হেদিয়েহ তেহৰাণী (ফাৰ্চী ভাষা: هديه تهرانی; জন্ম: ২৫ জুন, ১৯৭২) এগৰাকী ইৰানী অভিনেত্ৰী। ৰহস্যময়, নিৰ্বিকাৰ আৰু কঠোৰ মনোভাবাপন্ন মহিলাৰ চৰিত্ৰত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। তেওঁ দুটাকৈ ক্ৰিষ্টাল চিমৰ্ঘ বঁটা, চাৰিটাকৈ হাফেজ বঁটা, ইৰান চিনেমা চেলিব্ৰেশ্যন বঁটা আৰু ইৰানৰ চলচ্চিত্ৰ সমালোচক আৰু লেখক সংস্থাৰ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।
কৰ্মজীৱন
মহম্মদ ৰেজা শ্বৰিফীনিয়া আৰু অজিতা হাজিয়ানে তেওঁক প্ৰথমবাৰৰ বাবে দ্য ফেটফুল ডে চলচ্চিত্ৰখনৰ এটি চৰিত্ৰৰ বাবে প্ৰস্তাৱ দিছিল। তেওঁ এই ছবিখনৰ বাবে অডিচন দিছিল যদিও অভিনয় কৰিবলৈ অস্বীকাৰ কৰে আৰু পিছলৈ সেই চৰিত্ৰটো লাদান মোষ্টোফীয়ে ৰূপায়ণ কৰে।১ দ্য কিং চলচ্চিত্ৰত অভিনয় কৰাৰ পূৰ্বে, তেওঁ ইৰানী পৰিচালক দাৰিউশ্ব মেহৰ্জুই পৰিচালিত লেইলা ছবিখনৰ এটা চৰিত্ৰও প্ৰত্যাখ্যান কৰিছিল। ইয়াৰ পিছত কিয়ানৌশ্ব আয়াৰীয়ে তেওঁক টু বি অৰ নট টু বি ছবিখনত অভিনয়ৰ বাবে যোগাযোগ কৰে যদিও এইবাৰো তেওঁ অভিনয় কৰিবলৈ অমান্তি হয়। অৱশেষত পৰিচালক মাছুদ কিমিয়ায়ী তেওঁৰ ছবি দ্য কিংত হেদিয়েহক অভিনয় কৰাবলৈ সক্ষম হোৱা প্ৰথমগৰাকী পৰিচালক হিচাপে পৰিগণিত হয়।২৩
ব্যক্তিগত জীৱন
প্ৰাণীৰ অধিকাৰৰ সপক্ষে প্ৰচাৰ চলোৱাৰ বাবে ২০১৬ চনত তেহৰাণৰ কেন্দ্ৰীয় লালা গাৰ্ডেনৰপৰা অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল, কিয়নো উক্ত সমাৱেশৰ বাবে চৰকাৰৰপৰা কোনো অনুমতি লোৱা হোৱা নাছিল। ইৰানৰ কেইবাখনো পৌৰসভাই কুকুৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ৰাজপথৰ কুকুৰ নিধন কৰাৰ পাছতেই এই প্ৰতিবাদৰ আয়োজন কৰা হৈছিল। তেওঁৰ এই গ্ৰেপ্তাৰক একাংশ সক্ৰিয় কৰ্মীয়ে গৰিহণা দিছে।৪৫
বাহ্যিক সংযোগ
- Hedieh Tehrani On SourehCinema (in Persian)
তথ্যসূত্ৰ
- ↑ Cinemama
- ↑ .: Iranian Movie DataBase هديه تهراني:.. ://sourehcinema.com
- ↑ (April 5, 2016). Peaceful Demonstrators for Animal Rights Arrested in Tehran. Iran Human Rights
- ↑ (Apr 2, 2016). إيران تعتقل أشهر فناناتها بسبب دفاعها عن حقوق الحيوان. العربية
- ↑ Iranian Film Star Arrested for Animal Rights Protest
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেদিয়েহ তেহৰাণী” প্ৰবন্ধৰ সংশোধন ৬১০৪০৭ (৩১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।