৱা দেখা যায়।

হালনাগাদ: ৫ মে’ ২০২৬ ৩৬৪ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

শ্বামাল ইৰাক আৰু পাৰস্য উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ ওপৰেৰে (চৌদি আৰব আৰু কুৱেইটকে ধৰি) বৈ যোৱা উত্তৰ-পশ্চিম দিশৰ পৰা বলা বতাহ, দিনৰ ভাগত প্ৰায়ে প্ৰবল, কিন্তু ৰাতি তীব্ৰতা হ্ৰাস পায়।১ এই বতৰৰ প্ৰভাৱ বছৰত এবাৰ বা কেইবাবাৰো হয়, বেছিভাগেই গ্ৰীষ্মকালত হয়, কিন্তু কেতিয়াবা শীতকালতো হোৱা দেখা যায়।১ এই বতাহৰ ফলত সাধাৰণতে বৃহৎ বালিৰ ধুমুহাৰ সৃষ্টি হয় যিয়ে ইৰাকক প্ৰভাবিত কৰে, এই বতাহৰ বেছিভাগ বালি জৰ্ডান আৰু ছিৰিয়াৰপৰা উৰুৱাই অনা হয়।

ছিনপ্টিক অৱস্থা

গ্ৰীষ্মকালীন শ্বামাল

যেতিয়া প্ৰবল শীতল অৱস্থাৰ সৈতে এটা ধুমুহা ইৰাণৰ পাহাৰৰ ওপৰেৰে পাৰ হৈ যায়, তুলনামূলকভাৱে শীতল বতাহৰ অগ্ৰগামী ঢৌৱে ধূলি আৰু বালিক ওপৰলৈ ঠেলি দিয়ে। তথাপি এই সময়ছোৱাত সৰ্বোচ্চ উষ্ণতা গড়ে ১০৫ °F (৪১ °C)তকৈ অধিক।২

শীতকালীন শ্বামাল

ইৰাকত, য’ত শীতকালীন ধুমুহাই ভূ-খণ্ডলৈ প্ৰচণ্ড বৰফ আনিব পাৰে, তাত ধূলিৰ তৰপ এটা বৰফৰ খণ্ডৰ ওপৰত ৰৈ যাব পাৰে।৩

শীতকালীন শ্বামাল ঠাণ্ডা ফ্ৰণ্ট পাৰ হোৱাৰ পিছত উপদ্বীপৰ ওপৰৰ উচ্চ চাপযুক্ত অঞ্চলত শক্তিশালী হৈ পৰে আৰু পাৰস্য উপসাগৰৰ পূব অঞ্চলৰ ওপৰত নিম্ন চাপযুক্ত অঞ্চলত গভীৰ ট্ৰাফত নিজকে বজাই ৰাখে।১ ইয়াৰ ফলত পাৰস্য উপসাগৰৰ ওপৰেৰে পাঁচ দিন পৰ্যন্ত উত্তৰ দিশৰপৰা প্ৰবল বতাহ বলি থাকে। শীতলতাৰ লগত ইহঁতৰ সম্পৰ্ক আছে।

মধ্যপ্ৰাচ্যৰ আশে-পাশে থকা ঠাইবোৰত শীতকালীন এই বতাহ, লভান দ্বীপ, হালুল দ্বীপ আৰু ৰাছ ৰাকানৰ ওচৰত দেখা পোৱাৰ সম্ভাৱনা বেছি। শীতকালত ২৪–৩৬ ঘণ্টালৈকে ইহঁত থাকে আৰু ডিচেম্বৰ–ফেব্ৰুৱাৰী মাহত প্ৰতিমাহে দুবাৰৰপৰা তিনিবাৰলৈকে দেখা দিয়ে। শীতকালত এবাৰ বা দুবাৰহে তিনিৰপৰা পাঁচ দিনীয়া এটা স্থায়ী পৰিঘটনা ঘটে আৰু ইয়াৰ লগে লগে অতি তীব্ৰ বতাহ আৰু সাগৰ থাকে।৪

প্ৰভাৱ

সাধাৰণতে শ্বামাল তিনিৰপৰা পাঁচ দিনলৈকে থাকে। ধূলি আৰু বালিৰ ধুমুহা কেইবা হাজাৰ ফুট গভীৰ। বতাহৰ গতিবেগ ঘণ্টাত ৭০ কিলোমিটাৰ (ঘণ্টাত ৪৩ মাইল) পৰ্যন্ত হ’ব পাৰে। এনে ঘটনাই স্বাস্থ্য আৰু পৰিবহণত প্ৰভাৱ পেলাব পাৰে, কাৰণ দৃশ্যমানতা সীমিত হৈ পৰে, আৰু কিছুমান বিমান বাতিল হয়। বালিৰ ঢিপবোৰ পথত জমা হয় আৰু আঁতৰাবলৈ যথেষ্ট কষ্টৰ প্ৰয়োজন হয়। কিছুমান আন্তঃগাঁথনি, যেনে ৰাস্তাৰ চিন, শ্বামালৰ ফলত ক্ষতিগ্ৰস্ত হয়।

উদাহৰণ

ওমানৰ জীৱাশ্ম প্ৰবালৰ ওপৰত হোকাইডো বিশ্ববিদ্যালয়ে কৰা এক অধ্যয়নে প্ৰমাণ দিয়ে যে খ্ৰীষ্টপূৰ্ব ২২০০ চনৰ আশে-পাশে শীতকালীন শ্বামাল ঋতু দীঘলীয়া হোৱাৰ বাবে জলসিঞ্চিত পথাৰসমূহৰ লৱণাক্ত হৈ পৰিছিল; সেয়েহে শস্য উৎপাদনৰ নাটকীয়ভাৱে হ্ৰাস পাই ব্যাপক দুৰ্ভিক্ষৰ সূচনা কৰে আৰু শেষত প্ৰাচীন আক্কাদিয়ান সাম্ৰাজ্যৰ পতন ঘটায়।৫৬

কিছুমান অনুসন্ধানত এইটোও কোৱা হৈছে যে গ্ৰীষ্মকালত পশ্চিম এছিয়াৰ অঞ্চলসমূহৰ ওপৰত সৃষ্টি হোৱা ধূলিৰ ধুমুহাই আঞ্চলিক পৰিসঞ্চালনৰ বৈশিষ্ট্য সলনি কৰিব পাৰে, আনকি ভাৰতৰ গ্ৰীষ্মকালীন বাৰিষাৰ বৰষুণকো প্ৰভাবিত কৰিব পাৰে।৭

২০০৫ চনৰ ৮ আগষ্টত এটা শ্বামালৰ ফলত হোৱা এটা উল্লেখযোগ্য ধুমুহাই বাগদাদক বালিৰে আৱৰি ধৰে, যাৰ ফলত প্ৰায় সকলো দোকান আৰু ৰাজহুৱা কাৰ্যকলাপ বন্ধ হৈ পৰে। এই ধুমুহাই বাগদাদৰ ইয়াৰমুক হাস্পতালকো আগুৰি ধৰে, য'ত শ্বাস-প্ৰশ্বাসজনিত অসুবিধাগ্ৰস্ত হাজাৰতকৈ অধিক লোকৰ চিকিৎসা কৰা হয়।৮ ২০০৮ চনৰ ১–৪ ফেব্ৰুৱাৰীৰপৰা আৰব সাগৰৰ ওপৰেৰে প্ৰৱাহিত হোৱা এটা শ্বামাল বতাহৰ সৈতে এক বৃহৎ ধূলিৰ ধুমুহা জড়িত হৈ পৰিছিল। ধূলিৰ ধুমুহাৰ আগৰ প্ৰান্তটো অনুমাণিক ২০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিছিল আৰু এটা সময়ত ছোমালিয়াৰ মুকদিশ্বোৰপৰা ভাৰতৰ মুম্বাইলৈকে বিস্তৃত হৈছিল।৯ এই ধুমুহাৰ ধূলিয়ে ক্ৰীড়া সংবাদ মাধ্যমত গুৰুত্ব লাভ কৰিছিল যেতিয়া ই টাইগাৰ উডছে খেলি থকা ডুবাই ডেজাৰ্ট ক্লাছিক গলফ প্ৰতিযোগিতাত বিয়পি পৰিছিল।১০

২০২২ চনৰ মে’ মাহত বাগদাদ, আল আনবাৰ আৰু নাজাফ গভৰ্ণৰেটত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ হাজাৰ লোকক উশাহ-নিশাহৰ সমস্যাত ভৰ্তি কৰা হৈছিল,শ্বামাল বলাৰ বাবে সেই অঞ্চলসমূহৰ আকাশ কমলাবুলীয়া হৈ পৰিছিল।১১

তথ্যসূত্ৰ

  1. ↑ El-Baz, Farouk; R.M. Makharita. (1994). The Gulf War and the Environment. Taylor & Francis. পৃ. 31–54, 178. ISBN 978-2-88449-100-6
  2. ↑ Desert wind pattern in Iraq to shift in next two months. ggweather.com
  3. ↑ Shamal winds drive Middle East dust storm. NASA Earth Observatory
  4. ↑ Appendix C: Wind climatology of the Winter Shamal. United States Navy
  5. ↑ Watanabe, Takaaki K.; Watanabe, Tsuyoshi; Yamazaki, Atsuko. (2019). Oman corals suggest that a stronger winter shamal season caused the Akkadian Empire (Mesopotamia) collapse. Geology. GeoScienceWorld. পৃ. 1141–1145
  6. ↑ (24 October 2019). Strong winter dust storms may have caused the collapse of the Akkadian Empire. Hokkaido University
  7. ↑ Vinoj, V.; Rasch, Philip J.; Wang, Hailong. (2014). Short-term modulation of Indian summer monsoon rainfall by West Asian dust. Nature Geoscience. পৃ. 308–313
  8. ↑ New Images: Iraq Dust Storm. NASA Earth Observatory
  9. ↑ Arabian Sea dust storm AVHRR images. Amato Evan website
  10. ↑ Tiger Woods battles sand storm to lead at Dubai Desert Classic. bloomberg.com
  11. ↑ (5 May 2022). Iraq dust storm leaves 5,000 people needing treatment. BBC

সম্পৰ্কিত শ্ৰেণী

বতাহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বামাল (বতাহ)” প্ৰবন্ধৰ সংশোধন ৬০৪৫২৯ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।