অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ৰামচৰিতমানস

ৰামচৰিতমানস (श्रीरामचरितमानस) ১৬ শতিকাৰ ভাৰতীয় ভক্তি কবি তুলসীদাস (প্ৰায় ১৫৩২–১৬২৩) দ্বাৰা ৰচনা কৰা অৱধি ভাষাৰ এক মহাকাব্যিক সংস্কৰণ। (এই গ্ৰন্থখনক জনপ্ৰিয় ভাষাত তুলসী ৰামায়ণ বুলিও কোৱা হয়।

হালনাগাদ: ১৯ এপ্ৰিল ২০২৪ ৫৮০ শব্দ · ৩ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰামচৰিতমানস (श्रीरामचरितमानस) ১৬ শতিকাৰ ভাৰতীয় ভক্তি কবি তুলসীদাস (প্ৰায় ১৫৩২–১৬২৩) দ্বাৰা ৰচনা কৰা অৱধি ভাষাৰ এক মহাকাব্যিক সংস্কৰণ। (এই গ্ৰন্থখনক জনপ্ৰিয় ভাষাত তুলসী ৰামায়ণ বুলিও কোৱা হয়। ) ৰামচৰিতমানস শব্দৰ আক্ষৰিক অৰ্থ হৈছে "ৰামৰ কৰ্মৰ হ্ৰদ।" ১ এই গ্ৰন্থক হিন্দু সাহিত্যৰ অন্যতম শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে গণ্য কৰা হয়। "ভাৰতীয় সংস্কৃতিৰ জীৱন্ত সমষ্টি", "মধ্যযুগীয় ভাৰতীয় কবিতাৰ যাদুকৰী বাগিচাৰ আটাইতকৈ ওখ গছ", "সকলো ভক্তিমূলক সাহিত্যৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ" আৰু "জনপ্ৰিয়ৰ শ্ৰেষ্ঠ আৰু বিশ্বাসযোগ্য পথ প্ৰদৰ্শক", "ভাৰতীয় জনসাধাৰণৰ জীৱন্ত বিশ্বাস" ইত্যাদি বিভিন্ন ধৰণে এই গ্ৰন্থখন প্ৰশংসিত হৈছে।২

তুলসীদাস সংস্কৃত ভাষাৰ এজন মহান পণ্ডিত আছিল। কিন্তু তেওঁ বিচাৰিছিল যে ৰামৰ কাহিনীটো সাধাৰণ জনতাৰ বাবে সুলভ হওক, কিয়নো সংস্কৃতৰ পৰা বহুতো অপভ্ৰংশ ভাষাৰ বিকাশ ঘটিছিল আৰু সেই সময়ত সংস্কৃত ভাষা কম সংখ্যক লোকেহে বুজিব পাৰিছিল। ৰামৰ কাহিনীটো পণ্ডিত সকলে জনাৰ দৰেই সাধাৰণ মানুহৰ বাবে সুলভ কৰি তুলিবলৈ তুলসীদাসে আৱাধিত লিখিবলৈ বাছি লৈছিল।৩ পৰম্পৰা অনুসৰি তুলসীদাস ভাষা কবি হোৱাৰ বাবে বাৰাণসীৰ সংস্কৃত পণ্ডিতসকলৰ বহু সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু বেদ, উপনিষদ আৰু পুৰাণত সন্নিৱিষ্ট জ্ঞান সাধাৰণ জনতাৰ বাবে সৰল কৰাৰ বাবে তুলসীদাসে নিজৰ সংকল্পত অটল হৈ থাকিল। পৰৱৰ্তী সময়ত তেওঁৰ ৰচনাসমূহ বহুলভাৱে গ্ৰহণ কৰা হয়।

ৰামচৰিতমানসে, ৰামৰ কাহিনীটো সাধাৰণ মানুহক গান গোৱা, ধ্যান আৰু পৰিবেশন কৰিবলৈ উপলব্ধ কৰি দিলে। ৰামচৰিতমানসৰ লেখাই বহুতো সাংস্কৃতিক পৰম্পৰাৰো আগজাননী দিছিল, আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল ৰামলীলাৰ পৰম্পৰা, গ্ৰন্থখনৰ নাটকীয় অভিনয়।৪ ৰামচৰিতমানসক বহুতে হিন্দী সাহিত্যত ভক্তি আন্দোলনৰ স-গুণ বিদ্যালয়৫৬৭৮ৰ অন্তৰ্গত গ্ৰন্থ হিচাপে গণ্য কৰে।৯১০১১

পটভূমি

১৬৩১ (১৫৭৪ খ্ৰীষ্টাব্দ) বিক্ৰম সংবাদত তুলসীদাসে অযোধ্যাত ৰামচৰিতমানসৰ কাব্য সমূহ লিখিবলৈ আৰম্ভ কৰে। ১২ এই কাব্যৰ ভিতৰত সঠিক তাৰিখটো কোৱা হৈছে যে চৈত্ৰ মাহৰ নৱম দিন, যিটো ৰামৰ জন্মদিন ৰামনৱমী।১২ ৰামচৰিতমানস অযোধ্যা, বাৰাণসী আৰু চিত্ৰকুটত ৰচনা কৰা হৈছিল।১৩ এই সময়ছোৱাত আকবৰ (১৫৫৬-১৬০৫ খ্ৰীষ্টাব্দ) ভাৰতৰ সম্ৰাট আছিল। গতিকে তুলসীদাস উইলিয়াম শ্বেইকছপীয়েৰৰ সমসাময়িক হিচাপে পৰিগণিত হয়।

ৰামচৰিতমানসৰ কাব্যসমূহ স্থানীয় অৱধি ভাষাত ৰচনা কৰা হৈছে,১৪১৫১৬ গ্ৰন্থখনৰ মূল অংশক একাংশই সংস্কৃত মহাকাব্য বাল্মীকি ৰামায়ণৰ ঘটনাৰ কাব্যিক পুনৰাবৃত্তি বুলি গণ্য কৰে।১৭১৮১৯২০ সূৰ্য্যবংশৰ ৰঘু ৰজাৰ বংশবৃক্ষৰ বংশধৰ ৰামৰ আখ্যানক কেন্দ্ৰ কৰি বাল্মিকী ৰামায়ণ ৰচনা কৰা হৈছে। ৰাম অযোধ্যাৰ ৰাজকুমাৰ আছিল আৰু হিন্দু পৰম্পৰাত তেওঁক বিষ্ণুৰ সপ্তম অৱতাৰ হিচাপে গণ্য কৰা হয়। কিন্তু ৰামচৰিতমানস কোনো কাৰণতে বাল্মীকি ৰামায়ণৰ শব্দ প্ৰতিলিপি নহয় বা সংক্ষিপ্ত পুনৰাবৃত্তি নহয়। ৰামচৰিতমানসত সংস্কৃতত পূৰ্বতে ৰচিত আন বহুতো ৰামায়ণৰ উপাদান আছে, আৰু অন্যান্য ভাৰতীয় উপভাষাৰ লগতে পুৰাণৰ গল্পও আছে। তুলসীদাসৰ ত্ৰেতাযুগলৈকে ঘটা ঘটনাবোৰ চাবলৈ কিছুমান আধ্যাত্মিক শক্তি আছিল বুলি কোৱা হয় যিটো তেওঁ ৰামচৰিতমানসত বৰ্ণনা কৰিছিল। তুলসীদাসে নিজে কেতিয়াও ৰামচৰিতমানসক বাল্মীকি ৰামায়ণৰ পুনৰাবৃত্তি বুলি লিখা নাই। তেওঁ মহাকাব্য ৰামচৰিতমানসক ৰামৰ কাহিনী বুলি কয়, যিটো তেওঁ পত্নী পাৰ্বতীক একেখিনি কথা কোৱাৰ আগতে শিৱৰ মনত (মানস) সংৰক্ষিত আছিল বুলি উল্লেখ কৰিছে। তুলসীদাসে তেওঁৰ গুৰু নৰহৰিদাসৰ যোগেদি কাহিনীটো লাভ কৰা বুলি দাবী কৰে। কিছুমানে ৰামচৰিতমানসৰ এই অংশটোৰ অৰ্থ এই বুলি উল্লেখ কৰে যে তুলসীদাস এজন সৰু ল’ৰা হোৱাৰ বাবে প্ৰথমতে কাহিনীটো সম্পূৰ্ণৰূপে ধৰিব পৰা নাছিল। তেওঁৰ গুৰুজনে কৃপা কৰি বাৰে বাৰে আওৰাই থাকিল যাতে তেওঁ বুজিব পাৰে আৰু মনত পেলাব পাৰে। তাৰ পিছত তেওঁ কাহিনীটো বৰ্ণনা কৰি শিৱই নিজে কোৱাৰ দৰে ৰামচৰিতমানস নাম দিলে। সেয়েহে মহাকাব্যিক সংস্কৰণটোক তুলসীকৃত ৰামায়ণ (আক্ষৰিক অৰ্থত তুলসীদাসৰ দ্বাৰা ৰচিত ৰামায়ণ) বুলিও কোৱা হয়।২১

কোনোকোনোৱে এই কাব্যক উচ্চ শ্ৰেণীৰ ব্ৰাহ্মণীয় সংস্কৃতৰ আধিপত্যৰ প্ৰতি প্ৰত্যাহ্বানক প্ৰতিনিধিত্ব কৰে বুলি বিশ্বাস কৰে, কিন্তু বহু পণ্ডিতৰ মতে তেওঁ অৱধিত এই কাৰণেই লিখিছিল, তেওঁ বিচাৰিছিল যে প্ৰতিজন ব্যক্তিয়ে ৰামৰ মূল্যবোধ শিকিব লাগে।২২২৩২৪২৫

সূচী

ৰামচৰিতমানস সাতটা কাণ্ডৰে গঠিত। তুলসীদাসে মহাকাব্যখনৰ সাতটা কাণ্ডক মানস সৰোবৰৰ পবিত্ৰ জললৈ যোৱা সাতটা খোজৰ সৈতে তুলনা কৰিছিল "যিটোৱে দেহ আৰু আত্মাক একেলগে শুদ্ধ কৰে।" ২৬২৭

প্ৰথম দুটা অংশ বালকাণ্ড (শৈশৱৰ খণ্ড) আৰু অযোধ্যাকাণ্ড (অযোধ্যা খণ্ড)। আন অংশসমূহ হ’ল অৰণ্যকাণ্ড (বন খণ্ড), কিষ্কিন্ধাকাণ্ড (কিষ্কিন্ধা খণ্ড), সুন্দৰকাণ্ড (সুখদায়ক খণ্ড), লংকাকাণ্ড (লংকা খণ্ড), আৰু উত্তৰাকাণ্ড (পৰৱৰ্তী খণ্ড)। ৰচনাখন মূলতঃ চৌপাই ছন্দত ৰচনা কৰা হৈছে, যিটো দোহা ছন্দৰে পৃথক কৰা হৈছে, মাজে মাজে সোৰাথা আৰু বিভিন্ন ছন্দ আছে।২৮

তথ্যসূত্ৰ

  1. ↑ K.B. Jindal. (1955). A history of Hindi literature. Kitab Mahal
  2. ↑ Lutgendorf 1991, p. 1
  3. ↑ Grierson, George Abraham. Linguistic Survey Of India, Volume 6. পৃ. 12
  4. ↑ Subramanian 2008, পৃ. 19
  5. ↑ McLean 1998, পৃ. 121
  6. ↑ Puri Das 2003, পৃ. 230
  7. ↑ Lele 1981, পৃ. 75
  8. ↑ Lorenzen 1995, পৃ. 160
  9. ↑ Lutgendorf 2006, পৃ. 92
  10. ↑ Sadarangani 2004, পৃ. 78
  11. ↑ Kumar 2001, পৃ. 161
  12. ↑ O.P. Ralhan. (1997). The Great Gurus of the Sikhs, Volume 1. Anmol Publications Pvt Ltd. ISBN 978-81-7488-479-4
  13. ↑ Rambhadracharya, Swami (2008). Ramcharitmanas Bhavarthbodhini Hindi Tika. Page No. xxxi
  14. ↑ Lochtefeld 2002, পৃ. 713
  15. ↑ Coogan 2003, পৃ. 141
  16. ↑ Richman 2001, পৃ. 9
  17. ↑ Agarwal 2005, পৃ. 114
  18. ↑ MacFie 2004, পৃ. 115
  19. ↑ Bakker 2009, পৃ. 122
  20. ↑ Rajagopal 2001, পৃ. 99
  21. ↑ Lallan Prasad Vyas. (1992). Ramayana, its universal appeal and global role. Har-Anand Publications. ISBN 9788124100011
  22. ↑ Miller 2008, পৃ. 161
  23. ↑ Lamb 2002, পৃ. 39
  24. ↑ Ascher Heffron 2010, পৃ. 27
  25. ↑ Mehta 1992, পৃ. 243
  26. ↑ Sanujit Ghose. (2004). Legend of Ram: Antiquity to Janmabhumi Debate. Bibliophile South Asia. ISBN 978-81-85002-33-0
  27. ↑ Olive Classe. (2000). Encyclopedia of literary translation into English: M-Z, Volume 2. Taylor & Francis. ISBN 978-1-884964-36-7
  28. ↑ Impact of Ramayan - www.bhuvaneshwarmandir.com/resources/impact.htm

সম্পৰ্কিত শ্ৰেণী

ৰামায়ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামচৰিতমানস” প্ৰবন্ধৰ সংশোধন ৪১৮৯১৯ (১৯ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।