ৰছিদ খান (Rashid Khan; ১ জুলাই ১৯৬৮ – ৯ জানুৱাৰী ২০২৪) হিন্দুস্তানী পৰম্পৰাৰ এজন ভাৰতীয় শাস্ত্ৰীয় সংগীতজ্ঞ আছিল। তেওঁ ৰামপুৰ-সহস্বান ঘৰানাৰ অন্তৰ্গত আছিল আৰু এই ঘৰানাৰ প্ৰতিষ্ঠাপক ইনায়ত হুছেইন খানৰ আজু নাতি আছিল। তেওঁৰ সোমা খানৰ সৈতে বিবাহ সম্পন্ন হৈছিল। কেইবাটাও সংস্কৰণত কোৱা এটা কাহিনী অনুসৰি পণ্ডিত ভীমসেন যোশীয়ে এবাৰ মন্তব্য কৰিছিল যে ৰছিদ খান হৈছে "ভাৰতীয় কণ্ঠ সংগীতৰ ভৱিষ্যতৰ আশ্বাস।" ১২ তেওঁ ২০০৬ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ সন্মান পদ্মশ্ৰীৰ লগতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। ২০২২ চনত কলাৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৩
প্ৰাৰম্ভিক জীৱন
১৯৬৮ চনৰ ১ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ বুদায়ুনৰ সহস্বানত ৰছিদ খানৰ জন্ম হৈছিল। প্ৰাৰম্ভিক সংগীতৰ প্ৰশিক্ষণ তেওঁৰ মামা ককাক ওস্তাদ নিচাৰ হোছেইন খানৰ পৰা (১৯০৯-১৯৯৩) লাভ কৰিছিল। তেওঁ ওস্তাদ গোলাম মুস্তাফা খানৰ ভাগিন।
সৰুতে সংগীতৰ প্ৰতি তেওঁৰ আগ্ৰহ কম আছিল। তেওঁৰ মামা গুলাম মুস্তাফা খানে প্ৰথমে তেওঁৰ মাজত সংগীত প্ৰতিভা লক্ষ্য কৰিছিল আৰু তেওঁক কিছু সময়ৰ বাবে মুম্বাইত প্ৰশিক্ষণ দিছিল।৪ অৱশ্যে ৰছিদ খানে তেওঁৰ মূল প্ৰশিক্ষণ বুদায়ুনৰ ঘৰত নিচাৰ হুছেইন খানৰ পৰা লাভ কৰিছিল। নিচাৰ হুছেইন খান কঠোৰ অনুশাসনকাৰী হিচাপে ৰাতিপুৱা চাৰি বজাৰ পৰা কণ্ঠ প্ৰশিক্ষণ স্বৰ সাধনাৰ ওপৰত জোৰ দিছিল আৰু ৰছিদক ঘণ্টাৰ পিছত ঘণ্টা ধৰি স্কেলৰ এটা নোটৰ অভ্যাস কৰিবলৈ বাধ্য কৰাইছিল।৫ প্ৰাৰম্ভিক সময়ত তেওঁৰ গোটেই দিনটো এটা নোটৰ অনুশীলনত পাৰ হৈছিল। যদিও সৰুতে ৰছিদে এইবোৰ ভাল নাপাইছিল, তথাপি সেই দিনৰ অনুশাসিত প্ৰশিক্ষণে বৰ্তমানত তেওঁৰ তান আৰু লয়কাৰীত তেওঁৰ জন্মগত দক্ষতা প্ৰকাশ কৰিছে। ১৮ বছৰ বয়সত ৰছিদে সঁচা অৰ্থত সংগীতৰ প্ৰশিক্ষণ উপভোগ কৰিবলৈ আৰম্ভ কৰে।৬৭
সাংগীতিক জীৱন
ৰছিদ খানৰ এঘাৰ বছৰ বয়সত ৰাজহুৱা সংগীতানুষ্ঠানত অভিষেক ঘটে। তাৰ এবছৰ পিছত তেওঁ দিল্লীত অনুষ্ঠিত আইটিচিৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰে। ১৯৮০ চনৰ এপ্ৰিল মাহত নিচাৰ হুছেইন খানে কলিকতাৰ আই টি চি সংগীত গৱেষণা একাডেমী আহোঁতে তেতিয়া ৰছিদ খানেও ১৪ বছৰ বয়সত এই একাডেমীত যোগদান কৰে।১ ১৯৯৪ চনলৈ তেওঁ আনুষ্ঠানিক প্ৰক্ৰিয়া অনুসৰি একাডেমীৰ সংগীতজ্ঞ হিচাপে স্বীকৃতি লাভ কৰে। ৰছিদ খানৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪০ লাখ ডলাৰ মাৰ্কিন ডলাৰ বা ভাৰতীয় হিচাপত ৩০ কোটি টকা আছিল।৮
সংগীত শৈলী
ৰামপুৰ-সহস্বান গায়কী (গায়ন শৈলী) গোৱালিয়ৰ ঘাৰানাৰ লগত ওতপ্ৰোত সম্পৰ্কিত। এই ধাৰাটোৰ বৈশিষ্ট্য হৈছে মধ্যমীয়া-ধীৰ গীত, উদ্দাত্ত কণ্ঠস্বৰ আৰু জটিল ছন্দময় সংগীত পৰিবেশন। ৰছিদ খানে বিলম্বিত খেয়ালৰ সৈতে ককাকৰ শৈলীত ধীৰে ধীৰে সংগীত পৰিবেশন কৰিছিল আৰু স্বৰগম আৰু স্বৰৰ তানকাৰী (স্কেলৰ ব্যৱহাৰ) ব্যৱহাৰত ব্যতিক্ৰমী দক্ষতা গঢ়ি তুলিছিল। আমিৰ খান আৰু ভীমসেন যোশীৰ গায়ন শৈলীৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছে।
তেওঁৰ গুৰুৰ দৰেই তেওঁ তাৰানাৰো ওস্তাদ আছিল। কিন্তু তেওঁ নিজৰ বিশিষ্ট শৈলীত তাৰানা পৰিবেশন কৰিছিল। তেওঁ বাদ্যযন্ত্ৰৰ ষ্ট্ৰ’ক ভিত্তিক শৈলীতকৈ খেয়াল শৈলীক বেছি পছন্দ কৰিছিল, যাৰ বাবে নিচাৰ হুছেইন বিখ্যাত আছিল। তেওঁ বাদ্যযন্ত্ৰৰ সুৰ অনুকৰণ নকৰিছিল।
তেওঁৰ সুৰীয়া বিশদ বিৱৰণসমুহ আৱেগৰ প্ৰচুৰতাৰ বাবে বিখ্যাত। তেওঁ কয়: "কেতিয়াবা বন্দীশ গীত গোৱাৰ সময়ত, বা গীতটোৰ অৰ্থ প্ৰকাশ কৰাৰ সময়ত সংলাপৰ অংশবোৰত আৱেগিক বিষয়বস্তু থাকিব পাৰে।" ৬ বৰিষ্ঠ ওস্তাদসকলৰ তুলনাত ইয়াৰ দ্বাৰা তেওঁৰ শৈলীত আধুনিকতাৰ স্পৰ্শ আনিছিল। সাধাৰণতে জ্যেষ্ঠ ওস্তাদসকলে আকৰ্ষণীয় কৌশল আৰু দক্ষতাৰে কঠিন অংশসমূহ পৰিৱেশন কৰাত অধিক গুৰুত্ব দিয়াৰ প্ৰৱণতা দেখা যায়।
ৰছিদ খানে বিশুদ্ধ হিন্দুস্তানী সংগীতক লঘু সংগীতৰ ধাৰাসমূহৰ সৈতে মিহলাই পৰীক্ষাও কৰিছিল, যেনে- চুফী সংযোজন ৰেকৰ্ডিং নেইনা পিয়া ছে (আমিৰ খশ্ৰুৰ গীত), বা পশ্চিমীয়া বাদ্যযন্ত্ৰবাদক লুই বেংকছৰ সৈতে পৰীক্ষামূলক সংগীতানুষ্ঠান তেওঁ হিন্দুস্তানী সংগীতৰ সৈতে সংযোজন ঘটাইছিল। তেওঁ চেতাৰবাদক শ্বাহিদ পাৰভেজ আৰু অন্যান্যৰ সৈতে তেওঁ যুগলবন্দীও পৰিবেশন কৰিছিল।৯
মৃত্যু
২০২৪ চনৰ ৯ জানুৱাৰী তাৰিখে কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। দীৰ্ঘদিন ধৰি তেওঁ কেন্সাৰ ৰোগৰ সৈতে যুঁজি আছিল।১০১১ প্ৰষ্টেট কেন্সাৰ ধৰা পৰাৰ পিছত খানে টাটা মেম’ৰিয়েল কেন্সাৰ হস্পিতালত চিকিৎসকৰ কাষ চাপিছিল। পিছত তেওঁ কলকাতাত চিকিৎসা গ্ৰহণ কৰিবলৈ বাছি লৈছিল। খানে প্ৰথম অৱস্থাত চিকিৎসাৰ প্ৰতি ইতিবাচক সঁহাৰি দেখুৱাইছিল।১২ কিন্তু ২০২৩ চনৰ ২৩ ডিচেম্বৰত তেওঁৰ অৱস্থা বেয়া হৈ পৰে আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয়। চিকিৎসালয়ত তেওঁক উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে ভেণ্টিলেটৰত ৰখা হয় আৰু ৫৫ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।১৩
বঁটা আৰু সন্মান
- পদ্মশ্ৰী (২০০৬)১৪
- বংগ ভূষণ (২০১২)
- সংগীত নাটক একাডেমী বঁটা (২০০৬)
- গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা (জিমা) (২০১০)
- মহা সংগীত সন্মান বঁটা (২০১২)
- মিৰ্চি সংগীত বঁটা (২০১৩)১৫
- পদ্মভূষণ (২০২২)১৬
তথ্যসূত্ৰ
- ↑ Padmashree Rashid Khan. ITC SRAThe SRA site gives the Bhimsen Joshi accolade as: "One of the most notable torchbearers of the Hindustani classical tradition in the twenty first century"
- ↑ Music Label fusion3.com
- ↑ (2022-01-26). Padma Awards 2022: Complete list of recipients. mint
- ↑ (2001). Biographical Background. Ustad Rashid Khan
- ↑ Rashid Khan Biography: BackgroundThis page is official Rashid Khan website l ustadrashidkhan.com
- ↑ G. Jayakumar. (22 September 2006). An offering to the Almighty. দ্য হিন্দু
- ↑ (1 September 2002). Artist of the month: Rashid Khan. ITC Sangeet Research Academy
- ↑ (10 January 2024). Rashid Khan का 55 साल की उम्र में हुआ निधन, कैंसर से जूझ रहे थे ये संगीतकार » InBuzz
- ↑ Nadadhur, Srivathsan. (2016-11-26). Ustad Shahid Parvez Khan and Ustad Rashid Khan: A 25-year togetherness. The Hindu
- ↑ Khan, Abubakr. Ustad Rashid Khan-Maestro of Melody, Passes Away After Battle with Prostate Cancer. Bru Times News
- ↑ (9 January 2024). Kolkata: 'Aaoge Jab Tum' singer Ustad Rashid Khan dies of cancer at 55. www.indiatvnews.com
- ↑ (2024-01-09). Music maestro Rashid Khan passes away after prolonged battle with cancer. Hindustan Times
- ↑ (9 January 2024). Music maestro Ustad Rashid Khan dies at 55. The Hindu
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Parande, Shweta. (2014-02-28). Mirchi Music Awards 2014 winners: Shahrukh Khan, Farhan Akhtar honoured; Aashiqui 2 wins 7 trophies. India.com
- ↑ (2022-01-26). Padma Awards 2022: Complete list of recipients. mint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰছিদ খান (সংগীতজ্ঞ)” প্ৰবন্ধৰ সংশোধন ৫২৯৩৯৮ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।