অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঞ্জিত কৌৰ

ৰঞ্জিত কৌৰ (জন্ম ২০ অক্টোবৰ ১৯৫০) ভাৰতীয় পঞ্জাৱৰ এজন পঞ্জাবী গায়িকা। পঞ্জাবী বিখ্যাত গায়ক আৰু ৰাজনীতিবিদ মহম্মদ ছাদিকৰ সৈতে গোৱা যুটিয়া গীতৰ বাবে তেওঁ পৰিচিত। তেওঁ প্লেবেক গায়িকাৰ উপৰিও আৰু কিছুমান পঞ্জাবী চলচ্চিত্ৰত সহ-অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।

হালনাগাদ: ৯ মে’ ২০২৬ ১৯০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰঞ্জিত কৌৰ (জন্ম ২০ অক্টোবৰ ১৯৫০)১ ভাৰতীয় পঞ্জাৱৰ এজন পঞ্জাবী গায়িকা।২৩৪ পঞ্জাবী বিখ্যাত গায়ক আৰু ৰাজনীতিবিদ মহম্মদ ছাদিকৰ সৈতে গোৱা যুটিয়া গীতৰ বাবে তেওঁ পৰিচিত।৫ তেওঁ প্লেবেক গায়িকাৰ উপৰিও আৰু কিছুমান পঞ্জাবী চলচ্চিত্ৰত সহ-অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।

জীৱন

পঞ্জাৱৰ ৰোপাৰ জিলাত পিতৃ গিয়ানী আত্মা সিঙৰ ঘৰত জন্মগ্ৰহণ কৰিছিল ৰঞ্জিত কৌৰ। ৰোপাৰত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি গিয়ানী আত্মা সিং জী পৰিয়ালসহ লুধিয়ানালৈ আহি তাতেই বসতি স্থাপন কৰে। ১৯৬৬ চনত ৰঞ্জিত কৌৰে দশম মানত পঢ়ি থকাৰ সময়তে তেওঁৰ প্ৰথম দম্পতী আছিল অমৰ সিং শ্বেৰপুৰী আৰু তেওঁলোকে দুটা গীত ৰেকৰ্ডিং কৰিছিল; সেই দুটা গীত আছিল 'মাহী ভে মাহী মনো ভাং চৰ গয়ী' আৰু আনটো আছিল 'গাল বিনা না বলে নি জাট জেহা'। এই দুয়োটা গীত সেই সময়ত অতি জনপ্ৰিয় হৈ পৰিছিল। ১৯৬৭ চনত মহম্মদ ছাদিকৰ সৈতে যুটি গঠন কৰি প্ৰায় ৩৫ বছৰ একেলগে গান গাইছিল। ৰঞ্জিত কৌৰে উস্তাদ জনব বাকিৰ হুছেইনক শিক্ষক হিচাপে দত্তক লৈছিল।

গীত

তেওঁ মহম্মদ ছাদিকৰ সৈতে প্ৰায় ২৫০ টা ডুৱেট আৰু ৩৯ টা একক গীত ৰেকৰ্ডিং কৰে৷ তেওঁ বেছিভাগেই মান মৰাণ ৱালা, সুৰজিৎ সিং ধিলোন (পিথো), গামি সংগতপুৰীয়া, বিকাৰ মেহৰাজ, প্ৰয়াত গুৰমাইল সিং ধিলন (ভূখিয়ানৱালি ৱালা), দেৱ সংগতপুৰা, ধৰম কামেয়ানা, বংসাল বাপলে ৱালা আৰু জনক শৰ্মিলাৰ দ্বাৰা ৰচিত গীত গাইছিল।

তথ্যসূত্ৰ

  1. ↑ Ludhiana administration to help ailing singer Bibi Ranjit Kaur | Chandigarh News - Times of India
  2. ↑ (22 August 2011). ਨਿਊਜ਼ੀਲੈਂਡ 'ਪੰਜਾਬੀ ਕਲਚਰਲ ਫੈਸਟੀਵਲ-2011' ਵਿਚ ਪੰਜਾਬੀ ਗਾਇਕਾਂ ਵੱਲੋਂ ਰੌਣਕਾਂ
  3. ↑ (22 August 2011). ਨਿਊਜ਼ੀਲੈਂਡ 'ਪੰਜਾਬੀ ਕਲਚਰਲ ਫੈਸਟੀਵਲ-2011' ਵਿਚ ਪੰਜਾਬੀ ਗਾਇਕਾਂ ਵੱਲੋਂ ਰੌਣਕਾਂ
  4. ↑ (11 August 2011). ਕਾਲਜ ਵਿੱਚ ਤੀਆਂ ਮਨਾਈਆਂ
  5. ↑ (11 January 2012). A song on their lips, aprayer in their hearts

সম্পৰ্কিত শ্ৰেণী

পঞ্জাবী ভাষাৰ কণ্ঠশিল্পীলোকগীতগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জিত কৌৰ” প্ৰবন্ধৰ সংশোধন ৬০৫৫২৯ (৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।