ৰবি শংকৰ জয়দৃত শাস্ত্ৰী (জন্ম ২৭ মে' ১৯৬২) এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন অধিনায়ক। ১ ২ তেওঁ আছিল সোঁহাতৰ বেটছমেন আৰু বাওঁহাতৰ বলাৰ তথা অল ৰাউণ্ডাৰ। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ ১৮ বছৰ বয়সৰ পৰা আৰম্ভ হৈছিল আৰু ১২ বছৰ ধৰি চলিছিল। তেওঁ বলাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল যদিও পিছলৈ তেওঁ বেটছমেন হোৱাৰ লগতে বেটিঙৰ লগতে বলিং কৰিব পৰা বেটছমেন হৈ পৰিছিল। তেওঁৰ পৰিয়ালটো মূলতঃ মাঙ্গালৰৰ যদিও তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল মুম্বাইত।
তেওঁ মূলতঃ অ’পেনিং বেটছমেন বা মিডল অৰ্ডাৰ হিচাপে খেলিছিল।
তেওঁ ১৯৮৫ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত ক্ৰিকেট বিশ্ব চেম্পিয়নশ্বিপত "চেম্পিয়নছ অৱ চেম্পিয়নছ" হিচাপে নিৰ্বাচিত হয়। একেটা ছিজনতে ১৯৮৫ চনৰ ১০ জানুৱাৰীত ৩, তেওঁ পশ্চিম ভাৰতীয় গেৰী ছবাৰ্ছৰ ৬টা ছয়ৰ অভিলেখৰ সমান কৰে।
ঘৰুৱা ক্ৰিকেটত বম্বে (মুম্বাই)ৰ হৈ খেলি খেলৰ অন্তিম বছৰত নিজৰ দলটোক ৰঞ্জী ট্ৰফী খিতাপ দখল কৰাত সহায় কৰিছিল। গ্লেমৰ্গানৰ হৈ কাউণ্টি ক্ৰিকেটতো চাৰিটা ছিজন খেলিছিল। আঁঠুৰ বাৰে বাৰে আঘাত পোৱাৰ বাবে মাত্ৰ ৩১ বছৰ বয়সতে অৱসৰ ল’বলৈ বাধ্য হৈছিল। পিছলৈ তেওঁ বিচিচিআইত ভাৰতৰ মেচসমূহৰ কমেণ্টেটৰ হিচাপে কাম কৰিছিল। ৪ ২০১৪ চনত ইংলেণ্ড ভ্ৰমণৰ পৰা ২০১৫ চনৰ বিশ্বকাপলৈকে ৮ মাহ ভাৰতীয় ক্ৰিকেট দলৰ মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৭ চনৰ ১৩ জুলাইত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰে। ২০১৯ চনৰ ১৬ আগষ্টত তেওঁক পুনৰ ছিনিয়ৰ পুৰুষ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হয় আৰু ২০২১ চনৰ আইচিচি টি-২০ বিশ্বকাপলৈকে কাৰ্যনিৰ্বাহ কৰিব। ৫
তথ্যসূত্ৰ
- ↑ ESPN Cricinfo Player Archive. http://www.espncricinfo.com/
- ↑ Shastri named director of cricket for England ODIs. http://www.espncricinfo.com/
- ↑ "10th January 1985: Ravi Shastri Hits-Six-Sixes-in-an-Over"
- ↑ Ravi .Shastri
- ↑ (16 August 2019). Ravi Shastri to continue as India head coach. Cricbuzz
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবি শাস্ত্ৰী” প্ৰবন্ধৰ সংশোধন ৫৭০১৩২ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।