বি অৰ্থাৎ B বা b আই এছ অ' বেচিক লেটিন এলফাবেটৰ দ্বিতীয় আখৰ।১২
বুৰঞ্জী
| ইজিপ্তীয় Pr | ফিনিচীয় bēt | গ্ৰীক beta | এট্ৰুস্কান B | ৰোমান B | ৰুণিক beorc | উংকিয়েল B | ইঞ্চ্যুলাৰ B | ব্লেক্লেটাৰ B | এণ্টিকোৱা B | আধুনিক ৰোমান B |
|---|---|---|---|---|---|---|---|---|---|---|
ভাষা আৰু আই পি এ'ত ব্যৱহাৰ
ভাষিক লিপিত
বি আখৰ ইংৰাজী ভাষাত 'ব্' উচ্চাৰণৰ বাবে ব্যৱহৃত। যেনে ball হ'ল বল। কেতিয়াবা ই মৌন হয়, যেনে bomb হ'ল বম। কিছু শব্দত যেনে debt, doubb, subtleত প্ৰকৃত লেটিন প্ৰতিশব্দ debitum, dubito, sutilis আদিৰ লগত মিলাবলৈ ষোড়শ শতিকাত যোগ কৰা হ'ল। ব্ ধ্বনি গ্ৰিম নিয়মৰ অন্তৰ্গত বাবে ব্ উচ্চাৰিত b যুক্ত অনেক ইংৰাজী শব্দৰ লগত সম্বন্ধিত আন আন ভাৰতীয়-ইউৰোপীয় শব্দ কিছুমানত ভ্, প্ আদিহে উচ্চাৰিত হয়। যেনে ইংৰাজী brother আদি। আন কেইবাটাও ভাষাতো ব্ ধ্বনিৰ বাবে b ব্ব্যৱহাৰ কৰা হয়।
এষ্ট'নিয়ান, আইচলেণ্ডিক আৰু চীনা পিন্যিনত b ভইচলেচ /p/ ধ্বনিৰ বাবে ব্যৱহৃত হয়। ফিজিয়ানত bয়ে প্ৰিনেচেলাইজড /mb/, হ'চাত ইম্প্ল'চিভ /ɓ/ আৰু আন আন ভাষাত ভিন ভিন ধৰণে ব্যৱহাৰ হয়।
আন্তৰ্জাতিক ধ্বনিতান্ত্ৰিক বৰ্ণমালাত ব্যৱহাৰ
আই পি এ'ত [b]য়ে ভইচড বাইলেবিয়েল ষ্টপ ফ'ন বুজায়। ভিন ভিন ভাষাৰ বাবে /b/য়ে লেনিচ ফ'নেম ব্বুজায় যি ভইচড নহ'বও পাৰে।
আন আন ব্যৱহাৰ
সংগীত লিপিত
B সংগীতৰ লিপিতো ব্যৱহৃত। ইংৰাজী-ভাষী দেশসমূহত ই Cত নিৰ্মিত ক্ৰ'মেটিক স্কেলৰ দ্বাদশ ন'ট বুজায়। মধ্য ইউৰোপ আৰু স্কেণ্ডিনেভিয়াত Bয়ে বি ফ্লেটহে বুজায় আৰু ক্ৰ'মেটিক স্কেলৰ দ্বাদশ ন'তটোক বুজাবলৈ H ব্যৱহাৰ কৰে। Bৰ পুৰণা ৰূপ বি কুৱাড্ৰাটাম ♮য়ে নেচাৰেল আৰু বি ৰ'টাণ্ডাম ♭য়ে ফ্লেট বুজায়।
ব্ৰেলে'ত
কণ্ট্ৰেক্টেড গ্ৰেড ২ ব্ৰেলে'ট bয়ে অকলে "but" বুজায়।
গণক যন্ত্ৰৰ ক্ষেত্ৰত
গণক যন্ত্ৰৰ ক্ষেত্ৰত B এক বাইটৰ চিহ্ন।
ইঞ্জিনিয়াৰিঙত
ইঞ্জিনিয়াৰিঙত B বে'লৰ চিহ্ন।
ৰসায়ন বিজ্ঞানত
ৰসায়ন বিজ্ঞানত B ব'ৰণৰ চিহ্ন।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেটিন আখৰ বি” প্ৰবন্ধৰ সংশোধন ২৪৫৭৪৩ (১০ ছেপ্তেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।