ৰবিনা গুৰেমে ৰৱাকোজো (Robina Gureme Rwakoojo) এগৰাকী উগাণ্ডাৰ অধিবক্তা, বিধায়ক যি বৰ্তমান উগাণ্ডাৰ একাদশ সংসদৰ গম্বা জিলাৰ গম্বা পশ্চিম কাউণ্টিৰ সংসদৰ প্ৰতিনিধি সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১ তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰোধ আন্দোলন (এন আৰ এম)ৰ সৈতে জড়িত।২ তেওঁ উগাণ্ডাৰ দশম সংসদতো কাৰ্যনিৰ্বাহ কৰিছিল।৩ উগাণ্ডাৰ ১১ সংখ্যক সংসদৰ উপাধ্যক্ষ পদৰ প্ৰতিদ্বন্দ্বিতাত তেওঁ যোগদান কৰে।৪৫৬
জীৱনী
ৰবিনা গুৰেমে ৰৱাকোজোৱে ১৯৬৪ চনৰ ১৭ জুলাইত এংলিকান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।৩ তেওঁ নাকাচেৰো প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৭৬ চনত প্ৰাথমিক শিক্ষান্ত পৰীক্ষা সম্পূৰ্ণ কৰে। নাবুমালি হাইস্কুললৈ যায় আৰু তাৰ পৰাই ১৯৮০ চনত উগাণ্ডাৰ শিক্ষাৰ প্ৰমাণ পত্ৰ সম্পূৰ্ণ কৰে। আৰু ১৯৮৪ চনত কিংছ কলেজ বুডোৰ পৰা তেওঁ উগাণ্ডাৰ এডভান্সড চাৰ্টিফিকেট অৱ এডুকেচন সম্পূৰ্ণ কৰে।১
ৰৱাকোজো গুৰেমে ১৯৯০ চনত মাকেৰেৰ বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯০ চনত আইন উন্নয়ন কেন্দ্ৰৰ পৰা আইনী অনুশীলনত স্নাতকোত্তৰ ডিপ্লমা আৰু ২০০৭ চনত উগাণ্ডা মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা জনপ্ৰশাসন আৰু ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিপ্লমা সমাপ্ত কৰে।১
কৰ্ম
ৰবিনা গুৰেমে ৰৱাকোজো ১৯৯০-১৯৯২ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত প্ৰশাসক জেনেৰেল বিভাগৰ ছাত্ৰ ৰাজ্যিক এটৰ্নী আছিল৬আৰু একেটা সংস্থাৰ ভিতৰতে তেওঁ ১৯৯২ - ১৯৯৫ চনলৈকে ৰাজ্যিক এটৰ্নী হৈছিল।১১৯৯৫ - ১৯৯৬ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত এডমিনিষ্ট্ৰেটৰ জেনেৰেলছ বিভাগৰ জ্যেষ্ঠ ৰাজ্যিক এটৰ্নী হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত আইনী পৰামৰ্শদাতা সেৱা সঞ্চালকালয়ৰ বাবে তেওঁ ১৯৯৬ - ১৯৯৯ চনলৈকে এগৰাকী জ্যেষ্ঠ ৰাজ্যিক অধিবক্তা আৰু পিছলৈ তেওঁ ১৯৯৯ - ২০০৩ চনত প্ৰধান ৰাজ্যিক অধিবক্তা হৈছিল।১
২০০৩ - ২০০৭ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেৱানী গোচৰ সঞ্চালকালয়ৰ প্ৰধান ৰাজ্যিক অধিবক্তা হিচাপে কাম কৰে৷ ২০০৭ - ২০০৮ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেৱানী গোচৰ সঞ্চালকালয়ৰ বাবে ভাৰপ্ৰাপ্ত মুৰব্বী হয়।৫ ২০১০ - ২০১৫ চনলৈকে ন্যায় আৰু সাংবিধানিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত অসামৰিক মামলা সঞ্চালকালয়ৰ আয়ুক্ত লাইন মন্ত্ৰালয় হিচাপে কাৰ্যনিৰ্বাহ কৰে।২০১৬ চনত উগাণ্ডাৰ দশম সংসদত গোম্বা জিলাৰ গম্বা পশ্চিম কাউণ্টিৰ বাবে সংসদৰ প্ৰতিনিধি সদস্য হিচাপে এই আসনখন লাভ কৰে। ২০২১ চনত একেখন আসনৰ বাবে পুনৰ নিৰ্বাচিত হয়।১
তথ্যসূত্ৰ
- ↑ Parliament of Uganda. www.parliament.go.ug
- ↑ RWAKOOJO ROBINA GUREME. NRM
- ↑ (2018). The Parliamentary Performance Scorecard 2018- 2019. Africa Leadership Institute. পৃ. 61, 74, 82, 120, 123, 146, 616, 715, 737. ISBN 978-947478-111-0
- ↑ Kibanzanga, Jerry. (25 March 2021). Hon Robina Rwakoojo joins Deputy Speaker race pledges to stand for unity all arms of govt. The Insider
- ↑ AMON KATUNGULU. (2021-03-26). Gomba West's Robina Rwakoojo officially launches bid for deputy speakership position. Nile Post
- ↑ Kahungu, Misairi Thembo. (2021-02-03). Battle for Deputy Speaker job heats up as minister joins race. Daily Monitor
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবিনা গুৰেমে ৰৱাকোজো” প্ৰবন্ধৰ সংশোধন ৬১৬৮৫৩ (১২ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।