টেথিছ (/ˈtiːθɪs, ˈtɛ-/; প্ৰাচীন গ্ৰীক: Τηθύς, ইংৰাজী: Tethys) গ্ৰীক শ্ৰুতিকথা অনুসৰি ইউৰেনাছ আৰু গেইয়াৰ এগৰাকী টাইটান কন্যা, টাইটান দেৱতা অ'চেনাছৰ ভগ্নী তথা পত্নী আৰু নদী দেৱতাসকল আৰু অ'চেনিডসকলৰ মাতৃ। টেথিছৰ গ্ৰীক পৌৰাণিক কাহিনী আৰু কোনো প্ৰতিষ্ঠিত সংস্কৃতিত কোনো সক্ৰিয় ভূমিকা নাছিল১ যদিও তেওঁক পূব গ্ৰীকৰ বিশেষকৈ এণ্টিয়ক আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত, অকলে বা অ'চেনাছৰ সৈতে স্নানাগাৰ, দলং আৰু ভোজন গৃহ সজাই তোলা মোজাইকত চিত্ৰিত কৰা হৈছিল৷
পৰিয়াল
টেথিছ আকাশৰ দেৱতা ইউৰেনাছ আৰু পৃথিৱী দেৱী গেইয়াৰ অন্যতম টাইটান সন্তান আছিল।২ হেচিঅডে তেওঁৰ টাইটান ভাই-ভনীসকলক অ'চেনাছ, ক'য়াছ, ক্ৰাইয়াছ, হাইপেৰিয়ান, ইয়াপেটাছ, থেইয়া, ৰীয়া, থেমিছ, নিমোছিনি, ফীবি আৰু ক্ৰণচ বুলি তালিকাভুক্ত কৰিছে। টেথিছে তেওঁৰ ভাতৃ অ'চেনাছৰ সৈতে বিয়া হয়৷ তেওঁলোকৰ অসংখ্য পুত্ৰ (নদী দেৱতা) আৰু অসংখ্য কন্যা (অ'চেনিড)ৰ আছিল।
হেচিঅ'ডৰ মতে তিনি হাজাৰ (অৰ্থাৎ অগণন) নদী দেৱতা আছিল। ইয়াৰ ভিতৰত গ্ৰীচৰ আটাইতকৈ ডাঙৰ নদী আচেল'ছৰ ব্যক্তি ৰূপ আচেল'ছে নিজৰ কন্যা আলকমিয়নক বিয়া কৰাইছিল৩ আৰু ডেইয়ানিৰাক বিয়া কৰাবলৈ অধিকাৰৰ বাবে হোৱা মল্লযুঁজ প্ৰতিযোগিতাত হেৰাক্লিছৰ হাতত পৰাস্ত হৈছিল; আলফিউছে নিম্ফ আৰেথুছাৰ প্ৰেমত পৰিছিল আৰু তেওঁক খেদি খেদি চিৰাকিউজলৈ গৈছিল, তাত আৰ্টিমিচে তেওঁক এটা জুৰিলৈ ৰূপান্তৰিত কৰিছিল; আৰু স্কেমাণ্ডাৰে ট্ৰ'জান যুদ্ধৰ সময়ত ট্ৰ'জানৰ পক্ষত যুঁজিছিল আৰু একিলিছে অসংখ্য ট্ৰ'জান যুদ্ধাৰ মৃতদেহেৰে তেওঁৰ পানী প্ৰদূষিত কৰা বাবে ক্ষুন্ন হৈ তেওঁ উফন্দি উঠি একিলিছক প্ৰায় ডুবাই পেলাইছিল।
হেচিঅ’ডৰ মতে অ'চেনিডৰ সংখ্যাও তিনি হাজাৰ আছিল৷ বুদ্ধিমত্তাৰ ব্যক্তিত্ব মেটিছ আছিল জ্যুচৰ প্ৰথম পত্নী, এথেনা গৰ্ভত থাকোতেই জ্যুছে তেঁওক গিলি পেলাইছিল।৪ মাতৃ টেথিছৰ দৰেই অ'চেনিড ড'ৰিছো এগৰাকী গুৰুত্বপূৰ্ণ সাগৰীয় দেৱী। তেওঁলোকৰ ভাতৃ নদীৰ দেৱতাসকল প্ৰধান নদীৰ সাধাৰণ ব্যক্তিত্ব আছিল যদিও ষ্টাইক্স পাতাল জগতৰ ষ্টাইক্স নামৰ এখন ডাঙৰ নদীৰ ব্যক্তিত্ব আছিল। ইউৰোপা, এছিয়া আদি অ'চেনিড পানীৰ পৰিৱৰ্তে ভূমিৰ সৈতেহে জড়িত যেন লাগে।৫ অ'চেনিডসকলে কেঁচুৱাৰ ওপৰত চকু ৰখাৰ দায়িত্বও লৈছিল।৬ অ'চেনিডসকলে বহুতো দেৱতাৰ পত্নী (বা প্ৰেমিকা) হিচাপে কাম কৰিছিল আৰু এই দেৱতাৰ দ্বাৰা আন বহুতো দেৱ-দেৱীৰ মাতৃ হৈছিল।৭ ড'ৰিছ আছিল সাগৰ দেৱতা নেৰিয়াছৰ পত্নী আৰু পঞ্চাশখন সাগৰৰ অপেশ্বৰী নেৰেইডৰ মাতৃ।৮ ষ্টাইক্স টাইটান পালাছৰ পত্নী আৰু জেলুছ, নাইক, ক্ৰাটছ আৰু বিয়াৰ মাতৃ আছিল। ইউৰিনম জ্যুছৰ তৃতীয় পত্নী আৰু চাৰিটেছসকলৰ মাতৃ আছিল। ক্লাইমেন আছিল টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছৰ মাতৃ। ইলেক্ট্ৰা আছিল সাগৰ দেৱতা থাউমাছৰ পত্নী আৰু আইৰিছ আৰু হাৰ্পিৰ মাতৃ। আন উল্লেখযোগ্য অ'চেনিডসমূহৰ ভিতৰত আছে: পাৰ্চেইছ হৈছে টাইটান সূৰ্য্য দেৱতা হেলিঅ'ছৰ পত্নী আৰু চাৰ্চেৰ আৰু কলচিছৰ ৰজা আইটেছৰ মাতৃ; ইডিয়া হৈছে আইটেছৰ পত্নী আৰু মেডিয়াৰ মাতৃ; আৰু কেলিৰ' হৈছে ক্ৰাইছ'ৰৰ পত্নী আৰু গেৰিয়ানৰ মাতৃ।
তথ্যসূত্ৰ
- ↑ Burkert, p. 92
- ↑ Hesiod, থিঅ'গনি 126 ff.; Caldwell, p. 35 line 126-128. Compare with Diodorus Siculus, 5.66.1–3, which says that the Titans (including Tethys) "were born, as certain writers of myths relate, of Uranus and Gê, but according to others, of one of the Curetes and Titaea, from whom as their mother they derive the name"
- ↑ Apollodorus, 3.7.5
- ↑ Hesiod, থিঅ'গনি 886–900; Apollodorus, 1.3.6
- ↑ Fowler, pp. 13–14; Tripp, s.v. Oceanids, p. 401
- ↑ Hard, p. 40; Larson, p. 30; Gantz, p. 28; Tripp, s.v. Oceanids, p. 401
- ↑ Grimal, s.v. Oceanus, p. 315. Larson, p. 7 says that the Oceanids "serve mainly as genealogical starting points"
- ↑ Hesiod, থিঅ'গনি 240–264; Apollodorus, 1.2.7
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেথিছ (শ্ৰুতিকথা)” প্ৰবন্ধৰ সংশোধন ৪৯১৯০৪ (১৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।