অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰথীন্দ্ৰ নাথ গোস্বামী

ৰথীন্দ্ৰ নাথ গোস্বামী (Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে চিচিং নামৰ এটি কাল্পনিক…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৪৮৫ শব্দ · ৩ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

ৰথীন্দ্ৰ নাথ গোস্বামী (Rothindra Nath Goswami) এগৰাকী অসমীয়া ভূতত্ত্ববিদ, শিশু সাহিত্যিক, বিজ্ঞান, কল্পবিজ্ঞান আৰু ভ্ৰমণ কাহিনীৰ লেখক। শান্তনু তামূলীৰ দ্বাৰা সম্পাদিত অসমীয়া শিশু আলোচনী মৌচাকৰ জৰিয়তে শিশু-সাহিত্যৰ জগতখনত খোজ পেলোৱা গোস্বামীয়ে পৰৱৰ্তী সময়ত সেইখন আলোচনীতে চিচিং নামৰ এটি কাল্পনিক নিগনিৰ চৰিত্ৰ সৃষ্টি কৰে। তেখেত প্ৰথম অসমীয়া শিশু-উপযোগী বিদেশী বন্ধুৰ দেশত শীৰ্ষক ভ্ৰমণ-কাহিনীৰ লেখক। ১৯৯৫ চনত প্ৰকাশিত হবি হৈছে তেখেতৰ প্ৰথমখন গ্ৰন্থ। এইখন হবি-সম্পৰ্কে লিখা প্ৰথমখন অসমীয়া ভাষাৰ গ্ৰন্থ। কিংকিনীৰ বিদ্ৰোহ হৈছে তেখেতে শিশুৰ বাবে যুগুতোৱা কল্প-বিজ্ঞানধৰ্মী গ্ৰন্থ। বিজ্ঞানে আনিব জোৱাৰ, অংক জংক পংক, চলন্ত মহাদেশ গতিশীল পৃথিৱী হৈছে তেখেতৰ দ্বাৰা লিখিত আন কেইখনমান উল্লেখনীয় গ্ৰন্থ।

২০২৩ চনৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা ৰথীন্দ্ৰ নাথ গোস্বামীলৈ আগবঢ়োৱা হৈছে।১২ পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান' নামৰ শিশু- উপন্যাসখনৰ বাবে তেখেতলৈ এই সন্মান আগবঢ়োৱা হয়। ৩৪৫ তেখেত বৰ্তমান তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ডেৰাডুনস্থিত কাৰ্যালয়ত মুখ্য মহা প্ৰবন্ধক হিচাপে কৰ্মৰত।

জন্ম আৰু শৈশৱ

ৰথীন্দ্ৰ নাথ গোস্বামীৰ জন্মস্থান যোৰহাট। তেখেতৰ মাতৃ অনুপমা গোস্বামীৰ জন্মস্থান গোলাঘাট জিলাত ঢেকিয়ালত। মাতৃ পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ পৰিয়ালৰ। আনহাতে পিতৃ সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীৰ ঘৰ টিয়কত। শিক্ষা-দীক্ষা আৰু চাকৰি-সূত্ৰে পিতৃয়ে বিভিন্ন ঠাই সলাবলগীয়া হৈছিল আৰু শেষত তেওঁলোক যোৰহাটতে স্থায়ীভাৱে থাকে। তেওঁলোকৰ পৰিয়ালটোত সাতগৰাকী সন্তান। ৰথীন্দ্ৰ নাথ গোস্বামী কনিষ্ঠ।

ৰথীন্দ্ৰ নাথ গোস্বামীয়ে দৰঙীচুক প্ৰাথমিক বিদ্যালয়তে শিক্ষা জীৱনৰ পাতনি মেলিছিল। ইয়াৰ পিছত তেখেতে যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ত নামভৰ্তি কৰে। শৈশৱৰ কালত তেখেতে শান্তিপুৰ মইনা পাৰিজাতৰ সান্নিধ্য লাভ কৰিছিল। ইয়াৰ মঞ্চতেই তেখেতে প্ৰথম কবিতা আবৃত্তি কৰিছিল। ইয়াৰ লগতে তৰ্ক আৰু আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাত তেখেতে অংশ লৈছিল।

কৰ্ম-জীৱন

ৰথীন্দ্ৰনাথ গোস্বামীয়ে পোনপ্ৰথমে অসম চৰকাৰৰ অধীনত প্ৰথম শ্ৰেণীৰ 'প্ৰশাসনিক সেৱাৰ অধীনত ৰাজগড় চক্ৰৰ চক্ৰ বিষয়া হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। অৱশ্যে সেই পদত তেওঁ বেছি পৰ নাথাকিল। ১৯৯৩ চনত তেখেতে ভাৰতৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত ভূতত্ত্ববিদ হিচাপে যোগদান কৰে। এইছোৱা কালৰ প্ৰথম পাঁচটা বছৰ তেখেতে যোৰহাটতে কাৰ্যনিৰ্বাহ কৰে আৰু পৰৱৰ্তী সময়ৰ বাৰটা বছৰ মহাৰাষ্ট্ৰৰ মুম্বাইত কটায়। সেই সময়ছোৱাত তেখেতে মুম্বাই, পোৰবন্দৰ, গোৱা, বিশাখাপট্টনম আদি ঠাইসমূহত তৈল-সন্ধানত ব্ৰতী হৈছিল। পৰৱৰ্তী সময়ৰ এটা বছৰ তেখেতে পাৰস্য সাগৰত তেলৰ সন্ধানৰত এগৰাকী ভূতত্ত্ববিদ হিচাপে অ.ভি.এল. নামৰ প্ৰতিষ্ঠানটোত যোগদান কৰে।

বিগত তেৰটা বছৰ ধৰি তেখেত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ উত্তৰাখণ্ডৰ ডেৰাডুনস্থিত কাৰ্যালয়ত কৰ্মৰত। তেখেতৰ লগত পত্নী প্ৰিয়াক্ষী গোস্বামী আৰু দুই পুত্ৰ প্ৰথম আৰু প্ৰহৰ থাকে।

সাহিত্যৰ জগতত

মৌচাকৰ সান্নিধ্য

মৌচাকৰ সান্নিধ্যলৈ অহাৰ কেইমাহমানৰ পূৰ্বে অসমীয়া বিজ্ঞানধৰ্মী আলোচনী ‘বিজ্ঞান জেউতি’ত ৰথীন্দ্ৰ নাথ গোস্বামীৰ এটি লেখা প্ৰকাশিত হৈছিল। ইয়াৰ উপৰি 'দৈনিক জনমভূমি' কাকতত ছদ্মনামেৰে এটি লেখা প্ৰকাশ পাইছিল।

১৯৮৪ চনৰ মে’ মাহত ৰথীন্দ্ৰ নাথ গোস্বামীয়ে ‘মৌচাক মামা’ হিচাপে খ্যাত সৈতে শান্তনু তামুলীৰ সাক্ষাৎ লাভ কৰে। এই সাক্ষাতে তেখেতৰ জীৱনৰ গতি সলাই পেলোৱা বুলি এটা বিশেষ সাক্ষাৎকাৰত প্ৰকাশ কৰিছে। সেই সময়ছোৱাত তেখেত বিদেশী পত্ৰ-বন্ধুৰ জগতখনত নিমজ্জিত হৈ আছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়ত তাকে লৈ ব্যস্ত হৈ থকাৰ সময়তে তেখেতে শান্তনু তামুলীক লগ পায়। তেওঁলোকৰ কথোপকথনত বিদেশী পত্ৰবন্ধুৰ কথাাই ঠাই পায়। অহাৰ সময়ত তেখেতক শান্তনু তামুলীয়ে ‘মৌচাক’ৰ কপি এটা উপহাৰ দিয়ে আৰু পত্ৰবন্ধুৰ বিষয়ে এটি প্ৰবন্ধ যুগুতাবলৈ কয়। তেখেতে দুদিনৰ ভিতৰতে ‘মৌচাক’ৰ বাবে প্ৰথমটো লেখা প্ৰস্তুত কৰিলে। লেখাটো মৌচাকত প্ৰকাশিত হোৱাৰ লগে লগেই আলোচনীখনৰ সৈতে তেখেতৰ এটা দীঘলীয়া সম্পৰ্ক আৰম্ভ হয়।

পৰৱৰ্তী সময়ত তেখেতে শান্তনু তামুলীৰ অনুৰোধক্ৰমে অসমীয়া শিশু-উপযোগী বিজ্ঞানধৰ্মী আলোচনী নতুন আৱিষ্কাৰৰ লগতো জড়িত হৈছিল। বিজ্ঞান-চৰ্চা জনপ্ৰিয়কৰণত ৰথীন্দ্ৰ নাথ গোস্বামীৰ অৱদান উল্লেখনীয়৷ সম্পাদনা আৰু সাংবাদিকতাৰ লগতো তেখেত জড়িত হৈ পৰিছিল৷

উল্লেখ্য যে, ১৯৮৫ চনত ছাত্ৰ অৱস্থাতে তেখেতে অসম সাহিত্য সভাই আয়োজন কৰা 'অসম এছচিয়েচন, আমেৰিকা' ৰচনা প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। ৪

চিচিঙৰ সৃষ্টি

মৌচাকত তেখেতে চিচিং নামৰ কল্পনাপ্ৰসূত নিগনিটোৰ সৃষ্টি কৰিছিল। বিশেষ চৰিত্ৰটো তেখেতৰ নিভৃত কোণৰ পৰা উদ্ভৱ হোৱা বুলি কয়। চিচিঙৰ দ্বাৰা তেখেতে একাধিক বিপদসংকুল কাৰ্য সম্পাদিত কৰোৱাৰ লগতে জ্ঞানৰো অন্য এক দুৱাৰ মুকলি কৰিছে। ৬ চৰিত্ৰটোক লৈ মৌচাকে এটি বিশেষ সংখ্যাও প্ৰকাশ কৰিছিল।৪

চিচিং প্ৰসংগত তেওঁ এক সাক্ষাৎকাৰত কয়:

‘চিচিং’ মোৰ এটা পৰীক্ষা। মই সদায়ে এটা চৰিত্ৰৰ কথা ভাবো যাৰ নাম উচ্চাৰণ কৰিলে অকণিৰ মনত এখন স্পষ্ট ছবি ভাঁহি উঠিব। বিশ্বৰ আন সাহিত্যত থকাৰ দৰে অসমীয়া সাহিত্যত তেনে চৰিত্ৰ নাই বুলি ক’ব পাৰি। ....মোৰ লেখাবোৰ অকণিয়ে আগ্ৰহেৰে পঢ়া বুলি জনাৰ পাছত ভাবিলোঁ শিশুৰ বাবে নতুন কিবা এটা কৰোঁ। এটা আদৰ্শ চৰিত্ৰৰ সৃষ্টি হওক। মই যি ক’ব বিচাৰিছোঁ বা কিবা শিক্ষা দিব বিচাৰিছোঁ, তাৰে কিছু অংশ ‘চিচিং’ চৰিত্ৰৰ মাজেৰে প্ৰতিফলিত হওক। তাৰ পাছত বৈজ্ঞানিক চিন্তা-চৰ্চাৰ অংগ হিচাপে তাক বিকাশ কৰিলোঁ। সময়ৰ লগে-লগে চৰিত্ৰটো অধিক পৈনত হৈ পৰিল।

১৯৯৫ চনত প্ৰকাশিত 'হবি' তেখেতৰ দ্বাৰা লিখিত প্ৰথমখন গ্ৰন্থ। গ্ৰন্থখনে 'হবি' বিষয়টোক সামৰি লৈছে। অসমীয়া ভাষাত 'হবি'ৰ বিষয়ে যুগুতোৱা এইখনেই প্ৰথম গ্ৰন্থ।

ৰথীন্দ্ৰ নাথ গোস্বামীয়ে লিখা ‘মহাসমুদ্ৰৰ সিপাৰে’ (১৯৯৭)প্ৰান্তিকত ধাৰাবাহিক হিচাপে প্ৰকাশিত হৈছিল। ৰ’টাৰী ইণ্টাৰনেশ্যনেলৰ সদ্ভাৱমূলক ৰাষ্ট্ৰদূত হিচাপে আমেৰিকা ভ্ৰমণ কৰোঁতে তেখেত স্থানীয় পৰিয়ালত আছিল। সেইছোৱা সময়ত হোৱা অভিজ্ঞতাৰ বৰ্ণনাৰে এই ভ্ৰমণ কাহিনী সমৃদ্ধ হৈছে। গ্ৰন্থখনে অসম সাহিত্য সভাৰ হেম বৰুৱা সোঁৱৰণী বঁটা(১৯৯৯) লাভ কৰিছিল।

গ্ৰন্থৰাজি

শিশুসাহিত্য

  • বিদেশী বন্ধুৰ দেশত (১৯৯৭) (শিশু-উপযোগী ভ্ৰমণ-কাহিনী)
  • বিজ্ঞানে আনিব জোৱাৰ (২০০১) (বিজ্ঞানধৰ্মী)
  • কিংকিনীৰ বিদ্ৰোহ(২০০২) (কল্প-বিজ্ঞানধৰ্মী)
  • ৰথীন মামাৰ অংকৰ মজা (২০০৭) (অংক বিষয়ক)
  • চিচিং (২০১৩), (শিশু উপযোগী গল্প-সংকলন)
  • পোৱালমণি আৰু চিচিঙৰ দু:সাহসিক অভিযান (২০২০) (শিশু-উপযোগী উপন্যাস)৬

ভ্ৰমণ কাহিনী

  • মহাসমুদ্ৰৰ সিপাৰে (১৯৯৭)
  • আৰব সাগৰৰ টোকাবহী–সমুদ্ৰিকা (২০০১)
  • হৃদয় শিখৰৰ প্ৰতিধ্বনি (২০০১)
  • মুম্বাই-সাগৰ সীমনাত ৰৈ (২০০৮)
  • ঈশ্বৰৰ উপত্যকাত(২০১৩)

অনুবাদ সাহিত্য

  • বেলুনত পাঁচ সপ্তাহ (২০০০)
  • জুৰাছিক পাৰ্ক (নতুন আৱিষ্কাৰ আলোচনীত ধাৰাবাহিকৰূপে প্ৰকাশিত)

গল্প সংকলন

  • সংগ্ৰাম (২০০৫)

অ-কাহিনীমূলক

  • হবি (১৯৯৫) (হবি সম্পৰ্কীয়)
  • চলন্ত মহাদেশ, গতিশীল পৃথিৱী (২০১৯) (মূলত: ভূ-তত্ত্ব সম্পৰ্কীয়)

বঁটা আৰু সন্মান

  • ৰ’টাৰী ইণ্টাৰনেশ্যনেলৰ সদ্ভাৱমূলক ৰাষ্ট্ৰদূত হিচাপে আমেৰিকা ভ্ৰমণ।
  • মহাসমুদ্ৰৰ সিপাৰে শীৰ্ষক ভ্ৰমণমূলক গ্ৰন্থখনৰ বাবে ১৯৯৯ চনত অসম সাহিত্য সভাৰ হেম বৰুৱা সোঁৱৰণী বঁটা
  • অসমীয়া শিশু সাহিত্য বঁটা, ২০২১ চনত ৪
  • পোৱালমণি আৰু চিচিঙৰ দুঃসাহসিক অভিযান (২০২০) নামৰ শিশু-উপযোগী উপন্যাসৰ বাবে ২০২৩ চনত সাহিত্য অকাডেমি বঁটা (শিশু সাহিত্য)
  • ৰথীন্দ্ৰ নাথ গোস্বামীয়ে সাহিত্য অকাডেমীয়ে আয়োজন কৰা শিশু সাহিত্যৰ আলোচনা-সভাত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ (29th July 2023). ONGCian Rothindra Nath Goswami receives the Bal Sahitya Puraskar 2023. NewsMantra
  2. ↑ (June 23, 2023). ৰথীন্দ্ৰ নাথ গোস্বামীলৈ শিশু সাহিত্য অকাদেমী বঁটা. ETV Bharat: Assam
  3. ↑ (June 24, 2023). Assam Shines at Sahitya Akademi Awards 2023, Celebrating Literary Excellence. North East India
  4. ↑ (১৯ ডিচেম্বৰ, ২০২৩). ৰথীন্দ্ৰ নাথ গোস্বামীলৈ ২০২১ চনৰ অসমীয়া শিশু সাহিতা বঁটা. প্ৰতিদিন
  5. ↑ (23 June 2023). Press Release Bal Sahitya Puraskar 2023. Sahitya Akademi
  6. ↑ গোস্বামী, ৰথীন্দ্ৰনাথ. (ডিচেম্বৰ, ২০২০). পোৱালমণি আৰু চিচিঙৰ দু:সাহসিক অভিযান. আঁক-বাক. পৃ. বেটুপাতৰ প্ৰচ্ছদ. ISBN ৯৭৮-৯৩-৯০৬১০-১৭-৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিকঅসমীয়া গল্পকাৰসাহিত্য অকাডেমি শিশু সাহিত্য বঁটা বিজয়ীশিশু সাহিত্যিকঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰথীন্দ্ৰ নাথ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬২৪৭০৯ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।