ৰচীন ৰবীন্দ্ৰ ( ರಚಿನ್ ರವೀಂದ್ರ; জন্ম ১৮ নৱেম্বৰ ১৯৯৯) এজন নিউজিলেণ্ড ক্ৰিকেটাৰ। ১
ভাৰতীয় পিতৃ-মাতৃৰ ঘৰত ৰবীন্দ্ৰৰ জন্ম হৈছিল; পিতৃ ৰবি কৃষ্ণমূৰ্তি বাংগালুৰুত বাস কৰা এজন চফ্টৱেৰ চিষ্টেম আৰ্কিটেক্ট আৰু মাতৃ দীপা কৃষ্ণমূৰ্তি নিউজিলেণ্ডৰ ৱেলিংটনত থাকে। ২ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত নিউজিলেণ্ড ক্ৰিকেট দলৰ হৈ তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। ৩
জীৱনৰ বৈশিষ্ট্য
নিউজিলেণ্ডৰ ৱেলিংটনত ভাৰতীয় পিতৃ-মাতৃৰ ঘৰত জন্ম হৈছিল ৰবীন্দ্ৰৰ।৪ তেওঁৰ পিতৃ ৰবি কৃষ্ণমূৰ্তি নিউজিলেণ্ডত বাস কৰা এজন চফটৱেৰ আৰ্কিটেক্ট। বাংগালুৰুত থাকি ক্লাব ক্ৰিকেট খেলিছিল।৫ ৰচীনৰ পিতৃৰ প্ৰিয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড় আৰু শচীন তেণ্ডুলকাৰ। ৰাহুলত থকা "ৰ" আৰু শচীনত থকা "চীন"-এৰে পুত্ৰৰ নাম ৰাখে "ৰচীন"। ৬
কেৰিয়াৰ
২০১৬ চনৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপ, ২০১৮ চনৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ বাবে নিউজিলেণ্ডৰ দলত অন্তৰ্ভুক্ত হৈছিল। ২০১৮ চনৰ জুন মাহত তেওঁ ৱেলিংটনৰ সৈতে ২০১৮-১৯ ছিজনৰ বাবে চুক্তিবদ্ধ হয়। ৭
২১ অক্টোবৰত পাকিস্তান এৰ বিৰুদ্ধে নিউজিলেণ্ড এৰ হৈ তেওঁ লিষ্ট এত অভিষেক ঘটায়। ইয়াৰ উপৰিও ২০১৮ চনৰ ৩০ অক্টোবৰত পাকিস্তান এৰ বিৰুদ্ধে নিউজিলেণ্ড এৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায়। ২০১৯-২০ বৰ্ষৰ ফৰ্ড ট্ৰফীত অকলেণ্ডৰ বিৰুদ্ধে ৱেলিংটনৰ হৈ লিষ্ট এ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে ৰবীন্দ্ৰই। ২০২০ চনৰ মাৰ্চ মাহত ২০১৯-২০ বৰ্ষৰ প্লাংকেট শ্বিল্ড ছিজনৰ ষষ্ঠ ৰাউণ্ডত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰে। ৮
২০২০-২১ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ পূৰ্বে ২০২০ চনৰ জুন মাহত তেওঁক চুক্তিবদ্ধ কৰিছিল ৱেলিংটনে। ২০২০ চনৰ নৱেম্বৰ মাহত ৰবীন্দ্ৰই ভ্ৰমণকাৰী ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুশীলন মেচৰ বাবে নিউজিলেণ্ড এ ক্ৰিকেট দলত নিৰ্বাচিত হয়। ৯ প্ৰথম অনুশীলন মেচত ৰবীন্দ্ৰই ১১২ ৰানেৰে শতক অৰ্জন কৰে। ১০
আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ
২০২১ চনৰ এপ্ৰিল মাহত ইংলেণ্ডৰ বিৰুদ্ধে খেলা শৃংখলা আৰু ২০১৯-২১ আইচিচি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলৰ বাবে নিউজিলেণ্ড টেষ্ট দলত নিৰ্বাচিত হৈছিল ৰবীন্দ্ৰ। পাকিস্তান ভ্ৰমণৰ বাবে নিউজিলেণ্ডৰ এদিনীয়া দলত নিৰ্বাচিত হৈছিল। ২০২১ চনৰ ১ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে প্ৰথম টি-২০ খেলিছিল।১১
২০২১ চনৰ নৱেম্বৰ মাহত ভাৰতৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে নিউজিলেণ্ডৰ টেষ্ট দলত নিৰ্বাচিত হৈছিল ৰবীন্দ্ৰ। ২০২১ চনৰ ২৫ নৱেম্বৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট খেলিছিল।১২
তথ্যসূত্ৰ
- ↑ 20 cricketers for the 2020s. The Cricketer Monthly
- ↑ Meticulous Rachin building on father's cricket genes. ESPN Cricinfo
- ↑ Rachin Ravindra. ESPN Cricinfo
- ↑ Meticulous Rachin building on father's cricket genes. ESPNcricinfo
- ↑ Meticulous Rachin building on father's cricket genes. ESPN Cricinfo
- ↑ (2023-10-06). ఇంగ్లండ్కే చుక్కలు చూపించాడు. ఎవరీ రచిన్ రవీంద్ర? భారత్తో సంబంధం ఏంటి?. సాక్షి
- ↑ Central Districts drop Jesse Ryder from contracts list. ESPNcricinfo
- ↑ (2020-03-11). Plunket Shield: Devon Conway and Rachin Ravindra put table-topping Firebirds in control. Stuff
- ↑ (2020-06-15). Auckland lose Jeet Raval to Northern Districts, Finn Allen to Wellington in domestic contracts. Stuff
- ↑ (2020-11-20). Black Caps vs West Indies: Rachin Ravindra century gives New Zealand A control over tourists. Stuff
- ↑ Full Scorecard of New Zealand vs Bangladesh 1st T20I 2021 - Score Report · ESPNcricinfo.com. ESPNcricinfo
- ↑ Full Scorecard of India vs New Zealand 1st Test 2021/22 - Score Report · ESPNcricinfo.com. ESPNcricinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰচীন ৰবীন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৫৭০১৮৭ (১৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।