অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেবা ওয়াই আমিন

হেবা ওৱাই আমিন (Heba Amin; জন্ম ১৯৮০) এগৰাকী ভিচুৱেল আৰ্টিষ্ট, গৱেষক আৰু শিক্ষাবিদ।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হেবা ওৱাই আমিন (Heba Amin; জন্ম ১৯৮০) এগৰাকী ভিচুৱেল আৰ্টিষ্ট, গৱেষক আৰু শিক্ষাবিদ।

প্ৰাথমিক জীৱন আৰু শিক্ষা

আমিনৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল কায়ৰোত। মাডিৰ কায়ৰো আমেৰিকান কলেজত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। ১৯৯৮ চনত আমিনে আমেৰিকালৈ গুচি যায় আৰু মেকেলেষ্টাৰ কলেজৰ পৰা বি এ ডিপ্লমা লাভ কৰি গণিত আৰু ষ্টুডিঅ’ আৰ্ট অধ্যয়ন কৰে। ২০০৫ চনত মিনিয়াপলিছ কলেজ অৱ আৰ্ট এণ্ড ডিজাইনত স্নাতকোত্তৰ কাৰ্যসূচীত নামভৰ্তি কৰে। ২০০৯ চনত তেওঁ মিনেছ'টা বিশ্ববিদ্যালয়ৰ কলেজ অৱ ডিজাইনৰ পৰা ইন্টাৰেক্টিভ ডিজাইনত এমএফএ লাভ কৰে।১ পঢ়াৰ পিছত বাৰ্লিনৰ প্ৰয়োগ বিজ্ঞান বিশ্ববিদ্যালয়ত তেওঁৰ প্ৰকল্প "বিকল্প স্মৃতিসৌধ"ৰ বাবে DAAD (জাৰ্মান একাডেমিক এক্সচেঞ্জ) অনুদান লাভ কৰে।২ তেওঁ লুনেবাৰ্গৰ লিউফানা বিশ্ববিদ্যালয়ত ডিচিআৰএল ফেলো (২০১৭), ২০১৬ চনৰ পৰা বৰ্তমানলৈকে বাৰ্লিনৰ ফ্ৰেই ইউনিভাৰ্চিটিত বিজিএছএমএছচিত ডক্টৰেট ফেলো আৰু বৰ্তমান এনৱাইচিৰ ফিল্ড অৱ ভিজন ফেলো।২

কৰ্মজীৱন

আমিনৰ ৰচনাসমূহ বহল ক্ষেত্ৰৰ গৱেষণাৰ মাজত নিহিত হৈ আছে আৰু ৰাজনীতি, প্ৰযুক্তি, আৰু নগৰবাদৰ অভিসৰণৰ ওপৰত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। বৰ্তমান তেওঁ মিজনা (মিনিয়াপলিছ, আমেৰিকা)ৰ বাবে ভিজুৱেল আৰ্টৰ কিউৰেটৰ, ৰেমডম এছ’চিয়েশ্যন (আই টি) (ইটালী)ৰ সৈতে দ্বিবাৰ্ষিক ৰেচিডেন্সি প্ৰগ্ৰেম ডিফ’ল্টৰ কিউৰেটৰ আৰু শিল্পী ড’ৱিট এল পেট্ৰ’ছৰ সৈতে ব্লেক এথেনা কালেকটিভৰ সহ-প্ৰতিষ্ঠাপকৰ দায়িত্ব পালন কৰি আছে। তেওঁ বিশ্বব্যাপী সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰা টেলিভিছন ধাৰাবাহিক "হোমলেণ্ড"ৰ চেটত হোৱা বিনাশক কাৰ্য্যৰ আঁৰৰ অন্যতম শিল্পী।৩

হোমলেণ্ড টেলিভিছন ধাৰাবাহিকখনৰ প্ৰযোজকসকলে “প্ৰামাণিক’’ আৰবী গ্ৰেফিটি অন্তৰ্ভুক্ত কৰিবলৈ নিযুক্তি দিয়া আমিনে শ্ব'টোৰ চেটত বিধ্বংসী গ্ৰেফিটি স্প্ৰে পেইণ্ট কৰিছিল। আৰবী ভাষাত লিখা এই গ্ৰেফিটিটোৱে প্ৰকৃততে হোমলেণ্ড শ্ব'টোক নিজেই সমালোচনা কৰিছিল, "হোমলেণ্ড বৰ্ণবাদী" আদি বাক্যাংশৰে।৪ মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ লোকক চিত্ৰিত কৰাৰ ক্ষেত্ৰত আমিনে হোমলেণ্ডক সমালোচনা কৰিছে।৫

আমিনে মুছলিম বিশ্বত অসাধাৰণ মহিলাৰ এখন শিশু গ্ৰন্থৰ চিত্ৰ অংকন কৰিছিল;৬ এই গ্ৰন্থখনে মুনবিম শিশু কিতাপৰ বঁটা লাভ কৰিছিল।৭

আমিনে ডাক'আৰ্ট বিয়েনালে ২০১৬, মাৰাকেচ বিয়েনালে পেৰেলেল প্ৰজেক্টছ ২০১৬, ৱাৰ্ছৰ মিউজিয়াম অৱ মডাৰ্ণ আৰ্ট, হামবাৰ্গৰ কুনষ্টভেৰেইন, কেমেৰা অষ্ট্ৰিয়া, বাৰ্লিন বাৰ্লিনেল নৱম মঞ্চ সম্প্ৰসাৰিত প্ৰদৰ্শনী, ইয়ং আৰ্টৰ বাবে চতুৰ্থ মস্কো আন্তঃৰাষ্ট্ৰীয় বিয়েনালে, ডব্লিউ আৰ অ' ১৫ নং মিডিয়া আৰ্ট বিয়েনালে পোলেণ্ড, মংগোলিয়াৰ নেচনেল গেলেৰীত আৰু ছুইডেনৰ গটলেণ্ড আৰ্ট মিউজিয়াম গোট প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। তেওঁ DAAD (ডুইচাৰ একাডেমিচাৰ অষ্টাউচ ডায়েনষ্ট) অনুদান আৰু ৰাইজম কমিচন অনুদান লাভ কৰিছে আৰু আৰ্টৰেকাৰ বঁটাৰ বাবে চৰ্টলিষ্ট কৰা হৈছে।৮

আমিনে মিনেছ'টা বিশ্ববিদ্যালয়, কায়ৰোৰ আমেৰিকান বিশ্ববিদ্যালয় আৰু বাৰ্লিনৰ প্ৰয়োগ বিজ্ঞান বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।৯ তেওঁ বিশ্ব বিভিন্ন ঠাইত বক্তৃতা আৰু কৰ্মশালা প্ৰদান কৰি আহিছে। তেওঁৰ ৰচনা দ্য আৰ্থ ইজ এ ইম্পাৰফেক্ট এলিপছ'ইড (২০১৬) ৱেবেক মেচিনৰ গ্ৰীষ্মকালীন'১৬ সংখ্যাত মিজনা আৰ্কাইভ ২০১৯-০১-০৯ত প্ৰকাশ পাইছিল, য'ত তেওঁৰ সাক্ষাৎকাৰ লোৱা হৈছিল লানা বাৰ্কাউইৰ ৰচনা "ক্ৰিটিকেলিটি এণ্ড ডিচেণ্ট"তো।১০ বৰ্তমান আমিন এ বি কে ষ্টুটগাৰ্টত ডিজিটেল আৰু সময়ভিত্তিক কলাৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰিছে।১১

তথ্যসূত্ৰ

  1. ↑ Heba Amin. Muslim Women: Past and Present. Women’s Islamic Initiative in Spirituality and Equality
  2. ↑ Amin, Heba. Bio. Heba Y Amin
  3. ↑ Heba Y Amin. www.hebaamin.com
  4. ↑ Paskin, Willa. (October 15, 2015). An Interview With the Graffiti Artist Who Snuck Anti-Homeland Graffiti Onto the Homeland Set. Slate
  5. ↑ Arabian Street Artists" Bomb Homeland: Why We Hacked an Award-Winning Series. hebaamin.com
  6. ↑ Heba Amin. Talent Bazaar. Women’s Islamic Initiative in Spirituality and Equality
  7. ↑ Moonbeam Children's Book Awards
  8. ↑ Heba Amin. artraker.org
  9. ↑ Oweis, Fayeq. (2008). Encyclopedia of Arab American Artists. পৃ. 40–44. ISBN 978-0313337307
  10. ↑ Barkawi, Lana. (July 2016). Criticality and Dissent. Mizna
  11. ↑ (2022-07-15). Egyptian artist Heba Y. Amin questions colonial narratives in new Berlin exhibition. Arab News

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিচিত্ৰশিল্পীশিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেবা ওয়াই আমিন” প্ৰবন্ধৰ সংশোধন ৪৭৫৯৩৬ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।