হেইলি ৰোড বিবাৰ (জন্ম: ২২ নৱেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন মডেল, চচিয়েল মিডিয়া ব্যক্তিত্ব, সৃজনমূলক পৰিচালক আৰু ব্যৱসায়ী।১ তেওঁ ছালৰ যত্ন লোৱা সামগ্ৰীৰ ব্ৰেণ্ড 'ৰোড'ৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সৃজনমূলক বিষয়া। ১ বিলিয়ন ডলাৰৰ এক চুক্তিত 'ই.এল.এফ.'-এ এই ব্ৰেণ্ডটো অধিগ্ৰহণ কৰিছিল।২ বিবাৰে গেছ, ৰালফ লৰেন আৰু টমি হিলফিগৰ দৰে প্ৰতিষ্ঠানৰ বিজ্ঞাপনতো অংশগ্ৰহণ কৰিছে।৩
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
অধিক তথ্য: বাল্ডউইন পৰিয়াল

বিবাৰৰ জন্ম ১৯৯৬ চনৰ ২২ নৱেম্বৰত এৰিজোনাৰ টুছনত হৈছিল।৪ তেওঁৰ মাতৃ কেনিয়া ডিওডাটো এগৰাকী ব্ৰাজিলিয়ান গ্ৰাফিক ডিজাইনাৰ আৰু পিতৃ অভিনেতা ষ্টিফেন বাল্ডউইন, যি বাল্ডউইন ভাতৃসকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ। বিবাৰৰ মাতামহ হ'ল ব্ৰাজিলিয়ান সংগীতজ্ঞ ইউমিৰ ডিওডাটো।৫ ধুমকেতু হেলিৰ নামেৰে তেওঁৰ নাম ৰখা হৈছিল।৬
ব্যক্তিগত জীৱন
বিবাৰে এগৰাকী ধ্ৰুপদী বেলে নৃত্যশিল্পী হিচাপে কাম কৰি ভাল পাইছিল, যদিও তেওঁ ইয়াক পেচা হিচাপে লোৱাৰ কথা ভবা নাছিল। তেওঁ ১২ বছৰ ধৰি প্ৰশিক্ষণ লৈছিল আৰু কেইবাবাৰো আঘাতপ্ৰাপ্ত হোৱাৰ পিছতো নৃত্য অব্যাহত ৰাখিছিল। ১৬ বছৰ বয়সত মডেল হিচাপে কামৰ সুযোগ পোৱাৰ পিছত তেওঁ বেলে নৃত্য এৰি দিয়ে।৭ ইংৰাজীৰ উপৰি বিবাৰে অলপ পৰ্তুগীজ ভাষাও ক'ব পাৰে, কাৰণ তেওঁৰ মাতৃৰ পৰিয়ালটো ব্ৰাজিলিয়ান।৮
হেইলি আৰু জাষ্টিন বিবাৰৰ মাজত ২০১৫ চনৰ ডিচেম্বৰত এমাহ ধৰি এটা সম্পৰ্ক আছিল, যদিও ২০১৬ চনৰ জানুৱাৰীত তেওঁলোকৰ বিচ্ছেদ ঘটে। পৰৱৰ্তী সময়ত ২০১৮ চনৰ জুন মাহত তেওঁলোক পুনৰ একত্ৰিত হয়।৯১০ ২০১৮ চনৰ জুলাই মাহত তেওঁলোকৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হয় আৰু একে বছৰৰে নৱেম্বৰ মাহত তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱাৰ কথা নিশ্চিত কৰে।১১১২ ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰত দক্ষিণ কেৰোলাইনাত তেওঁলোকে দ্বিতীয়বাৰৰ বাবে বিবাহৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছিল।১৩ ২০২৪ চনৰ ৯ মে’ত ঘোষণা কৰা হৈছিল যে হেইলি তেওঁলোকৰ প্ৰথম সন্তানৰ মাতৃ হ’বলৈ আগবাঢ়িছে। ২০২৪ চনৰ ২৩ আগষ্টত তেওঁলোকে পুত্ৰ সন্তানৰ জন্মৰ কথা ঘোষণা কৰে। ২০২৪ চনৰ হিচাপত বিবাৰে তেওঁৰ স্বামীৰ সৈতে কেলিফৰ্ণিয়াৰ লা কুইণ্টাত বসবাস কৰে। ইয়াৰ আগতে তেওঁলোকে কানাডাৰ অণ্টাৰিঅ'ত বাস কৰিছিল।
বিবাৰক এগৰাকী ইভানজেলিকেল খ্ৰীষ্টান হিচাপে ডাঙৰ-দীঘল কৰা হৈছিল আৰু তেওঁ 'চাৰ্চহোম' নামৰ গীৰ্জালৈ যায়, য’লৈ তেওঁৰ স্বামীও যায়।১৪
২০২০ চনৰ বিশ্ব মানসিক স্বাস্থ্য দিৱসত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে জো বাইডেনক সমৰ্থন আগবঢ়াইছিল।১৫
তথ্যসূত্ৰ
- ↑ Lambert, Molly. (February 5, 2020). The Secret Life of Mrs. Hailey Bieber. ELLE
- ↑ Karefa-Johnson, Chavie Lieber. (2025-10-14). How Hailey Bieber Made Rhode Into a $1 Billion Success Story. The Wall Street Journal
- ↑ 5 Things to Know About Hailey Baldwin. Billboard
- ↑ Hailey Baldwin - Fashion Model · Models · Photos, Editorials & Latest News · The FMD. The FMD
- ↑ Hoffman, Jordan. (January 7, 2023). Hailey Bieber is Out and Proud as a Nepo Baby. Vanity Fair
- ↑ (September 18, 2017). Adwoa Aboah, Hailey Baldwin, Dilone And More… The Topshop Models Told Us What Their Names Mean To Them. Topshop.com
- ↑ www.youtube.com/watch?v=QhDIko9k05Y
- ↑ (November 7, 2017). Interview on YouTube. YouTube
- ↑ (March 2021). Justin Bieber and Hailey Baldwin's Relationship Timeline
- ↑ Cohen, Jess. (June 11, 2018). Justin Bieber and Hailey Baldwin Reunite in Miami: Here's What's Really Going On. E Online
- ↑ Respers France, Lisa. (July 7, 2018). Justin Bieber confirms engagement to Hailey Baldwin. CNN
- ↑ Respers France, Lisa. (November 23, 2018). Justin Bieber confirms he is a 'married man'. CNN
- ↑ (August 22, 2019). What Justin Bieber & Hailey's South Carolina Wedding Could Look Like
- ↑ Petit, Stephanie. (July 9, 2018). Inside Hillsong: All About the Church That's Attracted the Likes of Justin Bieber and Chris Pratt. People
- ↑ (October 13, 2020). BUZZ: Baldwin family clashes over Trump, Biden in election
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেইলি বিবাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯৮৯১ (৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।