হেংগামেহ মফিদ (ফাৰ্চী ভাষা: هنگامه مفيد; জন্ম: ২২ ডিচেম্বৰ ১৯৫৫) হৈছে এগৰাকী ইৰানীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ, সংগীতজ্ঞ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক।
জীৱন
তেওঁৰ জন্ম ১৯৫৬ চনৰ জানুৱাৰী মাহত ইৰানৰ তেহৰানত হৈছিল। তেওঁ এগৰাকী প্ৰখ্যাত অভিনেতা, শিক্ষক তথা লিপিকাৰ (কেলিপ্ৰাফাৰ) গোলামহোছেইন মফিদ আৰু তেওঁৰ পত্নী তথা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কদছিহ ফাৰিভাৰৰ কনিষ্ঠ সন্তান আছিল।১ তেওঁৰ পৰিয়ালটো ইৰানৰ থিয়েটাৰ, চিনেমা আৰু ফাৰ্চী সাহিত্যৰ অন্যতম বিখ্যাত আৰু সুপৰিচিত পৰিয়াল।
তেওঁৰ ভাতৃ বিজন, বাহমন আৰু আৰ্দাৱান সকলোৱে থিয়েটাৰ জগতৰ সৈতে জড়িত। তেওঁলোকৰ পিতৃ (যি নিজৰ সময়ৰ এজন বিখ্যাত অভিনেতা আৰু থিয়েটাৰ পৰিচালক আছিল) আৰু তেওঁৰ জ্যেষ্ঠ পুত্ৰ বিজন মফিদ (যি সৰ্বকালৰ অন্যতম গুৰুত্বপূৰ্ণ ইৰানীয় নাট্যকাৰ আৰু থিয়েটাৰ পৰিচালক আছিল), তেওঁলোকেই পৰোক্ষভাৱে পৰিয়ালৰ সৰুসকলকো থিয়েটাৰ জগতলৈ আহিবলৈ উৎসাহিত কৰিছিল।
এনে এক কলাত্মক পৰিৱেশত ডাঙৰ-দীঘল হৈ তেওঁ তেহৰান কনচাৰ্ভেটৰীত প্ৰৱেশ কৰে আৰু তাৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেহৰানৰ আৰ্ট কলেজত নামভৰ্তি কৰে। ইয়াৰ ভিতৰতে তেওঁ আমেৰিকান থিয়েটাৰ পৰিচালক ডন ৰজাৰ লাফুনৰ তত্ত্বাৱধানত 'ইনষ্টিটিউট ফৰ দ্য ইণ্টেলেক্টুৱেল ডেভেলপমেণ্ট অৱ চিলড্ৰেন এণ্ড য়ং এডাল্টচ'ৰ (কানুনি নামেৰেও জনাজাত) অধীনত বিশেষভাৱে শিশুৰ বাবে কাম কৰা একমাত্ৰ পেছাদাৰী থিয়েটাৰ গোটৰ সদস্য আছিল। তাতেই তেওঁ তেওঁৰ ভৱিষ্যতৰ স্বামী তথা দীৰ্ঘদিনীয়া সহযোগী কাম্বিজ চামিমী মফখামক লগ পায়। ১৯৭৭ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ তিনিটি সন্তান আছে; তেওঁলোক সকলোৱে কলা খণ্ডৰ সৈতে জড়িত।
শিশুৰ থিয়েটাৰৰ ক্ষেত্ৰত প্ৰথম আৰু সৰ্বোত্তম হোৱাৰ বাবে কানুন থিয়েটাৰ গোটে কেইবাটাও নাটক পৰিৱেশন কৰিছিল, যাৰ ভিতৰত আছিল শাপৰাক খানুম (মিছ বাটাৰফ্লাই), দ্য ক্লোক অৱ থাউজেণ্ড টেলচ, কুটি এণ্ড মুটি, এন ইভেণ্ট ইন দ্য পাপেট টাউন আদি অন্যতম। তেওঁলোকে হামবুৰ্গ, ৱেলছ আৰু চিডনী আন্তঃৰাষ্ট্ৰীয় মহোৎসৱতো নাটক পৰিৱেশন কৰিছিল আৰু সমগ্ৰ বিশ্বৰ শিশুসকলৰ বাবে কৰ্মশালাৰ আয়োজন কৰিছিল।
কৰ্মজীৱনৰ সম্প্ৰসাৰণ
অৱশেষত, ১৯৭৯ চনৰ ইৰান বিপ্লৱৰ পিছত আৰু মহিলাসকলৰ ওপৰত জাপি দিয়া বাধা-নিষেধৰ বাবে হেংগামেহে কানুন ত্যাগ কৰে (যিটো বহু সময় ধৰি সক্ৰিয় নাছিল)। তেওঁ "চেহেল টুটি" ৰেকৰ্ডছৰ সৈতে হোৱা চুক্তিৰ অধীনত ৪টা গল্পৰ ৰেকৰ্ডত কণ্ঠ অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ অব্যাহত ৰাখে। ইয়াৰ উপৰি তেওঁ একেখন কোম্পানীৰ সৈতে ল’ৰা-ছোৱালীৰ অতি প্ৰিয় নাৰ্চাৰী গীতৰ এলবাম লিটল চংছ ৰেকৰ্ড কৰে, যিটো আজিও ইৰানৰ শিশু সংগীত ৰেকৰ্ডৰ ভিতৰত ১ নম্বৰ স্থানত আছে।
তেওঁ কণ্ডাৰগাৰ্টেন আৰু প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপেও এক নতুন কেৰিয়াৰ আৰম্ভ কৰে। ইয়াৰ ফলশ্ৰুতিত তেওঁৰ স্বামী আৰু যমজ ভাতৃ হুমানৰ সৈতে মিলি এটা ব্যক্তিগত কণ্ডাৰগাৰ্টেন স্থাপন কৰে আৰু তাত তেওঁ ৫ বছৰ ধৰি প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
১৯৮৩ চনৰপৰা তেওঁ ইৰানৰ ৰাষ্ট্ৰীয় সম্প্ৰচাৰ মাধ্যমৰ (আইআৰআইবি) শিশু বিভাগৰ সৈতে লিখন, অভিনয়, পৰিচালনা, গীতিকাৰ আৰু সুৰকাৰ হিচাপে সহযোগিতা আৰম্ভ কৰে। তেওঁ উল্লেখ কৰে যে এগৰাকী শিক্ষয়িত্ৰী হিচাপে শিশুৰ বাবে কাম কৰাই তেওঁক শিশুসকলৰ কল্পনাৰ পৃথিৱীখনৰ সৈতে জড়িত হৈ থকাত সহায় কৰিছিল। তেওঁৰ সমৰ্থকসকলৰ মতে, মফিদৰ "একে সময়তে শিশু আৰু প্ৰাপ্তবয়স্কৰ দৰে চিন্তা কৰাৰ বিশেষ প্ৰতিভাই" তেওঁক শিশুৰ বাবে এগৰাকী সফল লেখিকা হিচাপে গঢ়ি তুলিছে।
তেওঁৰ নিজৰ মতে, "সাধুকথা কোৱাটো কলাৰ আটাইতকৈ পুৰণি, সচৰাচৰ আৰু কাৰ্যকৰী ৰূপসমূহৰ অন্যতম। এটা ভাল সাধুৱে কেনেকৈ কন্দল কৰি থকা শিশুসকলক কাজিয়া পাহৰাই একগোট কৰিব পাৰে, সেয়া সকলোৱে জানে।" আৰু লগতে, "সাধুকথা কোৱাটো শিশু আৰু প্ৰাপ্তবয়স্কৰ মাজৰ এক পোনপটীয়া সংযোগ, আৰু ই এটা ভাল বাৰ্তালাপৰ দৰেই সৰল আৰু বন্ধুত্বপূৰ্ণ হ’ব পাৰে।"
১৯৭৯ চনৰ ইৰান বিপ্লৱ আৰু তাৰ পিছত সাংস্কৃতিক বিপ্লৱৰ অজুহাতত বিশ্ববিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ ফলত মফিদে প্ৰায় ১০ বছৰ ধৰি বিশ্ববিদ্যালয়ত অধ্যয়ন সম্পূৰ্ণ কৰিব পৰা নাছিল। অৱশেষত, তেওঁ তেহৰান বিশ্ববিদ্যালয়ত নিজৰ শিক্ষা সমাপ্ত কৰে আৰু ১৯৮৮ চনত নাট্য সাহিত্য (ড্ৰামেটিক লিটাৰেচাৰ) বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।
২০০০ চনৰপৰা অন্যান্য কাৰ্যকলাপৰ লগতে মফিদে কলা বিশ্ববিদ্যালয়সমূহৰ সৈতে থিয়েটাৰ, সংগীত আৰু নাট্য ৰচনাৰ শিক্ষক (টিউটৰ) হিচাপে ধাৰাবাহিকভাৱে সহযোগিতা আগবঢ়াই আহিছে।
তেওঁ অপেছাদাৰী থিয়েটাৰ গোটসমূহৰ সৈতেও কণ্ঠ আৰু অভিনয় প্ৰশিক্ষক হিচাপে কাম কৰে।
বাহ্যিক সংযোগ
- There is No Career for Students of Puppet Show, Iranian Artists Organization
- Hengameh Mofid On SourehCinema (in Persian)
তথ্যসূত্ৰ
- ↑ (১১ জুলাই ২০১৭). Hengameh Mofid. World Encyclopedia of Puppetry Arts
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেংগামেহ মফিদ” প্ৰবন্ধৰ সংশোধন ৬১২৪৪৭ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।