অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবিন ৱাল কিমাৰাৰ

ৰবিন ৱাল কিমাৰাৰ ( Robin Wall Kimmerer; জন্ম ১৯৫৩)) এগৰাকী আমেৰিকান পৰিৱেশবিদ আৰু বন্যজীৱবিজ্ঞানৰ বিশিষ্ট অধ্যাপক। বৰ্তমান তেওঁ ষ্টেট ইউনিভাৰ্চিটি অৱ নিউয়ৰ্ক কলেজ অৱ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড ফৰেষ্ট্ৰি (State University of New York College of Environmental Science and Forestry, SUNY-ESF)ৰ…

হালনাগাদ: ১৫ এপ্ৰিল ২০২৩ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰবিন ৱাল কিমাৰাৰ ( Robin Wall Kimmerer; জন্ম ১৯৫৩)) এগৰাকী আমেৰিকান পৰিৱেশবিদ আৰু বন্যজীৱবিজ্ঞানৰ বিশিষ্ট অধ্যাপক। বৰ্তমান তেওঁ ষ্টেট ইউনিভাৰ্চিটি অৱ নিউয়ৰ্ক কলেজ অৱ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড ফৰেষ্ট্ৰি (State University of New York College of Environmental Science and Forestry, SUNY-ESF)ৰ চেণ্টাৰ ফৰ নেটিভ পিপলছ এণ্ড এনভাইৰনমেণ্টৰ সঞ্চালক।

ৰবিন ৱাল কিমাৰাৰে পৰিৱেশ বিজ্ঞান সম্পৰ্কীয় বহুতো বৈজ্ঞানিক প্ৰবন্ধ প্ৰকাশ কৰিছে। তাৰোপৰি তেওঁ পৰিৱেশ, মাতৃভাষা আৰু খিলঞ্জীয়া জাতি সম্পৰ্কীয় দুখন গ্ৰন্থৰ লেখিকা- গেদাৰিং মছ: এ নেচাৰেল এণ্ড কালচাৰেল হিষ্ট্ৰী অৱ মছছ (Gathering Moss: A Natural and Cultural History of Mosses, ২০০৩), আৰু ব্ৰেইডিং ছুইটগ্ৰাছ: ইণ্ডিজেনাছ উইজডম, চাইন্টিফিক ন'লেজ এণ্ড দ্য টিচিংছ অৱ প্লাণ্টছ (Braiding Sweetgrass: Indigenous Wisdom, Scientific Knowledge and the Teachings of Plants, ২০১৩)। ২০১৬ চনত ব্ৰেইডিং ছুইটগ্ৰাছ এটা অডিঅ’বুক সংস্কৰণো মুকলি কৰা হৈছিল।

তেওঁ চিটিজেন পটাৱাটমি নেচন (Citizen Potawatomi Nation)ৰ এগৰাকী সদস্য।১

শিক্ষা

ৰবিন ৱাল কিমাৰাৰৰ জন্ম হৈছিল ১৯৫৩ চনত আপষ্টেট নিউয়ৰ্কত। তেওঁৰ পিতৃ ৰবাৰ্ট ৱাল আৰু মাতৃ পেট্ৰিচিয়া ৱাল। শৈশৱৰে পৰা তেওঁৰ প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি গভীৰ আকৰ্ষণ শিপাইছিল। তেওঁৰ পিতৃ-মাতৃয়ে নিউয়ৰ্কৰ উত্তৰ অঞ্চলত থাকি নিজৰ পটাৱাট’মি ঐতিহ্যৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ আৰম্ভ কৰাৰে পৰা ৰবিন ৱাল কিমাৰাৰৰ এই আকৰ্ষণ গভীৰ হৈ পৰিল।২

কিমাৰাৰে কলেজৰ বাবে ঘৰৰ ওচৰতে থাকি নিউয়ৰ্ক মহানগৰৰ ষ্টেট ইউনিভাৰ্চিটি কলেজ অৱ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড ফৰেষ্ট্ৰি (State University of New York College of Environmental Science and Forestry) ত পঢ়িছিল। ১৯৭৫ চনত তাৰপৰাই তেওঁ উদ্ভিদ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৯ চনত কিমাৰাৰে উইচকনচিন–মেডিচন বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ১৯৮৩ চনত উদ্ভিদ পৰিৱেশ বিজ্ঞানত পি এইচ ডি লাভ কৰে। এই গৱেষণাত কিমাৰাৰে মছ বা শেলুৱৈৰ বিষয়ে অধ্যয়ন কৰিছিল। পৰৱৰ্ত্তীকালত ইয়ে তেওঁৰ কেৰিয়াৰৰ বৈজ্ঞানিক কেন্দ্ৰবিন্দু হৈ পৰে।৩

কেৰিয়াৰ

উইচকনচিনৰ পৰা কিমাৰাৰ কেন্টাকিলৈ যায় আৰু লেক্সিংটনৰ ট্ৰেন্সিলভেনিয়া বিশ্ববিদ্যালয়ত কিছুদিন অধ্যাপনা কৰে। পিছত তেওঁ কেন্টাকিৰ ডেনভিলৰ চেণ্টাৰ কলেজত জীৱবিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ অধ্যাপনা কৰে। ১৯৯৩ চনত কিমাৰাৰে নিউয়ৰ্ক মহানগৰৰ ষ্টেট ইউনিভাৰ্চিটি কলেজ অৱ এনভাইৰনমেণ্টেল ছায়েন্স এণ্ড ফৰেষ্ট্ৰিত অধ্যাপিকা হিচাপে যোগদান কৰে। বৰ্তমানলৈকে তাতে তেওঁ অধ্যাপনা কৰি আহিছে।

বঁটা আৰু স্বীকৃতি

  • প্ৰথম গ্ৰন্থ 'Gathering Moss: A Natural and Cultural History of Mosses' ৰ বাবে জন ব'ৰ' মেডেল ( John Burroughs Medal)৪
  • ২০১৪: দ্বিতীয় গ্ৰন্থ 'Braiding Sweetgrass: Indigenous Wisdom, Scientific Knowledge, and the Teachings of Plants' ৰ বাবে ছিগাৰ্ড অ'লছন প্ৰকৃতি সম্পৰ্কীয় লেখাৰ বাবে বঁটা (Sigurd F. Olson Nature Writing Award)৫। ২০২১ চনত ভিতৰত এই গ্ৰন্থৰ ৫০০,০০০ টা মুদ্ৰণ বিক্ৰী হৈ যায়।৬
  • ২০২০: আটলাণ্টিক কলেজ (College of the Atlantic) ৰ পৰা মানৱ পৰিস্থিতিবিজ্ঞান (Human Ecology)ত সন্মানীয় এম ফিল ডিগ্ৰী লাভ। ৭
  • ২০২২: মেকআৰ্থাৰ জিনিয়াছ বঁটা (MacArthur "genius" award)৮

তথ্যসূত্ৰ

  1. ↑ "Writers-in-Residence Program: Robin Kimmerer." Archived April 2, 2013, at the Wayback Machine HJ Andrews Experimental Forest. 2004. Retrieved July 17, 2012
  2. ↑ Robin Wall Kimmerer: Americans Who Tell The Truth". www.americanswhotellthetruth.org
  3. ↑ www.theguardian.com/science/2021/jun/19/robin-wa
  4. ↑ Home". www.johnburroughsassociation.org. Retrieved December 1, 2022
  5. ↑ Hertzel, Laurie. ""Braiding Sweetgrass" wins Sigurd Olson nature writing award". Star Tribune. Retrieved December 1, 2022
  6. ↑ "Robin Wall Kimmerer: 'Mosses are a model of how we might live'". the Guardian. June 19, 2021. Retrieved June 19, 2021
  7. ↑ "COA to celebrate 47th commencement". www.coa.edu. Retrieved December 1, 2022
  8. ↑ "Robin Wall Kimmerer". www.macfound.org. Retrieved October 12, 2022

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিপৰিৱেশ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবিন ৱাল কিমাৰাৰ” প্ৰবন্ধৰ সংশোধন ৩৫৪৩০৫ (১৫ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।