অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

শাৰদা মুখাৰ্জী

শাৰদা মুখাৰ্জী (: Sharada Mukherjee২৪ ফেব্ৰুৱাৰী ১৯১৯–২০০৭[citation needed]) আছিল এগৰাকী ভাৰতীয় সমাজ সেৱিকা আৰু ৰাজনীতিবিদ যিয়ে ১৯৬০ চনত লোকসভাৰ সদস্য আছিল, আৰু পিছলৈ অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাট ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

শাৰদা মুখাৰ্জী (: Sharada Mukherjee২৪ ফেব্ৰুৱাৰী ১৯১৯–২০০৭[citation needed]) আছিল এগৰাকী ভাৰতীয় সমাজ সেৱিকা আৰু ৰাজনীতিবিদ যিয়ে ১৯৬০ চনত লোকসভাৰ সদস্য আছিল, আৰু পিছলৈ অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাট ৰাজ্যৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

জীৱনী

১৯১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত মহাৰাষ্ট্ৰীয় পৰিয়ালত শাৰদা পণ্ডিত নামেৰে জন্মগ্ৰহণ কৰিছিল। শাৰদাৰ পৈতৃক ককাক ৰঞ্জিত এছ পণ্ডিত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁৰ মাতৃ সৰস্বতীবাই পণ্ডিতৰ ভগ্নী আছিল কিংবদন্তি অভিনেত্ৰী আৰু চলচ্চিত্ৰ ব্যক্তিত্ব দুৰ্গা খোটে। পাছলৈ প্ৰথম ভাৰতীয় এয়াৰ চিফ মাৰ্শ্বাল হোৱা আৰু ১৯৩৭ চনত মুম্বাইত বংগৰ অন্যতম বিশিষ্ট পৰিয়ালৰ অন্তৰ্গত সুব্ৰতো মুখাৰ্জীক লগ পাইছিল। তেওঁ ১৯৩৯ চনত বিবাহপাশত আবদ্ধ হয় আৰু এটি পুত্ৰ সন্তান জন্ম দিয়ে। ১৯৬০ চনত স্বামীৰ অকাল মৃত্যুৰ পিছত শাৰদা মুখাৰ্জীয়ে ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৬২ চনৰ পৰা ১৯৭১ চনলৈকে মহাৰাষ্ট্ৰৰ ৰত্নাগিৰি (লোকসভা সমষ্টি)ৰ পৰা কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰি ৩য় আৰু চতুৰ্থ লোকসভাৰ সদস্য হৈছিল।১ ১৯৭১ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাছিল।

১৯৭৭ চনৰ মে'ৰ পৰা ১৯৭৮ চনৰ আগষ্টলৈকে অন্ধ্ৰপ্ৰদেশৰ গৱৰ্ণৰ, আৰু ১৯৭৮ চনৰ পৰা ১৯৮৩ চনলৈকে গুজৰাটৰ গৱৰ্ণৰ আছিল শাৰদা মুখাৰ্জী। ২০০৭ চনত তেওঁৰ মৃত্যু হয়।[citation needed]

তথ্যসূত্ৰ

  1. ↑ 1962 India General (3rd Lok Sabha) Elections Results

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰদা মুখাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫০১৯১৫ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।