নাৰং ৱংসাৱন ( থাই: ณรงค์ วงษ์สวรรค์; ২০ মে' ১৯৩২ – ১৫ মাৰ্চ ২০০৯) এগৰাকী থাই লেখক আৰু সাংবাদিক। তেওঁ ৰং ৱংসাৱন (থাই ভাষাত: 'รงค์ วงษ์สวรรค์) নামেৰে লেখা-মেলা কৰিছিল। তেওঁৰ সৰহসংখ্যক লেখা আছিল অৰ্ধ-আত্মজীৱনীমূলক। এই লেখাসমূহত তেওঁৰ অভিজ্ঞতা তথা থাইলেণ্ড আৰু কেলিফৰ্ণিয়াৰ বিভিন্ন ঠাইৰ প্ৰতিবেদন প্ৰতিফলিত হৈছিল, য’ত ১৯৬০ৰ দশকত তেওঁ বসবাস কৰিছিল। এই দুয়ো ঠাইতে তেওঁ ক্ষমতাশালীৰ ভণ্ডামিৰ সমালোচনা কৰিছিল আৰু সমান্তৰালকৈ বঞ্চিত লোকৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছিল।১২৩
সাৱলীলভাৱে ইংৰাজী ভাষা ক’ব আৰু লিখিব পাৰিছিল যদিও, ৱংসাৱনে নিজৰ স্থানীয় থাই ভাষাতহে লেখা মেলা কৰিছিল। ২০০৯ চনত তেওঁৰ মৃত্যুৰ আগলৈকে তেওঁ মাজে মাজে চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু থাই টেলিভিছনৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল। থাই ভাষাক লৈ কৰা নতুন সম্পৰীক্ষাৰ বাবে তেওঁক জনা গৈছিল আৰু অন্য থাই ভাষাৰ লেখকৰ দৰে কাহিনীক আগুৱাই নিবলৈ তেওঁ লেখাত কথোপকথনৰ ব্যৱহাৰ কৰিছিল।৪
সংক্ষিপ্ত জীৱনী
ৱংসাৱনে চাই নাটত জন্মগ্ৰহণ কৰিছিল আৰু স্কুলীয়া শিক্ষা গ্ৰহণৰ বাবে ১৯৪০ চনত তেওঁ বেংককত থাকিবলৈ গৈছিল। তাতে তেওঁক ‘চিয়াম ৰাথ’ কাকতৰ সম্পাদক এম আৰ কুকৃত প্ৰমোজে ফটোগ্ৰাফাৰ আৰু সাংবাদিক হিচাপে নিযুক্তি দিছিল। বেংককত ৱংসাৱনে নিজৰ সুকীয়া প্ৰতিবেদন শৈলী গঢ়ি তুলিছিল, য’ত তেওঁ বেংককৰ দৰিদ্ৰ অঞ্চলসমূহ ভ্ৰমণ কৰি বেশ্যাকে ধৰি চহৰখনৰ বঞ্চিত লোকসকলৰ জীৱন আৰু তেওঁলোকৰ প্ৰায়ে ধনী গ্ৰাহকসকলৰ জীৱনৰ বৰ্ণনা কৰিছিল। এই প্ৰাৰম্ভিক সময়ছোৱাৰ তেওঁৰ আটাইতকৈ পৰিচিত গ্ৰন্থখন হৈছে; ১৯৬১ চনত প্ৰকাশিত চানিম চয় (থাই: สนิมสร้อย)।৫
১৯৬২ চনত ৱংসাৱনক চিয়াম ৰাথৰ সংবাদদাতা হিচাপে কেলিফৰ্ণিয়ালৈ পঠিওৱা হয়। কেলিফৰ্ণিয়াত থকাৰ সময়ত তেওঁ জীৱন নিৰ্বাহ কৰিবলৈ কাকতৰ চাকৰিৰ সমান্তৰালকৈ ছান ফ্ৰান্সিস্কোত বাৰটেণ্ডাৰৰ কাম কৰিছিল। তেওঁৰ লেখাত সাংবাদিকতা আৰু গল্প-কথাৰ সমন্বয় ঘটিছিল আৰু তেওঁৰ এই সুকীয়া লেখন শৈলীৰে তেওঁ চিয়াম ৰাথলৈ গল্প প্ৰেৰণ কৰিছিল।
১৯৭০ চনত ৱংসাৱনে ভিয়েটনাম যুদ্ধৰ সময়ত থাইলেণ্ডৰ সাত্তাহিপ নৌসেনা ঘাটি আৰু থাইলেণ্ডৰ টাকলি বিমান ঘাটিত থাই আৰু আমেৰিকানসকলৰ মাজৰ সম্পৰ্কৰ বিষয়ে কিতাপ আৰু প্ৰবন্ধ লেখি প্ৰকাশ কৰিছিল।৬
১৯৮০ চনত বংসাৱন থাই টেলিভিছনৰ এগৰাকী জনপ্ৰিয় অতিথি হিচাপে পৰিচিত হৈ পৰিছিল আৰু মাজে মাজে তেওঁ বিজ্ঞাপনতো ভূমুকি মাৰিছিল। তেওঁ এখন ইংৰাজী ভাষাৰ ছবি ''চাইগন: ইয়াৰ অৱ দ্য কেট'ত বৈদেশিক মন্ত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৭
বাতৰি কাকতলৈ লেখা গল্প আৰু ফটোগ্ৰাফীসমূহৰ বাহিৰেও বংসাৱনে ১৯৫৯ চনৰপৰা ২০০৫ চনলৈ প্ৰায় ১০০খন কিতাপ লেখিছে। তেওঁৰ লেখন শৈলীক গঞ্জো শৈলী বুলি কোৱা হয়, কাৰণ লেখাত তেওঁ নিজে প্ৰথম পুৰুষ হৈ থাকি কাহিনীটো ব্যক্ত কৰে। আমেৰিকান লেখক হাণ্টাৰ এছ থমছনক গঞ্জো শৈলীৰ উদ্ভাৱক বুলি কোৱা হয় যদিও বংসাৱনে তেওঁতকৈ আগতে লেখা আৰম্ভ কৰিছিল।
১৯৯৫ চনত থাই ৰাষ্ট্ৰীয় শিল্পী হিচাপে ৱংসাৱনক স্বীকৃতি দিয়া হয়।
তথ্যসূত্ৰ
- ↑ Leyland, Peter. (29 May 2009). Obituary: Rong Wongsawan. The Guardian
- ↑ Waters, Tony. (2019). Rong Wongsawan's Gonzo Journey through California in 1976: A Thai Writer Looks at the Americans. Journal of the Siam Society. পৃ. 117–133
- ↑ mysakonnakhon.com/thai-journalist-day-rememberin
- ↑ Anderson, Benedict; Mendiones, Ruchira. (1985). In the Mirror: Literature and Politics in Siam in the American Era. Duang Kamol. ISBN 978-974-210-380-4
- ↑ Feangfu, Janit. (2011). (Ir)resistibly Modern: The Construction of Modern Thai Identities in Thai Literature during the Cold War Era, 1958–1976. Doctoral thesis. SOAS, University of London
- ↑ สัตหีบ ยังไม่มีลาก่อน. Goodreads
- ↑ Saigon: Year of the Cat. ইণ্টাৰনেট মুভি ডাটাবেছ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰং ৱংসাৱন” প্ৰবন্ধৰ সংশোধন ৬০৯৫২১ (২৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।