অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰজনী বক্সী

ৰজনী বক্সী মুম্বাইৰ এগৰাকী ফ্ৰীলান্স সাংবাদিক, লেখিকা আৰু সমাজচিন্তক। তেওঁ সমসাময়িক ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আন্দোলনৰ ওপৰত গভীৰ বিশ্লেষণধৰ্মী লেখা লিখাৰ বাবে সুপৰিচিত।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

ৰজনী বক্সী মুম্বাইৰ এগৰাকী ফ্ৰীলান্স সাংবাদিক, লেখিকা আৰু সমাজচিন্তক। তেওঁ সমসাময়িক ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক আন্দোলনৰ ওপৰত গভীৰ বিশ্লেষণধৰ্মী লেখা লিখাৰ বাবে সুপৰিচিত। নাগৰিক সমাজৰ ভূমিকা, বিকল্প উন্নয়ন চিন্তা, ন্যায়ভিত্তিক অৰ্থনীতি, পৰিৱেশ সংৰক্ষণ আৰু অহিংস ৰাজনৈতিক চৰ্চাৰ বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ দেখা যায়। তেওঁ বিশ্বাস কৰে যে গঠনমূলক সংলাপ আৰু অহিংস পদ্ধতিৰে সামাজিক পৰিৱৰ্তন সম্ভৱ। এই উদ্দেশ্যে তেওঁ “অহিংসা কনভাৰ্চেশ্যনছ” নামৰ অনলাইন প্লেটফৰ্ম প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ কিউৰেটৰ হিচাপে বিভিন্ন চিন্তাবিদ, কৰ্মী আৰু গৱেষকৰ মাজত আলোচনা-বিনিময়ৰ সুযোগ সৃষ্টি কৰে।

তেওঁ পূৰ্বে গেটৱে হাউছ: ইণ্ডিয়ান কাউন্সিল অন গ্লোবেল ৰিলেচনছত “গান্ধী পিচ ফেল’” হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১ তেওঁৰ সাংবাদিকতা ইংৰাজী ভাষা] আৰু হিন্দী ভাষা ভাষাৰ বহু আগশাৰীৰ বাতৰি কাকত আৰু সাময়িকীত প্ৰকাশ পাইছে।২ বক্সীয়ে কিংষ্টন, জামাইকাৰ বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত ইন্দ্ৰপ্ৰস্থ কলেজ (দিল্লী), জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয় (ৱাশ্বিংটন ডি.চি.) আৰু ৰাজস্থান বিশ্ববিদ্যালয় (জয়পুৰ)ত উচ্চ শিক্ষা লাভ কৰে।২

২০০০ চনত তেওঁ হোমি ভাবা ফেল’শ্বিপ লাভ কৰে। তেওঁৰ অন্যতম উল্লেখযোগ্য গ্ৰন্থ বাজাৰছ, কনভাৰ্চেশ্যনছ এণ্ড ফ্ৰিডম (২০০৯)য়ে “নন-ফিকচন” আৰু “পপুলাৰ এৱাৰ্ড” শ্ৰেণীত দুটা ভোডাফোন ক্ৰছৱৰ্ড বুক এৱাৰ্ড লাভ কৰে।৩৪ ইয়াৰ উপৰি তেওঁ গান্ধীয় দৰ্শন, সামাজিক ন্যায় আৰু বিকল্প অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত একাধিক গ্ৰন্থ আৰু প্ৰবন্ধ ৰচনা কৰিছে, যিয়ে তেওঁক সমসাময়িক ভাৰতীয় বৌদ্ধিক পৰিসৰৰ এক উল্লেখযোগ্য কণ্ঠস্বৰ হিচাপে প্ৰতিষ্ঠা কৰিছে।

কৰ্মসমূহ

  • দ্য লং হল: দ্য বোম্বে টেক্সটাইল ৱাৰ্কাৰ্ছ ষ্ট্ৰাইক অৱ ১৯৮২-৮৩ (১৯৮৬)
  • দ্য ডিস্পিউট ওভাৰ স্বামী বিবেকানন্দ’ছ লেগেচি (১৯৯৩)
  • বাপু কুটি: জাৰ্নিছ ইন ৰিডিস্কভাৰী অৱ গান্ধী (১৯৯৮)
  • লেটছ মেক ইট হেপেন: অল্টাৰনেটিভ ইকনমিক্স (২০০৩)
  • এন ইকনমিক্স ফৰ ৱেল-বিয়িং (২০০৩)
  • বাজাৰছ, কনভাৰ্চেশ্যনছ এণ্ড ফ্ৰিডম (২০০৯)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bakshi, Rajni. (2013-10-02). The science of non-violence. The Hindu
  2. ↑ Bazaars, Conversations and Freedom: Official Website
  3. ↑ (21 August 2010). Mumbaikar brings home fiction award. The Times of India
  4. ↑ Johari, Aarefa. (2010-08-21). Rajni Bakshi wins two Crossword Book Awards. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনী বক্সী” প্ৰবন্ধৰ সংশোধন ৫৯৯৮০৭ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।