হেনৰিট হিৰ্চফেল্ড-টিবাৰ্টিয়াছ জন্ম: ১৪ ফেব্ৰুৱাৰী ১৮৩৪ চন – মৃত্যু ২৫ আগষ্ট ১৯১১ চন; জাৰ্মানীৰ প্ৰথম মহিলা দন্ত চিকিৎসক আছিল।১
জাৰ্মেনীৰ শ্বলেছবিগ-হলষ্টেইনৰ পশ্চিম উপকূলৰ এটা সৰু দ্বীপ শ্বিল্টত হেনৰিটৰ জন্ম হৈছিল।২ তেওঁ দন্ত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিব বিচাৰিছিল; কিন্তু যিহেতু তেওঁ পঢ়িব বিচৰাৰ সময়ত জাৰ্মানীত কোনো দন্ত চিকিৎসা বিদ্যালয় নাছিল (তেতিয়া জাৰ্মানীত দন্ত চিকিৎসাৰ প্ৰশিক্ষণ আছিল প্ৰিচেপ্টৰশ্বিপৰ জৰিয়তে) সেয়েহে তেওঁ পেনচিলভেনিয়াত কলেজ অৱ ডেণ্টেল চাৰ্জাৰীত ১৮৬৭ চনৰপৰা আৰম্ভ কৰি দন্ত চিকিৎসা বিজ্ঞান পঢ়িছিল আৰু ১৮৬৯ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।২৩৪ দন্ত চিকিৎসাৰ সম্পূৰ্ণ কলেজীয়া পাঠ্যক্ৰম গ্ৰহণ কৰা তেওঁ জাৰ্মানীৰ প্ৰথমগৰাকী মহিলা আছিল, কিয়নো তেওঁৰ সময়ৰ আন এগৰাকী দন্ত চিকিৎসক লুচি হবছ টেইলৰে তেওঁ দন্ত চিকিৎসা কলেজত পঢ়াৰ আগতে দন্ত চিকিৎসকৰ সেই সময়ত কাম কৰি থকাৰ কৃতিত্ব লাভ কৰিছিল।২ জাৰ্মানীৰ ৰাজহুৱা নিৰ্দেশনা মন্ত্ৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ডিপ্লমা লাভ কৰিলে জাৰ্মানীত চিকিৎসা প্ৰয়োগ কৰিবলৈ অনুমতি পাব বুলি আশ্বাস দিয়াৰ পাছত হেনৰিটে শিক্ষা শেষ কৰি আহি বাৰ্লিনত দন্ত চিকিৎসা আৰম্ভ কৰে।৩৪ তাত জাৰ্মানীৰ ৰজা ৰাজকুমাৰীয়ে হেনৰিটক তেওঁৰ নাৰ্চাৰীৰ বাবে দন্ত চিকিৎসক হিচাপে নিযুক্তি দিছিল।২ হেনৰিটৰ নিজৰ এগৰাকী ভাগিনীয়েকক পিছলৈ তেওঁৰ চিকিৎসা সেৱাত নিযুক্তি দি সহযোগী কৰি লৈছিল।৩
১৯১১ চনৰ ২৫ আগষ্টত তেওঁৰ বাৰ্লিনত মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ Ogilvie, M.B.; Harvey, J.D. (2000). The Biographical Dictionary of Women in Science: L-Z. Routledge. পৃ. 768. ISBN 9780415920407
- ↑ Archived copy
- ↑ White, J.D.; McQuillen, J.H.; Ziegler, G.J. (1905). The Dental Cosmos. The Journal of the American Dental Association. S. S. White Dental Manufacturing Company. পৃ. 1064
- ↑ History: Victorian shopping: Harrod's catalogue 1895: electronic facsimile: Browse Text. digicoll.library.wisc.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেনৰিট হিৰ্চফেল্ড-টিবাৰ্টিয়াছ” প্ৰবন্ধৰ সংশোধন ৫৯৭১৪৫ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।