অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেলেন ডানম’ৰ

হেলেন ডানম’ৰ (ইংৰাজী: Helen Dunmore; ১২ ডিচেম্বৰ ১৯৫২ – ৫ জুন ২০১৭) এগৰাকী ব্ৰিটিছ কবি, ঔপন্যাসিক, চুটিগল্প লেখিকা আৰু শিশু সাহিত্যিক আছিল। তেওঁৰ আটাইতকৈ পৰিচিত কৰ্মসমূহৰ ভিতৰত আছে উপন্যাস জেৰ্ণ’ৰ ইন ডাৰ্কনেছ, এ স্পেল অৱ উইণ্টাৰ আৰু দা ছিজ, আৰু তেওঁৰ শেষ কাব্যগ্ৰন্থ ইনচাইড দা ৱেভ।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৫০৪ শব্দ · ৩ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

হেলেন ডানম’ৰ (ইংৰাজী ভাষা: Helen Dunmore; ১২ ডিচেম্বৰ ১৯৫২ – ৫ জুন ২০১৭১) এগৰাকী ব্ৰিটিছ কবি, ঔপন্যাসিক, চুটিগল্প লেখিকা আৰু শিশু সাহিত্যিক আছিল।২

তেওঁৰ আটাইতকৈ পৰিচিত কৰ্মসমূহৰ ভিতৰত আছে উপন্যাস জেৰ্ণ’ৰ ইন ডাৰ্কনেছ, এ স্পেল অৱ উইণ্টাৰ আৰু দা ছিজ, আৰু তেওঁৰ শেষ কাব্যগ্ৰন্থ ইনচাইড দা ৱেভ। তেওঁ প্ৰথম অৰেঞ্জ প্ৰাইজ ফৰ ফিকচন, নেশ্যনেল পয়েট্ৰি কম্পিটিচন আৰু মৰণোত্তৰভাৱে কষ্টা বুক এৱাৰ্ড লাভ কৰিছিল।৩

জীৱনী

ডানম’ৰৰ জন্ম ১৯৫২ চনত ইয়ৰ্কশ্বায়াৰৰ বেভাৰ্লিত হৈছিল। তেওঁ বেটি আৰু মৰিচ ডানম’ৰৰ চাৰিটা সন্তানৰ ভিতৰত দ্বিতীয় আছিল। তেওঁ লণ্ডনৰ চাটন হাই স্কুল৪ আৰু নটিংহাম গাৰ্লছ হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ ইয়ৰ্ক বিশ্ববিদ্যালয়ত ইংৰাজী ভাষা অধ্যয়ন কৰিছিল আৰু দুবছৰ (১৯৭৩–৭৫) ফিনলেণ্ডত থাকি শিক্ষক হিচাপে কাম কৰিছিল। তাৰ পিছত তেওঁ ব্ৰিষ্টলত বাস কৰিছিল।৫১ ডানম’ৰ ৰয়েল ছ’চাইটি অৱ লিটাৰেচাৰৰ (FRSL) ফেলো আছিল। ডানম’ৰৰ কিছুমান শিশু গ্ৰন্থ বিদ্যালয়ত পাঠ্যক্ৰম হিচাপে ব্যৱহাৰ কৰা হয়।

২০১৭ চনৰ মাৰ্চ মাহত তেওঁ তেওঁৰ শেষ উপন্যাস বাৰ্ডকেজ ৱাক প্ৰকাশ কৰাৰ লগতে মাৰাত্মক কৰ্কট ৰোগ ধৰা পৰাৰ পাছত দা গাৰ্ডিয়ানৰ বাবে মৰণশীলতাৰ বিষয়ে এটা প্ৰবন্ধ লিখিছিল।৬ ২০১৭ চনৰ ৫ জুনত তেওঁৰ মৃত্যু হয়।১৭৮৯ মৃত্যুৰ কিছুদিন পূৰ্বে ২০১৭ চনৰ এপ্ৰিলত প্ৰকাশিত তেওঁৰ অন্তিম কবিতা সংকলন ইনচাইড দা ৱেভ-এ মৰণোত্তৰভাৱে ২০১৭ চনৰ কষ্টা বুক এৱাৰ্ডছত কবিতা শাখাৰ আৰু সামগ্ৰিকভাৱে বছৰটোৰ শ্ৰেষ্ঠ গ্ৰন্থৰ সন্মান লাভ কৰে।১০১১

ব্যক্তিগত জীৱন

১৯৮০ চনত হেলেন ডানম’ৰৰ বিয়া হোৱা স্বামী ফ্ৰেংক চাৰ্নলী এগৰাকী অধিবক্তা।১২ মৃত্যুৰ সময়ত ডানম’ৰৰ এজন পুত্ৰ, এগৰাকী জীয়ৰী, এজন সতীয়া পুত্ৰ আৰু তিনিজন নাতি-নাতিনী আছিল।১

বঁটা আৰু সন্মান

  • ১৯৮৭: পয়েট্ৰি বুক ছচাইটি চইচ, দ্য ৰ’ গাৰ্ডেন১৩
  • ১৯৯৪: মেকিটাৰিক বঁটা, জেৰ্ণৰ ইন ডাৰ্কনেছ১৪
  • ১৯৯৬: অৰেঞ্জ প্ৰাইজ (প্ৰথম বিজয়ী), এ স্পেল অৱ উইণ্টাৰ১৫১৬
  • ১৯৯০: কাৰ্ডিফ আন্তঃৰাষ্ট্ৰীয় কবিতা বঁটা১৭
  • ১৯৯৭: টি. এছ. ইলিয়ট প্ৰাইজ, চুটি তালিকা, বেষ্টিয়াৰী১৮
  • ২০১০: মেন বুকাৰ প্ৰাইজ, দীঘলীয়া তালিকা, দ্য বেট্ৰায়েল১৯
  • ২০১০: নেশ্যনেল পয়েট্ৰি কম্পিটিচন বিজয়ী, "দ্য মেলাৰ্কি"২০২১
  • ২০১৫: ৱাল্টাৰ স্কট প্ৰাইজ, চুটি তালিকা, দ্য লাই২২
  • ২০১৭ (মৰণোত্তৰভাৱে): কষ্টা বুক এৱাৰ্ডছৰ কবিতা আৰু বছৰটোৰ শ্ৰেষ্ঠ গ্ৰন্থ বঁটা, ইনচাইড দা ৱেভ১০১১

গ্ৰন্থপঞ্জী

উপন্যাস

  • জেৰ্ণ’ৰ ইন ডাৰ্কনেছ (১৯৯৩, মেকিটাৰিক বঁটা ১৯৯৪)
  • বাৰ্ণিং ব্ৰাইট (১৯৯৪)
  • এ স্পেল অৱ উইণ্টাৰ (১৯৯৫, অৰেঞ্জ প্ৰাইজ ১৯৯৬)
  • টকিং টু দা ডেড (১৯৯৬)
  • ইউৰ ব্লু-আইড বয় (১৯৯৮)
  • উইথ ইউৰ ক্ৰুকেড হাৰ্ট (১৯৯৯)
  • দা ছিজ (২০০১, হুইটব্ৰেড নভেল অৱ দা য়েৰ এৱাৰ্ড আৰু ২০০২ চনৰ অৰেঞ্জ প্ৰাইজৰ বাবে মনোনীত)
  • মাউৰ্নিং ৰুবী (২০০৩)২৩
  • হাউচ অৱ অৰ্ফেন্স (২০০৬)
  • কাউণ্টিং দা ষ্টাৰ্ছ (২০০৮)
  • দা বেট্ৰায়েল (২০১০, মেন বুকাৰ বঁটাৰ দীঘলীয়া তালিকাত অন্তৰ্ভুক্ত)
  • দা গ্ৰেটকোট (২০১২)
  • দা লাই (২০১৪)
  • এক্সপ'জাৰ (২০১৬)

"স্বতন্ত্ৰ কিতাপৰ দোকানৰ বাবে একচেটিয়া সংস্কৰণ"ত "অন ৰিডিং" শীৰ্ষক এটা ১৪ পৃষ্ঠাৰ প্ৰবন্ধ অন্তৰ্ভুক্ত কৰা হৈছে।২৪

  • বাৰ্ডকেজ ৱাক (২০১৭, ২০১৮ চনৰ ৱাল্টাৰ স্কট প্ৰাইজৰ বাবে মনোনীত)

চুটিগল্প সংকলন

  • লাভ অৱ ফেট মেন (১৯৯৭)
  • আইচ ক্ৰীম (২০০০)
  • ৰোজ, ১৯৪৪ (২০০৫)
  • গাৰ্ল, বেলেঞ্চিং এণ্ড আদাৰ ষ্ট'ৰীজ (২০১৮)

কিশোৰ সাহিত্য

  • জিল্লাহ এণ্ড মি!
    • দা লিলাক ট্ৰী (প্ৰথমে 'জিল্লাহ এণ্ড মি' নামেৰে প্ৰকাশিত) (২০০৪)
    • দা চীল ক’ভ (প্ৰথমে 'দা জিল্লাহ ৰিবেলিয়ন' নামেৰে প্ৰকাশিত) (২০০৪)
    • দা চিলভাৰ বীড (২০০৪)
  • দা ইংগো ক্ৰনিকলছ
    • ইংগো (২০০৫)
    • দা টাইড নট (২০০৬)
    • দা দীপ (২০০৭)
    • দা ক্ৰছিং অৱ ইংগো (২০০৮)
    • ষ্টৰ্মছুৱেপ্ট (২০১২)

শিশু সাহিত্য

  • গোয়িং টু ইজিপ্ট (১৯৯২)
  • ইন দা মানি (১৯৯৫)
  • গো ফক্স (১৯৯৬)
  • ফেটাল এৰৰ (১৯৯৬)
  • আমিনা'ছ ব্ল্যাঙ্কেট (১৯৯৬)
  • এলি'ছ এপলছ (১৯৯৭)
  • বেষ্টিয়াৰী (১৯৯৭)
  • ক্লাইড'ছ লিপাৰ্ড (১৯৯৮)
  • গ্ৰেট-গ্ৰেণ্ডমা'ছ ডান্সিং ড্ৰেছ (১৯৯৮)
  • ব্ৰাদাৰ ব্ৰাদাৰ, চিষ্টাৰ চিষ্টাৰ (১৯৯৯)
  • এলি'ছ ৰেবিট (১৯৯৯)
  • এলি'ছ এৱে (২০০০)
  • এলিয়েনছ ড’ণ্ট ইট বেকন চেণ্ডুইচেছ (২০০০)
  • দা আগলি ডাকলিং (২০০১)
  • তাৰা'ছ ট্ৰী হাউচ (২০০৩)
  • দা ফেৰী বাৰ্ডছ (২০১০)
  • দা আইলেণ্ডাৰ্ছ (২০১১)
  • দা লোনলী চি ড্ৰেগন (২০১৩)

কবিতা সংকলন

  • দা এপল ফল (ব্লাডেস্ক বুকছ, ১৯৮৩)
  • দা চি স্কেটাৰ (ব্লাডেস্ক বুকছ, ১৯৮৬)
  • দা ৰ’ গাৰ্ডেন (ব্লাডেস্ক বুকছ, ১৯৮৮)
  • শ্বৰ্ট ডেইজ, লং নাইটছ: নিউ এণ্ড চিলেক্টেড পয়েমছ (ব্লাডেস্ক বুকছ, ১৯৯১)
  • ৰিকাভাৰিং এ বডী (ব্লাডেস্ক বুকছ, ১৯৯৪)
  • ছিক্ৰেটছ (দা বডলী হেড, ১৯৯৪) [শিশু কবিতা]
  • বেষ্টিয়াৰী (ব্লাডেস্ক বুকছ, ১৯৯৭)
  • আউট অৱ দা ব্লু: পয়েমছ ১৯৭৫–২০০১ (ব্লাডেস্ক বুকছ, ২০০১)
  • নলীগোষ্টাৰ এণ্ড আদাৰ পয়েমছ (স্কলাষ্টিক প্ৰেছ, ২০০১) [শিশু কবিতা]
  • গ্লেড অৱ দিজ টাইমছ (ব্লাডেস্ক বুকছ, ২০০৭)
  • দা মেলাৰ্কি (ব্লাডেস্ক বুকছ, ২০১২)
  • ইনচাইড দা ৱেভ (ব্লাডেস্ক বুকছ, ২০১৭)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Kellaway, Kate. (5 June 2017). Helen Dunmore obituary. The Guardian
  2. ↑ Helen Dunmore – Literature. British Council Literature
  3. ↑ Cain, Sian. (30 January 2018). Helen Dunmore wins Costa book of the year for Inside the Wave. The Guardian
  4. ↑ Sutton High School Magazine, 1965 and 1967. (Poems published in 1965 and 1967, and prize awarded for History and English listed in 1967 magazine.)
  5. ↑ News And Publicity · Bloodaxe Books. www.bloodaxebooks.com
  6. ↑ (4 March 2017). Helen Dunmore: facing mortality and what we leave behind. The Guardian
  7. ↑ Cain, Sian. (5 June 2017). Poet and author Helen Dunmore dies aged 64. The Guardian
  8. ↑ (6 June 2017). Helen Dunmore, poet and novelist, dies aged 64. BBC News
  9. ↑ (5 June 2017). Death of Novelist Helen Dunmore Announced. Foyles
  10. ↑ Costa Poetry Award 2017. Costa Book Awards
  11. ↑ Cain, Sian. (2 January 2018). Helen Dunmore wins posthumous Costa award for collection Inside the Wave. The Guardian
  12. ↑ Macdonald, Marianne. (21 September 2003). A writer's life: Helen Dunmore. The Daily Telegraph
  13. ↑ Helen Dunmore 1952–2017. The Poetry Society
  14. ↑ Past winners of the McKitterick Prize. Society of Authors
  15. ↑ McCrum, Robert. (10 June 2001). The Siege is a novel for now. The Guardian
  16. ↑ Woodman, Sue. (1 July 1996). Orange is a female color. The Nation
  17. ↑ Dowson, Jane; Entwistle, Alice. (2005). A History of Twentieth-Century British Women's Poetry. Cambridge University Press. পৃ. xx. ISBN 978-0-521-81946-6
  18. ↑ Helen Dunmore – Orange Prize winner – Poetry
  19. ↑ (29 April 2010). The Man Booker Prize 2010
  20. ↑ Helen Dunmore Bloodaxe author page
  21. ↑ National Poetry Competition: History. The Poetry Society
  22. ↑ (24 March 2015). 2015 Shortlist announced. Walter Scott Prize
  23. ↑ Showalter, Elaine. (27 September 2003). Dreams of a dead daughter. The Guardian. Retrieved 5 June 2017
  24. ↑ Dunmore, Helen. (2016). Exposure. Hutchnson. পৃ. 395–410. ISBN 978-1-78633-000-0

সম্পৰ্কিত শ্ৰেণী

বৃটিছ মহিলালেখিকাঔপন্যাসিককবিশিশু সাহিত্যিকগল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলেন ডানম’ৰ” প্ৰবন্ধৰ সংশোধন ৫৯৭১৬২ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।