শ্বাৰকী বা শ্বাৰকি বতাহ মধ্যপ্ৰাচ্যৰ দক্ষিণ আৰু দক্ষিণ-পূবৰ পৰা বলা এক বতাহ। ই ঋতুভিত্তিক, এপ্ৰিলৰ পৰা জুন মাহৰ আৰম্ভণিলৈকে থাকে আৰু ছেপ্টেম্বৰৰ শেষৰ পৰা নৱেম্বৰৰ ভিতৰত পুনৰ আহে। বতাহৰ প্ৰকৃতি শুকান আৰু ধূলিময়, মাজে মাজে প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ (ঘণ্টাত ৫০ মাইল) পৰ্যন্ত ধুমুহা বলি থাকে আৰু প্ৰায়ে কেইবাহাজাৰ মিটাৰ উচ্চতালৈ বালি কঢ়িয়াই নিব পৰা ভয়ংকৰ বালি আৰু ধূলিৰ ধুমুহা সৃষ্টি কৰে, ইয়াৰ বাবে কিছু সময়লৈ বিমানবন্দৰো বন্ধ কৰি দিব লগা পাৰে। এই বতাহবোৰ ঋতুৰ আৰম্ভণি আৰু শেষত সম্পূৰ্ণ দিন, আৰু ঋতুৰ মাজভাগত কেইবাদিনো থাকিব পাৰে।
উৎস
- (April 7, 2003). NOAA's climate summaries for the Middle East and Iraq. NOAA Magazine Online (Story 87). National Oceanic & Atmospheric Administration (NOAA), U.S. Department of Commerce
- Taru Bahl, M H Syed. (2003). Encyclopaedia of the Muslim World. Anmol Publications. পৃ. 20. ISBN 9788126114191
- Metz. (2004). Iraq a country study. Kessinger Publishing. পৃ. 87. ISBN 9781419126710
- Wind of the World: Chergui (or Sharqi). WeatherOnline. WeatherOnline Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বাৰকী বতাহ” প্ৰবন্ধৰ সংশোধন ৬০৫৪৯২ (৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।