অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমা নায়ক

হেমা নায়ক (Hema Naik) ভাৰতীয় উপকূলীয় ৰাজ্য গোৱা নিবাসী এগৰাকী কোংকণী ভাষাৰ লেখক। তেওঁ সাহিত্য অকাডেমি বঁটা বিজেতা আৰু কোংকণী লেখক পুণ্ডলিক নায়কৰ সহধৰ্ম্মিনী। ৱোল্বই স্থিত অপূৰ্বাই প্ৰকাশনৰ বেনাৰত তেওঁ গ্ৰন্থ প্ৰকাশ কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

হেমা নায়ক (Hema Naik) ভাৰতীয় উপকূলীয় ৰাজ্য গোৱা নিবাসী এগৰাকী কোংকণী ভাষাৰ লেখক। তেওঁ সাহিত্য অকাডেমি বঁটা বিজেতা আৰু কোংকণী লেখক পুণ্ডলিক নায়কৰ সহধৰ্ম্মিনী। ১ ৱোল্বই স্থিত অপূৰ্বাই প্ৰকাশনৰ বেনাৰত তেওঁ গ্ৰন্থ প্ৰকাশ কৰে।২

প্ৰাৰম্ভিক জীৱন

হেমা ধুমতকাৰ নামেৰে জন্ম লোৱা, হেমা অৰ্থনীতি বিজ্ঞানৰ স্নাতক। ছাত্ৰ-কৰ্মী হৈ থকা অৱস্থাৰেপৰাই তেওঁ লিখা-মেলা আৰম্ভ আৰম্ভ কৰিছে। ১৯৭৩ চনত কলিকতাত অনুষ্টিত ‘বিশ্ব মহিলা সন্মিলন’ত ভাগ লৈ তেওঁ কোংকণী ভাষাত সমাজৰ মহিলাসকলৰ বিষয়ে লিখিবলৈ অনুপ্ৰাণিত হয়। ৩৪

কৰ্মজীৱন

কোংকণী সাহিত্যত সমাজৰ মহিলাসকলৰ বিভিন্ন দিশৰ বিষয়ে বৰ্ণনা কৰি, তেওঁৰ প্ৰাৰম্ভিক লিখনীসমূহেৰে হেমাই সমাজত প্ৰচলিত সামন্তবাদ আৰু পুৰুষতন্ত্ৰত আঘাত হানিছিল। তেওঁ কোংকণী সাহিত্যত বিভিন্ন নাৰীবাদী আদৰ্শক একত্ৰিত কৰিবলৈ "চিত্ৰাংগী মেলাভে" নামৰ যুৱ মহিলা লেখিকাসকলক লক্ষ্য কৰি কেইবাখনো সন্মিলনৰ এটি শৃংখলা আৰম্ভ কৰিছিল। তেওঁ ‘কোংকণী ভাষা আন্দোলন’ আৰু ১৯৮৫ চনত গোৱাক ৰাজ্যৰ মৰ্যদা দিয়াৰ দাবীত হোৱা আন্দোলনৰ অংশগ্ৰহণকাৰী আছিল। তেওঁ তেওঁৰ প্ৰকাশন গৃহ অপূৰ্বাই প্ৰকাশনৰ অধীনত কোংকণীত ১০০খনতকৈও অধিক কিতাপ আৰু আলোচনী প্ৰকাশ কৰিছে।৩

বিগত বছৰবোৰত, নায়কে লেখক, কৰ্মী, অনুবাদক, প্ৰকাশক আৰু প্ৰযোজক হিচাপে কাম কৰি আহিছে। তেওঁৰ কাম সমূহত তেওঁ বিভিন্ন প্ৰকাৰৰ লোক আৰু তেওঁলোকৰ ব্যৱহাৰ-পাতিৰ অন্বেষণ কৰিছে আৰু শ্ৰেণীগত বৈষম্যৰ কথা কৈছে।

ভাৰতীয় লেখকসকলে হিংসাৰ ওপৰত চৰকাৰী নীৰৱতাৰ বিৰুদ্ধে ২০১৫ চনত কৰা প্ৰতিবাদৰ নায়কও অংশ আছিল৫৬৭ ২০১২-২০১৩ বৰ্ষত দেশত মহিলাৰ ওপৰত উৎপীড়নৰ ঘটনা বৃদ্ধি হোৱাৰ প্ৰতিক্ৰিয়াস্বৰূপে, তেওঁ ধাৰাবাহিকভাৱে দৈনিক হেৰাল্ডত লগ আউট নামে এখন উপন্যাস প্ৰকাশ কৰিছিল।৩ ২০১৬ চনত তেওঁ কোংকণী উপন্যাস অপৰূপ অ’ধ লিখে।৮ ২০১৭ চনত, বিষ্ণু বাঘৰ উপন্যাস সুধীৰ সুক্ত প্ৰকাশ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এখন এফ আই আৰ দাখিল কৰা হয়, কিয়নো কিতাপখন জাতি আৰু মহিলা বিষয়ক আপত্তিজনক সমলৰ বাবে বিতৰ্কিত হৈছিল।৯

নিৰ্বাচিত কাম

অনুবাদ

  • Taath Kana (পি এচ ৰমনীৰ আত্মজীৱনী কোংকণী ভাষালৈ অনুবাদ)
  • ৱালচন্দ্ৰ মুংগেকাৰৰ আত্মজীৱনী কোংকণী ভাষালৈ অনুবাদ
  • নৰেন্দ্ৰ যাদৱৰ আত্মজীৱনী কোংকণী ভাষালৈ অনুবাদ
  • অলকা সৰোগীৰ হিন্দী উপন্যাস কালি কথা:ভায়া বাইপাচ কোংকণী ভাষালৈ অনুবাদ
  • মাৰিয়া অৰোৰা কুটোৰ গোৱা: দ্যা ডটাৰচ্‌ ষ্ট'ৰিকোংকণী ভাষালৈ অনুবাদ৩

চুটি-গল্প

  • নীড়াবালা
  • নিমানে সংস্কাৰ
  • দুৰ্গাৱতাৰ

উপন্যাস

  • অপৰূপ অ’ধ (২০১৬)
  • লগ আউট
  • ভোগদণ্ড

স্বীকৃতি

কোংকণী উপন্যাস ভোগদণ্ডৰ বাবে নায়কে ২০০২ চনত কোংকণী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে। পুনৰ ২০১৩ চনত, অলকা সৰোগীৰ হিন্দী উপন্যাস কালি কথা:ভায়া বাইপাচ অনুবাদ কৰি তেওঁ অকাডেমিৰ অনুবাদ বঁটা লাভ কৰে।১০ ভোগদণ্ডৰ বাবে তেওঁ টি এম এ পাই ফাউণ্ডেচনৰ ‘মণিপালচ্‌ বেষ্ট বুক এৱাৰ্ড’ লাভ কৰিছে। অৰুন্ধতী সুব্ৰমনিয়মে সম্পাদনা কৰা আৰু ভাৰতীয় মহিলা লেখকসকলে লিখা হট ইন দ্যা মুন শীৰ্ষক কবিতা আৰু চুটি-গল্পৰ সংকলনটিত আৰু গৱেষক তথা লেখক শিৱশংকৰীৰ দ্বাৰা সম্পাদিত নীট ইণ্ডিয়া থ্ৰু লিটাৰেচাৰৰ তৃতীয় খণ্ডত নায়কৰ লেখা প্ৰকাশ হৈছে। 'চিত্ৰাংগী'' নামৰ আলোচনীখন প্ৰকাশ কৰাত তেওঁৰ যি অৱদান; তাক নতুন দিল্লীৰ ফেডাৰেচন অফ ইণ্ডিয়া পাব্লিচাৰ্ছে কথা জাৰ্নেল বঁটাৰে স্বীকৃতি দিছে। ৩

তথ্যসূত্ৰ

  1. ↑ (Mar 11, 2014). Hema Naik wins Sahitya Akademi prize. The Times of India
  2. ↑ #GOA365 VIDEO: Won’t back down because of complaint, nothing derogatory in Sudirsukt: Hema Naik. Goa365
  3. ↑ ’Meet the Author’ Hema Naik in Mangalore on Aug 31. Mangalore Today
  4. ↑ Mangalore: Renowned Konkani author Hema Naik interacts with city's literati. Daijiworld
  5. ↑ (23 October 2015). Hema will return award if SA doesn't take a firm stand today. Goa News
  6. ↑ (2015-10-14). Sahitya Akademi writers from Goa launch campaign. The Economic Times
  7. ↑ (Oct 14, 2015). Sahitya Akademi writers from Goa launch campaign. India Today
  8. ↑ ‘Aprup Odh’ Konkani Book Release
  9. ↑ FIR against Goa's ex-BJP MLA-poet Vishnu Wagh for 'obscene language'. Outlook India
  10. ↑ (11 March 2014). Hema Naik wins Sahitya Akademi prize. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমা নায়ক” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৭০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।