হেজেল ক্ৰাউনী (ইংৰাজী ভাষা: Hazel Crowney; যাক হেজেল ক্ৰোনী বুলিও লিখা হয়) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল। তেওঁ কেইবাটাও বিজ্ঞাপন অভিযান আৰু কিছুমান বলিউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
ক্ৰাউনীৰ জন্ম যুক্তৰাজ্যৰ লণ্ডনত হৈছিল। তেওঁৰ পিতৃ-মাতৃ কৰিন আৰু ফিল ক্ৰাউনী ইংৰাজ আছিল। তেওঁৰ ৰবীন আৰু জুয়ী নামৰ দুগৰাকী কনিষ্ঠ ভগ্নী আছে। হেজেল ইংলেণ্ডৰ চেষ্টাৰৰ গ্ৰসভেনৰ পাৰ্কত ডাঙৰ-দীঘল হৈছিল। তেওঁ টানব্ৰিজ ৱেলছৰ বেনেট মেমৰিয়েল স্কুলত বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰে আৰু পিছলৈ ৱেষ্ট কেণ্ট কলেজত ফেশ্বন আৰু বস্ত্ৰশিল্প অধ্যয়ন কৰে।১
কৰ্মজীৱন
২০০৪ চনত ক্ৰাউনীয়ে থাইলেণ্ডত ভ্ৰমণ কৰি থকাৰ সময়ত তাত এখন ভাৰতীয় ছবিৰ দৃশ্যগ্ৰহণ চলি থকা অৱস্থাত বলীউডত প্ৰৱেশৰ সুযোগ লাভ কৰে। বলীউডৰ ছবিত তেওঁৰ প্ৰথম উপস্থিতি আছিল ‘লেকে পেহলা পেহলা প্যাৰ’ নামৰ আইটেম গানটোত। তেওঁ জানচিন ছবিত এগৰাকী অতিৰিক্ত শিল্পী হিচাপে কাম কৰিছিল।২ ভাৰতীয় উপমহাদেশৰ বিষয়ে বিশেষ জ্ঞান নথকা সত্ত্বেও তেওঁ সংগীত আৰু নৃত্যৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু মুম্বাইত ভাগ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈছিল।১
২০০৭ চনত এমপি৩: মেৰা পেহলা পেহলা প্যাৰ ছবিত প্ৰথমটো সঠিক চৰিত্ৰ লাভ কৰাৰ পূৰ্বে তেওঁ পণ্ডছ, নকিয়া, এইচ এছ বি চি আৰু ছামছুঙৰ দৰে ব্ৰেণ্ডৰ বিজ্ঞাপনত কাম কৰিছিল। ইয়াৰ উপৰি তেওঁ বহুতো অনুষ্ঠানত কাম কৰিছিল যাৰ বাবে তেওঁক উচ্চ পাৰিতোষিক দিয়া হৈছিল।৩
২০১০ চনত ৰাজ ঠাকৰেৰ নেতৃত্বত মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই (MNS) হেজেল ক্ৰাউনী আৰু এলিচ প্যাটেনৰ দৰে ভাৰতীয় মূলৰ নোহোৱা অভিনেত্ৰীসকলক বলীউড ত্যাগ কৰিবলৈ দাবী জনাইছিল। তেওঁলোকে অভিযোগ কৰিছিল যে বিদেশী অভিনেতা-অভিনেত্ৰীসকলে স্থানীয় লোকৰ কৰ্মসংস্থাপনৰ সুযোগ কাঢ়ি লৈছে।৪
ক্ৰাউনীয়ে ২০১৪ চনত মুক্তি পোৱা কাশ তুম হোতে নামৰ ছবিখনৰ ‘ৰেছমা কি জাৱানী’ নামৰ এটি আইটেম গানত নৃত্য পৰিৱেশন কৰিছে।৫ ইয়াৰ উপৰি তেওঁ ২০১৬ চনত মুক্তি পোৱা তেলেগু ছবি শংকৰাত এটা আইটেম গানত অভিনয় কৰিছিল।৬
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰসমূহ
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | অন্যান্য টোকা |
|---|---|---|---|
| ২০০৩ | জানচিন | ||
| ২০০৬ | হো চকতা হ্যৈ | ক্লেইয়াৰ | |
| ২০০৭ | এমপি৩: মেৰা পেহলা পেহলা প্যাৰ | আয়েশা মেহৰা | হেজেল হিচাপে নাম উল্লেখ কৰা হৈছে |
| ২০০৮ | ইউ, মি ঔৰ হাম | অজয়ৰ পুত্ৰৰ প্ৰেমিকা | হেজেল ক্ৰোনী হিচাপে নাম উল্লেখ কৰা হৈছে |
| ২০০৯ | কিক | বিশেষ উপস্থিতি | তেলেগু ছবি |
| ২০১০ | মিত্তল বনাম মিত্তল | আইটেম গান | হেজেল হিচাপে নাম উল্লেখ কৰা হৈছে |
| দন্নো ৱাই... না জানে ক্যো | হেজেল হিচাপে নাম উল্লেখ কৰা হৈছে | ||
| এ ফ্ল্যাট | গীতিকা ডি. সিং | হেজেল হিচাপে নাম উল্লেখ কৰা হৈছে | |
| ২০১২ | জিনা হ্যৈ তো ঠোক ডা | সৃষ্টি | |
| ২০১৩ | ৱান্ছ আপন এ টাইম ইন মুম্বাই দোবাৰা! | বেলি ডান্সাৰ | |
| ক্যোঁ হুৱা আচানক | |||
| কাশ তুম হোতে | |||
| ২০১৪ | জিল্লা | বিশেষ উপস্থিতি | তামিল ছবি |
| আনফৰ্গেটেবল | নিশা | ||
| কাঞ্চী: দ্য আনব্ৰেকেবল | আইটেম গান | ||
| ২০১৬ | খেল তো অব চুৰু হোগা | ||
| শংকৰা | তেলেগু ছবি | ||
| ২০১৭ | আদেশ - পাৱাৰ অফ ল | মাৰাঠী ছবি | |
| ২০১৯ | ঘোষ্ট | নীনা | হিন্দী |
টেলিভিছনত উপস্থিতি
| বৰ্ষ | ধাৰাবাহিক | ভূমিকা | অন্যান্য টোকা |
|---|---|---|---|
| ২০০৯-১০ | ফিয়েৰ ফেক্টৰ | নিজে | প্ৰতিযোগী |
| ২০১০ | জৰা নাচকে দিখা | নিজে | প্ৰতিযোগী |
| ২০১০ | আহট | নিজে | ছিজন ৫, খণ্ড ৬৯ |
তথ্যসূত্ৰ
- ↑ C. Cromie. (12 July 2009). Ex-Tunbridge wells schoolgirl now Bollywood beauty. This is Kent
- ↑ (28 May 2007). He asked me to strip!
- ↑ (26 June 2009). British actresses flock to Bollywood. The Daily Telegraph
- ↑ (17 March 2010). White British actresses told to leave Bollywood. The Daily Telegraph
- ↑ Hazel Croney's item song in Kaash Tum Hote. Glam Gold
- ↑ Hazel Crowney grooves to item song in 'Shankara', Published: 9 October 2013, The New Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেজেল ক্ৰাউনী” প্ৰবন্ধৰ সংশোধন ৫৯৭১৪০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।