ষ্টেচি এলিছন (: Stacy Allison; জন্ম ১৯৫৮ ) অৰেগনৰ উডবাৰ্নত ডাঙৰ-দীঘল হৈছিল১ ১৯৮৮ চনৰ ২৯ ছেপ্টেম্বৰত বিশ্বৰ সৰ্বোচ্চ পৰ্বত মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী আমেৰিকান মহিলা।২
জীৱনী
ষ্টেচি এলিছনে অৰেগন ষ্টেট ইউনিভাৰ্চিটিৰ জীৱবিজ্ঞানৰ ছাত্ৰী আছিল। ছাত্ৰী অৱস্থাৰ পৰাই পৰ্বত আৰোহণ কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৭০ চনৰ শেষৰ ফালৰ পৰা আৰম্ভ কৰি তেওঁ পৰ্বতাৰোহণৰ মূল কথাবোৰ অনুশীলন কৰিছিল আৰু স্কট ফিচাৰৰ নিৰ্দেশনাত নিজৰ দক্ষতা আয়ত্ত কৰিছিল। ২১ বছৰ বয়সত মাউণ্ট হান্টিংটনত প্ৰথমটো বৃহৎ আৰোহণৰ চেষ্টা কৰিছিল। গন্তব্য স্থান পাবলৈ মাত্ৰ ২০০ ফুট দূৰত্ব থকা অৱস্থাত ষ্টেচিৰ লগত বগাই যোৱা সংগীৰ ওপৰৰ পৰা তেওঁৰ কুঠাৰ খন দুৰ্ভাগ্য বশত ভাঙি গল, আৰু তেওঁলোক ঘূৰিবলৈ বাধ্য হ’ল।
ষ্টেচি এলিছনে আৰোহণ কাৰ্য বৰ্তাই ৰাখি আগ বাঢ়িল, আৰু ১৯৮৬ চনত মাউণ্টেন মেডনেছৰ পৰা অহা পৰ্বতাৰোহীৰ এটা দলৰ সৈতে কমিউনিজম শৃংগ (পামিৰ পৰ্বতমালা) বগাবলৈ ছোভিয়েট ইউনিয়নলৈ যায়। স্কট ফিচাৰ আৰু ৱেছলি ক্ৰাউজৰ সৈতে একেলগে তেওঁ শিখৰত উপনীত হয়। দলটোৰ এজন পৰ্বতাৰোহীয়ে তলৰ শিবিৰত অসুস্থ অনুভৱ কৰিছিল; ফিচাৰ আৰু ৱেছ দুয়োজনে তেওঁক খালী কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু পৰ্বতাৰোহীজনৰ দুৰ্ভাগ্যজনকভাৱে ঢালত মৃত্যু হৈছিল।৩
তাৰ পিছৰ শৰৎকালত তেওঁ মাউণ্টেন মেডনেছেও আয়োজন কৰা মাউন্ট এভাৰেষ্ট অভিযানত যোগ দিয়ে। এই অভিযানটো তিব্বতৰ পৰা উত্তৰ দেৱালেৰে হৈছিল। শিখৰত উপনীত হ’বলৈ চেষ্টা কৰি ষ্টেচি, স্কট, ৱেছলি আৰু চেমুৱেল বেলকে চতুৰ্থ কেম্পত চাৰিটা ৰাতি ভাল বতৰৰ বাবে অপেক্ষা কৰিছিল যদিও প্ৰচণ্ড বতাহ আৰু বৰফৰ বাবে তললৈ নামিবলৈ বাধ্য হৈছিল।৩
পিছত ছিয়াটললৈ উভতি আহি স্কট ফিচাৰ নামৰ পৰ্বতাৰোহীজনে ১৯৮৮ চনৰ আমেৰিকান এভাৰেষ্ট অভিযানৰ বাবে দুটা আবেদনপত্ৰ পঠিয়ায়—এটা নিজৰ আৰু এটা ষ্টেচিৰ বাবে। তেওঁ ষ্টেচিক কমেও সাক্ষাৎকাৰলৈ যাবলৈ উৎসাহিত কৰিছিল। ফলত তেওঁক নাকচ কৰা হয় যদিও ষ্টেচীক দলত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। ফলস্বৰূপে ১৯৮৮ চনত ষ্টেচীয়ে নেপাললৈ যায় আৰু মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী আমেৰিকান মহিলা হিচাপে পৰিগণিত হয়।৪এভাৰেষ্ট অভিযানৰ বাবে নাকচ হোৱা স্কট ফিচাৰে তেতিয়া কালা পথাৰলৈ ট্ৰেকিং কৰি আছিল আৰু তেওঁলোকে এভাৰেষ্ট বেছ কেম্পত ইজনে সিজনক লগ পাইছিল।৩
২৯ ছেপ্টেম্বৰত ষ্টেচীয়ে সফলতাৰে শিখৰত উপনীত হয়। তিনিদিন পিছত ২ অক্টোবৰত একেটা দলৰ পেগী লুচ গুডজেল এভাৰেষ্ট শিখৰত উপনীত হোৱা দ্বিতীয়গৰাকী আমেৰিকান মহিলা হিচাপে পৰিগণিত হয়।৫
১৯৯৩ চনত ষ্টেচি K2 প্ৰচেষ্টাৰ দলীয় নেতা আছিল।৩
পিছলৈ তেওঁ ২২,৪৯৫ ফুট উচ্চতাৰ পৰ্বত আমা ডাব্লামৰ প্ৰথম সফল সৰ্ব-মহিলা আৰোহণ কৰা এটা দলৰ অংশ আছিল।৬
তেওঁ বিয়ণ্ড দ্য লিমিটছ: এ উইমেনছ ট্ৰাইমফ অন এভাৰেষ্টৰ সহ-লেখিকা পিটাৰ এমেছ কাৰ্লিনৰ সৈতে আৰু মেনি মাউণ্টেনছ টু ক্লাইম্ব: ৰিফ্লেকচনছ অন কম্পিটেন্স, ক'ৰেজ, এণ্ড কমিটমেণ্টৰ লেখিকা।
তথ্যসূত্ৰ
- ↑ (2014-07-21). Stacy Allison Oral History Interview - July 21, 2014 - Special Collections & Archives Research Center, Oregon State University Libraries. scarc.library.oregonstate.edu
- ↑ Bryant, Nelson. (1988-12-04). Outdoors; AMERICAN WOMAN AT THE SUMMIT. The New York Times
- ↑ Birkby, Robert. (2008). Mountain Madness: Scott Fischer, Mount Everest and a Life Lived On High. Citadel Press/Kensington Publishing Corp. ISBN 9780806528755
- ↑ Robertson, Anne. (January 26, 2001). A Woman's Vision. The Business Journal
- ↑ Brodeur, Nicole. (2015-11-09). Climbing like a girl? That’s a compliment. Seattle Times
- ↑ EverestHistory.com: Stacy Allison. www.everesthistory.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ষ্টেচি এলিছন” প্ৰবন্ধৰ সংশোধন ৬০২৭২৫ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।