ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ফুৰালুং ধৰ্ম
আম-ছু-ছিন ফ্ৰালুং বা চমুকৈ ফ্ৰালুং ধৰ্ম (𑜒𑜪 𑜏𑜥 𑜏𑜢𑜃𑜫 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫; অৰ্থ: মহান ড্ৰেগনৰ ধৰ্ম) আহোম সকলৰ পৰম্পৰাগত ধৰ্ম যি প্ৰাচীন পূব এছীয় ধৰ্মৰ এটা ঠাল। আহোম সকলে ১২২৮ ত চাওলুং চুকাফাৰ লগত অসমলৈ আহোঁতে লগত তিনি শ্ৰেণীৰ পণ্ডিত,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল।
-
অত্ৰি
অত্ৰি বা অত্ৰী এজন বৈদিক ঋষি, যি হিন্দু ধৰ্মৰ অগ্নি, ইন্দ্ৰ আৰু অন্যান্য বৈদিক দেৱতাৰ অসংখ্য শ্লোক ৰচনা কৰাৰ কৃতিত্ব লাভ কৰে। হিন্দু পৰম্পৰাৰ সপ্তৰ্ষি (সাতজন মহান বৈদিক ঋষি)ৰ ভিতৰত অত্ৰী অন্যতম, আৰু ঋগবেদত আটাইতকৈ বেছি উল্লেখ কৰা এজন।
-
আউনীআটী সত্ৰ
আউনীআটী সত্ৰ অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত ১৫৭৫ শকত (ইং ১৬৫৩ চন) এইখন সত্ৰ নিৰ্মাণ কৰায়। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জনদেৱ। বৰ্তমানলৈকে মুঠ ১৬জন ব্যক্তিয়ে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে। বৰ্তমানৰ সত্ৰাধিকাৰজন হৈছে শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী।
-
চন্দ্ৰ (দেৱতা)
চন্দ্ৰ (चन्द्र), বা সোম হৈছে হিন্দুধৰ্মৰ চন্দ্ৰ বা জোনৰ দেৱতা। তেওঁ নিশা বা ৰাতি, বনানি আৰু শাক-পাচলিৰ সৈতে জড়িত। তেওঁ নৱগ্ৰহ আৰু দিশসমূহৰ ৰক্ষক অৰ্থাৎ দিগপালসকলৰ অন্যতম।
-
বায়ু (দেৱতা)
বায়ু (वायु) হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান দেৱতা। তেওঁ বায়ু আৰু শ্বাস-প্ৰশ্বাসৰ অধিকাৰী দেৱতা। হনুমান আৰু দ্বিতীয় পাণ্ডৱ ভীম বায়ুৰ আধ্যাত্মিক পুত্ৰ। তেওঁক অনিল, ব্যান, বাত, তনুন, পৱন, আৰু কোনো কোনো সময়ত প্ৰাণ নামেৰে জনা যায়।
-
মহিষাসুৰ
মহিষাসুৰ ( महिषासुर, ) হিন্দু ধৰ্মৰ এটা ম'হ অসুৰ। হিন্দু সাহিত্যত তেওঁক আকৃতি সলনি কৰি নিজৰ অশুভ পথ অনুসৰণ কৰা প্ৰতাৰক অসুৰ হিচাপে চিত্ৰিত কৰা হৈছে। মহিষাসুৰ আছিল অসুৰ ৰম্ভ আৰু মহিষী নামৰ এগৰাকী মাইকী ম'হৰ পুত্ৰ।
-
শত্ৰুঘ্ন
শত্ৰুঘ্ন (शत्रुघ्न) হৈছে ৰামৰ কনিষ্ঠ ভ্ৰাতৃ আৰি দশৰথ তথা সুমিত্ৰাৰ পুত্ৰ। তেওঁ লক্ষ্মণৰ যমজ ভ্ৰাতৃ। শত্ৰুঘ্নক ৰিপুদমন নামেৰেও জনা যায়। বাল্মীকি ৰামায়ণৰ মতে শত্ৰুঘ্ন বিষ্ণুৰ অৱতাৰ ৰামৰেই অংশ। মহাভাৰতৰ বিষ্ণু সহস্ৰনামত শত্ৰুঘ্নৰ স্থান ৪১২।
-
শিৱলিংগ
শিৱলিংগ বা লিংগ (लिङ्ग), হৈছে শৈৱবাদত হিন্দু দেৱতা শিৱৰ এক বিমূৰ্ত বা প্ৰতিষ্ঠিত প্ৰতিনিধিত্ব। লিংগক "চিহ্ন" হিচাপে ব্যৱহাৰ কৰা হয়। শ্বেতাশ্বতৰোপণিষদৰ মতে "শিৱ, সৰ্বোচ্চ প্ৰভুৰ কোনো লিঔগ নাই", অৰ্থাৎ তেওঁ যিকোনো বৈশিষ্ট্যৰ উৰ্ধত বিশেষকৈ তেওঁক নিৰ্দিষ্ট লিংগ পৰিচয়ৰ দ্বাৰা সংজ্ঞাবদ্ধ কৰিব নোৱাৰি।
-
শ্বানে নুজুল
প্ৰকাশৰ অনুষ্ঠান বা পৰিস্থিতিয়ে (asbābal-nuzūl, أسباب النزول) পৰম্পৰাগত ইছলামৰ দৃষ্টিকোণৰ পৰা কোৰআনৰ আয়াতসমূহ অৱতীৰ্ণ হোৱা ঐতিহাসিক প্ৰসংগৰ নাম দিয়ে।
-
হিৰণ্যাক্ষ
হিৰণ্যাক্ষ (हिरण्याक्ष, ) আছিল এক মহাপ্ৰতাপী অসুৰ। হিন্দী ধৰ্মগ্ৰন্থৰ মতে, যিয়ে স্বৰ্গত আক্ৰমণ কৰাৰ পাছত ধৰিত্ৰীদেৱীক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিল। ব্ৰহ্মাৰ চাৰি মানসপুত্ৰ ক্ৰমে সনক, সনাতন, সদানন্দ আৰু সনতকুমাৰে বিষ্ণুক দৰ্শন কৰিবলৈ যাওঁতে বিষ্ণুৰ দ্বাৰপাল বা দুৱৰী জয়-বিজয়ে প্ৰৱেশ কৰিবলৈ নিদিয়াত…
-
আব্ৰাহামিক ধৰ্ম
ইব্ৰাহিমীয় ধৰ্ম বা আব্ৰাহামিক ধৰ্ম বুলিলে একেশ্বৰবাদী ধৰ্মসমূহক বুজোৱা হয়, যিসকলৰ মাজত ইব্ৰাহিমৰ সৈতে সম্পৰ্কিত ধৰ্মীয় উৎপত্তি অথবা ধৰ্মীয় ইতিহাসগত ধাৰাবাহিকতা বিদ্যমান। এইসকলো ধৰ্ম হজৰত ইব্ৰাহিম (আঃ) অথবা তেখেতৰ বংশধৰে প্ৰচাৰ কৰিছিল।
-
ওহী
ওহী (وَحْي,; plural وُحِيّ wuḥiyy,; বানানও ৱাহি) হৈছে প্ৰকাশৰ বাবে আৰবী শব্দ। ইছলামিক বিশ্বাসত ওহী হৈছে তেওঁৰ নিৰ্বাচিত ব্যক্তিসকলে – যাক ৰাছুল বা নবী হিচাপে জনাজাত – মানৱজাতিৰ ওচৰত প্ৰেৰণ কৰা আল্লাহৰ বাণী।
-
গীত গোবিন্দ
গীত গোবিন্দ (गीत गोविन्दम्) হৈছে দ্বাদশ শতিকাৰ হিন্দু কবি জয়দেৱৰদ্বাৰা ৰচিত এক ৰচনা। ই ৰাধা-কৃষ্ণ আৰু বৃন্দাবনৰ গোপী সকলৰ মাজৰ সম্পৰ্ক বৰ্ণনা কৰে। গীত গোবিন্দ বাৰটা অধ্যায়ত সংগঠিত কৰা হৈছে। প্ৰতিটো অধ্যায়ক আৰু এক বা একাধিক বিভাগত বিভক্ত কৰা হৈছে যাক প্ৰবন্ধ বুলি কোৱা হয়, মুঠ চব্বিশটা।
-
চয়তান
চয়তান, ইছলামত ইবলিছ নামেৰেও জনাজাত, আৰু কেতিয়াবা খ্ৰীষ্টান ধৰ্মত লুচিফাৰ বুলিও কোৱা হয়, ই আব্ৰাহাম (ইব্ৰাহিম) ধৰ্মৰ এনে এক সত্তা যিয়ে মানুহক পাপ বা মিছা কথাৰ প্ৰতি প্ৰলোভিত কৰে।
-
জৰাসন্ধ
জৰাসন্ধ হিন্দু পৌৰাণিক কাহিনীত উল্লেখ কৰা এজন ৰজা। তেওঁ মগধৰ শক্তিশালী ৰজা, আৰু মহাভাৰতৰ এজন সৰু বিৰোধী। তেওঁ মগধৰ বৃহদ্ৰথ বংশৰ প্ৰতিষ্থাপক ৰজা বৃহদ্ৰথৰ পুত্ৰ। জনপ্ৰিয় জ্ঞান অনুসৰি বৃহদ্ৰথৰ বংশধৰসকলে ২৬০০ বছৰ মগধত শাসন কৰিছিল আৰু তাৰ পিছত প্ৰদ্যুৎ বংশ আৰু হাৰিয়াংক বংশই মগধত শাসন কৰিছিল।
-
নাগ (কিংবদন্তি)
নাগ (नाग) হৈছে অৰ্ধ-মানৱ, অৰ্ধ-সৰ্প আকৃতিৰ এক অৰ্ধ-দৈৱিক জাতি। তেওঁলোকে পাতাললোকত বসবাস কৰে। কোনো কোনো সময়ত পূৰ্ণ বা আংশিকভাৱে মানুহৰ ৰূপ ল'ব পাৰে। শিল্পকলাসমূহতো তেওঁলোকক এইদৰে উপস্থাপন কৰা হয়। নাগৰ নাৰীসকলক নাগী বা নাগিনী বুলি কোৱা হয়। কিংবদন্তিসমূহৰ মতে, তেওঁলোক ঋষি কাশ্যপ আৰু কদ্ৰুৰ সন্তান।
-
ভৰদ্বাজ
ভৰদ্বাজ বা ভাৰদ্বাজ (भारद्वाज) প্ৰাচীন ভাৰতৰ এগৰাকী বৈদিক মহৰ্ষি। তেওঁ আছিল এজন বিদ্বান, অৰ্থনীতিবিদ, ব্যাকৰণবিদ আৰু চিকিৎসক। তেওঁ সপ্তৰ্ষিসকলৰ অন্যতম। ঋকবেদকে ধৰি প্ৰাচীন ভাৰতীয় সাহিত্যলৈ তেওঁ আগবঢ়োৱা অৱদানসমূহে প্ৰাচীন ভাৰতীয় সমাজৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰে।
-
শিশুপাল
শিশুপাল চেদী ৰাজ্যৰ ৰজা আছিল, আৰু মহাভাৰতত এজন পাণ্ডৱ বিৰোধী আছিল। তেওঁ ৰজা দমঘোষ আৰু কুন্তীৰ ভগ্নী শ্ৰুতশ্ৰৱাৰ পুত্ৰৰ লগতে নন্দৰ ভতিজাক আছিল। যুধিষ্ঠিৰৰ মহা অভিষেক অনুষ্ঠানত তেওঁৰ ভতিজা ভায়েক আৰু বিষ্ণুৰ অৱতাৰ কৃষ্ণই তেওঁক হত্যা কৰিছিল, তেওঁৰ বিৰুদ্ধে কৰা অপমানজনক নিৰ্যাতনৰ শাস্তি হিচাপে।
-
শূৰ্পনখা
শূৰ্পনখা (शूर्पणखा) হৈছে ৰামায়ণত বৰ্ণিত এক ৰাক্ষসী। তেওঁৰ আন এটা নাম মীনাক্ষী। তেওঁ লংকাধিপতি ৰাৱণৰ কনিষ্ঠা ভগ্নী আৰু ঋষি বিশ্ৰবা তথা ৰাক্ষসী কৈকেষীৰ জীয়ৰী। মূল বাল্মীকি ৰামায়ণত শূৰ্পনখাৰ ভূমিকা সৰু যদিও গুৰুত্বপূৰ্ণ।
-
সাংখ্য দৰ্শন
সাংখ্য দৰ্শন হিন্দু দৰ্শনৰ ৬ আস্তিক ধাৰাৰ অন্যতম। ই যোগ ধাৰাৰ নিকটৱৰ্তী আৰু আন আন হিন্দু দাৰ্শনিক ধাৰাতো প্ৰভাৱ বিস্তাৰ কৰিছে। সাংখ্য দৰ্শনত জ্ঞানতত্ত্বগতভাৱে ৬ প্ৰমাণক মান্যতা প্ৰদান কৰা হয়। এই ৬ প্ৰমাণ অবিহনে কোনো বাক্যকে সত্য গণ্য কৰা নহয়। এই ৬ প্ৰমাণৰ অন্যতম প্ৰত্যক্ষ, অনুমান আৰু শব্দ।
-
সুভদ্ৰা
সুভদ্ৰা (IAST: Subhadrā) ব্যাস ৰচিত হিন্দু মহাকাব্য মহাভাৰতৰ এটা চৰিত্ৰ। তেওঁক দেৱী যোগমায়াৰ অৱতাৰ হিচাপে পূজা কৰা হয়। মহাভাৰতত তেওঁ কৃষ্ণৰ বৈমাত্ৰেয় ভগ্নী, বলৰামৰ আপোন ভগ্নী, অৰ্জুনৰ পত্নী, অভিমন্যুৰ ৰ মাক আৰু পৰীক্ষিতৰ আইতাক। তেওঁ বাসুদেৱ আৰু ৰোহিনীৰ জীয়ৰী।
-
কদ্ৰু
হিন্দু শাস্ত্ৰমতে, কদ্ৰু (সংস্কৃত: कद्रु) আছিল প্ৰজাপতি দক্ষৰ বাৰজনী কন্যাৰ অন্যতম। ঋষি কাশ্যপে দক্ষৰ অন্য এঘাৰজনী কন্যাসহ কদ্ৰুক বিয়া কৰাইছিল। ঋষি কাশ্যপ আছিল ব্ৰহ্মাৰ মানসপুত্ৰ মাৰিচীৰ পুত্ৰ। কদ্ৰু এহেজাৰ নাগৰ মাতৃ আছিল।
-
কামধেনু
কামধেনু (कामधेनु) বা সুৰভি (सुरभि) হৈছে এক দৈৱিক গো-দেৱী আৰু হিন্দু ধৰ্মত তেওঁক গো-মাতা বা সকলো গৰুৰ মাতৃ হিচাপে বৰ্ণনা কৰা হয়। কামধেনু "প্ৰাচুৰ্যৰ গাই" হিচাপে পৰিচিত যি নিজৰ গৰাকীয়ে কামনা কৰা সকলো সামগ্ৰী প্ৰদান কৰে। কামধেনুক প্ৰায়ে বাকী পোহনীয়া জীৱ-জন্তুৰো মাতৃ হিচাপে চিত্ৰায়িত কৰা হয়।
-
চামুণ্ডা
চামুণ্ডা (चामुण्डा) বা চামুণ্ডেশ্বৰী বা চামুণ্ডী হৈছে চণ্ডীৰূপী পাৰ্বতীৰ এক বিকট ৰূপ। তেওঁ সপ্তমাতৃকাসকলৰ অন্যতম। চামুণ্ডা পাৰ্বতীৰ সহায়কাৰী চৌষষ্ঠী বা একাশীগৰাকী তান্ত্ৰিক দেৱী যোগিনীসকলৰো অন্যতম। চামুণ্ডা নামটো তেওঁ বধ কৰা চণ্ড আৰু মুণ্ড নামৰ দুই অসুৰৰ নামৰ সমষ্টি।
-
টেথিছ (শ্ৰুতিকথা)
টেথিছ (/ˈtiːθɪs, ˈtɛ-/; প্ৰাচীন গ্ৰীক: Τηθύς, ইংৰাজী: Tethys) গ্ৰীক শ্ৰুতিকথা অনুসৰি ইউৰেনাছ আৰু গেইয়াৰ এগৰাকী টাইটান কন্যা, টাইটান দেৱতা অ'চেনাছৰ ভগ্নী তথা পত্নী আৰু নদী দেৱতাসকল আৰু অ'চেনিডসকলৰ মাতৃ।
-
নন্দী
নন্দী (नन्दि), নন্দিকেশ্বৰ বা নন্দীদেৱ হৈছে হিন্দু দেৱতা শিৱৰ ষাঁড় বাহন। তেওঁ শিৱৰ বাসস্থান কৈলাসৰ অভিভাৱক দেৱতা। শিৱ মন্দিৰ সমূহৰ সমুখত প্ৰায়েই বহি থকা অৱস্থাত নন্দীৰ প্ৰস্তুৰ মূৰ্তি থাকে। সাধাৰণতে এই মূৰ্তিটো মুখ্য মন্দিৰৰ মুখামুখিকৈ প্ৰতিষ্ঠা কৰা হয়।
-
প্ৰসূতি
প্ৰসূতি (प्रसूति, Prasūti) এগৰাকী হিন্দু পৌৰাণিক আখ্যান বৰ্ণিত দেৱী। তেওঁ হৈছে দক্ষ দেৱৰ দাম্পত্যসংগী। প্ৰসূতিৰ আন এক নাম হৈছে পাঞ্চজনী (বা বিৰাণী/অসিক্নী)। দক্ষৰ প্ৰথম জনমৰ ভাৰ্যা প্ৰসূতি, আৰু দ্বিতীয় জনমৰ ভাৰ্যা পাঞ্চজনী। দক্ষ আৰু প্ৰসূতিৰ কেইবাগৰাকীও কন্যা আছিল।
-
মোহিনী
মোহিনী (मोहिनी) এগৰাকী হিন্দু দেৱী। তেওঁ হিন্দু দেৱতা, ত্ৰিমূৰ্তিৰ অন্যতম বিষ্ণুৰ একমাত্ৰ নাৰী অৱতাৰ। তেওঁক ফেম ফেটাল (ছলনাময়ী নাৰী) হিচাপে চিত্ৰিত কৰা হৈছে যি নিজৰ কমনীয়তাৰে প্ৰেমিকসকলক উন্মত্ত কৰে আৰু কেতিয়াবা তেওঁলোকক তেওঁলোকৰ ধ্বংসৰ গৰাহলৈ লৈ যায়।
-
সপ্তৰ্ষি
সপ্তৰ্ষিসকল প্ৰাচীন ভাৰতৰ সাতগৰাকী দ্ৰষ্টা, যিসকলক বেদ আৰু অন্যান্য হিন্দু সাহিত্য যেনে স্কন্দ পুৰাণত সশ্ৰদ্ধাৰে উল্লেখ কৰা হৈছে। বৈদিক সংহিতাত এই ঋষিসকলক কেতিয়াও নামেৰে গণনা কৰা হোৱা নাই, যদিও পিছৰ বৈদিক গ্ৰন্থ যেনে ব্ৰাহ্মণ আৰু উপনিষদসমূহে কৰে, গতিকে এই নক্ষত্ৰমণ্ডল সহজে চিনাক্ত কৰিব পৰা যায়।
-
ৰামচৰিতমানস
ৰামচৰিতমানস (श्रीरामचरितमानस) ১৬ শতিকাৰ ভাৰতীয় ভক্তি কবি তুলসীদাস (প্ৰায় ১৫৩২–১৬২৩) দ্বাৰা ৰচনা কৰা অৱধি ভাষাৰ এক মহাকাব্যিক সংস্কৰণ। (এই গ্ৰন্থখনক জনপ্ৰিয় ভাষাত তুলসী ৰামায়ণ বুলিও কোৱা হয়।