অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেভেন পেৰালেজো

হেভেন লিয়ান সালভাদোৰ পেৰালেজো (জন্ম ২৫ নৱেম্বৰ ১৯৯৯) এগৰাকী ফিলিপিনো অভিনেত্ৰী। তেওঁ ২০১৬ চনত বাস্তৱধৰ্মী অনুষ্ঠান পিনয় বিগ ব্ৰাদাৰ: লাকি ৭ৰ জৰিয়তে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে।

হালনাগাদ: ৮ মে’ ২০২৬ ৩৬৭ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

হেভেন লিয়ান সালভাদোৰ পেৰালেজো (জন্ম ২৫ নৱেম্বৰ ১৯৯৯) এগৰাকী ফিলিপিনো অভিনেত্ৰী। তেওঁ ২০১৬ চনত বাস্তৱধৰ্মী অনুষ্ঠান পিনয় বিগ ব্ৰাদাৰ: লাকি ৭ৰ জৰিয়তে বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ পিছত কেইবাখনো টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পাছত ২০২২ চনৰ চলচ্চিত্ৰ নানাহিমিক আং গাবিত কৰা অভিনয়ৰ বাবে অধিক স্বীকৃতি লাভ কৰে। অনুৰাগীসকলে তেওঁক “নিউ জেন সুপ্ৰিম বেষ্ট অভিনেত্ৰী” বুলি অভিহিত কৰে। তেওঁ লাভ কৰা সন্মানসমূহৰ ভিতৰত আছে এটা লুনা এৱাৰ্ড,১ ৰাষ্ট্ৰীয় শাখাত এটা এছিয়ান একাডেমী ক্ৰিয়েটিভ এৱাৰ্ডছ,২ আৰু জাপানত অনুষ্ঠিত জিনচেও আৰিগাটো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।৩ ইয়াৰ উপৰিও তেওঁ FAMAS এৱাৰ্ডছ,৪ মেট্ৰ' মেনিলা ফিল্ম ফেষ্টিভেল,৫ The EDDYS, পিএমপিছি ষ্টাৰ এৱাৰ্ডছ ফৰ টেলিভিছন আৰু পিএমপিছি ষ্টাৰ এৱাৰ্ডছ ফৰ মুভিচৰ পৰা মনোনয়ন লাভ কৰিছে।৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

হেভেন লিয়ান সালভাদোৰ পেৰালেজোৰ জন্ম ২৫ নৱেম্বৰ ১৯৯৯ চনত মাকাটি চহৰত, মাইক মানাৰাং আৰু শীলা লুৱান পেৰালেজোৰ ঘৰত জন্ম হৈছিল।৭ তেওঁৰে এটি সৰু ভায়েক আছে।৮ তেওঁৰ মাকে দুয়োকে একেলগে ডাঙৰ-দীঘল কৰিছিল। তেওঁ অভিনেত্ৰী ৰিকা পেৰালেজো আৰু পাউলা পেৰালেজোৰ ভতিজী।৯

তেওঁ নিজৰ মাতৃক নিজৰ প্ৰকৃত প্ৰেম আৰু আত্মাৰ সংগী বুলি গণ্য কৰে।১০ পিনয় বিগ ব্ৰাদাৰ: লাকি ৭ অনুষ্ঠানত গৃহবাসী হিচাপে থকা সময়ছোৱাত তেওঁ মাতৃৰ অস্ত্ৰোপচাৰৰ আগতে দেখা কৰাৰ ইচ্ছা পূৰণ কৰিবলৈ স্বেচ্ছাই অনুষ্ঠানটো ত্যাগ কৰিছিল।১১ ভ্ৰমণৰ প্ৰতি থকা তেওঁলোকৰ ভালপোৱাৰ প্ৰতীক হিচাপে হেভেন আৰু তেওঁৰ মাতৃয়ে একে ধৰণৰ টেটু আঁকিছিল।১২

২০২৩ চনত তেওঁ বিদেশী বিশ্ববিদ্যালয়ৰ সৈতে জড়িত চাউথভিল আন্তঃৰাষ্ট্ৰীয় বিদ্যালয় (SISFU) ৰ পৰা ব্যৱসায় ব্যৱস্থাপনা বিষয়ত ডিগ্ৰী লাভ কৰি স্নাতক উত্তীৰ্ণ হয়।১৩

অন্যান্য উদ্যোগ

ব্ৰেণ্ড সমৰ্থন

২০২৪ চনত পেৰালেজো আৰু মাৰ্কো গেল্লোয়ে ব্লুৱাটাৰ ডে স্পাৰ ব্ৰেণ্ড সমৰ্থক হিচাপে নিযুক্তি লাভ কৰে।১৪ ২০২৫ চনত পেৰালেজোৱে মাৰ্কো গেল্লোৰ সৈতে ডাবলমিন্টৰ ব্ৰেণ্ড সমৰ্থক হিচাপে নিযুক্ত হয়।১৫

ব্যৱসায়িক উদ্যোগ

২০২২ চনত পেৰালেজোৱে দ্য ফুড মাৰ্কেট নামৰ এখন ৰেষ্টুৰেণ্ট ব্যৱসায়ত অংশীদাৰ হিচাপে যোগ দি ব্যৱসায় আৰম্ভ কৰে। ইয়াৰ শাখা বিজিচি আৰু আলাবাং ৱেষ্টগেটত অৱস্থিত।১৬

ব্যক্তিগত জীৱন

পেৰালেজোৱে ২০১৯ চনত প্ৰখ্যাত মুষ্টিযোদ্ধা মেনি পেকিয়াৱৰ পুত্ৰ জিমুৱেল পেকিয়াৱৰ সৈতে সম্পৰ্কত আছিল।১৭১৮

তেওঁ ২০২১ চনত অভিনেতা কিকো এষ্ট্ৰাডাৰ সৈতে সম্পৰ্কত আছিল।১৯২০

২০২৪ চনৰ পৰা ২০২৫ চনলৈ তেওঁ নিজৰ অন-স্ক্ৰীণ সহ-অভিনেতা মাৰ্কো গেল্লোৰ সৈতে সম্পৰ্কত আছিল।২১

ৰুচি আৰু আগ্ৰহ

২০২৫ চনৰ মাৰ্চ মাহত পেৰালেজোৱে বেলেট নৃত্যৰ পাঠ ল’বলৈ নামভৰ্তি কৰে।২২ তেওঁ কৈছে যে বেলেট শিকাটো তেওঁৰ শৈশৱৰ সপোন আছিল।

তেওঁ নিয়মীয়া ব্যায়ামপ্ৰেমী। তেওঁ নিজৰ পুৱাৰ সময় ব্যায়াম, যোগ, পিলাটিছ, কিকবক্সিং আৰু মুৱাই থাইৰ দৰে কাৰ্যকলাপত ব্যয় কৰে।২৩

ইয়াৰ উপৰিও তেওঁ ফুল সজোৱা, মাটিৰ শিল্প (পটাৰী) শিকা, টেনিছ খেল, ছাৰ্ফিং আৰু পঢ়া আদি কাৰ্যত আগ্ৰহী।২৪

তথ্যসূত্ৰ

  1. ↑ (August 27, 2023). Heaven Peralejo, Noel Trinidad biggest winners at FAP's 39th Luna Awards
  2. ↑ (September 29, 2023). Arjo Atayde, Heaven Peralejo among national winners at Asian Academy Creative Awards
  3. ↑ Heaven Peralejo named Best Actress at Jinseo Arigato Intl Film Fest
  4. ↑ Felipe, MJ. (August 8, 2023). Heaven Peralejo still on a high after FAMAS nomination. ABS-CBN News
  5. ↑ Heaven Peralejo, masaya na sa MMFF 2022 Best Actress nomination. PEP.ph
  6. ↑ PMPC reveals nominees for 39th Star Awards for Movies. Manila Bulletin
  7. ↑ Heaven Peralejo. Rappler
  8. ↑ (May 13, 2023). Heaven Peralejo still prefers to live with her mom. The Philippine Star
  9. ↑ (May 13, 2023). Rica Peralejo, ayaw maging ""pakialamera"". PEP
  10. ↑ (November 19, 2017). Heaven Peralejo opens up about her mother's battle with cancer. PEP
  11. ↑ (September 25, 2017). PBB’s Heaven Peralejo exits reality show to grant mother’s wish. ABS-CBN
  12. ↑ (September 24, 2020). The Story Behind the Tattoo Heaven Peralejo Got with Her Mom. Candy
  13. ↑ (November 26, 2023). Heaven Peralejo celebrates 24th birthday with degree. The Philippine Star
  14. ↑ BlueWater Day Spa unveils new signature services, brand ambassadors. Atinito News
  15. ↑ Marco Gallo and Heaven Peralejo
  16. ↑ (November 24, 2022). Heaven Peralejo launches her own restaurant. ABS-CBN News
  17. ↑ 'Time to let go': Heaven Peralejo opens up on breakup with Pacquiao's son. ABS-CBN News
  18. ↑ Jimuel Pacquiao Breaks Silence On Breakup w/ Heaven Peralejo. Philnews
  19. ↑ (August 14, 2021). Kiko Estrada, Heaven Peralejo confirm relationship. Rappler
  20. ↑ (October 26, 2021). Heaven Peralejo confirms she's single. ABS-CBN News
  21. ↑ (July 25, 2025). Heaven Peralejo confirms breakup with Marco Gallo. Rappler
  22. ↑ (March 10, 2025). Heaven Peralejo is a proud ballet student at 25 years old: ‘It’s never too late to follow a dream’. ABS-CBN News
  23. ↑ (January 20, 2024). Kapamilya Snaps: 11 actresses and their fitness regimens to achieve gorgeous figures. ABS-CBN News
  24. ↑ (January 11, 2024). Heaven Peralejo Shares Swimsuit Photo Looking “Happiest When I’m Here”. CelebWell

সম্পৰ্কিত শ্ৰেণী

ফিলিপাইনৰ ব্যক্তিঅভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেভেন পেৰালেজো” প্ৰবন্ধৰ সংশোধন ৬০৫২৪৬ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।