হেমকান্ত শৰ্মা ভাৰতৰ অসম ৰাজ্যৰ এগৰাকী আইনজীৱী, সমাজ সংস্কাৰক আৰু সাংস্কৃতিক শিল্পী আছিল৷ তেওঁ নগাঁও জিলাৰ উল্লেখযোগ্য স্ত্ৰী শিক্ষানুষ্ঠান মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ জন্মলগ্নৰে পৰা ওতপ্ৰোতভাবে জড়িত আছিল৷ ২০০৪ চনত তেওঁৰ মৃত্যু হয়৷
জন্ম
হেমকান্ত শৰ্মাৰ নগাঁৱৰ শিঙিয়া পোতনি তেলীয়া গাঁৱত ১৯৩১ চনৰ ২৭ ডিচেম্বৰত জন্ম গ্ৰহণ কৰে৷ তেওঁৰ পিতৃৰ নাম পদ্মকান্ত শৰ্মা আৰু মাতৃৰ নাম আছিল পূণ্যেশ্বৰী দেৱী৷ তেওঁৰ পত্নীৰ নাম জ্যোতি বেজবৰুৱা৷ তেওঁলোকৰ দুটি সন্তান জন্ম হয়৷১
শিক্ষা
শৰ্মাই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে নগাঁৱৰ সোণাৰী গাঁৱত৷ মাজ পাথৰি এম. ই. স্কুলত এম. ই. শিক্ষা লৈ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু তাৰপাছত নগাঁও মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে৷ তাৰপাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ আৰু আইনৰ এল.এল.বি পৰীক্ষা উত্তীৰ্ণ হয়৷১
কৰ্মজীৱন
শিক্ষা সাং কৰি তেওঁ ১৯৬১ চনৰ ৬ অক্টোবৰত নগাঁৱৰ কাছাৰীত ওকালতি কৰ্ম আৰম্ভ কৰে৷ হেমকান্ত শৰ্মাই নগাঁৱৰ বিভিন্ন সামাজিক আৰু শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ গঠন আৰু পৰিচালনাৰ সৈতে জড়িত আছিল৷ মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠৰ পৰিচালনা সমিতিৰ সম্পাদক২ হৈ থকাৰ উপৰি তেওঁ নগাঁৱৰ শ্বহীদ ভৱন, পাব্লিক লাইব্ৰেৰী, শ্ৰীমন্ত শংকৰ মিছন, শিঙিয়া পোতনি বিদ্যালয়, নগাঁও কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়, নগাঁও কলা মন্দিৰ, নগাঁও নাট্য মন্দিৰ, নগাঁও আইন মহাবিদ্যালয়, কিশলয় আদি অনেক অনুষ্ঠানৰ সৈতে জড়িত হৈ আছিল৷১
মৃত্যু
জীৱনৰ শেষৰ ফালে নগাঁৱৰ ফৌজদাৰী পট্টিত থাকিবলৈ লোৱা হেমকান্ত শৰ্মাৰ ২০০৪ চনৰ ৬ নৱেম্বৰত মৃত্যু হয়৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমকান্ত শৰ্মা” প্ৰবন্ধৰ সংশোধন ৫৭৬৩১৪ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।