আম-ছু-ছিন ফ্ৰালুং বা চমুকৈ ফ্ৰালুং ধৰ্ম (𑜒𑜪 𑜏𑜥 𑜏𑜢𑜃𑜫 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫; অৰ্থ: মহান ড্ৰেগনৰ ধৰ্ম) টাই-আহোম জনগোষ্ঠী সকলৰ পৰম্পৰাগত ধৰ্ম যি প্ৰাচীন পূব এছীয় ধৰ্মৰ এটা ঠাল।১ আহোম সকলে ১২২৮ ত চ্যু-কা-ফাৰ লগত অসমলৈ আহোঁতে লগত তিনি শ্ৰেণীৰ পণ্ডিত,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলতঃ পূৰ্বপুৰুষ উপাসনা ভিত্তিক। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্বন বিশ্বাস এই দুটা বস্তু অইন টাই সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্মত সাধাৰণতে মূৰ্তিপূজা দেখা নাযায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল টাই-আহোম জনগোষ্ঠী চাওফা সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্বৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই চীনৰ টিয়েন নামৰ অংশত অৱস্থিত অৱশ্যে এই ধৰ্মত নৰকৰ দৰে ঠাইৰ কোনো উল্লেখ পোৱা নাযায়। এই ধৰ্মটো টাই-আহোম জনগোষ্ঠী ৰাজ্যৰ ৰাজধৰ্ম আছিল।
নাম
টাই-আহোম ভাষাত ধৰ্মক আম-ছু-ছিন (𑜒 𑜪 𑜏𑜤 𑜏𑜢𑜃𑜫) বুলি কোৱা হয়।২ নিজৰ মাজত আম-ছু-ছিনটোক জীয়াই ৰখা মহন-দেওধাই-বাইলুং সন্মিলন, অসমে ১৯৭৫ চনত অসম ফুৰালুং সংঘ গঠন কৰে আৰু আহোম সকলৰ ধৰ্মটোৰ নাম আম-চু-ছিন ফুৰালুং বা ফুৰালুং ধৰ্ম (𑜒𑜪 𑜏𑜥 𑜏𑜢𑜃𑜫 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫) ৰাখে।৩ ফুৰালুং শব্দৰ অৰ্থ মহান ড্ৰেগনৰ ধৰ্ম।৪
বিৱৰণ
আহোম ধৰ্ম প্ৰাথমিকভাৱে ফি আৰু দাম (পূৰ্বপুৰুষ আত্মা) নামৰ দেৱতা পূজা ওপৰত ভিত্তি কৰে। পূৰ্বপুৰুষৰ উপাসনা আৰু খনৰ ধাৰণা অন্য তাই লোক ধৰ্মৰ সৈতে একেই সাদৃশ্য থকা দুটি উপাদান। যদিও হান (ফু) আৰু পুঃ সম্ভৱত তাও ধৰ্মৰ, যিন আৰু ইয়াং ধাৰণাৰ পৰা আহিছে। কুকুৰা আৰু লাও,পানী দিয়া (নাম লাও) আৰু চেপা (লুক লাও) প্ৰসাদ ৰূপে দিয়া অন্যান্য টাইসকলৰ ধৰ্মতো যায়। আহোম ধৰ্মৰ পুৰোহিতক ম'-লৌঙ বোলা হয়। আহোম ধৰ্মৰ পৰম্পৰাগত দেওশালক ৰু'এন চাও ছেঙ আৰু বৰদেওশাল হ'-ফী নামেৰে পৰিচিত। ধৰ্মটো আহোমৰ পুৰোহিত শ্ৰেণীৰ দ্বাৰা সংৰক্ষিত কৰা আছিল।আহোমৰ ধৰ্ম সংস্কৃতিৰ পুনৰ উদ্ধাৰ অভিযানত তেওঁলোকে ধৰ্মটো প্ৰসাৰিত কৰিছিল আৰু সদৌ ফুৰালুং সংঘ নামে পৰিচিত এখন সমাজ গঠন কৰেছিল। বৰ্তমান সময়ত অসমৰ বিভিন্ন অংশত ফুৰালুং সমাজৰ শাখা খুলি তাৰ দ্বাৰা যথেষ্ট হ'-ফী নিৰ্মিত হৈছে।
লগতে চাওক
উৎস প্ৰসংগ
- Gogoi, Padmeshwar. (1976). Tai Ahom Religion and Customs. Publication Board, Gauhati, Assam
- Gogoi, Shrutashwinee. (2011). Tai ahom religion a philosophical study
- Gogoi, Nitul Kumar. (2006). Continuity and Change AMōng the Ahom. Concept Publishing Company. ISBN 9788180692819
- Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies
- Mohan, Dipankar. (2018). Ahom Revival Movement And The Ahom Preistly Class. Paripex - Indian Journal of Research
বাহ্যিক সংযোগ
- Daoratanahong, Lakana; Edmondson, Jerold A.; Sinnott, Megan. (1998). Introduction to Tai-Kadai people: the International Conference on Tai Studies, July 29-31, 1998, Royal River, Bangkok. Institute of Language and Culture for Rural Development, Mahidol University. পৃ. 30. ISBN 9789746613491
- Sud̈ostasien, -Gesellschaft. (2001). Tai Culture: International Review on Tai Cultural Studies. SEACOM Sud̈ostasien-Gesellschaft. পৃ. 144
তথ্যসূত্ৰ
- ↑ Gogoi, Dr. Lakhimi. (February 6, 2019). DEITIES OF AHOM. ResearchGate
- ↑ Phukan Baruah 1964, পৃ. 193
- ↑ Mohan 2018, পৃ. 36
- ↑ Gogoi 2018
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুৰালুং ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৫৭১৪৭০ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।