অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেলেন স্লেটাৰ

হেলেন ৰাচেল স্লেটাৰ (ইংৰাজী: Helen Rachel Slater; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ডিচি কমিক্সৰ ছুপাৰহিৰোইন ছুপাৰগাৰ্লৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ৪৭০ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

হেলেন ৰাচেল স্লেটাৰ (ইংৰাজী ভাষা: Helen Rachel Slater; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৩)১ এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ডিচি কমিক্সৰ ছুপাৰহিৰোইন ছুপাৰগাৰ্লৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত। ইয়াৰ উপৰি তেওঁ দ্য লেজেণ্ড অফ বিলি জিন (১৯৮৫), ৰুথলেছ পিপল (১৯৮৬), দ্য ছিক্ৰেট অফ মাই ছাকচেছ (১৯৮৭), চিটি স্লিকাৰ্ছ (১৯৯১), চাণ্টিলি লেচ (১৯৯৩), লেচী (১৯৯৪) আৰু নো ৱে বেক (১৯৯৫) আদি ছবিত অভিনয় কৰিছে। তেওঁ বেটমেন: দ্য এনিমেটেড চিৰিজত টালিয়া আল গুলৰ চৰিত্ৰত কণ্ঠদান কৰিছিল, স্মলভিলত লাৰা-এলৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু ২০১৫ চনৰ ছুপাৰগাৰ্ল টিভি ধাৰাবাহিকত ইলাইজা ডেনভাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

নিউয়ৰ্কৰ বেথপেজত স্লেটাৰৰ জন্ম হৈছিল। তেওঁৰ মাতৃ এলিচ জোয়ান আছিল এগৰাকী অধিবক্তা আৰু নিউয়ৰ্ক চহৰৰ আণবিক নিৰস্ত্ৰীকৰণ শান্তি কৰ্মী; আৰু পিতৃ জেৰাল্ড স্লেটাৰ আছিল এজন টেলিভিছন কাৰ্যবাহী। ১৯৭৪ চনত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়।২ তেওঁ ইহুদী ধৰ্মালম্বী।৩৪৫ তেওঁৰ ডেভিদ নামৰ এজন ভাতৃ আছে, যি নিউয়ৰ্ক চহৰৰ এজন অধিবক্তা। স্লেটাৰে উইলিয়াম এ. শ্বাইন গ্ৰেট নেক চাউথ হাইস্কুলত অধ্যয়ন কৰিছিল আৰু তাৰ পিছত হাইস্কুল অফ পাৰফৰ্মিং আৰ্টছলৈ বদলি হয়, যৰপৰা তেওঁ ১৯৮২ চনত স্নাতক ডিগ্ৰী লাভ কৰে।৬

কৰ্মজীৱন

চলচ্চিত্ৰ আৰু টেলিভিছন

স্লেটাৰে ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ছুপাৰগাৰ্লৰ চৰিত্ৰত অভিনয় কৰিছিল।৭ তেওঁ দ্য লেজেণ্ড অফ বিলি জিন (১৯৮৫), ৰুথলেছ পিপল (১৯৮৬), দ্য ছিক্ৰেট অফ মাই ছাকচেছ (১৯৮৭) আৰু চিটি স্লিকাৰ্ছ (১৯৯১) আদিকে ধৰি কেইবাখনো ছবিত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ টেলিভিছন আৰু মঞ্চ নাটকৰ এগৰাকী অভিনেত্ৰী হিচাপেও কাম কৰিছে।

ছুপাৰগাৰ্লৰ পিছত স্লেটাৰে ছুপাৰমেন সম্পৰ্কীয় কেইবাটাও মাধ্যমত অভিনয় কৰিছে, যেনে টিভি ধাৰাবাহিক স্মলভিলত ছুপাৰমেনৰ মাতৃ লাৰা-এল,৮ ছুপাৰগাৰ্ল টিভি ধাৰাবাহিকত ছুপাৰগাৰ্লৰ তোলনীয়া মাতৃ ইলাইজা ডেনভাৰ্ছ আৰু ডিচি ছুপাৰ হিৰো গাৰ্লছ: হিৰো অফ দ্য য়েৰ আৰু ইয়াৰ সৈতে জড়িত চলচ্চিত্ৰত ক্লাৰ্ক কেণ্টৰ তোলনীয়া মাতৃ মাৰ্থা কেণ্ট। ২০২৩ চনৰ চলচ্চিত্ৰ দ্য ফ্লেছত কম্পিউটাৰ এনিমেচনৰ জৰিয়তে স্লেটাৰৰ দৰে দেখিবলৈ ছুপাৰগাৰ্লৰ এটা চমু দৃশ্য (cameo) প্ৰদৰ্শন কৰা হৈছিল।

১৯৮৫ চনত ডিচি কমিক্সে তেওঁলোকৰ ৫০বছৰীয়া জয়ন্তীৰ প্ৰকাশন ফিফটি হু মেড ডিচি গ্ৰেটত ছুপাৰগাৰ্ল ছবিখনত কৰা কামৰ বাবে স্লেটাৰক অন্যতম সন্মানীয় ব্যক্তি হিচাপে অন্তৰ্ভুক্ত কৰিছিল।৯

মঞ্চৰ কাম

১৯৮৭ চনত স্লেটাৰে জিনা গাৰ্ছনৰ সৈতে নিউয়ৰ্কৰ থিয়েটাৰ গোট 'নেকেড এঞ্জেলছ' সহ-প্ৰতিষ্ঠা কৰিছিল। ১৯৯১ চনত তেওঁ স্বামী ৰবাৰ্ট ৱাটজকেৰ সৈতে লছ এঞ্জেলছত থকা থিয়েটাৰ গোট দ্য বুবলাইৰ্ছও সহ-প্ৰতিষ্ঠা কৰে।১০ স্লেটাৰে দুখন অফ-ব্ৰডৱে নাটক: অলম'ষ্ট ৰোমাঞ্চ আৰু ৰেস্পন্সিবল পাৰ্টিজত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ পাচাডেনা প্লেহাউচত দ্য বিগ ডিলত অভিনয় কৰিছিল।১১

সংগীত জীৱন

২০০৩ চনত তেওঁ নিজৰ মৌলিক গীতৰ এলবাম ৱান অফ দিজ ডেজ মুকলি কৰে। এই গীতসমূহ কোনো মাল্টিট্ৰেকিং বা এডিটিং নোহোৱাকৈ পোনপটীয়াকৈ ৰেকৰ্ডিং কৰা হৈছিল, য’ত স্লেটাৰে গান গাইছিল আৰু পিয়ানো বজাইছিল। ২০০৫ চনত তেওঁ দ্বিতীয়টো এলবাম ক্ৰছৱৰ্ড মুকলি কৰে। ২০০৮ চনত কৰ্টেছ আলেকজেণ্ডাৰে তেওঁৰ এলবাম সোৱেলত স্লেটাৰৰ "এনি ডে নাও" আৰু "লাভ'ল কাম এণ্ড ডু জাষ্ট ডেট" গীত দুটা ৰেকৰ্ড কৰিছিল।১২ তাৰ পিছৰপৰা স্লেটাৰে আৰু চাৰিটা এলবাম মুকলি কৰিছে: শ্বাইন (২০১০), শিশুৰ বাবে নিৰ্মিত দ্য মিথ অফ এনচিয়েণ্ট গ্ৰীচ (২০১৩) আৰু দ্য আগলি ডাকলিং (২০১৫), আৰু এটা ধাৰাবাহিক সংগীত হিচাপে মুকলি কৰা ধাৰণাভিত্তিক এলবাম চেল্কি (২০১৯)।১৩

সাহিত্যকৰ্ম

২০১০ চনত স্লেটাৰে "এ হিৰো'জ জাৰ্নি" নামৰ এটা ছুপাৰগাৰ্ল কাহিনী লিখিছিল, যিটো ছুপাৰগাৰ্ল কমিক বুকৰ পঞ্চম খণ্ডৰ পঞ্চাশতম সংখ্যাত প্ৰকাশ পাইছিল।১৪

তথ্যসূত্ৰ

  1. ↑ Helen Slater. Encyclopedia.com. Cengage
  2. ↑ Helen Slater Biography. Yahoo! Movies
  3. ↑ Halutz, Avshalom. (December 11, 2013). Supermensch: Jewish actors save the world. Haaretz
  4. ↑ Celebrities: Avi Arad. Jewish United Fund
  5. ↑ Jews in the News: Gal Gadot, Scarlett Johansson and Billy Crystal. jewishtampa.com. Tampa JCCs and Federation
  6. ↑ Clark, Krystal. (2015-01-22). Exclusive: Helen Slater reveals how she became the 1st Supergirl, talks CBS reboot. Syfy
  7. ↑ Pantozzi, Jill. (2009-12-07). Helen Slater is Still "Super". Comic Book Resources
  8. ↑ 60 SECONDS: Helen Slater. Metro
  9. ↑ Marx, Barry. (1985). Fifty Who Made DC Great. DC Comics. পৃ. 51
  10. ↑ (2018-11-05). Overview for Helen Slater. TCM
  11. ↑ (2012-06-04). Photo Flash: Helen Slater Attends Closing Night of "Invincible, The Legend of Billie Jean". BroadwayWorld
  12. ↑ Saporito, Joseph R. (March 18, 2009). Cortés Alexander, Thou 'Swell'. qmetropolis.com
  13. ↑ Helen Slater. helenslater.com
  14. ↑ Supergirl #50. comics.org. Grand Comics Database

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পীগায়িকাগীতিকাৰলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলেন স্লেটাৰ” প্ৰবন্ধৰ সংশোধন ৬০২৮৮৪ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।