অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰত্নমালা সাৱনুৰ

ৰত্নমালা ধৰেশ্বৰ সাৱনুৰ (Ratnamala Dhareshwar Savanur, জন্ম-১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পূৰ্বতে জনতা দল আৰু বৰ্তমান জনতা দল (চেকুলাৰ)ৰ সৈতে জড়িত। একাদশ লোকসভাৰ সদস্য হিচাপে তেওঁ গুজৰাল মন্ত্ৰালয়ত পৰিকল্পনা আৰু ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰত্নমালা ধৰেশ্বৰ সাৱনুৰ (Ratnamala Dhareshwar Savanur, জন্ম-১৯৫০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ পূৰ্বতে জনতা দল আৰু বৰ্তমান জনতা দল (চেকুলাৰ)ৰ সৈতে জড়িত। একাদশ লোকসভাৰ সদস্য হিচাপে তেওঁ গুজৰাল মন্ত্ৰালয়ত পৰিকল্পনা আৰু ৰূপায়ণৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাথমিক জীৱন

১৯৫০ চনৰ ৩ ডিচেম্বৰত কৰ্ণাটকৰ বেলগাম জিলাত সাৱনুৰে জন্মগ্ৰহণ কৰিছিল। তেওঁ শ্ৰী গোপালৰাও মাছাজী পোলৰ কন্যা। কোলহাপুৰৰ এখন আইন মহাবিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছে।১

কৰ্মজীৱন

সাৱনুৰ পূৰ্বতে জনতা দলৰ সদস্য আছিল। ১৯৯৬ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত চিক্কোড়ি আসনৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ বি শংকৰাণন্দৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ১,১২,৭৫৯ টা ভোটৰ ব্যৱধানত তেওঁক পৰাস্ত কৰে।২ইয়াৰ পূৰ্বে শংকৰানন্দই একেৰাহে ৯ বাৰকৈ সমষ্টিটোত জয়লাভ কৰিছিল।৩প্ৰধানমন্ত্ৰী আই.কে. গুজৰালৰ মন্ত্ৰী পৰিষদৰ তেওঁ সদস্য আছিল।১৪ কিন্তু ১৯৯৮ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত জনতা দলে চিক্কোড়িৰ পৰা আন এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰে।৩

২০০৪ চনৰ মাৰ্চ মাহত জনতা দল (চেকুলাৰ)ত যোগদান কৰাৰ আগতে ছাৱনুৰ কিছু সময়ৰ বাবে কংগ্ৰেছৰ সদস্য আছিল।৫২০০৮ চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।৬

ব্যক্তিগত জীৱন

১৯৭৪ চনৰ ১২ মে'ত ধৰেশ্বৰ সাৱনুৰৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে।১

তথ্যসূত্ৰ

  1. ↑ Biographical Sketch of Member of XI Lok Sabha: Savanoor, Smt. Ratnamala. লোকসভা
  2. ↑ Statistical Report on General Elections, 1996 to the Eleventh Lok Sabha. ভাৰতৰ নিৰ্বাচন আয়োগ. পৃ. 194
  3. ↑ Prabhudesai, Sandesh. (16 February 1998). Shankaranand may still pull off a surprise. Rediff.com
  4. ↑ (19 March 2004). Demand for Congress ticket. Deccan Herald
  5. ↑ (19 March 2004). Huge demand for Janata Dal (S) ticket. দ্য হিন্দু
  6. ↑ (5 April 2008). Cong, JDS leaders join BJP. Outlook

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্নমালা সাৱনুৰ” প্ৰবন্ধৰ সংশোধন ৬৩৭৯২৯ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।