অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰকষ্টাৰ ৰমণী অম্মাল

ৰমণী অম্মাল (১৯৫৪ – ৪ এপ্ৰিল ২০২৩), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম ৰকষ্টাৰ ৰমণী অম্মাল, এগৰাকী ভাৰতীয় লোক গায়িকা আৰু প্লেবেক ছিংগাৰ আছিল। ২০১৭ চনত টেলিভিছনৰ ৰিয়েলিটি শ্ব' জি তামিলৰ ছা ৰে গা মা পা চিনিয়ৰছত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ বিশিষ্টতা লাভ কৰে।

হালনাগাদ: ৩ এপ্ৰিল ২০২৫ ২৬২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰমণী অম্মাল (১৯৫৪ – ৪ এপ্ৰিল ২০২৩), জনপ্ৰিয়ভাৱে তেওঁৰ মঞ্চনাম ৰকষ্টাৰ ৰমণী অম্মাল, এগৰাকী ভাৰতীয় লোক গায়িকা আৰু প্লেবেক ছিংগাৰ আছিল। ২০১৭ চনত টেলিভিছনৰ ৰিয়েলিটি শ্ব' জি তামিলৰ ছা ৰে গা মা পা চিনিয়ৰছত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ বিশিষ্টতা লাভ কৰে।১ তেওঁ ছা ৰে গা মা পা চিনিয়ৰছৰ উদ্বোধনী সংস্কৰণৰ বিচাৰকৰ পৰা "ৰকষ্টাৰ" উপনাম লাভ কৰে। কাঢল (২০০৪) ছবিত প্লেবেক গায়িকা হিচাপে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।

সংক্ষিপ্ত জীৱনী

মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰা ৰমণি আম্মালে পাৰিবাৰিক অসুবিধাৰ বাবে পঢ়া-শুনা ত্যাগ কৰিবলগীয়া হৈছিল। সৰুতেই সংগীতৰ প্ৰতি আগ্ৰহ বজাই ৰাখিছিল যদিও টকা উপাৰ্জনৰ বাবে আনৰ ঘৰত কাম কৰিছিল।১সংগীতৰ প্ৰতি থকা আগ্ৰহ জীপাল কৰি ৰাখিবলৈ তেওঁ বিবাহ অনুষ্ঠানতো গীত গাইছে। জীৱনৰ বেছিভাগ সময় আনৰ ঘৰত লগুৱা হিচাপে কাম কৰিছিল আৰু এই সময়ছোৱাতে ছবি এখনত গান গোৱাৰ প্ৰথম সুযোগ পাইছিল।২২০০৪ চনত মুক্তি পোৱা ৰোমান্টিক নাট্য ছবি কাধলত কণ্ঠশিল্পী হিচাপে তেওঁৰ অভিষেক ঘটে। কথৱৰায়ণ (২০০৮), তেনাৱথু (২০০৮) আৰু হৰিদাস (২০১৩)ত গীত গাইছিল।৩অৱশ্যে তাই বেছি চিনেমাত সুযোগ নাপালে আৰু তাৰ পিছত তাই পুনৰ ঘৰুৱা কামত চাকৰ হিচাপে কামত লাগিল।

২০১৭ চনত ৬৩ বছৰ বয়সতে ৰিয়েলিটি টিভি শ্ব’ ছা ৰে গা মা পা চিনিয়ৰছৰ জৰিয়তে টেলিভিছনত অভিষেক ঘটায় আৰু পিছলৈ চলচ্চিত্ৰ গীত গোৱাৰ বাবে জনপ্ৰিয় ঘৰুৱা নাম হৈ পৰে, যাৰ কৃতিত্ব তেওঁৰ বাবে প্ৰবীণ অভিনেতা-ৰাজনীতিবিদলৈ পৰিণত হোৱা এম জি আৰৰ জনপ্ৰিয় গীত।৪সেই শ্ব’টোৰ শীৰ্ষ দহখন ফাইনেলিষ্টৰ ভিতৰত অন্যতম হৈ পৰে আৰু ২০১৮ চনৰ ১৫ এপ্ৰিলত অনুষ্ঠিত হোৱা গ্ৰেণ্ড ফিনালেত প্ৰথম ৰানাৰ্ছ আপ হয়।৫৬ সা ৰে গা মা পা ছবিৰ সফলতাৰ পিছত তেওঁ বহু ছবিত গান গোৱাৰ সুযোগ পালে। পাৰ্শ্ব গায়িকা হিচাপে তেওঁ জংগা (২০১৮), সন্দাকোজি ২ (২০১৮), কাপ্পান (২০১৯) আৰু নেঞ্জামু নিৰ্মায়ুন্দু ওডু ৰাজা (২০১৯)ৰ বাবে গীত গাইছে।৭৮তেওঁ শ্ৰীলংকা, ছিংগাপুৰ আৰু আমেৰিকাত কেইবাটাও সংগীত কনচাৰ্ট পৰিচালনা কৰিছিল।

২০১৮ চনত টেলিভিছনৰ ধাৰাবাহিক য়াৰাদি নী মোহিনীত বিশেষ অতিথি হিচাপে অভিনয় কৰিছিল।৯

২০২৩ চনৰ ৪ এপ্ৰিলত ৬৯ বছৰ বয়সত আম্মালৰ মৃত্যু হয়।১০

সংগীত তালিকা

বছৰচলচ্চিত্ৰগীত(সমূহ)টোকা
২০০৮কাঠাভৰায়ণ"কাঠাভৰায়া সামী"
২০১৩হৰিদাস"ভেল্লাকুথিৰাই"
২০১৮জুঙ্গা"ৰাইজ অৱ জুঙ্গা"
২০১৮ছান্দাকোঝি ২"ছেংগাৰাট্টন পাৰাইয়িলা"
২০১৯নেঞ্জামুন্ডু নেৰ্মাইয়ুন্ডু ওডু ৰাজা"ইন্টাৰনেট পাছাংগা"
২০১৯কাপ্পান"চিৰুক্কি"

চলচ্চিত্ৰ তালিকা

  • বোম্মাই নাইয়াগি (২০২৩)

তথ্যসূত্ৰ

  1. ↑ (16 April 2018). I will donate some money to poor people, says Sa Re Ga Ma Pa's Rockstar Ramaniammal. The Times of India
  2. ↑ Rajkumar. (2019-03-03). சினிமாவில் கலக்குவார் என்று எதிர்பார்த்த ரமணியம்மாள்.! தற்போது என்ன செய்துகொண்டிருக்கிறார் பாருங்க.!. Tamil Behind Talkies
  3. ↑ Namma OOru rockstar. The New Indian Express
  4. ↑ ‘ராக் ஸ்டார்’ ரமணியம்மாளைத் தெரியாதா உங்களுக்கு?!. Dinamani
  5. ↑ Top five to battle on 'Sa Re Ga Ma Pa' finale today - Times of India. The Times of India
  6. ↑ Tamil Sa Re Ga Ma Pa: Varsha emerges as the winner of the singing reality show - Times of India. The Times of India
  7. ↑ Rock Star Ramani Ammal records a song for Junga - Times of India. The Times of India
  8. ↑ ‘Sengaruttan Paaraiyula’ song from ‘Sandakozhi 2’ unveiled - Times of India. The Times of India
  9. ↑ Sa Re Ga Ma Pa Tamil 2018 finalist Ramaniammal makes a cameo in 'Yaaradi Nee Mohini' - Times of India. The Times of India
  10. ↑ Palanichamy, Saravanan. (4 April 2023). Ramani Ammal Passes Away At The Age Of 69: The Astonishing Voice Of 'Thandatti Karuppayi' Song Is No More!. Filmi Beat

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰকষ্টাৰ ৰমণী অম্মাল” প্ৰবন্ধৰ সংশোধন ৫০১৮০৭ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।